নাচ নিবনুৱা নাচ

ত্ৰিদিৱ ভাগৱতী
ত্ৰিদিৱ ভাগৱতী

যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে চলি থকা বাতৰি, ঘটনাৰাজিৰ পৰা আঁতৰত আছিলোঁ। কিন্তু হঠাৎ এটি চিৰপৰিচিত বাতৰি চকুত পৰিল। পুনৰ ফাদিল হৈছে চৰকাৰী বিভাগৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত। বাতিল কৰা হৈছে নিযুক্তি পৰীক্ষা। পৰীক্ষাৰ বাবে নিৰ্ধাৰিত দিনৰ আগতেই হেনো মহানগৰীৰ হোটেলত অনুষ্ঠিত হৈ গৈছে একাংশ বছা বছা প্ৰাৰ্থীৰ মাজত গোপন পৰীক্ষা। কেলেংকাৰীত নাম সাঙোৰ খাইছে প্ৰাক্তন উচ্চপদস্থ আৰক্ষী বিষয়াৰ। জড়িত হৈ পৰিছে শাসনত থকা দলটোৰ নেতা-পালিনেতা।

অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ ঘটনাই দুৰ্নীতি আৰু অপশাসনেৰে ৰাইজক অতিষ্ঠ কৰা কংগ্ৰেছ চৰকাৰৰ পতনৰ বাট সহজ কৰি দিছিল। লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী প্ৰমুখ্যে কংগ্ৰেছৰ দিনত ৰাজ্যৰ বিভিন্ন বিভাগত হোৱা নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ হৈ পৰিছিল ২০১৬ ৰ নিৰ্বাচনী যুঁজৰ অন্যতম মুখ্য ইচ্ছু। ভবা হৈছিল – নতুন চৰকাৰৰ দিনত সেই পুৰণি বেমাৰবোৰ আঁতৰিব। চাকৰিৰ নামত চৰকাৰৰ বিভাগে বিভাগে চলা বজাৰখনত তলা ওলমিব। কোনো মন্ত্ৰী বিধায়ক বা নেতা পালিনেতাৰ অঙহী-বঙহীৰ সলনি যোগ্যতা আৰু মেধাৰ ভিত্তিত সাধাৰণ ঘৰৰ ল’ৰা বা ছোৱালী এজনীয়েও লাভ কৰিব নিযুক্তি। আৰু সেই আশা প্ৰত্যাশাৰ জীয়া বাস্তৱ প্ৰতিচ্ছবি আজি আমাৰ চকুৰ সমুখত। আকৌ এবাৰ সেই একেই চৰকাৰী বিভাগৰ নিযুক্তি কেলেংকাৰী। আকৌ এবাৰ ধনৰ লেনদেনৰ বিনিময়ত চাকৰিৰ কিনা বেচাৰ বজাৰৰ কাহিনী। আকৌ এবাৰ নিমিষতে চূৰমাৰ হৈ গ’ল বহু মেধাৱীৰ বহুদিনীয়া আশা আৰু পৰিশ্ৰম। আকৌ এবাৰ মঞ্চস্থ হ’ল চৰকাৰী নিযুক্তিৰ নামত সংস্থাপনৰ আশাত ৰৈ থকা ৰাজ্যৰ শিক্ষিত যুৱ সমাজক নচুৱাই থকাৰ আন এক নাটক।

শূণ্য সহনশীলতা, দুৰ্নীতিমুক্ত অসম আদি শুনি ভাল লগা ভাবি ভাল লগা কথাৰে শাসনলৈ অহা চৰকাৰখনৰ দিনতেই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জলসিঞ্চন বিভাগ, ফৰেইনাৰ্চ ট্ৰাইবুনেল আদিৰ নিযুক্তি কেলেংকাৰীৰ পাছত এইবাৰ আৰক্ষীৰ উপ পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ পাল। অসমৰ যুৱ সমাজ এনে কেলেংকাৰী, চাকৰিৰ নামত প্ৰতাৰণাৰ বাতৰিৰ সৈতে আজিকালি অভ্যস্ত হৈ পৰিছে। কাৰণ প্ৰতিবাৰেই নিষ্ঠা আৰু একাগ্ৰতাৰে অনেকদিনৰ কষ্ট আৰু পৰিশ্ৰমেৰে এটা পৰীক্ষাৰ বাবে সাজু হোৱাৰ পাছত শেষ মুহূৰ্তত একাংশ নিয়ন্ত্ৰণহীন দুৰ্নীতিৰ চৰ্দাৰৰ কাম-কাজত ইমানবাৰ প্ৰতাৰিত হৈছে যে এতিয়া আৰু যিকোনো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল – এই সকলোবোৰ সৰু আৰু সাধাৰণ কথা হৈ পৰিছে।

আমি বুজি পাওঁ – নিৰ্বাচনত জয়ী হোৱাৰ স্বাৰ্থত প্ৰতিটো দলেই, প্ৰতিজন নেতাই অলেখ অজস্ৰ প্ৰতিশ্ৰুতি দিয়ে। তেনে বহু প্ৰতিশ্ৰুতি যে পূৰণ কৰাৰ ক্ষমতা সাহস ইচ্ছা নেতা বা দলটোৰ নাথাকে – সেয়া ৰাইজেও বুজে। তাৰ পাছতো অশেষ আশা আৰু বিশ্বাসৰ ভাঁজতেই সেই দল বা নেতাজনৰ বিপৰীতে ই ভি এমত বুটাম টিপে ৰাইজে। মানি লোৱা হ’ল – অসম চুক্তি ৰূপায়ণ, বিদেশী বিতাড়ণ, সাংবিধানিক সুৰক্ষাকৱচ এই বিষয়বোৰ সমাধান কৰাৰ ইচ্ছা আৰু সাহস বৰ্তমানৰ চৰকাৰখনৰ নাই। নিৰ্বাচনৰ সময়ত জাতি মাটি ভেঁটিৰ কথা কৈ আৱেগৰ জোৱাৰ অনা প্ৰতিশ্ৰুতিবোৰ পূৰণৰ ইচ্ছাও তেওঁলোকৰ নাই। কিন্তু চৰকাৰী বিভাগ এটাৰ নিযুক্তি পৰীক্ষা নিকা স্বচ্ছকৈ অনুষ্ঠিত কৰাটো যিকোনো এখন চৰকাৰৰেই মৌলিক দায়িত্ব। ইয়াত কোনো কিন্তু যদি হেঁতেন থাকিবই নোৱাৰে। বাকী ডাঙৰ ডাঙৰ কথাবোৰ, প্ৰতিশ্ৰুতিভৰা ভাষণবোৰ অসাৰ হ’ব পাৰে। কিন্তু নিযুক্তিৰ দৰে এটা বিষয় – যাৰ সৈতে ৰাজ্য এখনৰ উঠি অহা প্ৰজন্ম এটাৰ ভৱিষ্যতৰ ওপৰিও ৰাজ্যৰ সামগ্ৰিক উন্নতিৰ সকলোবোৰ কথাই জড়িত হৈ থাকে – তাতো দুৰ্নীতি, কেলেংকাৰীৰ প্ৰশ্ন আহিলে চৰকাৰখন যে নিজৰ মৌলিক দায়িত্ব পালনতেই চূড়ান্তভাৱে ব্যৰ্থ হৈছে সেয়াই স্পষ্ট হৈ পৰে।

সংবাদ মাধ্যমত কোনো কেলেংকাৰী সংঘটিত হোৱাৰ বাতৰি প্ৰকাশৰ পাছতেই তদন্ত ঘোষণা হয়। এইবাৰো হৈছে। এয়া একো নতুন কথা নহয়। তদন্তকাৰী সংস্থাই নিষ্ঠাৰে নিজৰ কাম-কাজো আৰম্ভ কৰে। এইবাৰো কৰিছে। এয়াও একো নতুন কথা নহয়। কিন্তু তাৰ পাছতেই প্ৰত্যেকবাৰেই আহি পৰে ৰাজনৈতিক হস্তক্ষেপ, আহি যায় ক্ষমতাত থকাৰ সুবিধাৰে দোষীসকল সাৰি যোৱাৰ নানা অজুহাত। শুনি ভাল নালাগিলেও এয়াও একো নতুন কথা নহয়। এনেদৰেই কথাবোৰ চলি আহিছে। কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাছতেই সৰ্বত্ৰে চর্চা চলে। লাহে লাহে অভিযোগ উঠা নামবোৰ, মানুহবোৰ হেৰাই যায়। কিছুদিন পাছত অন্য প্ৰসংগই শিৰোনাম দখল কৰে। পৰীক্ষাৰ বাবে কষ্ট আৰু পৰিশ্ৰম কৰা ল’ৰা ছোৱালীখিনিৰ বাহিৰে সকলোৱেই লাহে লাহে কথাবোৰো পাহৰি যায়।

তথাপি আমি আশা কৰোঁ এই সকলোবোৰ কথাই এদিন সলনি হ’ব। চুইটকেছৰ টকাৰ সলনি এদিন সঁচা অৰ্থত মেধা আৰু যোগ্যতা হৈ পৰিব যিকোনো বাছনিৰ বুনিয়াদ। স্বচ্ছতা আৰু নিকা নিযুক্তিৰ কথাবোৰ কেৱল কোনো নেতাৰ নিৰ্বাচনী সভাৰ ভাষণতেই সীমাবদ্ধ হৈ নাথাকিব। কোনো দুৰ্নীতিৰ চৰ্দাৰে নিমিষতেই মোহাৰি পেলাব নোৱাৰিব হেজাৰ হেজাৰ নিবনুৱাৰ সপোন আৰু পৰিশ্ৰমক। প্ৰতিবাৰেই এইদৰে কোনো নিযুক্তিৰ পৰীক্ষাৰ নামত নাটক পাতি কোনো চৰকাৰেই ৰাজ্যৰ শিক্ষিত যুৱসমাজক ভেঙুচালি কৰি আৰু ক’ব নোৱাৰিব – ‘নাচ নিবনুৱা নাচ’! তাৰ বাবেই সকলো সজাগ সচেতন হোৱাৰ সময়। অন্যথা বিশেষ কিছু ক্ষমতালোভী দুৰ্নীতিপৰায়ণ লোকৰ স্বাৰ্থ সিদ্ধিৰ তাগিদাত জাতিটোৱে আৰু বহু শিক্ষিত প্ৰজন্ম হেৰুৱাই পেলাব।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here