মাটি মাহৰ পখিলা

অশ্বিনী ফুকন

মেপ এখন মেলি লৈছোঁ। উশাহ সলোৱাৰ সময়খিনি ৰেকৰ্ড কৰি উধাও হ’ব এখন কোৰিয়ান চলচ্চিত্ৰ।

মেপত উত্তৰ-দক্ষিণ নিৰ্ণয় কৰিবলৈ মই ৰৈ আছোঁ এখন সৰিয়হফুলৰ বাগিছাত

নৈৰ পাৰে পাৰে হালধীয়া।হালধী হালধী বতাহ।

মোক কেন্দ্ৰ কৰি ‘ড্ৰোন শ্ব’ট’ লৈ থকা বেলাত পৰিচালকজনে চিগাৰেট এটা জ্বলাইছে।শাল গছৰ ওপৰেদি হেলিকপ্টাৰৰ হাৱা মগাই জোতাৰ গোন্ধ এটাই লহৰ তুলি আছে।সংলাপ অনুসৰি মই বৰ্ণাই আছোঁ গীতাৰৰ ষ্ট্ৰিঙে কটা আঙুলি বিষৰ ৰহস্য।বনজুই,বনছাই।

পৰিচালকজনে চাহাবী টূপীটো খুলিছে।চাৰ্টৰ বুটাম এটা এটাকৈ মুকলি কৰি দিছে।ঘামবোৰ গোট মাৰি মাৰি সৰি পৰিছে মাটিত।লানি পাতি পাতি পৰুৱাই বিচাৰি ফুৰিছে এখন হাবিৰ গোপন বাট।

এজন টিভি মেকানিকে মগজুৰ নিউৰণ কেৰাচিনত ডুবাই ৰাখিছে।হেলিকপ্টাৰখনে সাগৰ পাৰত তিয়নি শুকুৱাইছে।

সৰু সৰু চকু।জপৰা চুলি।

বাদাম এটা হাতৰ তলুৱাত ভাঙিছোঁ।দাঁতত পেলাবলৈ লওঁতেই উৰি গৈছে এজাক ঘড়চিৰিকা।

মই কম্পাছ পাহৰি আহিলোঁ।বাদামৰ বাকলি পেলাই পেলাই চিন এটা ৰাখি, পাহাৰলৈ উঠি যোৱা পামনে বাট এটি?

ইতিমধ্যে টিভিত এডভাৰ্টাইজ দিছে
পাছৰ খণ্ডলৈ আৰু এশ বছৰৰ অপেক্ষা

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here