নিৰ্বাচন চৰকাৰ আৰু দিচপুৰ দৰবাৰৰ বুফে

সায়ন্তন শইকীয়া

‘দিচপুৰ দৰবাৰ’ত আজি ভোজৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খাদ্য প্ৰস্তুতকৰণত সিদ্ধহস্ত সকলো আহি পৰিছে। সকলোৰে মুখত উদ্বিগ্নতা, চিন্তা।বু-বা চলিছে। কোনোবাই কৈছে “তেখেতে আমাক বেয়া নাপালেই হ’ল”, কোনোবাই কৈছে “শুনিছো তেখেতে হেনো জ্বলা কমকৈ খায়”। এগৰাকী গণ্য-মান্য ব্যক্তিক আপ্যায়ন কৰিবলৈ এই বিশাল আয়োজন। সেই ব্যক্তিগৰাকী অৱশ্যে তেনেই নম্ৰ, তেখেতে সকলোকে সমান দৃষ্টিৰেই চাই বুলি সকলোৱে জানে। তেখেতৰ নাম নিৰ্বাচন চৰকাৰ। নিৰ্বাচন চৰকাৰ মাজে সময়ে আহি থাকে অসমলৈ। তেখেতৰ আশিসধন্য হোৱা মানে জীৱন ধন্য হোৱা।

বুফে চিষ্টেম। প্লেট, চামুচ হাতত লৈ নিৰ্বাচন চৰকাৰ আগবাঢ়ি আহিছে। প্ৰথমে এটা আইটেম। চৰকাৰে সুধিছে : “হেৰা, এইটো কি?”। কাৰিকৰজনে কৈছে : “ছাৰ এইয়া পদুম ফুলৰ ভাজি। অসমৰ মানুহে নতুনকৈ পদুম ফুলৰ ভাজি, আচাৰ, চাটনি আদি খাবলৈ লৈছিল। কিন্তু বেছিকৈ খোৱাৰ বাবে বহুতৰে পাইলচ্, কোষ্ঠকাঠিন্য আদি হ’ল। সেইকাৰণে আপোনাৰ বাবে একদম স্পেচিয়েল বনাইছো। ধুনীয়াকৈ!”। দুখোজমান আগবঢ়াৰ পিছত এটা অদ্ভুত আইটেম দেখি তেওঁ সুধিলে : “এইটো কি?”। কাৰিকৰজনে ক’লে : “এইটো বগা হাতী মাংস আৰু জাতিলাওৰ ভাজি ছাৰ। অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ লাওটো ইয়াতেই মিলাইছো। লওক ছাৰ!”। আৰু অলপ আগবাঢ়ি গৈ তেখেতে Sweet Dishখিনি পাইছেগৈ। ৰঙা চেৰি থকা এটা নীলা আৰু এটা হালধীয়া বস্তু তেখেতে দেখি সুধিছে : “এইটো কি?”। প্ৰস্তুতকৰ্তাই কৈছে : “ছাৰ এইটো জাতীয়তাবাদী কেক। জাতিৰ সমস্ত আশা-আকাংক্ষা, শ্ৰম-ঘাম-তেজ মিহলি হৈ কেকটোৱে এই ৰং পাইছে। বহুত সোৱাদ নহ’ব পাৰে ছাৰ কিন্তু এবাৰ খালে মানুহৰ অন্তৰ চফা হৈ যায়”। চৰকাৰে হাঁহিমুখে প্লেটত লৈ লৈছে।

সকলো আইটেম প্লেটত লৈ নিৰ্বাচন ডাঙৰীয়া বহিছে। অত্যাধিক উদ্বিগ্নতাৰে বাকীখিনি মানুহে চাইছে। কি ক’ব তেখেতে?? কেনে পাব?? বেয়া নাপালেই হ’ল! এনেতে চৰকাৰ ডাঙৰীয়াৰ চকু পৰিল ৱালত লাগি থকা হাত এখনৰ ওপৰত। হাতখন তলা এটাই বান্ধি থৈছে। তেখেতে ওচৰলৈ এজন মানুহক মাতি আনি সুধিলে : “এই ৱালত লাগি থকা হাতখন বাৰু বুজিলো। পিছে তলা এটাৰে এনেকে বান্ধি থোৱাৰ কাৰণ কি?”। মানুহজনে তেতিয়া কৈছে : “ছাৰ এই হাতখনলৈ নাচাব। এইখন অবাঞ্ছিত হাত। এই হাতখনেই এসময়ত অসমৰ সাৰথি হ’বলৈ হাত মেলি দিছিল। বেছিকৈ হাত মেলোতে মেলোতে অসমীয়াৰ নাক কাটিলেগৈ এই হাতখনে। সেইকাৰণে তলা চাবিৰে বান্ধি সকলোৰে আগত লাজ দিয়া হয় এনেকেই।”

চৰকাৰ ডাঙৰীয়াই এতিয়া ভাত খাব। ভাত খায় কেনে পালে সেইটো জনাবলৈ তেখেতক অলপ সময়ৰ প্ৰয়োজন। তেতিয়ালৈ আপুনিও চিন্তাত থাকক, ময়ো থাকো।

1 COMMENT

  1. পঢ়ি সঁচাকৈ আপ্লুত হ’লো। ভাত সাঁজ খাই কেনে পালে তাৰ বিষয়ে পঢ়িবলৈ আশাৰে বাট চাই ৰ’লো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here