লুটি বাগৰ নামাৰিবা বন্ধু

সায়ন্তন শইকীয়া

লুটি বাগৰ মৰা সংস্কৃতিটো আমাৰ অসমত যথেষ্ট পুৰণি। উনবিংশ শতিকাত অসমত বঙালী ভাষাক ৰাজ্য ভাষা হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰতিবাদৰ জোৱাৰ উঠিছিল সৰ্বস্তৰৰ। এই সৰ্বস্তৰৰ মাজৰে এটা স্তৰ আছিল চহৰীয়া ‘কালা সাহেব’ৰ। ‘কালা সাহেব’ বুলি ক’লে আজিৰ দিনত আঢ্যবন্ত চৰকাৰী চাকৰিয়ালজনক বুজোৱা হ’ব। সাধাৰণজনৰ প্ৰতিবাদৰ সুৰৰ সৈতে প্ৰথমতে এই চাহাবে নিজৰ সুৰ মিলালে। পিছত যেতিয়া দেখা গ’ল যে বেছিকৈ ৰাগ আলাপন কৰি থাকিলে চাকৰি যোৱাৰ ভয় বা বৃটিছৰ ৰোষত পৰা ভয়, তেতিয়া এই চাহাবে নিজৰ সুৰ সলনি কৰি চৰকাৰী সুৰত নিজৰ সুৰ মিলাবলৈ আৰম্ভ কৰি দিলে। এই কথাখিনি কিয় ক’লো সেইটো লেখাটো পঢ়ি গৈ থাকিলে গম পাব।

যিমান দূৰলৈ বুজি পাইছো অথবা যিমান জীৱনে শিকাইছে সিমানৰ পৰা ইমানেই বুজিছো যে দুখীয়া মানুহে টোপনিতহে কেৱল বাগৰ সলায়। আচল জীৱনত বাগৰ সলোৱাত পাকৈত ভাল বেংক বেলেঞ্চ থকা মানুহবোৰ, নিজৰ সুবিধা অনুযায়ী। আজিকালি পেপাৰ মেলিলেই, টি.ভি খুলিলেই দেখোঁ চাৰিওফালে মাছেই মাছ। মাছ মানে ইলুটি-সিলুটি কৰি চাটি-ফুটি কৰি থকা মাছ। কথাৰ কোনো ঠিক নোহোৱা মাছ, দলৰ কোনো ঠিক নোহোৱা মাছ, আদৰ্শৰ কোনো ঠিক নোহোৱা মাছ, ৰাইজেই মোৰ প্ৰথম আৰু শেষ আশ্ৰয় বুলি ৰাইজৰ সমুখতেই টিপিককৈ বাগৰ মাৰি দিয়া মাছ। এই মাছখিনিক ‘বদমাছ’ বুলি নকৈ আন কিবা নাম দিব পৰা যায় যদি জনাব।

কেইদিনমান আগতে দেখিলো ‘নায়ক’ এজনক খলনায়ক হোৱাৰ মুকলি কিছু দৃশ্য। মানে যিদৰে চিনেমা এখন মুকলি হোৱাৰ আগলৈ বহু অভিনেতা শান্ত শিষ্ট ‘বাল্মীকি’ হৈ থাকে ঠিক সেইদৰে চিনেমাখন চলি যোৱাৰ পাছত বহু মানে মহাদুষ্ট ‘ৰত্নাকৰ’ হৈ নপৰে বুলিও ক’ব নোৱাৰি। এই ‘নায়ক’ৰ কাম-কাজৰ অলপ আগতে ‘পৰিবৰ্তন’ৰ ‘মতলীয়া বতাহ’ত উৰি ‘বিপ্লৱ পথলৈ আগুৱাম’ বুলি এজন সাজু হ’ল। পিছে তেওঁ ‘ৰণৰ তেজী ঘোঁৰা’ত উঠাৰ আগতে ‘কথা ক’লো, শিকিলো, দেখিলো, জানিলো’ বুলি এবাৰ ক’বলৈ যে পাহৰিলে সেইয়া নিশ্চিত। কিছুদিন আগতে গম পালো যে বিদ্যাৰ সাগৰত উটি ভাহি বহুতৰে অহাবছৰ ৰাজনীতিৰ বাবু হ’বলৈ মন। এতিয়া মন মেলিছেই যেতিয়া কিনো কৰিবা সৰুধন?

অ’ ইয়েছ ইয়েছ ‘শিল পি’ বোলা এটা বস্তু নাই জানো আমাৰ অসমত? মানে যাৰ শিল পি খাব পৰাৰ শকতি আছে সেইজনেই ‘শিল পি’। বাহিৰৰ দেশত বা বাহিৰা ৰাজ্যত ৰাইজে স্বীকৃতি দিয়ে সাধাৰণতে ‘শিল পি’ এজনক। আমাৰ মানুহবোৰে যিহেতু ‘স্বয়ং সেৱা’ত বিশ্বাস কৰি আহিছে লাহে লাহে সেইকাৰণে নিজেই নিজক ‘শিল পি’ অভিধা এটা দি লয়, ৰাইজে কওক বা নকওক হে হে। যোৱাবছৰ আন্দোলনৰ সময়ত এনে বহু ‘শিল পি’য়ে যিধৰণৰ প্ৰতিশ্ৰুতি কিছুমান দিছিল মই ভাবিলো কিজানি অহাবছৰ একেবাৰে শাসক পক্ষক অল আউট কৰিহে এৰিব। কিন্তু খা কলিজা, উইকেট লোৱা দূৰৰ কথা এতিয়া ইটো টীমত নিজৰ স্থান এটা পাবলৈ মেচ ফিক্সিং কৰি থকা নিচিনাহে লাগিছে!

অসম আন্দোলনৰ পাছত অসমীয়া মানুহে ঠগ খালে। মানুহে সময়ত পাহৰি গ’ল। তাৰপাছত ‘হাঁহি হাঁহি’ অসমৰ সকলো সমস্যা সমাধান কৰি দিম বুলি ওলোৱা এজন মানুহৰ ওচৰত ৰাইজ শৰণাপন্ন হ’ল। সেইবাৰো ঠগন নাখালে বুলি ক’ব নোৱাৰি। তাৰপাছত ভকত সদৃশ মানুহ এজনৰ মুখলৈ চাই হাত উজান কৰি মানুহে ‘হাত’খনক খেদিলে। সেই ভকত সদৃশ মানুহজনেই অসমীয়াক শকত পৰিমাণৰ আঘাত কিছুমান যে দিব কোনে ভাবিছিল? ইমানৰ পাছতো ৰাইজৰ আস্থা এজন মানুহৰ ওপৰত আছিল। এতিয়াও হয়তো আছে। অসমৰ ইতিহাসত কোনো মানুহকেই ইমানবাৰ অসমীয়াই ক্ষমা কৰা নাই যিমান তেখেতক কৰিছে। এই কথাবোৰ যদি সময়ত বুজি নাপায় তেতিয়াহ’লে কিবাকিবি নকৰিবলৈ বন্ধুক আহ্বান নজনালেও হয়।

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here