বিংশ শতাব্দীৰ মহানতম কাল্পনিক গণিতজ্ঞজন!

মৃদুল শৰ্মা

১৯৩৯ চন, সমগ্ৰ বিশ্ব তেতিয়া দ্বিতীয় মহাসমৰৰ কুচকাৱাজত উত্তেজিত। ছোভিয়েট ইউনিয়নে ফিনলেণ্ড আক্ৰমণ কৰিছে। তেনে সময়তে ফিনলেণ্ডত নকল পাছপ’ৰ্ট, ‘ৰাছিয়ান একাডেমী অব্ চায়েন্সৰ’ ছেমিনাৰৰ নিমন্ত্ৰণী পত্ৰৰে সৈতে বিখ্যাত ফৰাচী গণিতজ্ঞ আন্দ্ৰে ৱেই(André Weil)ক চোৰাংচোৱাগিৰী কৰাৰ অভিযোগত জেৰা কৰি থকা হৈছে। সমস্যাটো হ’ল এই আটাইবোৰ আছিল কোনো নিক’লাছ ব’ৰবাকি(Nicholas Bourbaki)ৰ নামত। দৈৱক্ৰমে কোনো এজন অনুসন্ধানকাৰী বিষয়াই ৱেইক চিনি পালে আৰু তেওঁক এৰি দিয়া হ’ল। কিন্তু কৌতূহলৰ বিষয়টো হ’ল ৱেইৰ দৰে প্ৰসিদ্ধ গণিতজ্ঞ এজনে চোৰাংচোৱাৰ দৰে নকল পাছপ’ৰ্ট কিয় কঢ়িয়াই ফুৰিছিল আৰু কোন সেই ৰহস্যময় নিক’লাছ ব’ৰবাকি।

নিক’লাছ ব’ৰবাকি বিংশ শতাব্দীৰ মহানতম গণিতজ্ঞসকলৰ এজন বুলি ইতিমধ্যে স্বীকৃত হৈছে। গণিতৰ প্ৰায়বোৰ ক্ষেত্ৰতে নিজৰ অসামান্য প্ৰতিভাৰ পৰিচয় দিয়া ব’ৰবাকিয়ে অনুমান(Conjecture)ৰ পৰিৱৰ্তে প্ৰণালী(Rigour)ৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰি গণিতৰ এক নতুন বিপ্লৱৰ সূচনা কৰিছিল। কলন-গণিত(Calculus)ৰ পদ্ধতিগত অধ্যয়নত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে বিশ্বৰ প্ৰত্যেকজন আধুনিক গণিতজ্ঞ তেওঁৰ ওচৰত ঋণী। কিন্তু চৰকাৰী নথিমতে এইজন মানুহৰ বাস্তৱ পৃথিৱীত কোনো অস্তিত্ব নাই! আকৰ্ষণীয়ভাৱে Mathematical Reviews নামৰ গণিতৰ জাৰ্নেলখনৰ এজন সম্পাদকে ‘নিক’লাছ ব’ৰবাকি’ এটা ছদ্মনাম বুলি দাবী কৰিছিল কিন্তু সেই দাবী সজোৰে নাকচ কৰিছিল নিক’লাছ ব’ৰবাকিয়ে নিজেই! নাই, এয়া ক্ৰিষ্ট’ফাৰ নলানৰ চিনেমা নহয়, বিংশ শতাব্দীৰ মধ্যভাগত পেৰিছৰ এখন কেফেত আয়োজিত হোৱা গণিতৰ ইতিহাসৰ বোধহয় আটাইতকৈ সফলতম আড্ডাৰ কাহিনী এয়া।

১৮৭০ চনৰ ফ্ৰান্স-প্ৰুছিয়া যুদ্ধত এজন ফৰাচী সেনাপতি চাৰ্লছ ডেনিছ ব’ৰবাকিয়ে বৰ বেয়াকৈ ঠগ খাব লগা হৈছিল। সংযোগক্ৰমে ১৯২৭ চনত এই বৰবাকিয়ে ফ্ৰান্সৰ অতি প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান École Normale Supérieureত গণিতৰ শিক্ষাৰ্থীসকলৰ মাজত হোৱা এক ‘Prank’ত স্থান পাইছিল। সেইসময়ৰ তাৰ ছাত্ৰ আন্দ্ৰে ৱেই আন ছাত্ৰসকলক ‘ব’ৰবাকি থিয়ৰী’ৰে Prank কৰিছিল, যিহেতু তেনেকুৱা কোনো থিয়ৰী গণিতত নাছিল! আনহাতে সংস্কৃত আৰু শ্ৰীমদ্ভাগৱত গীতাৰ অতি আগ্ৰহী শিকাৰু ৱেই ১৯২৯ চনত আমন্ত্ৰিত ৰূপত ভাৰতৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। সেই সময়তেই তেওঁ সেই Prankটোক কিবা এটা গম্ভীৰ ৰূপ দিয়াৰ কথা চিন্তা কৰিবলৈ লৈছিল।

বৰ্তমানৰ সপোনৰ নগৰী পেৰিছে ১৯৩৪ চনত এক উত্তেজনাৰ মাজেৰে বিশ্ব ইতিহাসৰ আটাইতকৈ উষ্ণ সময়খিনিৰ বাবে অপেক্ষা কৰি আছিল। ইতিমধ্যে প্ৰথম বিশ্বযুদ্ধই ফ্ৰান্সৰ বৌদ্ধিক ক্ষেত্ৰখনৰ বিস্তৰ ক্ষতিসাধন কৰিছিল। বিভিন্নজন সম্ভাৱনাপূৰ্ণ গণিতজ্ঞৰ প্ৰথম মহাসমৰত মৃত্যু হোৱাৰ পাছৰ পৰাই ফ্ৰান্সৰ গণিতৰ ক্ষেত্ৰখন বিচ্ছিন্ন হৈ পৰিছিল। বিভিন্নজনে নিজৰ উদ্দেশ্যানুসৰি বিভিন্ন ধৰণে গণিতৰ পদ্ধতি গঢ়ি লৈছিল। এক উমৈহতীয়া গাণিতিক ভাষাৰ অভাৱত সমসাময়িক গণিতজ্ঞ তথা গণিতৰ ছাত্ৰ-ছাত্ৰীসমূহে সামূহিক জ্ঞানৰ আদান-প্ৰদান কৰিব পৰা নাছিল আৰু গণিতৰ বিকাশ তেনেই সংকুচিত হৈ পৰিছিল। সহজ ভাষাত সমস্যাটো এনেধৰণৰ, ধৰক যদি কামৰূপ জিলাত মানুহে ০ টোক এক বুলি কয় আৰু নগাওঁ জিলাত একেই ০ টোক তিনি বুলি কয়, তেতিয়া জিলা দুখনৰ মাজত গণিতৰ আদান প্ৰদান হোৱাৰ আগতে গাণিতিক ভাষাটোৰ আদান প্ৰদান হব লাগিব। ফ্ৰান্সত তেতিয়া তেনেকুৱা এটা সমস্যাই হৈছিল। আকৌ যুদ্ধৰ সময়ছোৱাত পঢ়া-শুনা প্ৰায় বন্ধ হৈ পৰাৰ নিচিনাই হৈছিল। ফলত নতুন গৱেষণা আৰু অধ্যয়নৰ অভাৱত বিশ্ববিদ্যালয়ৰ গণিতৰ পাঠ্যপুথিসমূহ আওপুৰণি হৈ পৰিছিল।

সেই সময়তে École Normale Supérieureৰ অধ্যাপক আন্দ্ৰে ৱেই(André Weil) আৰু হেনৰী কাৰ্টনে(Henri Cartan) নিজৰ ছাত্ৰসকলক কলন গণিতৰ ষ্ট’কছ থিয়ৰী(Stokes’ Theorem) পঢ়ুৱাবলৈ গৈ পাঠ্যপুথি দেখি ভীষণ হতাশ হৈছিল। এই ঘটনাটোৱে কেইবছৰমান আগৰ পৰাই খু-দুৱাই থকা ৱেৰ মনটোক অৱশেষত ১৯৩৪ চনৰ ১০ ডিচেম্বৰত পেৰিছৰ এখন কেফেত আলোচনা সভা এখনৰ আয়োজন কৰিবলৈ বাধ্য কৰায়, যত মুঠ নজন গণিতজ্ঞ উপস্থিত আছিল। সেইদিনা সভাত আটাইকেইজনে মিলি “গণিতৰ(বিশেষকৈ কলন গণিতৰ) ২৫ বছৰৰ পাঠ্যক্ৰমৰ সংজ্ঞা নিৰ্ধাৰণ কৰাৰ” উদ্দেশ্যে ছমাহৰ ভিতৰত বিশ্লেষণ(Analysis)ৰ ওপৰত জোৰ দি গণিতৰ এখন পাঠ্যপুথি ৰচনা কৰিবলৈ সন্মত হ’ল আৰু কিতাপখন প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হল, ‘নিক’লাছ ব’ৰবাকি’ৰ নামত! তেতিয়াৰপৰা এই নজন গণিতজ্ঞই গণিতৰ সকলো সামূহিক কামকাজত নিক’লাছ ব’ৰবাকি ছদ্মনামটো গম্ভীৰ অৰ্থত ব্যৱহাৰ কৰিবলৈ লয়। এনেদৰেই গণিতৰ ক্ষেত্ৰখনত ভুমুকি মাৰে নিক’লাছ ব’ৰবাকি নামৰ গণিতজ্ঞ’জনে'(!)।

সেই সভাখনৰ পাছৰ পৰাই ব’ৰবাকি সন্মিলন বছৰি তিনিবাৰকৈ নিয়মিতভাৱে অনুষ্ঠিত হবলৈ ললে আৰু তেওঁলোকৰ অধ্যয়নৰ বিষয়বস্তুও ষ্ট’কছ থিয়ৰীৰ পৰা বৃদ্ধি হৈ হৈ গণিতৰ প্ৰায়বোৰ ক্ষেত্ৰই সামৰি লবলৈ ধৰিলে। অৱশেষত ৬০০০ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ ‘Elements of Mathematics’ নামেৰে তেওঁলোকৰ প্ৰস্তাৱিত পাঠ্যপুথিখন প্ৰকাশ হয় আৰু গণিতৰ ইতিহাসত এক বিপ্লৱৰ সূচনা কৰি আধুনিক গণিতৰ ভেটি সুদৃঢ় কৰি তোলে। ইয়াৰ পিছত ব’ৰবাকিৰ নামেৰে এই নজন গণিতজ্ঞই গণিতৰ বিভিন্ন বিষয়ত গৱেষণা পত্ৰ,পাঠ্যপুথি আদি প্ৰকাশ কৰি গণিতৰ প্ৰণালীবদ্ধ অধ্যয়নত অৰিহণা যোগায়। ব’ৰবাকিৰ নিজা কোনো উদ্ভাৱন নাছিল যদিওঁ তেওঁলোকে গণিতৰ ভৱিষ্যত গৱেষণাৰ বহুতো বাট মুকলি কৰিছিল। ব’ৰবাকিৰ লগত সংযোজিত বিপ্লৱী গণিতজ্ঞ সকলে গণিতৰ বিমূৰ্ত সিদ্ধান্তসমূহ (Abstract Principle) প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰি সমাজত চলি অহা “গণিত এক সৃষ্টিশীলতাবিহীন কেৱল অনুভূতি(Intuition)ৰ ওপৰত আধাৰিত বিজ্ঞান” ধাৰণাবোৰক সজোৰে ওফৰাই পেলাইছিল। ব’ৰবাকিৰ পদ্ধতিগত অধ্যয়নে আধুনিক গণিতত আনুষ্ঠানিক প্ৰমাণ(Formal Proof)ৰ বিকাশত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে। গতিকে আমি কব পাৰোঁ যে পদ্ধতি(Rigour) আধুনিক গণিতৰ মালা, আৰু এই মালাডালৰ প্ৰথম মুকুতাবোৰ গোটাইছিল নিক’লাছ ব’ৰবাকি নামৰ কাল্পনিক গণিতজ্ঞজনে।‌

অৱশেষত ১৯৬৮ চনত নিক’লাছ ব’ৰবাকিৰ মৃত্যু ঘোষণা কৰা হ’ল বাতৰিকাকতৰ মৃত্যুনামাৰ মাধ্যমেৰে! অৱশ্যে আজিও পেৰিছ বিশ্ববিদ্যালয়ত ব’ৰবাকি সভা অনুষ্ঠিত কৰি আড্ডাৰ ১০টা চিঞৰৰ মাজতেই ১টা বৌদ্ধিকভাৱে উৎকৃষ্ট কথা জন্ম হোৱাৰ সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰা হৈছে।

নিক’লাছ ব’ৰবাকিৰ অস্তিত্ব যিমানদূৰ কাল্পনিক, সিমানদূৰ বাস্তৱ আধুনিক গণিতলৈ তেখেতৰ বহুমূলীয়া অৱদানৰ ঐতিহ্য!

LEAVE A REPLY

Please enter your comment!
Please enter your name here