মেঘমল্লাৰ এপাৰ্টমেণ্ট

হেমেন নাথ

পূৰ্বকথন

অস, চানমাৰি এৰি আহিলোঁ।
হেই ৰ’বা, নামিম। – মই চিঞৰি দিলােঁ।
ভিতৰৰ যাত্রী কিছুমানে ভােৰ-ভােৰাই উঠিল। বাছখন সম্পূর্ণ নৌ-ৰওঁতেই মই জাঁপ মাৰি দিলাে।
কিছুদিন ধৰি এনেকুৱা হৈছে, চিনাকী মানুহ ফুটপাথত দেখিলেও মাত দিয়াটো দূৰৈৰ কথা, ভ্রূযােৰ সামান্য সংকুচিত কৰি ওঁঠলৈ সামান্য স্মিত হাঁহি অনাৰ ভদ্রতাকণাে ৰক্ষা কৰাৰ কথা মনলৈ নাহে। ৰিক্সাত উঠি ক’ত নামিম পাহৰি, সেই ঠাই এৰিও বহুদূৰ গৈয়েই থকা যায়। ঘৰৰ বজাৰ কৰিবলৈ গৈ চেনি আৰু মিঠাতেলৰ ঠাইত দাইল আৰু বিস্কুট লৈ ওভতোঁ। ভয়েই হৈছিল, মোৰ এনেকুৱা হৈছে কিয়? পঢ়া-শুনা কৰি আৱিষ্কাৰ কৰিলোঁ, অন্যমনস্ক হােৱা বাবে অথবা অৱচেতন মনটো কোনাে বিশেষ চিন্তাত ব্যস্ত থাকিলে এনে হ’ব পাৰে।
: কি হ’ল, খুব চিন্তিত দেখাইছে যে তোমাক? – বাপাদাৰ মাততহে মােৰ সম্বিৎ ঘুৰি আহিল।
অদ্ভুত নহয়নাে কি? চানমাৰিত নামি ইমানখিনি খােজ কাঢ়ি মই আলােচনীৰ কার্যালয় পালােঁহি, অথচ মই যে ক’ত ডুবি আছিলোঁ! গাড়ীৰ পৰা নমা মুহূর্তৰে পৰা এতিয়ালৈকে ৰাস্তাত কোনাে চিনাকী মানুহ লগ পালােঁ যদিও নিশ্চয় কাকো মাত দিয়া নগ’ল।
: গল্পটো লিখিলানে নাই?-বাপাদাৰ মাতত কৰ্তৃত্বৰ সুৰ এটা সদায়েই লাগি থাকে। মই যথাসম্ভৱ বিনয়ী সুৰত ক’লােঁ- নাই, লিখিবই পৰা নাই।
: ওঁ, আজি কৈ থ’লােঁ, কাইলৈ অফিচ বন্ধ, পৰহি গল্পটো দি যাবা। হ’ব নহয়?- তেওঁৰ প্রশ্নৰ উত্তৰত মই ক’লােঁ-পৰহি মই নিজেই দি যাম।

আবেলি কাগজ লৈ বহি থাকিলােঁ পঢ়া টেবুলত। অথচ গল্পৰ নাম-গােন্ধ নাই।


~ফাস্ট ফ্ল’ৰ: ব্লক এ’

প্রাণমল্ল বৰুৱা বিচনাৰ কাষ চাপি অহাত ঘৈণীয়েক নীতা বৰুৱা তৎক্ষণাত বিচনাৰ পৰা নামি গ’ল। স্তম্ভিত হ’ল বৰুৱা।
: কি হল?- ফিচফিচাই সুধিলে বৰুৱাই। সুধি তেওঁ ওচৰৰ কোঠাটোৰ পিনে চালে। তাত তেওঁলােকৰ সন্তান দুটা শুই আছে।
: ইয়ালৈ কিয় আহিছা? মইতাে তােমাৰ লগত নােশােওঁ। – শীতল কণ্ঠেৰে ক’লে নীতাই।
: এইকেইদিন কি হৈছে তােমাৰ? কিয় নিজৰ লগতে মােকো শাস্তি দিছা!- মাতটো চেপি কলে বৰুৱাই।
: মই ঠিকেই আছােঁ, তুমি নিজৰ কথা ভাবা।
: নিজৰ কথা! মই কি কৰিলোঁ?
এইবাৰ বিদ্রুপৰ কণ্ঠেৰে নীতাই ক’লে- একো কৰা নাই? আজি দুপৰীয়া শ্বপিং মললৈ যে গৈছিলা, লগত সেইজনী কোন আছিল?
বৰুৱা জঁই পৰি গ’ল। তেওঁ কোমল সুৰত ক’লে— আস্ সেয়া মােৰ জুনিয়ৰ ৰিচার্ছ ফেল’ শিল্পা।
: ৱেল, তুমিতাে জুনিয়ৰ হিচাপে সেই ইয়াং গার্লবোৰকে সদায় বিচাৰি পোৱা!
: কি ফাল্টু কথা কৈ আছা! মই দেখােন মােৰ সকলাে জুনিয়ৰৰ লগত তােমাক ইনট্র’ কৰাই দিছোঁ! আৰু ছােৱালীবােৰক মই বিচাৰি যাওঁনে? মােৰ লেখা পঢ়িহে সিহঁত… – শেষৰফালে তেওঁৰ মাত সৰু হৈ গ’ল। তেওঁ কাষৰ কোঠাৰ পিনে চালে। ৰিকি অথবা ডিম্পু যদি সাৰ পায় ঠিক এই সময়ত, কি হ’ব!
: অঁ, তুমিতাে লেখিয়েই ছােৱালীবােৰক পতাইছা। কিন্তু কোৱাচোন ৰিচার্ছ ফেল’ বােৰৰ লগত ইমান ক্ল’জ হােৱাৰ দৰকাৰ কি! আজি সেই শিল্পানে চিল্পাৰ লগততাে তুমি বাৰতো বহিছা!
: মাই ফুট। মােক তুমি চাচপেক্ট কৰি মােৰ পিছত চি আই ডি কৰিছা? হােৱাট এ নেৰ’ মাইণ্ডেদ পার্চন ইউ আৰ!
: কেৱল সেয়াই নহয়! – ক্রুদ্ধা সাপিনীৰ দৰে ফোঁচফোঁচাই উঠিল ত্রিশ বছৰীয়া উচ্চ শিক্ষিতা নীতা বৰুৱা। বৰুৱা সচকিত হ’ল। তেওঁ শেষ পথ অৱলম্বন কৰিলে, ক’লে— শেষবাৰৰ বাবে কৈছোঁ, প্লিজ মনে মনে থাকা।
: মনে মনে মই নাথাকোঁ। তােমাৰ পার্চত কণ্ট্রাচেপটিভৰ পেকেট পােৱাৰ পিছতাে মই কি চুপ হৈ বহি থাকিম?
: কি পাগলৰ দৰে কথা কৈছা, সেয়া মই য়ুজ কৰিবলৈ আনিছোঁ।
: তুমি কিমান ফাঁকি দিবা! আজি সাত বছৰে আমিতাে তেনে কন্ট্রাচেপ্টিভ য়ুজ কৰা নাই!
: গ’ টু হে’ল। মই জাষ্ট…
: ইউ গ’ টু হে’ল! আই নউ ডেট ইউ হেভ ইভেন শ্লেপ্ট উইথ ডেট চিল্পা।
: কি? চালা… বিচ্ছ, নিজেই খুব ভাৰজিন আছিলি তই?- এইবাৰ স্থান-কাল-পাত্র পাহৰি বৰুৱাই ঘৈণীয়েকৰ চুলিত ধৰি জোকাৰি দি ক’লে- বিয়াৰ আগত তয়াে দেখােন সেই ৰাতুলৰ লগত লেটি-পেটি কৰি আছিলি হা! যাঃ!
নীতাক তেওঁ চোচৰাই আনি দুৱাৰৰ বাহিৰলৈ গতিয়াই দি দুৱাৰ বন্ধ কৰি দিলে।


~ফাৰ্ষ্ট ফ্ল’ৰ: ব্লক বি

ধাম্!
সচকিত হ’লােঁ মই।
আমাৰ মুখামুখি ফ্লেটটোৰ দুৱাৰখন কোনে বাৰু ইমান জোৰে মাৰি দিছে! ঘড়ী চালােঁ। চাৰে দহ। এতিয়ালৈ গল্প আৰম্ভই কৰিব পৰা নাই। আনহাতে বাপাদাক কথা দিছােঁ, পৰহি মই নিজেই গৈ গল্প জমা দি আহিম। কি হ’ব এনেকৈ কাগজ কলম আগত লৈ টোপনিয়াই থাকিলে ?
বাহিৰৰ পৰা কিবা এটা শব্দ আহিছে।
কি বাৰু?
কিবা যেন অস্ফুট ভাবে কন্দাৰ শব্দ।
বাহিৰৰ লাইটটোৰ চুইচ অন কৰি মই দ্রয়িং ৰুমলৈ আহিলােঁ। নিঃশব্দে। যাতে মাহঁতে গম নাপায়। আইহ’লটোৰে চাই দেখােঁ একো নাই।
তেনেতে দেখিলোঁ প্রাণমল্ল বৰুৱাৰ ফ্লেটৰ সমুখত কোনােবা এটা অর্ধশায়িত অৱস্থাত আছে। কথাটো কি?
হাৰে, এইজনীটো আন্টি।
কান্দি আছে নে কি!
লগে লগে দুৱাৰ খুলিলােঁ।
: কি হল আন্টি? – মই আণ্টিৰ বাহুত ধৰি সুধিলােঁ। কান্দি কাটি বেচেৰীৰ অৱস্থা নাই। খুব বেয়া লাগিল। আন্টি যে মোৰ বন্ধু।
: মােক বাহিৰ কৰি দিছে।- কোনােমতে কান্দি কান্দি ক’লে আণ্টিয়ে। মই বুজি পালোঁ। হয়তাে আংকলৰ লগত কিবা লাগিছে।
: আহক আমাৰ তালৈ।
মই তেওঁক ধৰি মােৰ কোঠালৈ আনিলােঁ। জাৰটোৰ পৰা পানী এগিলাচ বাকি লৈ আগবঢ়াই দিলােঁ। তেওঁ কোটকোটকৈ খালে পানীগিলাচ। সামান্য সুস্থও হ’ল।
: ৰ’ব, মাক মাতি দিওঁ। -মই মাহঁতৰ বেডৰুমৰ ফালে আগবাঢ়িবলৈ লওঁতেই তেওঁ সজোৰে প্রতিবাদ কৰিলে- নালাগে, চবেই গম পালে ভাল নালাগিব। এতিয়া থাকোঁ, তেওঁৰ খং কমিব, অলপ দেৰিকে যাম।
: ঠিক আছে, ইয়াতে অলপ আৰাম কৰক।
আকৌ কাগজ কলম লৈ বহিলোঁ।
এইবাৰ কিন্তু মনটো কাগজ-কলমত আবদ্ধ নাথাকিল। মােৰ মনলৈ আহিল এই বৰুৱা আংকল আৰু আন্টিৰ কথা। বর্তমান আংকল এজন প্রথিতযশা লেখক। তাৰােপৰি তেওঁ বিশ্ববিদ্যালয়ত কর্মৰত। বুদ্ধিজীৱীৰ বর্তমান পৃথিৱীখনত তেওঁ বিশেষভাৱে জনপ্রিয়- বিশেষকৈ নৱপ্ৰজন্মৰ মাজত। অথচ আজি তেওঁ নিজৰ পত্নীক ঘৰৰ পৰা বাহিৰ কৰি দিছে।
কি বিচিত্র পৃথিবী।
তাতােকৈ বিচিত্রতৰ মানুহৰ মন।
আচ্ছা, এওঁলােকক লৈ এটা গল্প লিখিব পৰা যায়নে?
মই কলমটো হাতত ল’লােঁ।


~চেকেণ্ড ফ্ল’ৰ

ক্রিং ক্রিং।
অসমৰ এক বিশিষ্ট সংগঠনৰ মুখ্য উপদেষ্টা বিপ্লৱ চক্রৱর্তীৰ অফিচ হিচাপে ব্যৱহৃত কোঠাৰ টেবুলত থকা দুটা
টেলিফোনৰ এটা বাজি উঠিল।
উপদেষ্টাজনৰ ব্যক্তিগত সহকাৰীজনে ফোনটো তুলিলে- হেল’।
: চক্রৱর্তীক কাইলৈ লগ পাবলৈ এটা এপইন্টমেন্ট লাগিছিল।
: ছ’ৰি, কাইলৈ সকলাে এপইন্টমেন্ট বাতিল কৰা হৈছে।
: অ’হ গড, খুব জৰুৰী আছিল।
: ঠিক আছে, আপুনি পাঁচমিনিট পিছত ফোন কৰক, মই এপইন্টমেণ্টৰ বিষয়ে সুধি থম। অ’ ক’ৰ পৰা ফোন কৰা বুলি
ক’ম?
: পেপাৰৰ পৰা কৰা বুলি ক’লেই হ’ল।
ঠিক পাঁচ মিনিট পিছত একেটা টেলিফোন ৰিং হ’ল। এইবাৰ উপদেষ্টাজনে নিজেই ৰিছিভ কৰিলে।
: হয়, কওঁক।
: কাইলৈ আপােনাৰ এটা সৰু সাক্ষাৎকাৰ লাগিছিল। এই যে বামুণপথাৰৰ গণহত্যা- এই ইচ্যুটোৰ ওপৰত আপােনাৰ কমপ্লিমেন্ট লাগে।
: কাইলে মই ব্যস্ত থাকিম। এতিয়াই সুধিব পাৰে, যদিহে আপােনালােকৰ একো অসুবিধা নাই।
: প্লিজ হ’ল্ড ফ’ৰ এ মিনাট।
সিফালৰ পৰা কওঁতাজনে হয়টো ন’টবুক উলিয়াই ললে। তাৰপিছত সােধা হ’ল- এই কাণ্ডৰ বিষয়ে আপােনাৰ মন্তব্য কি?
: এক জঘন্য হত্যাকাণ্ড এয়া, এইখন চৰকাৰে মাফিয়াৰাজ চলাইছে অসমত।- তীব্র ক্ষোভেৰে কলে উপদেষ্টাজনে।
: আপুনি মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা হলে কি কৰিলেহেঁতেন? – এইবাৰ এক মুহূর্ত তেওঁ চিন্তা কৰিলে, তাৰপিছত স্পষ্ট কণ্ঠেৰে ক’লে – এনেকুৱা কাণ্ড নঘটিলেইহেঁতেন; আৰু ঘটিলেও চার্টেইনলি মই ৰিজাইন দিলােঁহেঁতেন।
: অ’কে, থেংক ইউ চাৰ।
: ৱেলকাম। জয় আই অসম।
কথা-বার্তা শেষ হ’ল।।

ফোন থৈ তেওঁ অলপ দীঘলকৈ উশাহ ললে। বামুণপথাৰৰ গণহত্যাৰ প্ৰতিবাদত এটা অসম বন্ধ দিয়া বিষয়ত এখন জৰুৰী সভা হ’ব মূল কার্যালয়ত কাইলৈ।
তাৰ বাবেই কাইলৈ তেওঁ নিজৰ সকলাে কার্যসূচী বাতিল কৰিছে- আনকি এপইন্টমেন্টো। উপদেষ্টাজনে সহকাৰীজনক ক’লে— ফোনকেইটা ডাঙি থােৱা, খুব দিগদাৰি কৰি থাকিব নহ’লে। আৰু শুনা, তুমি শুই থাকা, মােক আঠ বজাত জগাবা।
নির্দেশ দিয়েই তেওঁ বেডৰুমলৈ আহিল। কম্পিউটাৰ অন হৈ আছিল। তেওঁ এগৰাকী বিদেশী কলগার্লৰ লগত নে’ট চাটিঙত ব্যস্ত হৈছিল। এতিয়া তাই অফলাইন। তেওঁ এটা অন্য ডেটিঙ চাইটত ক্লিক কৰিলে।
তেতিয়া নিশা চাৰে দহ।


~ফাৰ্ষ্ট ফ্ল’ৰঃ ব্লক বি।

ৰিডিং টেবুলৰ লাইটটো অফ কৰি দিলে হিমাংকই।
গল্প লিখিবলৈ গৈ সি যেন অন্য জগতত আছিল ইমানপৰ।
কোঠাৰ ডিম লাইট জ্বলি আছে এতিয়াও। ৰিডিং টেবুলৰ ঠিক কাষৰ বিচনাত শুই আছে ফাষ্ট ফ্ল’ৰ ব্লক এ’ৰ বাসিন্দা প্রাণমল্ল বৰুৱাৰ পত্নী নীতা বৰুৱা। অলপ সময় আগতে বৰুৱাই তেওঁক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিছে। হিমাংকই তেওঁক দুৱাৰমুখত পাই নিজৰ কোঠালৈ আনি আৰাম কৰিবলৈ দিছে। বৰুৱাৰ খঙ কোনােদিয়েই স্থায়ী নহয়। গতিকে অলপ পিছতে তেওঁ হয়তাে নিজেই ঘৈণীয়েকৰ বিচাৰ খােচাৰ কৰিব।
মুখা-মুখি ফ্লেট ব্লক বিত বাস কৰা পৰিয়ালটোৰ একমাত্ৰ ল’ৰা হিমাংকৰ লগত নীতাৰ বন্ধুত্ব প্রগাঢ়। ল’ৰাটো দেখাত সাধাৰণ, কিন্তু নীতাই জানে সি আন দহজন ল’ৰাৰ দৰে নহয়। খুব বেছি ইনট্রভার্ট হােৱাৰ বাবে তাক সহজতে বুজা নাযায়।
বাপাদা খ্যাত সুভাষ ৰঞ্জন গৌতমে শেহতীয়াকৈ এখন মেগাজিন উলিয়াইছে। মালিক-প্রকাশক-সম্পাদক বাপাদা নিজেই। তৰুণ সকলৰ মাজত লাগে লাহে বিপুল জনপ্রিয়তা অর্জন কৰা মেগাজিনখনৰ জৰিয়তেই চর্চাৰ মাজলৈ আহে হিমাংক, এজন অতি তীব্র পর্যবেক্ষণ শক্তি থকা গল্পকাৰ হিচাপে।
কিছু সময় হিমাংক চকু মুদি বহি থাকিল। তেনেতে সুন্দৰ ৰিংটনেৰে হিমাংকৰ ম’বাইল ফোনটো বাজি উঠিল।
এটা মেচেজ। হিমাংকই বুটাম টিপিলে। ইমান ৰাতি কোনে মেচেজ দিব পাৰে?
অ’ গড্! মবাইলৰ সৰু স্ক্রিণত ভাঁহি উঠিল এগৰাকী নগ্ন মডেলৰ এখন মােহনীয় ছবি। তলত লিখাই আছে -‘এই হিমাংক, লাগে ৰহ’।’
পিকচাৰ মেচেজটো পঠিয়াইছে গুজৰাটত থকা তাৰ বন্ধু দীপাংকৰে।
হিমাংকৰ গাটো ৰিমজিম কৰিবলৈ ধৰিলে। ইমান আৱেদনময়ী ছবি এখন দীপাংকৰে ক’ৰ পৰা বাৰু ডাউনল’ড কৰিছে!
হিমাংকই ফোনটো টেবুলত থৈ নীতা বৰুৱালৈ চালে। তেওঁৰ গাত পাতল নাইটী এটা।
আস্! নীতা বৰুৱা -যাক সি সদায় লগ পায়- তেওঁৰ শৰীৰটো কোন দিনাৰ পৰা ইমান মােহনীয়া হ’ল বাৰু? সকলাে সংস্কাৰৰ কথা পাহৰি হিমাংকই তেওঁৰ শৰীৰৰ খলা-বমাবোৰলৈ চাই ৰ’ল- তৃষ্ণার্ত চকুৰে।
: কি চাইছা?-নীতা বৰুৱাৰ মাতত চক খাই উঠিল হিমাংক। তেওঁৰ টোপনি অহাই নাই। ছেঃ সি বেয়াকৈ ধৰা পৰিল। কোনােমতে সেপ ঢুকি ক’লে সি- নাই…. আ… আপুনি কি টোপনি যােৱাই নাই?
: ওহােঁ, মূৰটো খুব বিষাইছে, তুমি প্লিজ এটা কাম কৰানা, ভিক্স-টিক্স কিবা আছে যদি মােৰ মূৰটো অকণমান পিটিকি দিয়া ভাই।
হিমাংকই দ্রয়াৰৰ পৰা ভিক্স অকণমান লৈ তেওঁৰ মূৰত লগাই মালিচ কৰিবলৈ ধৰিলে। নীতা বৰুৱাই আৰামাত চকুকেইটা মুদি দিলে। হিমাংকৰ ইচ্ছা হ’ল- সি যেন তেওঁৰ শৰীৰটো আকৌ চাব, এইবাৰ বেছি ওচৰৰ পৰা। তেওঁৰ ওঁঠযুৰি খুব ধুনীয়া।
জীবনত এবাৰ মাথোঁ হিমাংকই ছােৱালীৰ দেহ স্পর্শ কৰিছিল। এদিন সি উপমাক চুমা খাইছিল- বহু সময় ধৰি। সি নীতা বৰুৱাৰ ওঁঠযুৰি লাহেকৈ চুই চালে। কোমল।
: তুমি খুব ভাল ল’ৰা হিমাংক। -নীতা বৰুৱাই চকু মেলি হিমাংকৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ ক’লে।
তেওঁৰ কথা তাৰ কাণলৈ নগ’ল। অজানিতে হিমাংকৰ মুখ হাউলি পৰিছে নীতাৰ মুখৰ ওপৰত।
: হেই কি হ’ল! -অস্, এইবাৰ সি চক খাই তেওঁৰ মুখৰ ওচৰত ৰৈ গ’ল। কোনােমতে খোনাই কলে সি- আন্টি, পি.. প্লিজ, এটি চুমা…
দেৱতাৰ পৰা ফ্রয়েডলৈকে কোনেও চিনি নাপালে নাৰীৰ অভ্যন্তৰ। নীতাও নাৰী। কোনে ক’ব নীতাই কিয় হিমাংকক বাধা দিব নােৱাৰিলে।
সেই বিৰল মুহূর্তত নীতাৰ ভাৱ হ’ল, বয়স বঢ়াৰ বাবেইনে কি বৰুৱাই তেওঁক সেই চেটিছফেকচন দিব পৰা নাই যিখিনি পাৰিছে হিমাংকই।
নিজৰ অস্তিত্ব পাহৰি কেৱল তেওঁৰ শৰীৰটোক লৈ ব্যস্ত হৈ থকা তৰুণ হিমাংকক নীতাই সাৱটি তাৰ কাণত ক’লে- এই, লাহে লাহে। ভাগৰি যাবা।


~উত্তৰকথন

গল্পটো মই হাতত তুলি ল’লােঁ। অৱশ্যেই পঢ়িব নােৱাৰিলােঁ। বাৰে বাৰে মনলৈ আহিল যােৱাৰাতিৰ কথা। বিচনাখনত
সােঁত-মােচ খাই আছে বিচনা চাদৰ, গাৰু মজিয়াত পৰি আছে। নীতা আণ্টি ৰাতিপুৱা চাৰিজাত উঠি গৈছে মােৰ
বিচনাৰ পৰা। এতিয়া সময় চাৰে পাঁচ। আত্মবিশ্লেষণ কৰাটো যিহেতু মােৰ জন্মগত অভ্যাস, সেয়ে বিবেক দংশন সামান্যভাৱে অনুভৱ কৰিছোঁ।
অৱশ্যে পুলকিতও হৈছোঁ।
নীতা আণ্টিৰ শৰীৰ বিৰাট ইণ্টাৰেষ্টিং, তাৰােপৰি নিজৰ পুৰুষত্ব প্রমাণ কৰি চাবলৈ মই এটা সুযােগ পালােঁ।
যা হওঁক, গল্পটো পঢ়িলােঁ।
গল্পটোৰ পটভূমি এটা দুমহলীয়া ঘৰ ‘মেঘমল্লাৰ এপার্টমেন্ট’। প্রথম মহলাৰ ব্লক এত থাকে প্রাণমল্ল বৰুৱা, এজন লব্ধপ্রতিষ্ঠ লেখক। ব্লক বিত থাকোঁ আমি— য’ৰ এটা কোঠাত এয়া মই বহি আছােঁ।
সমাজখনৰ অৱক্ষয়ৰ এখন চিত্র আঁকিবলৈ চেষ্টা কৰিছোঁ মই এই গল্পটোত।
লেখক সমাজৰ প্রতিনিধি স্বৰূপ প্রাণমল্ল বৰুৱাৰ আচল ৰূপ হ’ল- তেওঁ নিজৰ পত্নীৰ বাহিৰেও অইন বহু ছােৱালীৰ লগত অবৈধ সম্পর্ক ৰাখে। এই কথাক লৈ ঘৈণীয়েকৰ লগত কাজিয়া লাগিলে তেওঁ ঘৈণীয়েকৰ ভার্জিনিটিৰ ওপৰত সন্দেহ কৰে। ইনটেলেকচুৱেল জায়েন্ট এণ্ড মৰেল ডাৱার্ফ।
বিপ্লৱ চক্রৱর্তী। অসমৰ ভৱিষ্যত সলাব পৰা, এটা বিশিষ্ট সংগঠনৰ লগত জড়িত এজন লোক, যিয়ে চৰকাৰৰ মইমতালিৰ বিৰােধিতা কৰি অসম বন্ধ দিয়াকেই প্রতিবাদৰ সহজতম পন্থা বুলি বিবেচনা কৰে। কোনােবাই ফোন কৰে বুলিয়েই তেওঁ ৰিচিভাৰ দাঙি থৈ দিয়ে আৰু তেওঁ খুৱ ব্যস্ত থাকে পর্ণ ৱেবচাইট ভিজিট কৰাৰ নিচিনা অত্যন্ত গুৰুত্বপূর্ণ কামত।
আৰু মই?
মই সমাজ ব্যবস্থা সলনি কৰিব খােজোঁ, বন্ধুৰ আড্ডাত ডাঙৰ লেকচাৰ দিওঁ। এই বোৰৰ পিছতাে মই যােৱা ৰাতি… ! বর্তমান সময়ৰ সমাজৰ প্রতিভূ স্বৰূপ লেখক, নেতা, যুৱপ্রজন্ম এওঁলােকৰ নগ্ন ছবি মই আঁকিব খুজিছোঁ, গতিকে বিষয়বস্তু নিঃসন্দেহে প্রশংসনীয়। কিন্তু কথা হ’ল বিশ্বসাহিত্যৰ দৰবাৰত ভাল গল্প বুলি তাকেই স্বীকৃতি দিয়া হয় য’ত এটা সুন্দৰ ক্লাইমেক্স থাকে। পাঠকক কাহিনীয়ে হাতত ধৰি নি এনে এক বিন্দুত উপস্থিত কৰায়, য’ৰ পৰা আগবাঢ়িবৰ কোনাে উপায় নাই— অথচ কাহিনীয়ে পাঠকক টানি আছে আগলৈ, কিন্তু গল্পটি শেষ হৈছে। যি গল্প পঢ়াৰ পিছত পাঠকক তাৰ চৰিত্র বা সংলাপে অস্থিৰ কৰি ৰাখে- অন্ততঃ কিছুদিন, সেয়াই মােৰ ধাৰণাত ভাল গল্প।

অসফল শিল্পীবােৰ দুর্ভগীয়া।
ময়াে দুৰ্ভগীয়া।

LEAVE A REPLY

Please enter your comment!
Please enter your name here