নৱবৰ্ষৰ ৰীতি-নীতি

নৱবৰ্ষ বুলিলেই সাধাৰণতে মনত কিছু নতুন আশাই থিতাপি লয়। বিদায় লোৱা বছৰটোৰ দুখ-কষ্ট-হতাশাবোৰৰ “ভেলিদিটি” যেন ৩১ ডিচেম্বৰৰ মাজৰাতি ১২ বজাতেই শেষ হৈ যায়। পুৰণি কেলেণ্ডাৰখন আঁতৰাই নতুন কেলেণ্ডাৰখন থওতে সকলোৱে বিচাৰে কেলেণ্ডাৰ খনৰ দৰেই সলনি হওক সকলো প্ৰতিকূল পৰিস্থিতি। তাৰেই আশাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বাসিন্দাই বিভিন্ন ৰীতি-নীতিৰে উদযাপন কৰে নৱবৰ্ষৰ আগমন। তাৰেই কেইটিমান আমোদজনক ৰীতি-নীতিৰ বিষয়ে এই সংখ্যাত জানো আহক!

১। স্পেইন (Spain)
নৱবৰ্ষৰ আগদিনা অৰ্থাৎ ৩১ ডিচেম্বৰৰ মাজৰাতি ঠিক ১২ বজাত স্পেনিছ সকলে ১২টা আঙুৰ খায়। প্ৰতিটো আঙুৰে আগন্তুক বছৰটোৰ ১২টা মাহৰ বাবে ভাগ্য কঢ়িয়াই আনে বুলি তেওঁলোকে বিশ্বাস কৰে। স্পেইনৰ মুখ্য চহৰসমূহ যেনে মাদ্ৰিদ আৰু বাৰ্চিলোনাৰ মূল স্থানত বহুতো লোকে একেলগে গোট খাই এই নিয়ম পালন কৰে।

২। কলোম্বিয়া (Colombia)
কলোম্বিয়াৰ নাগৰিকসকলে নৱবৰ্ষই তেওঁলোকৰ জীৱনলৈ বিভিন্ন ভ্ৰমণ কাৰ্যসূচী লৈ অহাৰ আশাত খালি চুইটকেছৰ (suitcase) সৈতে বাটত ঘূৰি ফুৰে!

৩। ডেনমাৰ্ক। ( Denmark)
ডেনিছ লোকসকলে নৱবৰ্ষত নিজৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ ঘৰৰ দুৱাৰত পুৰণি কাঁহী আৰু গিলাচ দলিয়াই। ঘৰখনক কোনো অপায়-অমংগল আৰু দুৰাত্মাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকে এই নিয়ম পালন কৰে।

৪। পানামা (Panama)
আগন্তুক নৱবৰ্ষত এক সুন্দৰ আৰম্ভণিৰ আশা কৰি পানামাৰ নাগৰিকে বিখ্যাত ব্যক্তিসকলৰ ( বিশেষকৈ ৰাজনীতি আৰু মনোৰঞ্জনৰ জগতৰ) পুত্তলিকা দাস কৰে। পুত্তলিকাবোৰে বিদায় লোৱা বছৰটো চিহ্নিত কৰে।

৫। গ্ৰীচ (Greece)
নৱবৰ্ষত পুনৰ জন্মৰ চিন হিচাপে গ্ৰীকসকলে ঘৰৰ মুখ্য দুৱাৰত পিয়াজ ওলমাই থয়। নৱবৰ্ষৰ প্ৰথম ৰাতিপুৱা পিতৃ-মাতৃ সকলে নিজৰ সন্তানৰ কপালত এটি পিয়াজেৰে টুকুৰিয়াই টোপনিত পৰা জগাই দিয়ে।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here