কঠিন পলিথিন

হিমাংক কাকতি

এইফালে আহাচোন ,
ফুঁ মাৰি পলিথিন
গাঁঠিটো টানকৈ দিওঁ ;
বাষ্পই জীপাল কৰক আভ্যন্তৰীন ।

জুহালৰ বেৰত
ডাঙৰ পলিথিন ,
ভিতৰত এশ সৰু পলিথিন ।
তেনে এটি পলিথিনত
হুকহুকাই কান্দিছিলোঁ এদিন !

বাৰীৰ পাছফালে লাই সিঁচিবলৈ
কোৰ মাৰোঁতে দেখিলোঁ ,
পাহৰণিত পোত গৈছে তেনে অসংখ্য পলিথিন ;
পলিথিনত লিপিত খাই আছে
মোৰ দুখ আৰু অশ্ৰুৰ অকটা গোন্ধ ।

পলিথিনৰ চাৰিকাষে সেউজীয়া ফুলিল ।

অশ্ৰু কঠিন ৰাগত
পুৰণি বিষ আজিও নকমিল ।

এনেকৈয়ে দুপৰীয়া
অকলে বহিছোঁ ।
শুকান কামিহাৰ
এই ভাঙো এই ভাঙো !

LEAVE A REPLY

Please enter your comment!
Please enter your name here