দেশীয় ক্ৰীড়া মানচিত্ৰত অসম আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এটা সপোন পুহি ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সভাই সমিতিয়ে প্ৰায়েই উল্লেখ কৰে সেই সপোনৰ কথা। বহুতেই হয়তো জানে মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ সপোনৰ কথা। অসমক দেশীয় ক্ৰীড়াৰ ৰাজধানী ৰূপে গঢ়ি তোলায়েই মুখ্যমন্ত্ৰী সোনোৱালে দেখা সেই বিশেষ সপোন। উল্লেখযোগ্য যে নিজেও এটা সময়ত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী হিচাবে দায়িত্ব পালন কৰিছিল সৰ্বানন্দ সোনোৱালে। ক্ৰীড়াৰ প্রতি শ্ৰদ্ধাবোধ কঢ়িয়াই লৈ ফুৰা মুখ্যমন্ত্ৰীগৰাকীৰ সেই সপোন পূৰণ হওঁক সেয়া সকলো অসমবাসীয়েই কামনা কৰে। কিন্তু, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই সপোনৰ আধাৰশিলা নিৰ্মাণ হৈছিল আন এগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালত। আমি সেই কথাও পাহৰাটো উচিত ন’হব। ক’বলৈ খুজিছোঁ সদ্য প্ৰয়াত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা। অসমত ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণত তৰুণ গগৈৰ ভূমিকা আছিল যুগান্তকাৰী। সেই কথা সকলোৱে একেমুখে স্বীকাৰ কৰিবলৈ বাধ্য। আহকচোন ভুমুকিয়াই চাওঁ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ কি অৰিহণা আগবঢ়াই গৈছে।

সেই সময়ত আজিৰ জনপ্ৰিয় শ্ল’গান ‘ক্ৰীড়া ৰাজধানী-গুৱাহাটী’ৰ সৃষ্টিয়েই হোৱা নাছিল। সকলো দিশৰ পৰা প্ৰায় বিধ্বস্ত অসম এখন পূৰ্বৰ চৰকাৰৰ পৰা উপহাৰ পাইছিল সেই সময়ৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে। তাৰ মাজত ক্ৰীড়াকেন্দ্ৰিক আলোচনা-বিলোচনা অপ্ৰাসংগিক আছিল। ইমানৰ পিছতো কিন্তু অসমে লাভ কৰা এটা সুযোগ অথলে যাবলৈ দিয়া নাছিল সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গগৈ আছিল তেতিয়া অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্বত। ক্ৰীড়া আন্তঃগাঁথনি বুলিবলৈ তেতিয়া অসমত প্ৰায় একোৱেই নাছিল। তেনে সময়তে অসমে ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ সুযোগ লাভ কৰিছিল। কিন্তু ভগ্নপ্ৰায় অৰ্থনীতি, অস্থিৰ পৰিৱেশে সকলোৰে মনত আনি দিছিল দ্বিধাগ্ৰস্ততা। ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ সুযোগ লাভ কৰিলেও ৰাজ্যৰ ক্ৰীড়া সংগঠনসমূহ তেতিয়াও সন্দিহান আছিল। গগৈয়ে তেনে দ্বিধাগ্ৰস্ততা, সন্দেহ দূৰ কৰাৰ উদ্যোগ লৈছিল। তেওঁৰ দূৰদৃষ্টিসম্পন্ন মনটোৱে বুজি পাইছিল ৰাষ্ট্ৰীয় ক্ৰীড়াই অসমক কি দিব। সেয়ে সমস্ত প্ৰত্যাহ্বানকো নেওচি তেওঁ অসম অলিম্পিক সন্থাক সাহস প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বিড দাখিলৰ বাবে। অৱশেষত অসমে লাভ কৰিছিল ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ অনুমতি। লগে লগে ক্ষিপ্ৰ গতিত ইটোৰ পিছত সিটো ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি উঠিছিল অসমত। অসম দেশীয় ক্রীড়া ৰাজধানী হোৱাৰ বাটৰ সেয়া প্ৰথমটো খোজ বুলিলেও হয়তো ভুল কোৱা ন’হব।

২০০৭ ৰ ৰাষ্ট্ৰীয় ক্ৰীড়াই অসমক কি দিয়া নাছিল!!ৰাষ্ট্ৰীয় ক্ৰীড়াই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ কঢ়িয়াই আনিছিল আমূল পৰিবৰ্তন। ইয়াৰ আগলৈ কেৱল নেহৰু ষ্টেডিয়াম আছিল অসমৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰস্বৰূপ। কিন্তু ইয়াৰ পাছত সৰুসজাইৰ বৃহৎ ক্ৰীড়া প্ৰকল্পৰ নামত অসমে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰীড়া আন্তঃগাঁথনি। লগতে, ৰাধাগোবিন্দ ক্ৰীড়া প্ৰকল্পই লাভ কৰিলে এক নতুন ৰূপ। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আয়োজনৰ সুবাদতে অসমে বৰসজাইৰ এক বৃহৎ এলেকাত লাভ কৰিলে গেমছ ভিলেজ। তালিকাখন ইয়াতে সীমাবদ্ধ নহয়।

সৰুসজাইস্থিত ক্ৰীড়া প্ৰকল্পত স্থাপন হোৱা ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আজিও অনুষ্ঠিত হৈ আহিছে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতালৈ সকলো আগশাৰীৰ এথলেটিকছ প্ৰতিযোগিতা। তাৰোপৰি, জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্স, নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়াম, আমিনগাঁওস্থিত ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়াম, ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈবুল্লা হকী ষ্টেডিয়াম, চতুৰ্থ এপি বি এনস্থিত অসম শ্বুটিং ৰেঞ্জ, মৰিগাঁওস্থিত চাৰণ বিল, টেপেচিয়াস্থিত চাইক্লিং ষ্টেডিয়াম, চচলত থকা অত্যাধুনিক টেনিছ প্ৰকল্প আদি আছিল এই ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আলম লৈ লাভ কৰা ক্ৰীড়া আন্তঃগাঁথনি। ইয়াৰ সৰহখিনি কৃতিত্বৰ দাবীদাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

ৰাষ্ট্ৰীয় ক্রীড়া আয়োজনৰ কথা ঘোষণা কৰাৰ লগে লগে বিদ্ৰোহী সংগঠন আলফাৰ পৰাও আনকি ভাবুকি লাভ কৰিছিল ৰাজ্য চৰকাৰখনে। ৰাষ্ট্ৰীয় ক্রীড়া অনুষ্ঠিত হ’লে বিষম পৰিস্থিতিৰ সূচনা হোৱাৰ হুংকাৰ দিছিল বিদ্ৰোহী সংগঠনটোৱে। বিপৰীতে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে স্বভাৱসুলভ সৰলতাৰে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। আশ্বাস প্ৰদান কৰিছিল সমগ্ৰ দেশবাসীক যে অতিথিসকলক নিৰাপত্তা অসমৰ ৰাইজে প্ৰদান কৰিব।

অৱশেষত মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত সুকলমে সম্পন্ন হৈ গৈছিল ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া। এনেদৰেই দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় দহ সহস্ৰাধিক খেলুৱৈ, প্ৰশিক্ষক তথা কৰ্মকতাই ভাগ লোৱা ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া ইতিহাসৰ অন্যতম সফল ক্রীড়া প্ৰতিযোগিতা হিচাবে কাললৈ খ্যাতি অৰ্জন কৰিলে। ৰাষ্ট্ৰীয় ক্ৰীড়াই আনি দিয়া ক্রীড়া আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৰৱৰ্তী সময়ত অসমে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। অসমৰ এথলিটে লাভ কৰিছে পূৰ্বতে লাভ নকৰা সুযোগ সুবিধা। অসমে এনেদৰেই আজি জন্ম দিবলৈ সক্ষম হৈছে হিমা, শিৱ, লাভলীনা, ৰ’দালি আদিৰ দৰে তাৰকা এথলিট। অৱশ্যে, তৰুণ গগৈয়ে সূচনা কৰা ক্রীড়া আন্তঃগাঁথনি উন্নয়নৰ সেই ধাৰাক আজি আগবঢ়াই নিছে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে। বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যে ৰাজ্যৰ ক্রীড়াই আজি পুনৰ গতিশীলতা লাভ কৰিছে সেই কথাও অনস্বীকাৰ্য। ক’ব পাৰি দুগৰাকী ক্রীড়াহিতৈষী মুখ্যমন্ত্ৰী লাভ কৰি অসমে দেশীয় ক্রীড়া মানচিত্ৰত এক সবল স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here