কিতাপ পঢ়াৰ যাত্ৰা

দৰ্শনা শৰ্মা

কিতাপ ! প্ৰতিজন কিতাপ প্ৰেমীৰ এক লগৰী। পৃথিৱী অজস্ৰ কিতাপৰ হয়তো আমি এক শতাংশও পঢ়ি শেষ কৰিব পৰা নাই তথাপিও কিছুমান কিতাপে আমাৰ মন মগজুত সদায় স্থায়ী হয় ৰয়। গতিকে মই মোৰ কিতাপ পঢ়া যাত্ৰাটো থুলমূলকৈ লিখিব বিচাৰিছোঁ।

মই খুব সৰুৰে পৰা কিতাপ পঢ়ি ভাল পাওঁ। যেতিয়া পঢ়িব পৰা নাছিলোঁ তেতিয়া ঘৰৰ সকলোকে আমনি দি থাকোঁ সাধু শুনাব লাগে বুলি। খুব ভাল লাগে মোৰ ।যেতিয়াৰ পৰা কিতাপ পঢ়িবলৈ শিকিলোঁ তেতিয়া পাঠ্যক্ৰমৰ কিতাপৰ সাধুবোৰ খুব পঢ়োঁ।কিতাপ আনোতে কেৱল সাধু বোৰ বিচাৰিছিলোঁ। তেতিয়া মোক ককাই বুঢ়ী আইৰ সাধুখন আনি দিছিল ।সেইখন পঢ়ি তাৰ চৰিত্ৰবোৰ ঘৰতে নাটক কৰি ফুৰিছিলোঁ। তাৰ পাছত ক্ৰমে ককাদেউতা আৰু নাতি ল’ৰা, অচিন দেশৰ সাধু, ভূতৰ সাধু, শ্ৰীমন্ত শংকৰদেৱ আদিকে ধৰি বহুত কেইখন সাধুৰ কিতাপ। তাৰোপৰি ৰংমন , কংকন ,বাৰ ওঠৰ,সঁফুৰা আদিবোৰ পঢ়িছিলোঁ।ৰংমনখন একেদিনাই শেষ হয় বৰ দুখ লাগে। ইয়াৰ উপৰিও কিবা আলোচনী পালে মই গল্পবোৰ পঢ়োঁ বিচাৰি বিচাৰি। আমাৰ মায়ে তেতিয়া সখী ,বিস্ময় আদিবোৰ কিনে মই সেইবোৰো পঢ়িবলৈ চেষ্টা কৰোঁ আজৰি সময়ত ।তাৰোপৰি দেওবাৰৰ দেওবৰীয়া সম্ভাৰৰ কাৰণে মই সদায় অপেক্ষা কৰি ৰও । ক্ৰমান্বয়ে যেতিয়া ডাঙৰ হয় আহিলোঁ মোৰ উপন্যাসৰ প্ৰতি ধাউতি বাঢ়িল।মোৰ ককায়ে ৰঞ্জু হাজৰিকা দেৱৰ খুব উপন্যাস পঢ়ে আগৰে পৰা। মইও পঢ়িবলৈ আৰম্ভ কৰিলোঁ শানিত নখ ,শংকিত প্ৰতিধ্বনি আদিকে কৰি প্ৰায়খিনি। ভাল লাগিল। পঢ়ি সোমাই গ’লো এখন এখন কৰি কিতাপৰ মাজত । এনেকুৱা হ’লগৈ মই কৰবাত ফুৰিবলৈ গ’লেও আলহী ঘৰত কিতাপ বিচাৰি ফুৰো যিমান পাৰোঁ শেষ কৰি আহোঁ পঢ়ি ।তাৰো পৰি বিদ্যালয়ৰ পুথিভঁৰাল ৰ বহুত কেইখন কিতাপ আনিলোঁ ।ঘৰত গালিও খাও নিজৰ কিতাপ নপঢ়ি বাহিৰা কিতাপ পঢ়া সেইকাৰণে যিমান পাৰোঁ সময় উলিয়াও নিজৰবোৰ শেষ কৰি লাগি যাওঁ বাহিৰা কিতাপ পঢ়াত। মেট্ৰিক পৰীক্ষা শেষ কৰি বন্ধত বহুত কেইখন পঢ়িলোঁ কিতাপ তাৰ ভিতৰত উপন্যাসসমূহ আছিল অসীমত যাৰ হেৰাল সীমা ,অঘৰী আত্মাৰ কাহিনী, চাহেবপুৰৰ বৰষুণ,নৈ বৈ যায়, সাউদৰ পুতেকে নাও মেলি যায়, দেওলাংখুই,এই সময় সেই সময়, লজ্জা ,মিৰি জীয়ৰী আদি বহুত কেইখন উপন্যাস। তাৰ পাছত কলেজ জীৱনত সোমাই পৰিলো তথাপিও তাৰ মাজতে কিছুমান কিতাপ পঢ়ি গলোঁ । নাহৰৰ নিৰিবিলি ছাঁ, ভোক , কাঞ্চন, জলছবি ,হোৱাইত ফেং,এজন অসামাজিক কবিৰ বায়গ্ৰাফী ,অগ্নিৰ ডেউকা আদিবোৰ। তাৰ পাছত পৰীক্ষা ওচৰ চপাত কিতাপ পঢ়া কমাইছিলোঁ যদিও মনৰ ভিতৰত কল্পনা কৰি পেলাইচিলোঁ কি কি পঢ়িম । অৱশেষত পৰীক্ষা শেষ হ’ল ।শেষ হোৱা দিনাই মই শ কটা মানুহ খন কিনি আনিছিলোঁ। তাৰ পাছত ক্ৰমে চিন’ৰিটা,মোৰো এটা সপোন আছে,জীয়া জুৰীৰ ঘাট, এখন নদীৰ সিপাৰে,সুবালা,যে ই চি, মাকাম,হৃদয় নিৰুপায়,বকুল ফুলৰ দৰে আদি কেইবাখনো পঢ়িছিলোঁ এতিয়া মই গাওঁৰ মানুহ কিতাপখন পঢ়ি আছোঁ।মই পি দি এফ তো পঢ়িছিলোঁ কিন্তু আখৰ বোৰ সৰু বাবে কষ্ট হৈছিল।

বহুতে কয় কিতাপখন তোমাৰ সকলো সময়ৰ লগৰী আৰু ভাল বন্ধু মোৰ ক্ষেত্ৰত সেইটো খুব ভালকৈ প্রযোজ্য হৈছে। যিমান দুখত থাকিলেও কিতাপবোৰ পঢ়িলে কিতাপৰ মাজলৈ সোমাই পৰোঁ। কিছু ক্ষেত্ৰত পাহৰি যাওঁ ক’ত আছোঁ।তাৰ চৰিত্ৰৰ মাজত সোমাই পৰোঁ তাত যেন মইও আছোঁ এনেকুৱা অনুভৱ হয় । মোৰ কিছুমান কিতাপৰ কিছুমান ঠাই চাবলৈও খুব হেঁপাহ আছে। কিতাপ এখন যেতিয়া মোৰ শেষ হয় এটা অধ্যায় যেন শেষ হ’ল এনেকুৱা লাগে ।খুব মনটো বেয়া লাগে কিবা যেন খালি খালি হৈ পৰে মনটো।

মোৰ খুব মন আছে এটা নিজাকৈ পুথিভঁৰাল খোলা লাগিলে ঘৰত সৰুকৈ হওঁক ।মই ঘৰতে চৌকেচ এটাত কিতাপবোৰ ৰাখিছোঁ উপন্যাস, ৰংমন ,সঁফুৰা, বাৰ ওঁঠৰ,বিস্ময়, সখী আদিবোৰ । যিমান পাৰোঁ কিতাপ পঢ়িম সেইটোৱে মোৰ এটা সপোন ।চেষ্টাও কৰিম । মই যিমান পাৰো আনক কিতাপখন পঢ়াৰ পাছত সৰুকৈ হলেও বৰ্ণনা কৰি ভাল পাওঁ আৰু চমুকৈ লিখি ৰাখোঁ মোৰ ডায়েৰীত । আশা কৰিম কিতাপৰ প্ৰতি অলপ হলেও সকলো মানুহে অসমীয়া কিতাপবোৰৰ লগতে আন কিতাপবোৰৰ কথাও জানক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here