কচাইখানাৰ পোৱালি

তুষাৰ ৰঞ্জন

“জৰিগুৰি” নামটো কোনে দিছিল কোনোৱেই নাজানে, কিয় বা দিছিল সেইটোও বহুতেই নাজানে। সতৰি যুগতে সেইখিনিতে হেনো এজোপা জৰি গছ আছিল, হয়তো সেইবাবেই সিহঁতবোৰৰে কোনোবা ককাক-আজুককাকে খেলপথাৰখনৰ নাম ৰাখিছিল জৰিগুৰি। অৱশ্যে সেইয়া পুৰুষানুক্ৰমে মুখ বাগৰি অহা কথা। তাৰ চাবুদ দিবলৈ এতিয়া তাত সেই জৰিজোপা নাই, নাম দিওঁতাজনৰো কোনকাহানিবাই পঞ্চত্বপ্ৰাপ্তি হৈছে। কিন্তু সিহঁতৰ নিচেই আপোন সেই খেলমাটিখন আছে। জাতি-ধৰ্ম, ভাষা-বৰ্ণৰ তফাৎবোৰে চানিব নোৱাৰা বৰগুৰিৰ মানুহমখাৰ সংহতি আৰু সম্প্ৰীতিবোৰক বুকুত সাবটি অতন্দ্ৰ দ্ৰষ্টাৰ দৰে আজিও ৰখীয়া হৈ আছে জৰিগুৰি। বামুণৰ পৰা শূদিৰলৈ, হিন্দুৰ পৰা মুছলমানলৈ বৰগুৰিৰ সকলোৰে মহঙা শৈশৱৰ হাই উৰুমিবোৰৰ সাক্ষী জৰিগুৰি। তেতিয়াৰ দৰে সেই একেই আছে খেলপথাৰখন, মাথোঁ সময়ৰ স্ৰোতত সলনি হৈছে খেল-ধেমালিবোৰ। তাহানিতে সিহঁতৰ ককাকহঁতে খেলা হৈ গুডু, টাংগুটি আদিবোৰৰ পৰিবৰ্তে জৰিগুৰিৰ কোলাত এতিয়া ক্ৰিকেটৰ বল-বেটবোৰৰ দপদপনি। ল’ৰালিতে দেউতাক-খুড়াকহঁতে ওমলা ৰবাব টেঙাটোৰ স্থানত এতিয়া বজাৰৰ চামৰাৰ বলৰ অবাধ ৰাজত্ব। তাৰ পাছতো কিন্তু একেই শোভনতা বিৰাজমান জৰিগুৰিত।

জধলা চুলিসোপা দুই হাতেৰে খজুৱাই খজুৱাই বতাহৰ লগত উফি এসোপা মিহলাই দিলে পোৱালিয়ে। ভালে-খিনি সময় ফিল্ডখনৰ কাষতে বোন্দাপৰ দি ৰৈ থকাৰ পাছত তিতা-কেঁহাবোৰে জুমুৰি দি ধৰিছে তাক। সমবয়সীয়া আন দহোটাৰ দৰে ইয়ালৈ সি সদায়েই আহিব নোৱাৰে, অহাৰ ইচ্ছা থাকিলেও মকবুলে তাক আহিবলৈ নিদিয়ে। অৱশ্যে জুম্মাবাৰৰ দিনটোৰ কথা সুকীয়া, এই দিনটোত মকবুলে দোকান বন্ধ ৰাখে। পোৱালিয়ে সেইদিনা মনৰ জোখাৰে ঘূৰিবও পাৰে, ফুৰিবও পাৰে, খেলিবও পাৰে; মকবুলে তাক বাধা নিদিয়ে। সেই দেখি সপ্তাহটোৰ এই দিনটোলৈ বৰ হেঁপাহেৰে বাট চাই থাকে পোৱালিয়ে।

গোথোৰা-মুৱা মুখ এখনেৰে অলেখ সময় ধৰি খেলপথাৰখনকেই চাই থাকিল পোৱালিয়ে। যোৱা কিছুদিনৰ পৰা খৰালিৰ নৈখনৰ দৰেই যেন শান্ত, শ্ৰান্ত আৰু নিৰ্ম্মল হৈ পৰিছে জৰিগুৰি। সিহঁতমখাৰ ৰং-ধেমালিবোৰেৰে সততে জীপাল হৈ থকা জৰিগুৰিৰ বুকুখনত তেতিয়া এক আজগুবী নিৰ্জনতা বিদ্যমান। যোৱা চাৰি-পাঁচদিনমানৰ পৰা সিহঁতবোৰে ইয়ালৈ আহিবলৈ এৰিছে, আজিও যে সিহঁত নাহে সেইয়া সুনিশ্চিত। দৰাচলতে মাক-দেউতাকবোৰে সিহঁতবোৰক অকাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলোৱা একেবাৰেই বন্ধ কৰিছে। যোৱা কিছুদিনৰ পৰা অঞ্চলটোত সংঘটিত হোৱা আগেয়ে নেদেখা-নুশুনা ঘটনা কিছুমানে কচালি পেলাইছে বৰগুৰিৰ ৰাইজখনক। প্ৰত্যেকটো সপ্তাহতে পোৱালিহঁতৰ দৰেই কাণ সমনীয়া কোনোবা নহয় কোনোবা এটা দিন-দুপৰতেই নোহোৱা হয় এলেকাটোৰ পৰা। যোৱা শুকুৰবাৰটোত পোৱালিহঁতৰ চুবুৰীটোৰে আৰছাদ নোহোৱা হ’ল। তাৰ আগৰ সপ্তাহটোত হেৰাল গাওঁখনৰ সিটোমূৰৰ তিলাই বায়েনৰ নাতিনীয়েকটো, তাৰো আগৰ সপ্তাহত বদন মাষ্টৰৰ সৰুটো পুতেক। ডেৰটা মাহৰ ভিতৰতে পোৱালিহঁতৰ নিচিনা ছয়টাকৈ কোমল-বয়সীয়া ল’ৰা হঠাৎ নিৰুদ্দেশ হ’ল বৰগুৰিৰ পৰা। ইহঁতবোৰ ক’ৰ পৰা কেনেকৈ নোহোৱা হৈ গ’ল সেইয়া কোনোৱেই নাজানে। গাঁৱৰ পৰা সিহঁত আপোনা-আপুনি অন্তৰ্ধান হ’ল নে সেইয়া কোনোবা সোপাধৰাৰ ক্ৰিয়া-কলাপ তাকো আজিলৈকে কোনোৱেই সঠিককৈ ঠাৱৰ কৰিব নোৱাৰিলে। কোনোবা এজনে যদি তাক অপহৰণ জাতীয় ঘটনা বুলি ক’লে, আন এজনে আকৌ অভিহিত কৰিলে সেইয়া বয়সৰ দোষত হোৱা ঘটনা বুলি। বয়সীয়াল দুই এজনে আকৌ ঘটনাবোৰত কিবা এক অপশক্তিৰো হাত থকাৰ উমান পালে। “ইছ ইছ”, “আস্ আস্”, “ছেহ বৰ বেয়া কথা হ’ল” ইত্যাদি ইত্যাদি জাতীয় সান্তনাসূচক উক্তিবোৰেৰে মাক-দেউতাকবোৰৰ দুখত সমভাগী হোৱাৰ বাহিৰে বৰ বেছিকৈ একো কৰিব নোৱাৰিলে বৰগুৰিৰ কোনো এজনেই। ৰং-ধেমালি, হাঁহি-উলাহেৰ ধ্বনিৰে সততে মুখৰ হৈ থকা বৰগুৰিত যেন এক নিমাওমাও পৰিৱেশ বিৰাজমান। পিলিঙাটোৰ পৰা আৰম্ভ কৰি বয়সস্থজনলৈ, সকলো শংকিত এক অদেখা শক্তিৰ দৌৰাত্ম্যত।

মকবুলেও পোৱালিক ঘৰৰ পৰা ওলাবলৈ হাজাৰবাৰ মানা কৰিছিল; পোৱালিৰ মনটোৱেহে পিছে নক’লে। লোহাৰ জালনা দিয়া কাঠৰ বাকচটোত মূৰ্গীবোৰক সুমুৱাই ৰখাৰ দৰে সপ্তাহটোৰ আনকেইটা বাৰত মকবুলেও তাক কচাইখানাখনৰ ভিতৰতে ওৰে দিনটো আৱদ্ধ কৰি ৰাখে। জুম্মাবাৰৰ দিনা যেতিয়া মকবুলে দোকান বন্ধ ৰাখে পোৱালিৰ নিজকে তেতিয়া সঁজাৰ পৰা ওলোৱা চৰাইটোৰ দৰে মুকলি মুকলি লাগে। এনেকুৱা মুকলিমূৰীয়া দিন এটাক এনেয়ে গুচি যাবলৈ জানোঁ দিব পাৰি? মকবুল জুম্মা নামাজলৈ বুলি ওলাই যোৱাৰ সুযোগটো লৈ সেয়েহে পোৱালিয়ো ওলাই আহিল ঘৰৰ পৰা।

“পোৱালি নহয়নে সেইটো? দুপৰীয়াখন কি কৰি আছ তই ইয়াত? গাওঁখনত কি হৈ আছে দেখা নাই নেকি হা? কি ৰকম ল’ৰা ঔ, ভয়-চয় বোলা বস্তুটো তোৰ একদম নাই যেন পাইছোঁ দেই। ৰহ মকবুলক লগাব দে।”

সেইটো নামঘৰৰ কাষৰ চুকটোৰ বগাই, কাষৰে সাপ্তাহিক হাটখনলৈ বুলি সি ওলাই আহিছে। মামৰে ধৰা হাতবাগীখনৰ আগৰ পৰা গুৰিলৈকে শাকে-পাচলিয়ে, পাণে-তামোলে এসোপামান বস্তু লাদি দি এহাতেৰে চাইকেলৰ হেণ্ডেল পোনাই আনখন হাতেৰে কৰঙনৰ চুকটো ৰুকুটি ৰুকুটি একো এটা বস্তুৰ হানি-বিঘিনি নঘটাকৈ গৈ থাকিব পৰাৰ একটিয়াৰ বৰগুৰিত একমাত্ৰ তাৰেই আছে। ৰকহ ৰকহ শব্দ এটাৰে চুৰিয়াখনৰ তলৰ হাতীখৰ ডোখৰৰ ঘিট-ঘিটনিবোৰক সকাহ দি দি পোৱালিক ধমক এটা লগালে বগাইয়ে। পঞ্চাশ উৰ্দ্ধৰ লঠৰু বগাইক দেখিলেই কাণ-মূৰবোৰ গৰম হৈ আহে তাৰ। সুযোগ পালেই পোৱালিৰ ওপৰত জ্যেষ্ঠ হোৱাৰ প্ৰভুত্ব খটোৱাত অকণো হেমাহি নকৰে সি, আজিও তাৰ ব্যতিক্ৰম নহ’ল। জাঙুৰ খাই আহিল পোৱালি। “তাৰ কাণ সমনীয়া আন কেওঁটাৰ দৰে তাকো কোনোবাই উঠাই নিব?” সেইবোৰলৈ তাৰ ভয়-ভীত নাই। কিন্তু বয়সতকৈ ডাঙৰ কাৰোবাৰ লগত সি বইচ-বাইচ কৰা মানেই হৈছে মকবুলৰ বিয়াগোম হাত দুখনৰ থাপৰ কেইটাৰে তাৰ তুলতুলীয়া গাল দুখন ৰঙা কৰা। পিন্ধি থকা ঢিলা হাফ-পেন্টটো ওপৰলৈ ওজাই “মামা নথকা হ’লে তোক মই……” শীৰ্ষক পোন্দোৱা চাৱনি এটা বগাইলৈ নিক্ষেপ কৰি দুপদুপাই ঘৰৰ দিশত দৌৰ দিলে পোৱালিয়ে।

হওঁতে পোৱালিৰ নাম এটা নথকা নহয়, ছামাদ নামটো তাক মকবুলে দিছিল। পিছে সময়ৰ সোঁতত সি সেইটো নাম হেৰুৱালে। এতিয়া বৰগুৰিৰ সকলোৱে তাক চিনি পায় মকবুলৰ কচাইখানাৰ পোৱালি হিচাপে। মকবুলৰ বাজে আন কোনোবাই তাক পোৱালি বুলিলে আগতে তাৰ প্ৰচণ্ড খং উঠিছিল, এতিয়া পিচে সকলোৰে মুখতে সেইটো নামকে শুনি শুনি সি অভ্যস্ত হ’ল। পোৱালিৰ জন্ম ক’ত-কেতিয়া , তাৰ মাক-দেউতাকনো কোন বা তাৰ জাত-পাতেইনো কি সেইবোৰ সি নাজানে, মকবুলেও নাজানে। পোৱালিৰ বয়স তেতিয়া দুই কি তিনি বছৰ, ফুটপাথ এটাত কান্দি থকাৰ পৰা এদিন তাক মকবুলে লৈ আহিছিল। কথাবোৰ তাৰ ভালদৰে মনত নাই, দুই একে কেতিয়াবা কৰা আলোচনাবোৰৰ পৰা হে সেইবোৰৰ অলপ-অচৰপ ভু পোৱা হৈছে সি। তাক লৈ অৱশ্যে পোৱালিৰ মনত খেদ নাই। মকবুলে তাক থাকিবলৈ এখন ঘৰ দিছে, তাক মামা বুলি মাতিবলৈয়ো অধিকাৰ দিছে। সেইখন ঘৰতে সি মনৰ জোখাৰে খাবলৈয়ো পাইছে, পিন্ধিবলৈয়ো পাইছে। কিন্তু মকবুলে তাক মনৰ জোখাৰে পঢ়িবলৈহে নিদিলে। হওঁতে পোৱালিক সি দুদিনমান স্কুললৈ পঠাইছিল, পঢ়া শুনাত সিমান এটা বেয়াও নাছিল পোৱালি। পাচে এক কেজি মঙহৰ দামৰ পৰা এপোৱা মঙহৰ দাম গণি গণি উলিয়াব পৰা হওঁতেই মকবুলে তাৰ স্কুল এৰুৱালে। এনেয়েও মকবুল বৰগুৰিৰ সকলোৰে বাবে বিশ্বস্ত কচাই, পুৱাৰ পৰা তিনি সন্ধিয়ালৈকে তাৰ কচাইখানাত অজস্ৰ গ্ৰাহকে ভিৰ কৰে। মকবুলে অকলে সকলো চম্ভালিব নোৱাৰে, তাক সহকাৰী এজন লাগে। তেনেবোৰ কাৰণতে পোৱালিৰ পঢ়া-শুনাবোৰৰো সেইখিনিতে ইতি পৰিল।

” মকবুল অ’ বয়সৰ জোখেৰে কিন্তু সি বৰ সৰু হৈ থাকিল। এইটো বয়সতে তাক এইবোৰ কামত লগোৱাতো ঠিক হৈছে জানোঁ?”

দুই একে তাক সোঁৱৰাইছিল, ডাংবৰলা মকবুলেহে পিছে নুশুনিলে। সি নিজেও ক্লাচ চেভেন ফেইল মানুহ। মকবুলৰ মতে “তাতকৈ পিটিকলি বয়সৰ পৰা আব্বাৰ লগত মাংস কটা মানুহ মই। সি কিয় নোৱাৰিব?” সেই দিন ধৰি দহ বছৰীয়া পোৱালিৰ হাতৰ পৰা কিতাপ ফলিবোৰ আতৰিল , তাৰ ঠাইত মকবুলে তাৰ হাতত তুলি দিলে পাতল মিট্ দা এখন।

“কচাই ঘৰৰ ভাত খাই খাইয়েই ইমানটো হ’লিহি। এতিয়া এইবোৰ কৰোঁতে তোৰ হাত কঁপিলে চলিব নেকি? বেছি ভাবি নাথাক, ডিঙিটো এনেকৈ ধৰি জোৰত ৰেপি দে।”

নোদোকা-নোদোক তেলাল খাহীবোৰ, মঙহাল হাঁহ-মূৰ্গীবোৰৰ ডিঙিবোৰত ধাৰাল দা খনেৰে ৰেপ দিবলৈ লৈয়ো ৰৈ যায় সি। গঁৰালৰ পৰা উঠাই অনা মূৰ্গীবোৰে টেঁটুফালি চিঞৰে, পোৱালিৰ হাত দুখন ঠৰ ঠৰকৈ কঁপে। মকবুলৰ ধমকটোত সি আকৌ তুলি লয় দা খন। চকুহাল জোৰেৰে মুদি দি মকবুলৰ কথামতে সি মূৰ্গীটোৰ ডিঙিত সজোৰে ৰেপি দিয়ে। এনদ কেঁচা তেজেৰে ভিজি যায় তাৰ শেলুকীয়া হাত দুখন। মূৰ্গীবোৰে ধপধপাই উঠে, তাৰ লগে লগে আৰকাল কৰি উঠে পোৱালিৰ এধানমান কলিজাখনে। তাৰ ফুল কুমলীয়া শিশু মনটোৰো যেন সেইখিনিতেই ইন্তেকাল হয়।

সময়ৰ ছন্দোময় গতিত সলনি হয় সকলোবোৰ, সলনি হয় পোৱালিয়ো। যোৱা এটা বছৰত মকবুলৰ পৰা সকলো আদব-কায়দা আয়ত্ত কৰি সি এতিয়া মকবুলৰ কচাইখানাৰ একমাত্ৰ নিৰ্ভৰযোগ্য সহকাৰী। আজিকালি পোৱালিৰ হাত নকঁপে, মৰাৰ আগত মূৰ্গীবোৰে মৰা কৰ্কশ চিঞৰত, ছাগলীবোৰৰ বুকুভঙা বিননিত এতিয়া আৰু তাৰ এধানি কলিজাখনে নাকান্দে। বৰঞ্চ মকবুলতকৈয়ো খৰকৈ সি দাখন চলাব পৰা হ’ল, গ্ৰাহকৰ পচন্দ হোৱাকৈ মাংসৰ টুকুৰা বনাব পৰা হ’ল। মকবুলে আজিকালি অলপ আহৰি পায়। গৰমৰ দিনত যেতিয়া দোকানত গ্ৰাহক কমকৈ থাকে,পোৱালিৰ হাতত সমস্ত দায়িত্ব চমজাই মকবুলে তেতিয়া ঢোৰোহা পেটটো ওপৰলৈ কৰি ভিতৰৰ খাটখনত ফষ্টি মাৰে।

“মাল তাগড়া আছে কিন্তু, আজি আবেলিলৈকে লাগে। মিডিয়াম চাইজত মিলাই মিলাই ইমান জল্দা-জল্দি পাৰিবি জানো?”

মকবুলৰ সন্দিহান মনটোক অভয় দি “মই আছোতো টেনচন কাহে কা” ধৰণৰ হাঁহি এটা মাৰি ছাগলী তিনিটা পিছফাললৈ লৈ যায় পোৱালিয়ে। পূৰ্ণগতিত চলে তাৰ দুইহাত, নিপোটল চেহেৰাৰ ছাগলীকেইটাক মাংসৰ টুকুৰাত পৰিণত কৰিবলৈ মকবুলে নিৰ্দিষ্ট কৰি দিয়া সময়ৰ আধাখিনিয়ো নালাগে তাক। তাহানিতে হাঁহ কুকুৰাবোৰৰ কেঁচা তেজবোৰ দেখিলে ওকালিয়াই দিব খোজা পোৱালিয়ে এতিয়া এইবোৰ কাম পৰম আনন্দৰে কৰে, যেন এক সুকীয়া তৃপ্তি আছে এইবোৰ কামতো।

তাৰ মাজতো কিন্তু অনামী দুখৰ বোজা এটাই অহৰহ খুন্দিয়াই থাকে পোৱালিৰ বুকুখনত। তাৰ কাণ-সমনীয়া ল’ৰা-ছোৱালীবোৰক যিমানবাৰেই সি লগ পায়, সিমানবাৰেই মোচৰ খাই উঠে তাৰ কপাহ স্নিগ্ধ হিয়াখন। তাৰ সমবয়সীয়া ল’ৰা-ছোৱালীবোৰে যি সময়ত কান্ধত বেগ এটা লৈ হাঁহি-মাতি স্কুললৈ যায়, পোৱালিয়ে সেই সময়ত মকবুলৰ দোকানখনৰ পালাবোৰ খুলি আগফালে পানী চটিয়াই। আবেলি সিহঁতবোৰে স্কুলৰ পৰা আহি যেতিয়া জৰিগুৰিৰ বুকুত উমলিবলৈ যায়, পোৱালি তেতিয়া ব্যস্ত থাকে গ্ৰাহকৰ পচন্দ অনুযায়ী বিভিন্ন আকাৰৰ মাংসৰ টুকুৰা বনোৱাত। সিহঁতবোৰক দেখিলে নিজকে যেন গঁৰালত আবদ্ধ কুকুৰা কেইটাৰ দৰেই লাগে তাৰ।

ঘৰৰ ওচৰ যিমানেই চাপিছে ছটফটনিবোৰো সিমানেই বাঢ়ি আহিছে পোৱালিৰ। সপ্তাহটোৰ আনকেইটা দিনত বিৰামহীনভাৱে মঙহৰ টুকুৰাৰ লগত খেলি থকা তাৰ সৰু সৰু হাত দুখনত এক অদ্ভুত কুটকুটনিৰ সৃষ্টি হয় জুম্মাবাৰৰ দোকান বন্ধ থকা দিনটোত। নিতৌ কিবা এটাৰ ডিঙিটো ৰেপিবলৈ নাপালে তাৰ হাত দুখন কঁপে, কেঁচা তেজবোৰেৰে হাত দুখন অকণমান পখালিবলৈ নাপালে তাৰ কলিজাখনে ভীষণ জোৰেৰে হাঁহাকাৰ কৰে। দিনটোত এবাৰলৈয়ো যদি সি কুটনাদালত মঙহবোৰ টুকুৰা কৰিবলৈ নাপায় মনটোৱেও যেন তাৰ শান্তি নাপায়।

কুটকুটনিবোৰক উপশম দিবলৈকে পোৱালি ঘৰৰ পৰা ওলাই যায় জৰিগুৰিৰ কাষলৈ। ফিল্ডখনতেই সি লগ পায় তাৰ সমবয়সীয়া সিহঁতমখাক। ঘৰলৈ ঘূৰাৰ সময়ত সিহঁতজাকৰে কোনোবা এটাক লগত লৈ সি এপাক জানটোৰ দিশত ফুৰিবলৈ যায়, ছটবটনিবোৰৰ পৰা তাৰ হাত দুখনেও সেইখিনি সময়তেই ৰেহাই পায়। কিন্তু তাৰ মনটোক শান্তি দিবলৈ আজি তালৈ কোনোৱেই নাহিল, উদ্বিগ্নতাবোৰক সাবটি পোৱালিও আজি মোলান পৰা মুখ এখন লৈয়ে ওভতি আহিল ঘৰলৈ।

পাছফালৰ বাঁহৰ দৰ্জাখনেৰে সন্তৰ্পণে ঘৰৰ ভিতৰলৈ সোমাই আহিল পোৱালি। জুম্মা নামাজৰ পৰা আহি ভালকৈ এপেট ভৰাই লৈ মকবুলে তেতিয়া নিজৰ বিচনাত দীঘল দিছে। তাৰ ঢেপেলা নাকটোৱে পুৰণা ডিজেল ইঞ্জিন এটাৰ দৰে ঘৰ ঘৰ শব্দ কৰি কোঠাটোৰ নিৰ্জনতাবোৰৰ মাজতো অবিৰতভাৱে বাজি আছে। উদং গদহা শৰীৰটোৰ সৈতে খাটখনত ধোবাং দি পৰি থকা মকবুলৰ লোধোমা পেটটোৱে সেইসময়ত উশাহবোৰৰ তালে-তালে ছন্দোময় গতিৰে ওপৰৰ পৰা তললৈ উঠা নমা কৰিছে। তাৰ লগে লগে চৰ্বিবোৰেও নাচিছে আপোনমনে।

দৃশ্যটো উপভোগ কৰি কৰি গোমোঠা মুখখনৰ মাজতো অজানিতে এমোকোৰা হাঁহি ওলাই আহিল পোৱালিৰ। পাছফালৰ বাৰাণ্ডাত থকা মাংস কটা কাঠৰ ডাঙৰ টুকুৰাটো পোনছাটেই উঠাই আনিলে সি। মাল আজি তাগড়া, মিডিয়াম চাইজত পিচ মিলাবলৈ আজি তাক অলপ সময় লাগিব। হাতৰ কুটকুটনিবোৰো ক্ৰমাৎ বাঢ়ি আহিছে তাৰ, আৰু যেন এক নিমিষৰো অপচয় কৰিব নিবিচাৰিলে সি। কোঠাটোৰ দুৱাৰখন সাৱধানে জপাই দি হাফপেন্টটোৰ খোচনিৰ পৰা অতদেৰি সযতনে ৰাখি থোৱা মিট্ খন উলিয়াই আনিলে পোৱালিয়ে। বেৰৰ জোলোঙাৰে সোমাই অহা ৰ’দবোৰৰ জিলিঙনিত বগলীৰ পাখিবোৰৰ দৰেই চকচকীয়া হৈ জিলিকি উঠিল ধাৰাল দা খন। যোৱা বছৰৰ এনেকুৱা এটা দিনতে মকবুলে সেইখন পোৱালিৰ দহবছৰীয়া কোমল হাত দুখনত তুলি দিছিল; কচাইখানাত মঙহ কাটিবলৈ, কাঠৰ গঁৰালত আৱদ্ধ জীৱবোৰৰ ডিঙিবোৰ ৰেপিবলৈ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here