নিৰ্বাচনৰ আগত কিছু মুকলি কথা

ত্ৰিদিৱ ভাগৱতী
ত্ৰিদিৱ ভাগৱতী

নিৰ্বাচন চমু চাপি আহিছে। ৰাজ্যলৈ সঘনাই আহিবলৈ লৈছে প্ৰত্যেকটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বৰমূৰীয়াসকল। দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকীও শীৰ্ষনেতাৰ কনভয় দেখা গৈছে অসমত। যিমানেই নিৰ্বাচন চমু চাপি আহিব – সিমানেই বৃদ্ধি পাব সাম্প্ৰদায়িকতা, ধৰ্ম, বিভেদৰ কদৰ। সিমানেই নেতাৰ মুখত উচ্চাৰিত হ’ব হিন্দু মুছলমান, মিয়া মোগলৰ বাণী। সম্ভৱতঃ অসমৰ ইতিহাসৰ আটাইতকৈ মুকলিকৈ সাম্প্ৰদায়িক কথা বতৰা চর্চা হ’বলগীয়া নিৰ্বাচনটোৱেই হ’ব ২০২১ ৰ সমাগত নিৰ্বাচন।

ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোত নিৰ্বাচন এটা অতি গুৰুত্বপূৰ্ণ পৰ্যায়। ৰাজ্য বা দেশ এখনৰ শাসনভাৰ পাঁচটা বছৰৰ বাবে কাৰোবাৰ হাতত গতাই দিয়াতকৈও দেশৰ সংখ্যাগুৰু সংখ্যালঘু সকলোকে সামৰি সকলো স্তৰৰ মানুহৰ লগতে সমগ্ৰ ৰাজ্য বা দেশৰ প্ৰগতিৰ দায়িত্ব কাৰোবাৰ হাতত তুলি দিয়াটোৱেই ইয়াৰ গুৰুত্ব। ভাৰতত যি মসৃণ আৰু সৰলকৈ এখন চৰকাৰৰ পৰা আন এখন চৰকাৰৰ হাতলৈ ক্ষমতাৰ হস্তান্তৰ হয় – সেয়াই ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোৰ সৌন্দৰ্য, অলংকাৰ। আন বহু দেশত কোনো শাসকৰ হাতৰ পৰা দেশত ক্ষমতাৰ বাঘজৰীডাল কাঢ়ি আনিবলৈ আজিও বিক্ষোভ হয়, প্ৰতিবাদ হয় আনকি মৰা কটা পৰ্য্যন্ত হয় – কিন্তু আমাৰ গণতান্ত্ৰিক পৰিকাঠামোৰ ভিতৰত সেয়া হয় অহিংসভাৱে শান্তিপূৰ্ণভাৱে। কথাটো আমাৰ বাবে সাধাৰণ যদিও বিশ্বৰ আন বহু প্ৰান্তৰ মানুহৰ বাবে আজিও এনে দৃশ্য কেৱল ৰাতিৰ সপোনততেই সীমাবদ্ধ।

অসমৰ সংস্কৃতি সম্প্ৰীতি সমন্বয়ৰ সংস্কৃতি। এই সংস্কৃতিত সাম্প্ৰদায়িকতাৰ অকণো স্থান নাই। কিন্তু বিগত সময়ছোৱাত অসমৰ বতাহটো সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই দিয়াৰ প্ৰচেষ্টা আমি দেখিছোঁ। এফালে যিদৰে আগ্ৰাসী হিন্দুত্ববাদৰ কথা বতৰাই ৰাজ্যত প্ৰৱেশ কৰিছে আনফালে সময়ে সময়ে শুনা গৈছে অবৈধ মুছলমান বাংলাদেশীসকলৰ মাজত সাম্প্ৰদায়িকতাৰ বিষাক্ত মাত কথা। এহাতে যদিহে অবৈধ হিন্দু বাংলাদেশীৰ পৃষ্ঠপোষকতা কৰা কোনো দলে মুকলিকৈ মুছলমানক আক্ৰমণ কৰি ভোটবেংক গঢ়িছে, আনহাতে শংকিত মুছলমান সমাজৰ আগত জৰা ফুঁকা কৰি উৰা বাতৰি বিয়পাই কোনোৱে সংগঠিত কৰিছে নিজৰ ভোটবেংক। মূলতঃ দুয়োটা শক্তিয়েই চৰিত্ৰগতভাৱে একেই। এটাৰ যদিহে অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি ভালপোৱা মৰম, আনটোৰ অবৈধ মুছলমান বাংলাদেশীৰ ভোটবেংকটোৰ প্ৰতি ভালপোৱা মৰম। অসমত খিলঞ্জীয়া মানুহৰ কথা কাম উন্নয়ন চিন্তাক লৈ তেওঁলোক সমূলি চিন্তিত নহয়।

নিৰ্বাচন চমু চপাৰ লগে লগে এনে সাম্প্ৰদায়িক কথা চিন্তা কামৰ বিষাক্ত উদাহৰণ বৃদ্ধি পাব। জাতি মাটি ভেঁটি সুৰক্ষাৰ কথা কোৱা চৰকাৰখনে অসম চুক্তি ৰূপায়ণ, নদীবান্ধ, সীমান্ত ছিল আদিৰ দৰে মূল বিষয়সমূহত নিজৰ চৰম ব্যৰ্থতাৰ পৰা জনতাক আঁতৰাই ৰখাৰ বাবে তীব্রতৰ কৰিব সাম্প্ৰদায়িক কথা বতৰা। লগে লগে মুছলমান সাম্প্ৰদায়িক শক্তিয়েও নিজৰ ভোটবেংক সংগঠিত কৰাৰ সুযোগ গ্ৰহণ কৰিব । আৰু মাজত পুনৰবাৰ বিপাঙত পৰিব, অসহায় হৈ ৰ’ব শংকৰ আজানৰ সম্প্ৰীতি সমন্বয়ৰ সভ্যতাৰ অসমবাসী।

আমাৰ জাতীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কংগ্ৰেছ যিদৰে ব্যৰ্থ হৈছিল, কংগ্ৰেছৰ সুদীৰ্ঘ শাসনকালত সদিচ্ছা আৰু ভোটবেংকৰ ৰাজনীতিৰ অংকত যিদৰে জাতীয় প্ৰশ্নবোৰ উত্তৰবিহীন হৈ ৰৈছিল; একেদৰেই ভাৰতীয় জনতা পাৰ্টীৰ দিনটো সেই প্ৰশ্নবোৰ সমাধান নোহোৱাকৈয়েই ৰৈ গৈছে। মূলতঃ ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ ভোটবেংকৰ ৰাজনীতিত ধূলিস্যাত হৈ গৈছে অসমবাসীৰ মূল প্ৰসংগবোৰ। তাৰ মাজতেই সমাগত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত দুটাকৈ আঞ্চলিকতাবাদী শক্তিৰ উত্থান ঘটিছে। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সভা সমিতি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা আমি দেখিছোঁ। তেওঁলোকৰ চিন্তা আদৰ্শত আপোচবিহীন জাতীয়তাবাদী চিন্তা। ইতিপূৰ্বে অসমৰ জনতাই দুবাৰকৈ জাতীয়তাবাদী শক্তিক বিশ্বাস কৰি শাসনভাৰ দিয়াৰ পাছতেই উপহাৰ হিচাপে পাইছে কেৱল চৰম প্ৰতাৰণা আৰু বিশ্বাসঘাটকতা। সেইবাবেই নিজৰ বাস্তৱমুখী কৰ্মসূচী, অৰ্থনৈতিক জাতীয়তাবাদৰ চিন্তা আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতিৰ গঢ়াৰ চিন্তাৰ মাজেৰে সেই বিশ্বাস ঘূৰাই অনাটোৱে এই নতুন দলবোৰৰ সমুখত প্ৰধান প্ৰত্যাহ্বান। কেৱল নগৰকেন্দ্ৰিক বা টিভি ষ্টুডিঅ’ত আৱদ্ধ হৈ ৰ’লে বা ইতিমধ্যে চুড়ান্তভাৱে ব্যৰ্থ হোৱা কোনো নেতাৰ দ্বিতীয় ইনিংছ খেলাৰ মঞ্চ হিচাপে দল দুটাৰ মঞ্চক আগুৱাই নিলে – সেই উদ্দেশ্য সফলকাম নহ’বগৈ।

সাম্প্ৰদায়িক কথা বতৰাৰ সলনি উন্নয়নৰ কথাবোৰ, প্ৰগতিৰ কথাবোৰ, প্ৰশ্নবোৰ নেতাৰ মুখলৈ অনাৰ বাবে নিৰ্বাচনৰ সময়ত এক প্ৰগতিশীল পৰিৱেশ নিৰ্মাণৰ দায়িত্ব ৰাজ্যৰ যুৱ সমাজৰ হাততেই থাকিব। কাৰণ পাঁচবছৰৰ বাবে ইয়াৰ মাজৰ কোনো নেতাই ল’ব ৰাজ্যৰ সকলো নিৰ্ণায়ক সিদ্ধান্ত। আশা কৰিম ৰাজ্যৰ আজিৰ সচেতন যুৱ সমাজে কাবিৰোধী আন্দোলন, ই আই এবিৰোধী আন্দোলনৰ দৰে এইবাৰো সেই নিৰ্ভীক সাহসী ভূমিকা পালন কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here