নাহৰবোৰৰ সৈতে দুটা বসন্তৰ আধৰুৱা শেষবোৰ

প্ৰহেলিকা শইকীয়া

মনত থকাৰ পৰাই বিশ্ববিদ্যালয় জীৱনটোক ঈৰ্ষনীয় দৃষ্টিৰে চাইছিলো ,ইয়াৰ কাৰণ সীমাহীন।
স্কুলত আচাৰ্য সকলৰ মুখত শুনোতেই হওঁক বা কলেজীয়া আদ্দাবোৰতেই হওঁক, বিশ্ববিদ্যালয় এখনৰ সৈতে নিজৰ পৰিচয় যোগ দিয়াৰ সপোনটোৱে বাৰে বাৰে ভুমুকি মাৰিছিল। ভাবিছিলোঁ ইউনিভাৰ্চিটিতেই ভাল , বেছি পঢ়িবও চাগে নালাগিব আৰু হোষ্টেলত থাকিবলৈ পালেটো আৰু মজা …. এনেকৈয়ে চাগে লাহে লাহে সেই সপোনটোৱে বিশেষভাৱে বাছি লৈছিলগৈ নাহৰৰ দেশখনক। যোৰহাটৰ পৰা শিৱসাগৰৰ দিশে অহা তেনেকৈ নহয়েই, higher secondary পৰীক্ষা দি এবাৰেই মাত্ৰ উজনিৰ নাহৰৰ দেশখনত এভুমুকি মাৰিছিলোঁ…তেতিয়া মাত্ৰ এটাই ভাবিছিলোঁ ইমান বেছি ডাঙৰ এই উনিভাৰ্ছিটিখনত ৰাস্তাবোৰ কেনেকৈ মানুহে মনত ৰাখে বাৰু…. তাৰ পিছতেই কলেজৰ দেওনা অতিক্ৰম কৰি জ্যোতি বাটচৰাৰে সোমাই আহিছিলোঁ নাহৰবোৰৰ মাজেৰে নিজৰ বিভাগটোলৈ…ৰসায়ন বিজ্ঞানৰ ছাত্ৰী আছিলোঁ বাবে মনতে কোনোবাখিনিত ভয় এটাও আছিল শিক্ষা বিষয়টোয়ে,শিক্ষাতত্ব বিভাগটোৱে মোক বা কেনেদৰে আঁকোৱালি লয় …কিজানি নতুন বিষয়টোক বুজিবই নোৱাৰিম… তথাপিও এক উগুল ঠুগুল মনেৰেই নিজৰ নামটো অন্তৰ্ভুক্ত কৰিলোঁ বি.এড. প্ৰথম ষান্মাসিকৰ ক্ৰমিক নং ২৪ হিচাপে…
লাহে লাহে জ্যোতি বাটচৰাৰ দৰেই আপোন হৈ পৰিল 2nd গেট খন, জ:চাগৰ দৰেই প্রিয় হৈ পৰিল life science আৰু law ডিপাৰ্টমেণ্টৰ কেণ্টিনখন।

ডাঙৰ সৰুৰ প্ৰাচীৰ আঁতৰাই সকলোৰে লগত কেতিয়া মিলি পৰিলোঁ গমেই নাপালোঁ….আৰম্ভ কৰিলে শেষ নোহোৱা কথাবোৰেৰে জীপাল হৈ পৰিছিল off time , বিজন দাৰ কেণ্টিন আৰু বিভাগৰ প্ৰতিটো চুক। deputation ত অহা ছাৰ ,বাইদেউসকলো সহপাঠী হিচাপে যে ইমান বেছি ৰসাল হ’ব কল্পনাই কৰিব পৰা নাছিলোঁ….প্ৰত্যেকজনৰ বিষয়ে বৰ্ণনা কৰি যদিও শেষ কৰিব নোৱাৰি , তথাপি কিছুমান বিশেষ মুহুৰ্তৰ কথা উল্লেখ নকৰিলে আধৰুৱা হৈ ৰ’ব স্মৃতিৰ এই ৰোমন্থন….সেইয়া লাগিলে ৩০ টকাকৈ তুলি পতা Birthday বোৰেই হওঁক , বিজন দাৰ কেণ্টিনত খোৱা কাৰণবিহীন খানাবোৰেই হওঁক , জ:চাগত দলে বলে সোমাই শেষৰ ফালে থকা টেবুল জোৰা লগোৱাই হওঁক অথবা দেৱজিৎ দাৰ নেতৃত্বত সদায় শেষৰ বেঞ্চ বিশেষভাৱে দখল কৰা আমাৰ BBA(Back Benchers Association) ৰ মেম্বাৰকেইজনেই হওঁক….কিমান কি যে বি. এড. য়ে শিকালে তাৰ সীমা সংখ্যাই নাই…কোনোদিনে চিলাই কি চিনি নোপোৱা জনীয়েও ধুনীয়া ফুল বাঁচিব পৰা আৰু ঘৰত মাকে বাঢ়নীডাল বিচাৰিলে সেইটো কি বস্তু বুলি প্ৰশ্ন কৰা ল’ৰাটোৱে বাঢ়নীৰ লগতে ডাষ্টবিনো প্ৰস্তুত কৰিব পৰা কৰি তুলিলে 2nd sem ৰ work experience য়ে । প্ৰতিটো চেমিষ্টাৰৰ সৈতে বেলেগ বেলেগ স্মৃতি , অকলে বহি যদি ভাবি থাকোঁ সেইবোৰ ভাবিয়েই গম নোপোৱাকৈয়ে পাৰ হৈ যায় ঘণ্টাৰ পিছত ঘণ্টা সময় । বিভাগটোৰ দৰেই আপোন আছিল বিশ্ববিদ্যালয়ে দিয়া আন এখন ঘৰ, য’ত নিশাবোৰ জীপাল হৈছিল ওৰে ৰাতিৰ আদ্দা, চাহ , কফি আৰু ইলেক্ট্ৰিক কেটলিত বনোৱা মেগীৰ মাজেৰে …ৰাতি ১২ টাত জন্মদিনৰ কেক কটা , surprise দিয়াৰ নামত ৰুমমেটৰ কষ্ট , কিবা এটা প্লেনিং কৰিছে বুলি গম পাইয়ো একো নজনাৰ ভাওঁ ধৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ দৰে surprise হোৱাৰ অভিনয় কৰা …আৰু যে কিমান কি…

জুনিয়ৰৰ আগত চিনিয়ৰ হিচাপে দিয়া এক্সট্ৰা লেভেলটো , জুনিয়ৰ খিনিৰ প্ৰেয়াৰ কৰাৰ সময়ত প্ৰায় মুখস্থ হৈ যোৱা প্ৰিফেক্টৰ সেই বিশেষ কথা কেইটা – ” বাথৰুমত কোনে শ্বেম্পু পেকেট পেলাইছা? টইলেটত কোনে ফ্লাছ মৰা নাই ? গেষ্ট আনি ৰুমত মনে মনে কোনে ৰাখিছা ?মেচৰ পইচা কোনে কোনে দিয়া নাই ? ইত্যাদি ইত্যাদি …. ” এনেধৰণৰ হাজাৰটা স্মৃতিৰে জীপাল আছিল আমাৰ ঘৰখনৰ অৰ্থাৎ আইদেউ সন্দিকৈ ছাত্ৰী নিবাসৰ (নতুন) প্রতিটো চুক-কোণ । সন্ধিয়াৰ চাহৰ লগত দিয়া পকৰী, আলু চপ্ বা চাওমিনৰ আশাত পাতিবলগীয়া হোৱা দীঘলীয়া শাৰী, দেওবাৰৰ নিশাৰ আহাৰৰ ৩ টুকুৰা মাংসৰ বাবে বাট চাই ৰৈ থকাৰ মাজতেই সোমাই আছিল হোষ্টেলীয়া জীৱনৰ এক অন্য সোৱাদ ।

নাহৰবাসীৰ লগতেই প্ৰতিটো সন্ধিয়া ব্যস্ত হৈ পৰে DU Haat খন, কাম থাকক বা নাথাকক ক্লাছৰ পৰা উভটি আহি সন্ধিয়া প্ৰিয় কাৰোবাৰ লগত এপাক হাটলৈ ওলাই গৈ ৰঞ্জিত দাৰ দোকানৰ চাহ আৰু পিয়াঁজি অথবা লেংখাওৰ চিকেন ফ্ৰাইড ৰাইচ খোৱাটো এক অভ্যাসত পৰিণত হৈছিল । Varsity week , নৱাগত আদৰণি সভা , এনাজৰী , একায়ন , Auxesis ৰ বতাহে বছৰটোৰ প্রায়খিনি সময়েই জীপাল কৰি ৰাখে বিষ্ণু ৰাভা ৰংগ মঞ্চ অথবা খেল পথাৰ দুখনক । দিন ৰাতিৰ হিচাপ নাইকিয়াকৈ সেইবোৰ সময়ত প্ৰতিজনৰ ব্যস্ততাবোৰ হৈ পৰে বিভাগ কেন্দ্ৰিক অথবা হোষ্টেলৰ প্ৰাচীৰ পত্ৰিকা কেন্দ্ৰিক। কৈ থাকিলে শেষ নোহোৱা কথাবোৰক আধাতেই এৰি আমিবোৰ পিছে গুছি আহিব লগা হ’ল…মাত্ৰ কেইটামান দিনৰ বাবে ঘৰলৈ বুলি আহি একেবাৰেই বিদায় জনাব লগা হ’ল আধৰুৱা হৈয়ে থাকি যোৱা বিশ্ববিদ্যালয় জীৱনটোক। Farewell ত পিন্ধিবলৈ গোটোৱা কাপোৰ জাপতে থাকিল…হোষ্টেলৰ পৰা বিদায়ৰ সময়ত এইবাৰ কাণফুলিৰ আদান প্ৰদান নহ’লে…কোনেও কাকো সাৱটি ধৰি দুবছৰীয়া স্মৃতিবোৰ সুঁৱৰি কান্দিবলৈও নাপালে….মাত্ৰ whatsapp ত কাৰোবাৰ পৰা মাজে মাজে এটা দুটা msg আহি থাকিল- “oi,aji moi room khali krilu , lg nplu ru tohotok , akau ketiaba lg pam de” …. এনেদৰেই corona ৰ দাবীত আমি বাধ্য হ’লো অনিচ্ছাকৃতভাৱে হ’লেও দুবছৰীয়া এটা যাত্ৰাক আধাতে সামৰি নাহৰৰ দেশৰ পৰা নিজেই নিজকে বিদায় দিবলৈ…digital farewell ৰ মাজেৰেই জুনিয়ৰখিনিয়ে চেষ্টা কৰিলে যি পাৰে দিবলৈ…এনেকুৱা এটা পৰিস্থিতিত আচলতে সেয়াই বহুত বেছি । সময়বোৰে আমাক নিদিলে শেষবোৰ ভবাৰ দৰে উদযাপন কৰিবলৈ, মন খুলি শেষৰ দিনকেইটা উপভোগ কৰিবলৈ। কিন্তু সময়বোৰ সুস্থ হ’লেই আমি আকৌ যাম নাহৰৰ ওচৰলৈ আধৰুৱা কথাবোৰক লগত লৈ …. ভাল সময়বোৰ সোনকালেই ঘূৰি আহক। সোনকালেই আগৰ ব্যস্ততাবোৰ ঘূৰি আহক শাৰী শাৰী নাহৰবোৰৰ মাজেৰেই বিশ্ববিদ্যালয়খনলৈ ।

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here