খিৰিকীৰে দেখা আকাশখন

স্ৰোতস্বিনী তামুলী

এখন সৰু খিৰিকীয়ে এখন বিশাল আকাশ অহৰহ চাই থাকিব পাৰি। আৰু কি কি চাব পাৰি?….বাটেৰে পাৰ হৈ যোৱা চুলি মেলা কিশোৰী… হাতে হাত ধৰি খোজ কাঢ়ি যোৱা প্ৰেমিক যুগল….বিচ্ছেদত টুকুৰা-টুকুৰ হোৱা হৃদয়বোৰ….প্ৰৌঢ় ৰমণীৰ হাতত নষ্ট হোৱা কিশোৰৰ যৌৱন…. হতাশ মানুহৰ হা-হুমুনিয়াহবোৰ….মানুহৰ গোপন অন্তহীন অপেক্ষাসমূহ…..সুখী মুখবোৰৰ আঁৰৰ দুখবোৰ…প্ৰেমহীনতাত নিজৰ হৃদয়খনক ভুঁৱা দি থকা মানুহবোৰৰ মুখৰ জৰ্জৰিত হাঁহিবোৰ…..ৰিক্সাৱালা আৰু যাত্ৰীৰ ১০ টকাৰ বাবে হোৱা কাজিয়াৰ পৰা আৰু কত কি! এক অদ্ভুদ তাল- মিলত চলি থাকে এই পৃথিৱী। অনৰ্থক আশা এটাই জীয়ন দি ৰাখিব পাৰে এজন মানুহক।গলি গলি শেষ হৈ যোৱা প্ৰত্যাশা বুকুতেই গজি উঠে আন এক প্ৰত্যাশা।অনবৰতে খুট-খাট লাগি থকা মানুহ দুঘৰৰ এঘৰৰ বিপদত আনঘৰ উবুৰি খাই পৰেহি। জীৱনৰ চলমান গতিত চিনাকি মানুহবোৰো অচিনাকি হয়, অচিনাকি কত চিনাকি হৈ আকৌ লাহে-লাহে অচিনাকি হৈ পৰে। অথচ জীৱন গৈ থাকে….কাৰো বাবে নৰয়। কিন্তু ক্ষণিক সচেতনতাৰে উপলব্ধি কৰিব পাৰি জীৱনৰ চমৎকাৰিতা। অনাকাংক্ষিতৰ প্ৰাচুৰ্যতাৰে ভৰি থাকে জীৱন পাত্ৰ। কেতিয়াবা এনে লাগে আমি জীৱন কি জানো, বুজো.. কিন্তু তেনে সময়তে আমি জীৱনৰ এনে এক ৰূপ আৱিষ্কাৰ কৰোঁ যে আমি জীৱনক এতিয়াও বুজি উঠা নাই বুলি মানি ল’বলৈ বাধ্য হওঁ।

খিৰিকীখনেৰে ইমানবোৰ চাই থকা মানুহজনী কাৰো চকুত নপৰে। এই‌ খিৰিকীৰ কাষত ৰৈ থকা মানুহজনীয়ে আকাশ চোৱাৰ সপোন দেখে, মুক্ত হৈ চৰাইৰ দৰে উৰিব খোজে আকাশত।

খিৰিকীৰ ইপাৰে আকাশ আৰু এইপাৰে এটা গহবৰ। তাৰ মাজত এই মানুহজনী আৰু তেনেকুৱা বহু মানুহৰ কাহিনী। কোনোবা উৰি গৈছে, কোনোবাই এতিয়াও ছট্ফটাই-ছটফটাই উৰি যাবলৈ যুঁজি আছে।

বন্যাৰ বাহিৰে সকলো গৈ আছে। এই চহৰ, এই জীৱন। আনকি বন্যাৰ অলক্ষিতে জোনবাইটোৱেও গতি কৰি আছে। অথচ খিৰিকীখনত কাষত কফি কাপটো হাতত লৈ বন্যা প্ৰস্তৰ মূৰ্ত্তিৰ দৰে ৰৈ আছে। এইখিনি সময় বন্যাৰ একান্তই নিজৰ। এই সময়খিনিত আকাশ-পাতাল ভাবি থাকি অলসভাৱে পাৰ কৰি তাই একধৰণৰ সুখ অনুভৱ কৰে। এইখিনি সময়তে তাই নিজৰ কুৰি বছৰীয়া জীৱনটোলৈ উভটি যায় কেতিয়াবা। কেতিয়াবা ভাৱে তাই আচাৰৰ দৰে সাঁচি থোৱা কথাবোৰক কলমেৰে বাট কাটি উলিয়াই আনিব। কিন্তু মুখৰ আগত কাগজ-কলম লৈও তাই ৰৈ থাকিবলগীয়া হয়। শব্দৰ পৰিৱৰ্তে বহু যুগৰ পৰা হেঁচা মাৰি থোৱা কান্দোন এটাহে ওলাই আহিব খোজেচোন।

এৰা! বুজা নাযায় এই জীৱনক, মাথোঁ ক্ষণিক সচেতনতাৰ অনুভৱেৰে উপলব্ধি কৰিব পাৰি মাজে-মাজে। জীৱনক যিদৰে বুজা নাযায় , জীৱনত লগ পোৱা মানুহবোৰকো বুজা নাযায়, জনা নাযায় সম্পূৰ্ণ ভাৱে। এখন এখন কৈ বন্যাৰ মনলৈ কেইবাখনো মুখ আহিল। তাৰে কোনোবাজন তাইৰ শিক্ষক, কোনোবাজন প্ৰেমিক, কোনোবা বন্ধু, কোনোবাজন আত্মীয়। কাৰোবাৰ কোলাত মূৰ থৈ তাই কান্দিব পাৰিবনে! অথবা তাইৰ বাৰ্থ দে মনত নাই ৰখা বুলি তাইৰ কাৰোবাৰ ওপৰত অভিমান হয়নে! কৰোঁ বুলি কাকো ফোন এটাও কৰা নহয় বহু সময়ত।

বন্যাৰ ফোনৰ স্ক্ৰীণখন জিলিকি উঠিল। মৃন্ময়ৰ ফোন। হয়তো অনাকাংক্ষিত এই ফোন কলটোৰ বাবেই বন্যা ৰৈ আছিল। কিন্তু ৰিচিভ কৰিবলৈ লৈও‌ তাই ৰৈ গ’ল। তাই জানে মৃণ্ময়ে সিঁহতৰ ভাগি-ছিগি যোৱা সম্পৰ্কটোৰ টুকুৰাবোৰ এতিয়াও সামৰি ৰাখি মাজে-মাজে জোৰাবলৈ অনৰ্থক চেষ্টা কৰি থাকে। ক’ৰবাত নহয় ক’ৰবাত তায়ো বিচাৰে যে সম্পৰ্কটোয়ে আকৌ জিপ লৈ লহপহকৈ বাঢ়ি আহক। কিন্তু তাই জানে – মৃণ্ময়ে তাইক বুজি উঠিছে আৰু তায়ো খুব ভালদৰে তাক বুজি উঠিছে। এনেকৈ হাঁড়ে-হিমজুয়ে এজনে আনজনক জানি উঠাৰ পিছত প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা সম্ভৱ নহয়। বন্যাই মৃণ্ময়ৰ চকুত নিজৰ আচল ৰূপটো দেখা পায়। তাইৰ সহ্য নোহোৱা হয়। সকলো মানুহেই নিজক লুকুৱাই ৰাখে। যিমানে খুলি দিয়া নহওঁক কিয় মানুহৰ এনে এটা ৰূপ থাকে যিটো বহু সময়ত নিজৰে চকুত নপৰে। মানুহে নিজকো ভুঁৱা দিয়ে।

বন্যাই মৃণ্ময়ৰ সৈতে সম্পৰ্কত থাকোঁতে অৰ্ণৱৰ তাইৰ প্ৰতি থকা ভালপোৱাক, অনুকম্পাক, আদৰ- যত্ন আৰু সৰু সৰু অভিমানবোৰক উপভোগ কৰিছিল। তাই তাৰ লগত নৈৰ পাৰত ফুৰিবলৈ গৈছিল, ৰেস্তোৰাঁত বহি গৰম কফিৰ সোৱাদ লৈছিল। মৃণ্ময় সঁচা অৰ্থত লিবাৰেল। সি ইচ্ছাকৃতভাৱেই সকলো জানি-বুজিও তাইক একোতে বাধা দিয়া নাছিল। অৰ্ণৱৰ তাইক পোৱাৰ দুৰাকাংক্ষা নাছিল কোনোদিন। কিন্তু সি তাইৰ সংগ উপভোগ কৰিছিল। তাইক অস্বীকাৰ কৰাৰ সাহস তাৰ নাছিল। সি জানিছিল বন্যাৰ কেতিয়া খং উঠে, কোনটো দৰৱ কেতিয়া খাব লাগে।

বন্যাই মৃণ্ময়ৰ পৰা নোপোৱা সকলোবোৰ অৰ্ণৱে দি আছিল। বন্যাৰ পাগলামিবোৰ সহ্য কৰিছিল, বন্যাৰ বাবে বিচাৰি বিচাৰি শহা পশু আনি দিছিল। বন্যাৰ কেতিয়াবা এনেকুৱা লাগিছিল – কৈ দিব অৰ্ণৱক আচৰিত কৰি– মই ভাল পাওঁ তোমাক। কিন্তু দ্বিতীয় বাৰলৈ এই মিছা কথাটো তাইৰ মুখৰ পৰা ওলাই যাব নিবিচাৰে। তাই মৃণ্ময়কো ভাল পোৱা নাছিল। মৃণ্ময় স্বভাৱে- চৰিত্ৰই , পঢ়া-শুনাই সকলোতে ভাল আছিল। পাৰফেক্ট! কিন্তু অৰ্ণৱ! না পঢ়া-শুনাত মন আছে। মদ-পানীও খায়। অভিনয় কৰে। এক্টৰ হোৱাৰ ইচ্ছা। এক্টৰ হৈ আজিৰ পৃথিৱীত কোনোবা চলিব পাৰেনে! অলপো প্ৰেকটিকেল নহয়। তাইৰ খং উঠে।

তথাপি তাৰ খেলি-মেলি জপৰা চুলিবোৰ ঠিক-ঠাক কৰি দি তাইৰ ভাল লাগে। তাৰ মুখৰ পৰা চিগাৰেট দলিয়াই দি ভাল লাগে। হ’লেও তাই তাৰ হাতখনত হাত থব নোৱাৰে। প্ৰেম বুলিলে তাই যাক বুজে সেই প্ৰেম তাইৰ এতিয়াও হোৱা নাই। নিজৰ ওচৰতে তাই বৰ অসহায় হৈ পৰে। তাইৰ চৌপাশৰ মানুহবোৰৰ সম্পৰ্কবোৰ এনেকৈয়ে চলি আছে। সম্পৰ্কবোৰৰ ফাটবোৰ ঢাকিবলৈকে বহু মানুহে এনিভাৰচেৰী পাতে, বছৰটোৰ শেষত দূৰলৈ ফুৰিবলৈ যায়, ছ’চিয়েল মিডিয়াত সুন্দৰ সুন্দৰ কেপচন আঁৰি ফটো দিয়ে। বন্যাই কোনো ধৰণৰ জটিলতা বিচৰা নাছিল জীৱনত। কিন্তু তাই নিবিচৰাকৈয়ে তাইৰ জীৱনটো জটিল হৈ পৰিল। সমাজ, মানুহ, মানুহৰ সম্পৰ্কবোৰ ইমান জটিল আৰু কুটিল যেন লগা হৈছে তাই লাহে-লাহে। তাই যেন জালত বন্দী এটা চৰাই। মনৰ জালখনত ছটফটাই-ছটফটাই পাৰ হৈ গৈছে থাকে তাইৰ এক এক লহমা, এটা এটা দিন।

ঘড়ীত এতিয়া প্ৰায় ১১ বাজিছে। বন্যাৰ দেউতাক এতিয়ালৈকে ঘৰলৈ অহা নাই। নাহিবও পাৰে ! একো ঠিক নাই। বন্যা ভাত-পানী খাই আজৰি হৈ বিচনাত পৰিছে। আৰু এঘন্টাৰ পিছতেই ২২ ডিচেম্বৰ। অৰ্থাৎ তাইৰ জন্মদিন। জন্মদিনক লৈ তাইৰ মনত সৰুৰে পৰাই একো উচাহ নাছিল। আগতে মাক থাকোঁতে অৱশ্যে জন্মদিনৰ দিনা তাই ভালপোৱা আৰু তাইৰ প্ৰয়োজনীয় বস্তু এটা উপহাৰ হিচাপে দিয়ে। তাই নিজৰ প্ৰতি তেনেই অসচেতন।তাই নিজৰ বন্ধু-বান্ধৱীবোৰৰ প্ৰতিও বৰ উদাস।তাইৰ দৰে ছোৱালী এজনীৰ জন্মদিন কোনেনো মনত ৰাখিব! অৰ্ণৱে ৰাখিব। কিন্তু কিমান দিনলৈ মনত থাকিব….যিমান দিনলৈকে এই মোহ থাকিব সিমান দিনলৈকে। মৃণ্ময়ৰ বাৰু মনত আছেনে তাইৰ জন্মদিনটো! হয়তু নাই। কিন্তু থকাটো তাই বিচাৰিছে ক’ৰবাত নহয় ক’ৰবাত। কিন্তু পিছ মূৰ্হুততে তাই ভাৱিলে দুটামান শব্দই দিব পাৰে জানো জীৱন যোৰা আশ্বাস অথবা ভৰশা! তেনেহ’লে তাই জানি-বুজিও কিয় সৰু ছোৱালীৰ দৰে কৰিছে। নিজৰ ওপৰতে খং উঠিল। কাৰ ইমান গৰজ যে তাইক জন্মদিনৰ শুভেচ্ছা দিবলৈ ৰাতি সাৰে থাকিব! আজি শুক্লা ত্ৰয়োদশী। নাৰিকল পাতৰ মাজেৰে চাকি অহা জোনৰ পোহৰ পৰি বন্যাৰ মুখখন বৰ স্নিগ্ধ যেন দেখাইছে। ব্যস্ত চহৰখন ভাগৰি শুই পৰিছে। কিন্তু বন্যা‌ চেষ্টা কৰিও শুব পৰা নাই। কিহৰ অপেক্ষাত এই ছাটিফুটি! তায়ো জানে অহেতুক এই অপেক্ষা, এই আশা। তথাপি….

তাইৰ ফোনৰ স্ক্ৰীণখন উজ্বলি উঠিল।তাই খপজপকৈ ফোনটো খুলি চালে। অৰ্ণৱৰ মেছেজ —-

কি দি পুৰাইছিলো তোমাৰ শৈশৱৰ বালিঘৰ
পদূলিৰ একাষত উচুপি থকা জৱাফুলৰ আঁৰত
জিলিকাই ৰখা ‘তোক তোল মোৰ সোণ…’

পকা ধান এটাৰ দৰে তুমি সোণ হৈ জিলিকি আছা
সৰা হালধীয়া পাত এখিলাৰ দৰে দেউকা মেলি উৰি আছা
এই অপাৰ আকাশৰ বক্ষত
কোনে জানে আমি ক’লৈ গৈ আছোঁ!

ধূলিয়ৰি পৃথিৱীৰ একো একোটা আমি দেউকা ভগা বালিমাহী
প্ৰেমত পৰিছোঁ আৰু হিয়া উজাৰি কান্দিছোঁ

বিশটা বসন্তৰ বাউসীত সৰিয়হ এডৰাই জকমকাইছে
বিশটা শীতৰ শেষত মোৰ বুকুত নৈ এখনি বৈছে
বিশখিলা কাগজ নষ্ট কৰাৰ পিছত আকৌ জন্ম হৈছে
তোমাৰ হাতত ধৰি এটি কবিতাৰ

আকৌ কেতিয়াকৈ ল’গ হ’ম আমি?

যদি কোনোদিনেই দেখা-দেখি নহওঁ
কোনোদিনেই যদি তোমাৰ আঙুলিৰ আঁৰত নিজক বিচাৰি নাপাওঁ!

গেঁৰধৰা ধানৰ থোক এটি হাতত লৈ তোমালৈ মনত পেলাম

আকাশলৈ চায় গুপুতে আওঁৰাম

‘শুভ জন্মদিন৷’

বন্যাৰ মুখত আপোনা আপুনি এটা হাঁহি ওলাই আহিল। অৰ্ণৱেই লিখিছেনে এইটো! বিশ্বাস কৰিবলৈকে টান। বন্যাই বাৰে-বাৰে পঢ়িছে বাক্য কেইশাৰী।শব্দবোৰ যেন তাইৰ হৃদয়ৰ খাঁজে-খাঁজে সোমাই পৰিব। নাই নাই– এইবোৰ কি ভাবিছে তাই। বন্যাই নিজকে সংযত কৰে। প্ৰেমৰ জ্বালা এবাৰ পাই থৈছে তাই। আকৌ এবাৰ সেইবোৰত সোমাবলৈ নাই। নিজৰ কেৰিয়াৰ গঢ়াৰ সময় এইয়া। বাকীবোৰ সময়ত নিজে নিজে হৈ যাব। বন্যাই ম’বাইলত মেচেজ এটা টাইপ কৰি অৰ্ণৱলৈ পঠিয়াই দিলে—

” বহুত ধন্যবাদ। পিছে বেছি আশা কৰি বহি নাথাকিবা। মনত ৰাখিবা- মই নদী হয়, সকলোকে পাৰত এৰি থৈ গুচি যাওঁ।মোৰ সমুখলৈ আহিবলৈ যে চেষ্টাই নকৰিবা, উটুৱাই লৈ গুচি যাম।”
অৰ্ণৱৰ উত্তৰ আহিল–
” মই গছ। যিমানখিনি সময়লৈকে পাম তোমাক ছাঁ দিম, অক্সিজেন দিম। আকৌ কেতিয়াবা উভতি আহিব বিচাৰিলে মোক সদায় এইখিনি ঠাইতে পাবা।”

বন্যাক আচৰিত কৰি তাইৰ ফোনৰ স্ক্ৰীণখন বাৰে-বাৰে জিলিকি উঠিল। শুভেচ্ছা আৰু মৰমৰ বাৰ্তাবোৰে তাইক সতচকিত কৰি তুলিলে। তাই এফালৰ পৰা ৰিপ্লাইবোৰ দি গ’ল। তাই খিৰিকীখনেৰে আকাশখনলৈ চালে — জোনবাইৰ কাষে কাষে অনেক থুপি থুপি তৰা। তাইৰ জলালুদ্দিন ৰুমিৰ কবিতা এষাৰি মনলৈ আহিল— মানুহে আকাশৰ তৰালৈ তেতিয়াই চাই যেতিয়া পৃথিৱীত তেওঁৰ কিবা এটা হেৰাই যায়।


পুৱা যথেষ্ট পলমকৈ সাৰ পালে বন্যাই।তেতিয়ালৈ দেউতাক ঘৰলৈ আহিল। তাইৰ ফোনটো এতিয়াও শুভেচ্ছা বাণীয়ে পোহৰ হৈ আছে। তাই মুখ-হাত ধুলে। চাহ কৰিলে। খালে। বন্যাই ঘড়ীটোলৈ চালে– ইমান দেৰি হ’ল! ঘৰুৱা সহায়কাৰী মানুহ গৰাকী এতিয়ালৈকে অহা নাই দেখোন। আনদিনা ইমান দেৰি কেতিয়াও নকৰে। বন্যাই তেওঁ নাহে বুলি ধৰি লৈ ভাত-পানী ৰন্ধাৰ যা-যোগাৰ কৰিবলৈ বুলি পাকঘৰত সোমাল।

পাঁচ মিনিট মান পাৰ হৈ যোৱাৰ পিছতে কান্দি-কাতি মানুহগৰাকী আহি ওলালহি। গিৰিয়েকে হেনো কালি ৰাতি বেয়াকৈ মাৰপিট কৰিলে। ঘৰৰ ওচৰৰে কোনোবা মানুহ এজনীৰ লগত গিৰিয়েকৰ অবৈধ সম্পৰ্ক। তাকে লৈ কালি কাজিয়া হৈছিল। মানুহজনী পুৱাই থানালৈ গৈছিল। থানাত পুলিছে কেচ খেলিবলৈ ক’ত পইচা পাবি বুলি ঘূৰাই পঠিয়াই দিলে ঘৰলৈ।

বন্যাই জিলা ন্যায়িক অধিকৰণৰ বিষয়ে জানে, যাৰ জৰিয়তে এনেধৰণৰ দুৰ্বল মহিলা সকলে আইনী সাহাৰ্য লাভ কৰে। আজিকালি এই ক্ষেত্ৰত কাম কৰি থকা দুই-এটা এন জি অ’ৰ বিষয়েও জানে। কিন্ত তাই এইটো জানে যে তাই গিৰিয়েকৰ বিৰুদ্ধে কেচ দিয়াৰ লগে লগে গিৰিয়েকে তাইৰ হাতে-ভৰিয়ে ধৰিব আৰু তাইৰ মন গলি যাব। তাৰ দুদিনৰ পিছতে সেই একেই মাৰপিট , কাজিয়া আৰম্ভ হ’ব। বন্যাই মানুহজনীক দোষ দিব বিচৰা নাই। মানুহ যিমানেই জনা-বুজা শিক্ষিত নহওঁক কিয় কোনো এক বিন্দুত সকলো মানুহেই দুৰ্বল হৈ পৰে। আনহে নালাগে তাই নিজৰ মাককে কিমান বুজাইছিল দেউতাকৰ সৈতে আইনী প্ৰক্ৰিয়াৰে সম্পৰ্ক ত্যাগ কৰিবলৈ। মাকৰতো নিজা উপাৰ্জন আছিল। তথাপি মাকে নোৱাৰিছিল। বন্যাই বুজি পাই এই সকলোবোৰ কথা। কৰোঁ বুলিও তাই একোৱেই কৰিব নোৱাৰে। অথচ চাই থকাও বৰ যন্ত্ৰণাদায়ক। বৰ অসহায়….বৰ অসহায় এই সময়।

বন্যাই আগতে মাকৰ ওপৰত প্ৰায়ে খং কৰিছিল। কোনোবা সময়ত মাকক দেউতাকৰ প্ৰতি দুৰ্বল যেন অনুভৱ কৰিছিল। তাই মাকক বিভিন্ন ধৰণে বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু মাকে একো নামাতিছিল মুখেৰে। আনকি দেউতাকৰ আন এগৰাকী মানুহৰ সৈতে থকা অবৈধ সম্পৰ্ককো মাকে লাহে-লাহে স্বাভাৱিক ভাৱেই মানি লৈছিল। মাকে কৈছিল তাইক —

“মানুহৰ সকলো সম্পৰ্কই নদীৰ দৰেই পৰিৱৰ্তনশীল। কোনো সম্পৰ্কই সদায় একে নাথাকে। সেই বাবে নিজৰ জীৱনৰ সুখ সম্পৰ্কৰ মাজত নিবিচাৰি নিজৰ কামৰ মাজত বিচাৰিব লাগে, নিজৰ মাজত বিচাৰিব লাগে।”

এৰা! গীতাতো কোৱা হৈছে নিজৰ কৰ্মত আত্মোৎসৰ্গৰ বিষয়ে। কিন্তু এইখিনি কথা বুজিব পৰাৰ সামৰ্থ জানো সকলোৰে থাকে! এই সহায়কাৰী লিখা-পঢ়া নজনা মানুহজনীয়ে জীৱনত কেতিয়াবা “মই”টোক অনুভৱেই কৰি পোৱা নাই। মানুহজনীৰ বাবে মানুহজনীৰ চাৰিকোণীয়া কোঠাটোৱেই তাইৰ পৃথিৱী। এতিয়ালৈ অন্তত: বন্যাই বুজি উঠিছে চিনেমাৰ ইন্টাৰভেলৰ দৰে সলনি নহয় মানুহৰ জীৱন। চিনেমাৰ দৰে এজনী নাৰীয়ে সকলো ত্যাগ কৰি সলনি কৰি পেলাব নোৱাৰে নিজৰ জীৱন। নিজ হাতেৰে গঢ়া পৰিয়ালটোৰ প্ৰতি এক বুজাব নোৱাৰা তান থাকে। লাহে-লাহে এই পৰিয়ালটোৱেই তেওঁৰ জীৱন হৈ পৰে, জীয়াই থকাৰ অজুহাত হৈ উঠে।

বন্যাই খিৰিকীখনৰ কাষত আহি ৰয়হি। ফৰকাল আকাশখনত মুকলি মনেৰে এজাক চৰাই উৰি গৈছে‌। খিৰিকীখনৰ কাষতে তাইৰ অকণমানি ফুলনিখন। এইবোৰক চাই চাই খন্তেক সময়লৈ সকলো চিন্তা পাহৰি যাব পাৰি। আকাশখনলৈ চাই চাই বন্যাই অনুমান কৰিবলৈ চেষ্টা কৰিলে সাগৰ এখন কিমান ডাঙৰ হ’ব পাৰে! তাই মাকৰ সৈতে সাগৰ চাবলৈ যোৱাৰ হেঁপাহ কিমান দিনৰ পৰা যে পুহি ৰাখিছিল! অথচ মাকে সাগৰখন নেদেখাকৈয়ে গুচি গ’ল এই পৃথিৱীৰ পৰা। বন্যাই প্ৰথমবাৰৰ বাবে মৃত্যুক ইমান কাষৰ পৰা দেখিছিল…জীৱনৰ চৰম সত্যটোৰ প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল তাই।

সময় বাগৰিছিল। মাকহীন অস্বাভাবিক জীৱনটো লাহে-লাহে স্বাভাৱিক হৈ উঠিছিল তাইৰ বাবে। দায়িত্ব বাঢ়ি গৈছিল তাইৰ। অকলশৰীয়া সময়বোৰ নাযায়-নুপুৱাই যেন লাগি গৈছিল মাজে-সময়ে। কিন্তু আজিকালি এই একাকীত্বক উপভোগ কৰিবলৈ লৈছে তাই। নিজৰ লগত সময় কটাই মনৰ মাজৰ কুঁৱলীবোৰ আঁতৰাই মনৰ বাটটো ফট্ফটিয়াকৈ দেখিবলৈ পাইছে তাই। তাই এতিয়া ভালদৰে জানে — তাই কি ভাল পাই, তাই কি বিচাৰে, তাই কি কৰিব ভৱিষ্যতে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here