মুক্তি-গীতি

জিন্তু গীতাৰ্থ

প্ৰখৰ ৰ’দ৷

ৰ’দৰ তাপত মহানগৰখনে খোলাত ভজা শুকান মাছৰ ৰূপহে লৈছে যেনিবা৷বেলিটোৱে মহা আয়মেৰে একেবাৰে পোহাৰ মেলি বহি লৈছে মাজ আকাশত৷

ৰ’দত ছাটিফুটি হ’লেও মহানগৰখন স্হবিৰ হৈ যোৱা নাই৷পানীৰ পৰা উঠাই অনা মাছে কেলঢোপকেলঢোপকৈ ঊশাহ টানি থকাৰ দৰেই মানুহবোৰ ভাগে ভাগে কামত মগন৷কামহে নে!এয়াতো দৌৰ৷এই দৌৰৰ মাজত পৰিছে আমাৰ ৰত্নাম্বৰ মহাজনো৷

দুই বজাৰ ৰেলখন যেনেতেনে পাবগৈ লাগিব৷পথাৰত গৰু-গাই থকা কথা৷সেইকাৰণে মহাজনে খৰখেদাকৈ ওলাই আহিছিল৷পিছে মহাজনে এতিয়া ৰৈ দিব লগা হ’ল৷

হৰদম লানি নিছিগাকৈয়ে বৈ থকা বাছ,মেজিক,মটৰগাড়ী-সকলো ৰৈ দিবলগা হ’ল৷অ’ভাৰব্ৰীজ খনৰ তলৰ পৰা ফাটি ওলাই অহা বাটটোৰে ওলাই আহিল এক বিশাল সমদল৷সেয়া জগন্নাথৰ ৰথযাত্ৰাৰ সমদল৷বিচিত্ৰ বৰণৰ কাপোৰ,ফোট,সংমিশ্ৰিত সংগীতৰ ধ্বনি-এই সকলো মিলি একধৰণৰ হুলস্থূলীয়া পৰিৱেশৰেই সৃষ্টি হ’ল৷তেতিয়া মহাজনে অ’ভাৰব্ৰীজৰ মূৰৰ গলিটোৰে ওলাই আহি মেইন ৰোডত উঠিছে মাত্ৰ৷

মানুহবোৰ ৰৈ দিছে৷

মহাজনে ছায়া বিচাৰি অলপ আগলৈকে আহিল৷দুখোজ আগুৱাই আহিয়েই জামা মছজিদটো৷তাৰ গাতে লাগি আছে এখন সুদৃশ্য হোটেল৷এই দুইটা অট্টালিকাৰ ছায়া পৰা ঠাইখিনিত মানুহবোৰ লডা বান্ধিছেহি৷কোনো কোনোৱে ম’বাইল উলিয়াই ফটো তোলাত লাগিল৷ছায়াত থিয় হৈ ৰং চোৱা জুমটোৰ মাজত ৰত্নাম্বৰ মহাজনো সোমাই পৰিল৷

উস্‌: মহাজনে দীঘল নিশ্বাস এটা এৰিলে৷হয়তো মহাজনৰ ভাগৰ লাগিছিল৷লাগিবৰে কথা৷এইদৰে চহৰলৈ অহা যোৱা কৰি থকা ৰত্নাম্বৰৰ বাবে এক প্ৰকাৰ দূৰুহ কথাই হৈ পৰিছিল৷

ৰত্নাম্বৰ মহাজন এইবাৰ ছায়াডোখৰত বহি পৰিল৷মানুহৰ গাৰ গোন্ধ,গৰম বতাহত বিয়পি পৰা গাড়ীৰ তেলৰ গোন্ধ,ৰথযাত্ৰাৰ ধূপৰ গোন্ধ—এই সব মিলি একধৰণৰ বিচিত্ৰ গোন্ধ মহাজনৰ নাকত লাগিলহি৷এই গোন্ধে যেনিবা তেওঁৰ চেতনাৰ আন্ধাৰ ঘূলিত চাবুক মাৰিহে দিলে৷ৰত্নাম্বৰ মহাজনৰ চকুৰ সমুখত ভাঁহি উঠিল বহুকাল পূৰ্বৰ দৃশ্য৷

ৰত্নাম্বৰ মহাজনৰ আতাক নামকৰা বৈস্তৱ আছিল৷কৃষ্ণ বৈস্তৱৰ ঘৰ অহৰহ দূৰ দূৰণিৰ পৰা অহা ভৰি থাকিছিল৷মাহেকে পষেকে বৈষ্ণৱ-সেৱা,অষ্টপ্ৰহৰ আদি অনেক পাৰ্বণ পতা হৈছিল৷আৰু ৰত্নাম্বৰৰ পিতাক!ৰত্নাম্বৰৰ পিতাক আছিল প্ৰতিপত্তিশীল মানুহ৷খেতি-বাতি,মানুহ-দুনুহে অনৰ্গল ভৰি থকা ঘৰ হৈ উঠিছিল মহাজনৰ ঘৰ৷কি দিন আছিল সেয়া!কেনেদৰে,কেনেদৰে সলনি হৈ গ’ল এই বংশৰ স্বৰূপ?এই বংশৰ কীৰিতি?

যেনিবা ছালত লহপহাই বাঢ়ি অহা কোমোৰাৰ বাকী ৰোৱা শুকান পাত আৰু কীৰকীৰিয়া লতিকাত পৰিণত হোৱা মৰাগছৰ ৰূপহে ল’ব লাগিছে তেওঁৰ বংশই৷

ৰত্নাম্বৰ মহাজন যেন চিন্তাৰ ভৰত একপ্ৰকাৰ হাউলিহে পৰিল৷ৰত্নাম্বৰ মহাজন থূলন্তৰ পুৰুষ আছিল৷অথচ একধৰণৰ তীব্ৰ অসন্তুষ্টি আৰু চিন্তা ভাবনাৰ চাকনৈয়াত পৰি তেওঁৰ স্বাস্থ্য পৰি আহিছিল৷বগা ধূতি-চোলা আৰু কান্ধত পেলাই লোৱা উত্তৰীয়ই যেন মানুহটোৰ মনোব্যথাক বৰ বিৰোধী ৰূপতহে দাঙি ধৰিছিল৷ৰত্নাম্বৰৰ চকুৰ তলত একধৰণৰ ছায়া বহি গৈছিল৷নবহিব নে!চকুৰ সমুখত তিলতিলকৈ শেষ হৈ অহা নিজৰ বংশ প্ৰক্ৰিয়াক চাই থকাটো উজু নাছিল৷

মানুহবোৰৰ গাত যেনিবা দেওহে লম্ভিলে৷নে স্বয়ং জগন্নাথ মহাপ্ৰভুই আহি ভিৰ কৰিলেহি৷সমদলটো নাচি বাগি একেবাৰে মতলীয়া হৈ উঠিল৷জগন্নাথ মহাপ্ৰভূৰ প্ৰতিমা ৰখা ৰথৰ দৰেই সুসজ্জিত ভেনখন আগুৰি ধৰি হাউলি-জাউলি হৈ নৃত্য কৰিব ধৰিছে দলটোৱে৷আস্‌,কৃষ্ণৰতি কৃষ্ণৰতি৷এয়া যে জাগতিকতাত থাকিও পৰম আনন্দময় অৱস্হা লাভ কৰাৰ লহমা৷জানে জানে,ৰত্নাম্বৰ মহাজনে৷কত বৈষ্ণৱ দেখিলে৷কৃষ্ণভক্তিত লীন হৈ ভোক পিয়াহ পাহৰি সাতদিন সাতৰাতি প্ৰহৰ কৰা বৈষ্ণৱ৷

 নাচি বাগি থকা দলটোৰ মাজৰ পৰা হিজৰাৰ দলটো ওলাই আহিল৷আনকালে বাছে বাছে তালি বজাই ফুৰা এই দলটোৰ আজি উৎসাহৰ সীমা নাই৷এইবাৰ সিহঁতে ৰং চোৱা মানুহমখাক চন্দনৰ ফোট দিবলৈ ধৰিলে৷আজি আৰু কোনেও একো কোৱা নাই সিহঁতক৷বৰঞ্চ দুই একে আগ্ৰহেৰে কথা পতাহে দেখা গ’ল৷কোনোবা এটাই বহি থকা ৰত্নাম্বৰ মহাজনৰ কপালতো চন্দনৰ ফোট এটা দি গ’লহি৷একধৰণৰ শীতল অনুভূতি এটা ধমনিয়েদি বৈ গৈ ৰত্নাম্বৰ মহাজনৰ একেবাৰে মৰ্মস্থলত কৰাঘাত কৰিলেগৈ৷

এই দলটো দেখি তেওঁৰ চেতনাত অতদিনে গোজ পাতি বহি ৰোৱা দুৰ্ভাৱনা কিছুমানে পুনৰ উক দি উঠিল৷নুঠিবহে নে এয়া তেওঁৰ বংশৰ ভবিষ্যতৰ কথা৷ঠিক কেতিয়া এই সবৰ সূত্ৰপাত ঘটিছিল তেওঁৰ নিজৰো সঠিককৈ মনত নাই৷মনত নাথাকিবৰেই কথা৷

এৰা৷কত কথা চকুৰ সমুখতে ঘটি যাব লাগিছে৷সৌ সিদিনা বামুণপাৰা গহঁইৰ পুতেকে ঘৰতে বৰাহ ৰান্ধি খোৱা নাই নে!আৰু আৰু সেই গণকপাৰাৰ নটী মীনাক ঘৰ সুমুৱাই লোৱা নাই নে!সেই লৈ জানো কম হুলস্থূল!

হুলস্থূল হৈছিল তেওঁৰ ঘৰতো৷সেয়া কমেও দহ বাৰ বছৰ পূৰ্বৰ কথা৷উঠি অহা পুতেক তেওঁৰ৷ঘৰমধ্যে নুমলীয়া৷কৃষ্ণকীৰ্তনত সিদ্ধহস্ত৷বিৰহিনী ৰাধাৰ কীৰ্তন খোল সংগত কৰি এনে সুললিত দৰদেৰে গায়৷যেন স্বয়ং ৰাধাই আহি ভৰ কৰেহি৷আস্‌,লৈছিল লৈছিল৷তাৰ গাতে বাহা লৈছিল৷ৰাধা নহয়৷বৰঞ্চ কাল-আন্ধাৰৰ গুপুত গুহাৰ বাসিনী কোনো প্ৰেতে যেন বাহা লৈছিল তাৰ গাত৷মহাজনৰ ঘৈণীয়েকে এইকথা আৱিষ্কাৰ কৰি চমকি উঠিছিল৷

সি তেতিয়া ক্লাচ টেনৰ ছাত্ৰ৷মাষ্টৰসকলে কয় সি হেনো পঢ়াত চোকা৷মহাজনে বৰকৈ আশা কৰিছিল কিজানিবা তাৰ মুখখন টিভিত ওলায়েই৷কৃষ্ণ বৈস্তৱৰ পৰিনাতি টিভিত ওলাব৷ৰাইজে আদৰ সাদৰে গামোছা পিন্ধাব৷কত সপোন আছিল!অথচ সেই সপোন সেইদিনাই চূৰ্ণবিচূৰ্ণ হৈ গৈছিল যেতিয়া মহাজনৰ হাতত সেই চিঠিকেইখন পৰিছিল৷তাৰ কিতাপৰ বকলাৰ তলত সাতভাজ কৰি সযতনে লুকুৱাই থোৱা চিঠিবোৰ আবিষ্কাৰ কৰি মহাজনীয়ে একমূহুৰ্তলৈ থৰ হৈ ৰৈছিল৷অকল মহাজনীয়েহে নে!আনকি তেওঁৰো থৰকাচুটি হেৰুৱাইছিল সিদিনা৷সান্ধ্য আৰতিৰ প্ৰহৰ হোৱা স্বত্বেও তেওঁ উঠিবলৈ মনকাণ কৰিব পৰা নাছিল৷অনেক বিভৎস কথাৰে ভৰা সেই চিঠিকেইখন তেওঁ গোহালিঘৰৰ তলৰ যাগ দিয়া থুপাত পুৰি পেলাইছিল৷আৰু ঠিক কেইদিনমান পিছতেই ঘটিছিল সেই কাণ্ড৷একেবাৰে হট্টগোলেই লাগি পৰিছিল৷

হট্টগোল ক্ৰমাৎ বাঢ়ি আহিল৷মানুহবোৰ নাচি বাগি ভাগৰি পৰিছে৷অথচ মুখবোৰত একধৰণৰ অনিৰ্বচনীয় উল্লাস ফুটি উঠিছে৷জগন্নাথ মহাপ্ৰভুৰ ৰথৰ ৰচী ধৰিবলৈ সকলোকে লাগে৷তাৰে ঠেলা-ঠেলিত পিলপিলীয়া একপাল ল’ৰা ছোৱালী মানুহবোৰৰ মাজত সোমাই পৰিল৷

সোমাই পৰিছিল মহাজনো৷আন এক ঘটনাচক্ৰত৷পূৰ্বে কেতিয়াও নুশুনা নেদেখা এক কথা৷ৰজনজনাই গৈছিল সেইকথা৷তেওঁৰ পুতেক ধৰা পৰিছিল স্কুলৰ শ্ৰেণীকোঠাত ৰমণৰত অৱস্থাত৷ইস ইস,কেনে বিষ্ময়কৰ!তাৰ অংকৰ শিক্ষকৰ সৈতে সেই দৃশ্য!ম’বাইলত বন্দী সেই ভয়ানক দৃশ্য কোনোবাই আনি তেওঁক দেখুৱাইছিল৷কোনোবাই যেন তেওঁৰ বুকুত হাতুৰী এটাহে মাৰি দিছিল৷বিষ্ময়কৰ!বিষ্ময়কৰ!

কেনেদৰে সম্ভৱ ই?

ভাবি পাৰ নোপোৱা হৈছিল মহাজনে৷সেই সময়তে স্কুলৰ আন এক শিক্ষকে তেওঁক সকাহ দিছিলহি৷তেওঁৰ পৰামৰ্শ মানিয়েই মহাজনে ভৰি থৈছিলহি জি এম চিৰ মেন্টেল হেল্‌থ বিভাগত৷এয়াও বৰ ভয়াবহ অভিজ্ঞতা আছিল৷দুগৰাকীকৈ ডাক্তৰে তেওঁৰ সৈতে কথা পাতিছিল৷তেওঁ ভাবিছিল এই দুই ঈশ্বৰেই হয়তো পুতেকৰ বেমাৰ নাইকিয়া কৰিব পাৰিব৷ৰোগী লৈ অহা আন মানুহবোৰে তেওঁক বেৰি বেৰি সুধিছিল-কি হৈছে?এই হেন ফুকলীয়া ল’ৰাটোৰ কি হৈছে? কি কয়, কি কয় এতিয়া ৰত্নাম্বৰে?মহাজনে আসৈ মাতিছিল৷আস্‌,জীৱনকালত আসৈ মাতি নোপোৱা ৰত্নাম্বৰ মহাজনৰ সেইদিনা বুকুৰ ক’ৰবাত বিষ এটা বগুৱা বাই আহি সন্তৰ্পণে থিতাপি লৈছিলহি নেকি!লৈছিল লৈছিল৷আনকি নতুনকৈ শিকি থকা কমবয়সীয়া ছোৱালীৰ দলটোৱে তেওঁৰ পুতেকলৈ একেৰাহে চাই থকি আৰু ফুচফুচাই কথা পতা দৃশ্য দেখি তেওঁৰ বুকুলৈ টেঙা-তিতা ভাব এটা বাগৰি গৈছিল৷তথাপি তথাপি তেওঁ বৰ আশা কৰিছিল৷ডাক্তৰে যি কয় তাকেই কৰিব৷মাত্ৰ পুতেকে ঠিক হ’লেই হয়৷অথচ দুই ডাক্তৰে পুতেকৰ মুখৰ পৰা টু শব্দ এটা উলিয়াব পৰা নাছিল৷সেয়ে সিহঁতক পঠিয়াই দিয়া হৈছিল ওপৰ মহলালৈ৷ওপৰ মহলাটো নীৰৱ আছিল৷তাত বহি থকা শান্ত সৌম্য মুখৰ ডাক্তৰনীয়ে তেওঁক বুজাইছিল৷কি কৈছিল কি কৈছিল ডাক্তৰনীয়ে তেওঁক!

মানুহৰ ভিৰ ক্ৰমান্বয়ে বাঢ়ি আহিল৷ফাটি ওলাই অহা ৰাস্তাটোত গাড়ীবোৰ এখন এখনকৈ দম বান্ধিলেহি৷হিজৰাৰ দলটোৰ পৰা কেইগৰাকীমান ওলাই আহি  একেবাৰে তেওঁৰ কাষতে বহিলহি৷সিহঁতৰ গাৰ পৰা ভাঁহি অহা এক বিচিত্ৰ গোন্ধ তেওঁৰ নাকত লাগিলহি৷

অথচ আজিকালি প্ৰায়েই তেওঁ গোন্ধ-স্বাদ নোপোৱা হৈছে৷নাকত কেৱল শীতল আন্ধাৰ মুন্ধাৰ কোঠা একোটাৰ পৰা ওলোৱা জিভা বিদাৰি যোৱা বিস্বাদ গোন্ধ একোটা লাগি থাকে৷সেই ডাক্তৰনীৰ ওচৰৰ পৰা ঘূৰি আহি কৃষ্ণ বৈস্তৱৰ দিনৰ কোনেও নোখোলা পেৰাটোযে খুলি গোন্ধটো পাইছিল,তেতিয়াৰ পৰা গোন্ধটো আঁতৰা নাছিল৷আচলতে ডাক্তৰনীয়ে সেইদিনা ঔষধ-পাতি একোৱেই দিয়া নাছিল৷বৰঞ্চ তেওঁকহে কৈছিল বোলে সি কোনো ৰোগত ভোগা নাই৷ডাক্তৰনীয়ে অনেক কথাই কৈছিল৷একেবাৰে শেহত তেওঁ কঁপা কঁপা মাতেৰে সুধিছিল,’তেনেহ’লে মই হিজৰা জন্ম দিলোঁ নেকি,বাইদেউ?’

ডাক্তৰনীয়ে বৰ আস্হাৰে প্ৰবোধ দিছিল-‘নাই নাই৷আপুনি ভুল নকৰিব৷সি হিজৰা নহয়েই৷শৰীৰেৰে সি পুৰুষেই৷তাৰ মনটোৱে যি বিচাৰে সেয়া স্বাভাৱিক৷সেয়াই প্ৰাকৃতিক৷আৰু আপোনালোকে তাক আগৰ দৰেই ব্যৱহাৰ কৰক৷তাৰ জীৱনৰ কথা আছে৷’

ৰত্নাম্বৰ মহাজনৰ মূৰৰ ওপৰেদি গৈছিল সেইবোৰ কথা৷তেওঁ পুতেকৰ সৈতে উলটি আহিছিল৷আহি খুলিছিল পেৰাটো৷সাত পুৰুষৰ দিনৰ উৱলি যোৱা তুলাপাতবোৰ তেওঁ খুচৰি ফুৰিছিল৷তাতেই তেওঁ পাইছিল-প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ-নাই নাই তাৰ পৰা তেওঁ এনে কোনো সম্ভৱিত অৰ্থ উদ্ধাৰ কৰিব পৰা নাছিল যিয়ে তেওঁৰ সকলো সংশয় দূৰ কৰিব পাৰে৷তেওঁৰ মন নবহাই হৈছিল ক’তো৷

সেই যে খেলিমেলিখন লাগিল,তেতিয়াৰে পৰা তেওঁৰ মন অস্হিৰ৷আস্‌,এই সংসাৰ যাত্ৰাত আৰু কত লাঞ্ছনা কত যাতনা ভূগিব লগা আছে কোনে জানে!

অনেক কথাইতো সলনি হৈ গ’ল অতবোৰ দিনত৷সি এই চহৰলৈ পঢ়িবলৈ গুচি আহিল৷ঘৰলৈ নোযোৱাই হ’ল৷দুবছৰমানৰ ভিতৰতে সি পা পইছা নোলোৱা হ’ল৷এতিয়া হেনো সি কিবা ৰিছাৰ্ছৰ কাম কৰে৷নাই নাই,তেওঁ বুজি নাপায়৷দুই একে কৈছিল তাক নহ’লে পাৰ্লাৰতে শিকিবলৈ দিয়ক৷পিছত নিজেই খুলিবও পাৰিব৷তেওঁ কথাটো উলিয়াইও চাইছিল৷সি কোব খোৱা সাপৰ দৰে উচাৎ মাৰি উঠিছিল৷-‘মানুহৰ এই ধাৰণাবিলাক ভাঙিব লাগিব৷’ তাৰ চকুত দপকৈ জ্বলি উঠি নুমাই যোৱা জুইকুৰা দেখি ৰত্নাম্বৰ মহাজন চকিত হৈ গৈছিল৷সি যেন নিজৰ বাট এটাহে বিচাৰি লৈছে৷মানুহে কয় তাক হেনো অনেক ঠাইত কথা ক’বলৈ মাতে৷পাৰাৰ ল’চালি দুই এটাই কেতিয়াবা তেওঁক ম’বাইলতে দেখুৱায়৷হওক হওক৷যিয়ে কৰক,মাত্ৰ সেইবাৰৰ দৰে ভয়লগা দৃশ্যৰ ভাগীদাৰ সি নহওক৷নহওক বুলিয়েই তেওঁ মাহেকত তালৈ দখইনী বুঢ়ীৰ পৰা মাদুলী একোটা গা বান্ধি লৈ আহে৷মাত্ৰ সি যাতে বাজীকৰৰ হাতৰ সাঁপ এডাল হৈ নপৰে৷বাকী যি কৰে কৰক৷মাজে পৰে সি টিভিতো ওলায়৷কিবা কিবি অধিকাৰৰ কথা কয়৷উগ্ৰ প্ৰসাধন,অদ্ভুত বেশভূষা৷তেওঁৰ বংশৰ উত্তৰীয় লোৱাৰ পৰম্পৰাৰ দৰেই গাত সিও বহুবৰ্ণী উত্তৰীয় একোখন চাটি মাৰি লৈ থাকে৷টিভি ওলালে মহাজনে চাই থাকে৷ৰ লাগি চাই থাকে৷চাই চাই ভাবে,এয়া তেওঁৰেই তেজ-পানীৰে গঢ়া সন্তান নে?আস্‌,তেওঁৰ সেই বংশ!তেওঁ যেন হাউলিহে পৰিব খোজে৷

হাউলি পৰিব খোজতেই তেওঁক কাষতে বহি থকা এগৰাকীয়ে থাপ মাৰি ধৰিলে৷নহ’লে তেওঁ এই ভিৰ ভাৰৰ মাজত কৰ্ফাল খাই পৰিলহেঁতেন৷তেওঁ উঠি বহিল৷অথচ তেওঁৰ মনত সেই পৰিচিত দুৰ্ভাৱনাই আহি পুনৰ বাহা কৰিলেহি৷ইস ইস তেওঁৰ বংশ কি এইদৰে উচন উঠি যাব!তেওঁ অন্তৰৰ সমস্ত আকুতিৰে জগন্নাথ মহাপ্ৰভুৰ ফালে চাই ৰ’ল৷ইতিমধ্যে ভক্তগণৰ মাজত ফাকু ,চাউল ছটিওৱা হৈ গৈছে৷ঘাম আৰু ফাকুৰে দেহা লপথপ লপথপ হৈ পৰাৰ পিছতো দলটোৱে এই প্ৰখৰ ৰ’দতো নাচিবলৈ এৰা নাই৷লাগে লাগে,সকলোকে লাগে৷ৰথৰ পৰা দলিয়াই দিয়া ফাকু,চাউলৰ ভাগ সকলোকে লাগে৷

আৰু এই সকলোৰে মাজত জগন্নাথ মহাপ্ৰভুৰ চকু দুটা যেন লহমাৰ বাবে উজলি উঠিল৷ৰত্নাম্বৰ মহাজনে এই দৃশ্য ঠিকেই দেখা পালে৷আৰু চকুৰ মাজেদি জাগতিকতাক ভেদি নো এনে কি বোধ-ৰশ্মিয়ে প্ৰৱেশ কৰিলে যে আকাশ পৃথিৱী জুৰি এজাক মৌমাখিৰ ভুনভুননিহে তেওঁৰ কাণৰ ওচৰত বাজি উঠিল৷চৌপাশৰ সমস্ত হৰ্টোগোলক চেৰ পেলাই কোনোবাই আত্মাৰ সমস্ত আৰ্তিৰে যেন তেওঁৰ কাণৰ ওচৰত গাই উঠিল-ক্ষুদ্ৰসুখে বহু আশা কৰি ভৱকোপে জীৱ আছে পৰি,কালসৰ্পে দংশি হৰাইল চেতন তাৰ৷

এৰা এৰা৷গাৰ মঙহক দলিয়াই দিব পৰা নাযায়৷সাতকোটি ব্ৰহ্মাণ্ড পৰিভ্ৰমী এই জনম লভাৰ পিছত তেওঁ যদি পিণ্ড নাপায়,তেনেহলে ঘূৰি ফুৰিব লাগিব নৰক যাতনাৰে মুক্তি বিচাৰি৷মনটো অলপ উদাৰ কৰি ল’ব পৰাটোৱেই আচল কথা৷লহমাৰ ভিতৰতে যেনিবা তেওঁৰ সংবোধনত কোনোবাই নতুন বোধৰ পুলি এটা ৰূই দিলে আৰু তেওঁ সিদ্ধান্তটো লৈ উঠিল৷অলপ আগতে মাদুলী দি অহা পুতেকৰ ওচৰলৈ তেওঁ এতিয়াই উভতি যাব৷তেওঁ তাক ক’বগৈ বোলে সি যাতে সপ্তাহে পষেকে ঘৰলৈ গৈ থাকে৷আনে কি কয়,সেয়া আৰু তেওঁ এতিয়া ভ্ৰূক্ষেপ নকৰে৷অলপ দিনৰ ভিতৰতে চমজাই দিব মাটি বাৰীৰ সমস্ত দায়িত্ব৷জগন্নাথ মহাপ্ৰভুৰ ৰথৰ ফাকু আৰু চাউল অলপ লৈ তেওঁ কোবাকুবিকৈ অহা বাটে লৰ ধৰিলে৷

   বেলি পৰি অহাৰ সময় হৈছে৷অথচ ৰ’দৰ চোক কাঢ়া হৈয়েই আছিল৷

পুতেক থাকে একেবাৰে ওপৰমহল৷নিজঞ্জাল ছাদখনতে ৰূম৷ৰত্নাম্বৰ মহাজনে হেপাই ফোঁপাই উঠি আহিল৷গোটেইখন নিমাওমাও৷মাথোঁ মহাজনৰ কাণৰ ওচৰত হাজাৰ হাজাৰ মধুকৰৰ ভুনভুননি৷মহাজনৰ মনত বৰ আশা৷তেওঁ আহি পুতেকৰ ৰূমৰ ওচৰ পালেহি৷দৰজাখন কাণী-দুৱৰীকৈ খোলাই আছিল৷তেওঁ দৰজাখনত হাত থৈছিলহে মাত্ৰ৷অথচ তেতিয়াই যেন কালৰ বুকুত নিয়তিহে ধমহকৈ এক সৰ্বনাশী কোব সোধালে৷পৰি অহা দুপৰীয়াটোৰ ৰহস্যঘন নীৰৱতাক ভাঙি-ছিঙি পৃথিৱী কঁপাই বাজি উঠিল পৰিচিত প্ৰাচীন-সংগীত৷সৌৱা সৌৱা,বৃদ্ধ অজগৰ এডালে মালিকীস্বত্বৰে পুতেকক লেহন কৰিব লাগিছে৷মাটিত সৰি পৰি আছে পুতেকৰ পাখিবোৰ৷অকল পাখিবোৰেই নে!পৰি আছে অলপ আগতে পিন্ধাই থৈ যোৱা মাদুলীটো৷

ৰত্নাম্বৰ মহাজনৰ গাটো চমচমাবলৈ ধৰিলে৷বুকৰ পৰা উঠি আহিছে সেই একেই টেঙা-তিতা ভাব৷পলকতে আকাশ যেন সহস্ৰ হাইৰা বৰলৰ গোঁ-গোঁৱনিৰে ভৰি পৰিল,যাক তেওঁ অতপৰে মধুকৰ বুলি ভ্ৰমত আছিল৷মহাজন আৰু থিৰেৰে থাকিব নোৱাৰিলে৷

তাৰ মাজতে পাঁচ মহলাৰ ছাদৰ পৰা ধমহকৈ বাগৰি পৰাৰ শব্দ এটা হ’ল৷

কোন পৰিল?কোন পৰিল?

ফাকু আৰু চাউলৰ টোপোলাটো?নে মাদুলিটো?নে ৰত্নাম্বৰ মহাজন নিজেই বাগৰি পৰিল?

তাকে চাওঁ বুলি মহাজনে অলপ হাউলি ল’লে৷তলত তেওঁৰ নীলা ধমনীৰ মাজৰ কিছুমান বিচিত্ৰ ফুল পৰি থকাৰ বাদে আন একো নেদেখিলে৷

6 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here