খিৰিকীৰে দেখা আকাশখন – ২

স্ৰোতস্বিনী তামুলী

ধীৰে ধীৰে শীত নামিছে। আনবাৰৰ দৰেই এইবাৰো। বন্যাই আলমাৰীৰ এচুকত ভৰাই থোৱা গৰম কাপোৰ বোৰ উলিয়াই আছে। যোৱা বছৰ এই পৃথিৱী এৰি যোৱা মাকৰ চোৱেটাৰবোৰ , ৰং-বিৰঙী শ্বলবোৰ সামৰি থোৱাৰ ভাগেই আছে। বন্যাই লাহে-লাহে কাপোৰৰ জাপটোৰ ফালে হাতখন আগবঢ়াই নিলে। ইমান চেঁচা! সেইদিনা বগা কাপোৰখনৰ ফাঁকেৰে অকণমানকৈ ওলাই থকা মাকৰ চেঁচা হাতখন স্পৰ্শ কৰোঁতে তাইক যেন পৃথিৱীৰ সমস্ত শীতলতাই হেঁচা মাৰি ধৰিছিল। তাই লৰচৰ কৰিব নোৱাৰাকৈ জঠৰ হৈ পৰিছিল।সেই চিতাৰ জুইকুৰাও আছিল বৰফতকৈ চেঁচা। তাৰ কাষত ৰৈ থাকোঁতে বৰফৰ কণাবোৰে যেন হানি-ঘুচি থকা-সৰকা কৰিছিল তাইক।

গৰম চাহ একাপ হাতত লৈ তাই বাৰাণ্ডাতে বহিল। দেউতাক অফিচৰ পৰা আহিবৰ সময় হৈছে। অৱশ্যে কিবা কাম থাকিলে পলমো হ’ব পাৰে।বন্যাৰ সমুখত শীৰ্ণ লঠঙা গছবোৰ। মাটিত পৰি থকা ফুলৰ পাহিবোৰে দুনাই ফুলি উঠিব নোৱাৰাৰ কথা বাৰে বাৰে মনত সোঁৱৰাই দিছে। তথাপি অপেক্ষা বসন্তৰ। বসন্তৰ আশাৰেই পাৰ কৰা যায় শীতৰ যাতনা। এইবাৰৰ শীত তাইৰ বাবে বিলাস নহয়। স্মৃতিবোৰে পুৰণি বিষৰ দৰে ওক দিছে।এইবাৰ শীতত গাহৰিৰ মাংস নাই, কম্বলৰ তলত সোমাই ” মাছটেংগ” (mustang) অথবা “লিটল ৱ’মেন” ( Little Women)ৰ দৰে চিনেমা চাই সিঁহৰিত হোৱাৰ অৱকাশ নাই। এই শীতক নীৰাৰ একাকীত্ব আৰু নিসংগতাৰ ঋতু যেন অনুভৱ হ’ল… অথবা অপেক্ষাৰ….. !

তাইৰ মনত পৰিল চাৰিবছৰ মান আগেয়ে জুলাই মাহৰ কোনো এটা উৎকত গৰম দিনত মাকক লৈ তাই গুৱাহাটীলৈ আহিছিল। মাকৰ অৱস্থা গুৰুতৰ আছিল। হেমোগ্ল’বিন ৪.৩ লৈ নামিছিল। খালেই বমি হৈছিল। পেটত পানীৰ বাহিৰে একো ৰোৱা নাছিল। থাইৰড,ইউৰিক এচিড সকলো অভাৱনীয় হাৰত বাঢ়ি গৈছিল। তেজ কমিছিল বাবে ঘৰৰ ওচৰৰে হস্পিতেলখনত দুই ইউনিট তেজ দিয়া হৈছিল মাকক। ঘৰলৈ আহি তেজ নাইকিয়া হোৱাৰ বাবে কলডিল, কচুশাক, কাচকল আদি খুব খাবলৈ দিয়া হৈছিল। লগতে বিভিন্ন ফলমূল, গাখীৰ আদিও খোৱা হৈছিল। কিন্তু যিয়েই খাইছিল অলপ পিছতে বমি হৈ ওলাই গৈছিল। মাকৰ অৱস্থা দিনে-দিনে বেয়াৰ ফালে ঢাল খাবলৈ ধৰিলে। কিন্তু মাকে তাৰ মাজতো ঘৰৰ কাম-কাজবোৰ যিমান পাৰে কৰি গৈছিল। ইফালে নিজৰ চাকৰিটো আছেই। মাকক ওচৰ-চুবুৰীয়া, সহ শিক্ষক সকলোৱে এবাৰ গুৱাহাটীলৈ গৈ ভালদৰে দেখুৱাই আহিবলৈ বাৰে-বাৰে কৈছিল। কিন্তু ঘৰখন এৰি গুৱাহাটীলৈ ইমান দিনৰ বাবে যোৱাৰ কথা তাইৰ মাকে ভাবিবই পৰা নাছিল। দেউতাকৰ খোৱা-বোৱা, বন্যাৰ স্কুল, নিজৰ চাকৰি। বছৰটোত বাৰ দিনহে ছুটি পোৱা যায়। তাতে দুমাহমান আগতে বন্যাৰ পেহীয়েকৰ বিয়াৰ বাবে পাঁচদিন ছুটী লৈছিল। তাতকৈ ডাঙৰ কথা বন্যাৰ দেউতাকক সকলো বস্তু সঠিক সময়ত আৰু সঠিক ঠাইত লাগিব। অকণমান হেৰ-ফেৰ হ’লেই লাগি যাব পাৰে হুলস্থূল। তেওঁৰ কাপোৰ-কানি ধুই ইস্ত্ৰি কৰি আলনাত থ’ব লাগিব। তেওঁ হাত মেলোতেই ঘড়ী, পাৰ্চ, ফোন সকলো পাব লাগিব। নীৰাই সেইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব। এইটো বছৰ জীৱনৰ যথেষ্ট গুৰুত্বপূৰ্ণ বছৰ। বন্যা পঢ়া-শুনাত ভাল। স্কুলখনে তাইৰ পৰা ভাল ফলাফল এটা আশা কৰিছে। গতিকে এনেকুৱা সময়ত নিজৰ কথা চিন্তা কৰি গুৱাহাটীলৈ যাবলৈ তেওঁৰ মনে নক’লে।

ৰাতিবোৰ চিন্তাত পাৰ নোহোৱা হৈছিল। বন্যা আৰু মাকে ওচৰ-পাজৰে পোৱা প্ৰায় সকলো ডাক্তৰকেই দেখুৱালে। কিন্তু সৰু সৰু ঠাইবোৰত ইউৰোলজিষ্ট বা নেফ্ৰ’লজিষ্ট পোৱা নাযায়। যিজন ডাক্তৰকেই দেখুৱাইছিল তেৱেঁই মাত্ৰ অতি সোনকালে গুৱাহাটী লৈ গৈ ভাল ডাক্তৰ এজনক দেখুৱাবলৈ কৈছিল। দেৰি কৰি থাকিলে পিছত ডাঙৰ বিপদ হ’ব পাৰে বুলিও কৈছিল। মনত অহৰহ সংশয় লৈ বুকুৰ মাজেৰে পাৰ হৈছিল প্ৰতিটো উশাহ-নিশাহ। তাইৰ মাক যেন লেহুকা গছৰ ভাগি পৰো পৰোকৈ লাগি থকা ঠুনুকা ডাল এটা। ৰাতি বিচনাত বন্যা আৰু মাকে এইবোৰ কথাকে পাতি পাতি টোপনি গৈছিল। কথাবোৰে লতাৰ দৰে পাক খাই খাই আৰু বেছি জয়াল কৰি পেলাইছিল নিমাওমাও ৰাতিবোৰক। বন্যা শুই যোৱাৰ পিছতো বহু সময়লৈকে মাকৰ টোপনি নাহিছিল। বন্যাই কিতাপ-পত্ৰ বান্ধি নি তাতো যেনে-তেনে পঢ়িব বুলি মাকক আশ্বাস দিছে। তাইৰ মতে মাকৰ চিকিৎসাৰ বাবে তাইৰ এটা‌ বছৰ নষ্ট হ’লেও তাইৰ একো আপত্তি নাই। বন্যাৰ কথাবোৰত মাকে সাহস পায়। এই অকণমানি ছোৱালীজনীয়ে যেনেকৈহে কথাবোৰ কয় তাই যেন সকলো জানে, সকলো চম্ভালিব পাৰে! কিন্তু বন্যাৰ দেউতাক! তেওঁ বেমাৰ সংক্ৰান্তীয় কিবা কথা ওলাব পাৰে বুলি কিছুদিনৰ পৰা বেছ গহীন হৈ আছে আৰু ব্যস্ততাৰ অজুহাতেৰে এই সকলো কথা-বতৰাৰ পৰা কৌশলেৰে আঁতৰি আছে। এনেকুৱা সময়বোৰতে নিজকে বৰ অসহায় যেন লাগে। অনবৰতে সাহস দি থকা বন্যাজনী আছে বাবেই যেন তেওঁ যেন জীয়াই আছে। নহ’লে চাগে এটি মৃত প্ৰতিমা আৰু তেওঁৰ মাজত একো পাৰ্থক্য নাথাকিলে হেতেন। বন্যাই তেওঁক সেইবোৰ সপোন দেখুৱাই যিবোৰ তেওঁ কলেজত পঢ়ি থকাৰ সময়ত দেখিছিল। সাগৰ দেখা, বৰফ চোৱা, পাহাৰ বগোৱা, বিমানত উঠি যাত্ৰা কৰা‌ ইত্যাদি ইত্যাদি। মাকে জানে বন্যা তেওঁৰ দৰে নহয়, দেউতাকৰ দৰেও নহয়। বন্যা সাহসী,স্বাভিমানী আৰু নিজৰ প্ৰাপ্য আদায়ৰ বাবে যুঁজিব পৰা মানসিকতাৰ। তাই আনকি মাকৰ হৈ দেউতাকৰ লগতো তৰ্ক কৰে।

এদিন হঠাতে মাক বিদ্যালয়তে অচেতন হৈ ঢলি পৰিল। ততাতৈয়াকৈ মাকক চহৰৰ নাৰ্চিংহোম এখনত ভৰ্তি কৰোৱা হ’ল। কিন্তু তাত ডাক্তৰে অতি সোনকালে গুৱাহাটীলৈ লৈ যাবলৈ ক’লে। এম্বুলেন্স এখন ভাড়া কৰি বন্যাই মাকক লৈ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিলে। অনিশ্চয়তাৰে ভৰা গোটেই বাটছোৱা যেন দীঘল দীঘল হৈ হৈ শেষ নহ’বই কাহানিও…..সমুখৰ বাট ধুঁৱলী-কুঁৱলী….একোকে মণিব নোৱাৰি।

চাই থাকোঁতেই আন্ধাৰে পোহৰক খেদি নি আছে। বন্যাই বহাৰ পৰা উঠি গৈ খিৰিকীবোৰ জপাই দি ঘৰৰ ভিতৰৰ লাইট দুটামান জ্বলাই দিলে। পাকঘৰলৈ সোমাই অহা দুৱাৰ খনত এতিয়াও লাগি আছে মাকক ডাক্তৰে দিয়া ডায়েট লিষ্টখন —

খাব পৰা: স্কোৱাচ, অমিতা, লাও…..
খাব নোৱাৰা: নিমখ, বিলাহী,শাক ,নেমু…..
মাজে-মাজে খাব পৰা: …….

বগা কাগজখন মলিয়ন হৈ পৰিছে। সেই কাগজখনৰ প্ৰয়োজনো নাই এতিয়া ঘৰত। কিন্তু এৰুৱাই পেলাবলৈও সত নাযায়। মাকৰ তেনেকুৱা কিমান যে বস্তু ঘৰখনত আছে! বন্যাই সকলোবোৰ আগৰ ঠাইতে থৈ দিছে। যেন কোনোবাই সদায় আহি ব্যৱহাৰ কৰে সেইবোৰ। মাকে হেণ্ড এক্সাৰচাইজ কৰা স্পঞ্জৰ বলটো, দৰব থোৱা মৰমলগা অকণমানি বাকচটো আৰু আধা খোৱা দৰৱবোৰ, মাকৰ পানী বটলটো, স্কুললৈ নিয়া বেগটো সকলোবোৰ আগৰদৰেই থোৱা আছে। বহুতে পেলাই দিবলৈ কোৱাৰ পিছতো তাই পেলাব পৰা নাই। আনকি যিমানে দিন পাৰ হৈ গৈছে সেই বস্তুবোৰৰ প্ৰতি এক অনামী মোহ বাঢ়ি গৈছে। মানুহৰ মতে মাকে ব্যৱহাৰ কৰা বস্তুবোৰ দেখি থাকিলে বন্যাৰ মাকলৈ মনত পৰি থাকিব। কিন্তু তাইৰ মতে মাকৰ গোন্ধ ঘৰখনৰ প্ৰতিটো বস্তুতেই লাগি আছে। মাকে ৰুই থৈ যোৱা ফুল গছবোৰত, মাকে তাইক দিয়া উপহাৰবোৰত, মাক আৰু তাই মিলি কিনা ঘৰ-সজোৱা বস্তুবোৰত, মাকে নিজৰ নাম লিখি থোৱা কিতাপবোৰত, ডায়েৰীৰ পৃষ্ঠাত থকা মাকৰ আখৰবোৰত।

মাক ঢুকুৱাৰ পিছৰ সময়খিনিত তাই বাৰে মাকৰ ডায়েৰীৰ পৃষ্ঠাবোৰ পঢ়িছে, আখৰবোৰ চুই চাইছে। মাকৰ কাপোৰবোৰ হেঁপাহ পলুৱাই গুন্ধিছে। মাকৰ ফটোখনলৈ তাই আজিও ভালদৰে চাব নোৱাৰে। তাইৰ ফটোখনলৈ খং উঠে। এই ফটোখনেই তাইক সোঁৱৰাই থাকে মাকৰ অনুপস্থিতিৰ বিষয়ে।

তাই যেন আজিও মানি ল’ব নোৱাৰে মাক নাই বুলি। ডাঙৰ বিচনাখনৰ যিখিনি ঠাইত মাক শুইছিল তাই সেইখিনিত গাৰু দুটা দি মানুহ এজনীৰ দৰে কৰি লয়। কেতিয়াবা নিজৰ মনটোক ফুচুলাই ৰাখিবলৈকে বহু অৰ্থহীন কামো কৰিবলগীয়া হয়। এৰা! মনটোক বুজাই ৰখা বৰ কঠিন। মনটোক বুজাই ৰাখিবলৈকে এক ধৰণৰ অপেক্ষাৰ বৰ প্ৰয়োজন। কেতিয়াবা সেই অপেক্ষা মূল্যহীন আৰু নিৰৰ্থকো হ’ব পাৰে। বন্যাই নাজানে তাইৰ এই অপেক্ষা কাৰ বাবে, কিহৰ বাবে। কিন্তু এই অপেক্ষাৰ অবিহনে তাই তেনেই অসহায় যেন অনুভৱ কৰে। এই অপেক্ষাই তাইক জীয়ন দি ৰাখিছে।

বন্যাই মাকৰ হস্পিতেলৰ কাগজ-পত্ৰবোৰ এটা ফাইলত ধুনীয়াকৈ সামৰি ৰাখিছে। ডাক্তৰ, ফাৰ্মাচী আৰু বেজী দিবলৈ অহা মানুহ কেইজনৰ নম্বৰ এতিয়াও তাইৰ ফোনত চেফ হৈ আছে। এতিয়া যদিও অপ্ৰয়োজনীয় এইবোৰ….. তথাপি ডিলিট কৰা নহয়। কিয় কৰা নহয় বহু বাৰ ভাবিও তাই নিজৰ বাবে এটা উত্তৰ যোগাৰ কৰিব নোৱাৰে।

অকলশৰীয়া শীতৰ ৰিক্ত, শুকান গধূলিবোৰত বন্যা কেতিয়াবা অকলশৰে বাৰাণ্ডাখনত বহি থাকে। বন্যাই ফুলবোৰলৈ চাই– মাকে ফুলবোৰ বৰ যতনেৰে ৰুই থৈ যোৱা। ফুলবোৰক জীয়াই ৰাখিবলৈ তাই বৰ চেষ্টা কৰে। এইবোৰ কামত তাই একেবাৰেই পাকৈত নহয়। কিন্তু মাকৰ স্মৃতিবোৰ মচ খাই যোৱাৰ ভয়তে তাই যিমান পাৰে সিমান চেষ্টা কৰে গছবোৰক সাৰ-পানী দি জীয়াই ৰাখিবলৈ।

হস্পিতেলত মাকৰ লগত পাৰ কৰা সময়ছোৱাৰ স্মৃতিয়ে ৰাতি ৰাতি বন্যাক হেঁচা মাৰি ধৰেহি। বন্যাই বহু যত্ন কৰে কথাবোৰ মনলৈ নানিবলৈ। কিন্তু দুচকু জপাই দিয়াৰ লগে লগে তাইৰ সমুখলৈ হস্পিতেলৰ ৰোগীসকলৰ মুখবোৰ এখন এখনকৈ আহিবলৈ ধৰে। এফালে ৰোগীসকলৰ যন্ত্ৰণা আৰু কেবিনৰ বাহিৰত ৰোগীৰ আত্মীয়সকলৰ অন্তহীন অপেক্ষা….। অনিশ্চয়তাৰে ভৰি থকা থকা মুখবোৰেও মাজে-মাজে হাঁহে….বাতৰি কাকত এখন কিনি লৈ দেশৰ খবৰ লয়। নতুনকৈ হস্পিতেলত ভৰ্তি হোৱা ৰোগী এজনৰ যদি কিবা চিকিৎসা নোহোৱা দুৰাৰোগ্য বেমাৰ ধৰা পৰে, তেওঁলোকে বহুদিনলৈ মানিবই নিবিচাৰে সঁচা বুলি। লাহে-লাহে সত্যটোক স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰে আৰু সত্যক মানি লোৱাৰ পিছতে বুকুৰ মাজত গছ এজোপাৰ দৰে বাঢ়িবলৈ ধৰে এক আশা….আশা মানেই অপেক্ষা…। হস্পিতেলৰ কাষৰ মন্দিৰবোৰলৈ মানুহবোৰৰ সঘন অহা-যোৱা আৰম্ভ হয়। বন্যাৰ মাকৰ দৰে নাস্তিক মানুহেও শেষত চাৰি-পাঁচটা আঙঠি আৰু কঁকালত তাবিজ বান্ধিছিল। হস্পিতেলৰ প্ৰতিটো সৰু সৰু চুকতে মানুহে ভগৱানৰ ফটো আঁৰিছিল, চাকি জ্বলাইছিল।

মাজনিশাও কেতিয়াবা কান্দোনত গোটেই হস্পিতেলখন কঁপি উঠিছিল। বন্যাৰ মনত পৰে ডায়লাইচিচ কৰিবলৈ পত্নীৰ সৈতে এজন মানুহ আহিছিল। তেওঁলোকৰ লগত কেতিয়াবা অকণমানি ছোৱালীজনীও আহে। মানুহজনৰ পত্নীৰ লগত তাই কথা পাতিছিল। মানুহজনৰ অৱস্থা দিনে দিনে বেয়ালৈ গৈ আছে। সোনকালেই কিডনী সংৰোপনৰ ব্যৱস্থা নকৰিলে তেওঁৰ জীয়াই থকাৰ আশা ক্ষীণ। ডাক্তৰে হেনো খুব বেছি আৰু এমাহ সময় দিছে। ইফালে মানুহঘৰৰ থকা ঘৰটোৰ বাহিৰে আন একো সম্পত্তি নাই। সাঁচতীয়া টকাকেইটা ডায়লাইচিচৰ নামতে শেষ। প্ৰতি সপ্তাহত দুবাৰকৈ ডায়লাইচিচ কৰিব লাগে। কিন্তু যেনে-তেনে এবাৰ কৰিবলৈও টান পৰে। মানুহজনে ডায়লাইচিচ কৰি আহি জীয়েকৰ গালত হাত বুলাই মৰম কৰে। লাহে-ধীৰে তিনিও ঘৰলৈ খোজ ধৰে। বন্যাই নেদেখা হোৱালৈকে চাই থাকে তেওঁলোকক। তাৰ পিছত আৰু তেওঁলোকৰ কি হ’ল একো খবৰ নাপালে তাই। এনেকুৱা কিমান যে আধৰুৱা কাহিনী বন্যাৰ মনৰ মাজত শুই আছে নীৰৱে।

অপেক্ষা কেৱল অপেক্ষা নহয়। ই কেতিয়াবা জীয়াই থকাৰ অজুহাত। অৰ্থহীন…. অন্তহীন অপেক্ষা কিছুমানেৰে মানুহে নিজৰ মনটোক ফুচুলাই ৰাখিব পাৰে। মনৰ পৰা নাইকিয়া কৰি পেলাবলৈ সাহস নহয় বন্যাৰ এই অপেক্ষাক। এই অপেক্ষা মানুহৰ মাজত জীয়াই থাকে নে– নে এই অপেক্ষাই মানুহক জীয়াই ৰাখে? উদাস ৰাতিবোৰত, উমাল দিনবোৰত, জাৰত, জহত, সফলতা, বিফলতাত আৰু বেছি তীব্ৰ হৈ উঠে এই অপেক্ষা। গভীৰ অসহায়বোধে আৱৰি ধৰে। তাই আকাশখনলৈ চাই– নিজৰ ক্ষুদ্ৰ অস্তিত্বক অনুভৱ কৰে। মাকে যে হস্পিতেলৰ বিচনাত থাকোঁতে কৈছিল —
” মৃত্যু জীৱনৰ চৰম সত্য। ইয়াৰ বাহিৰে জীৱনৰ আন প্ৰতিশ্ৰুতি নাথাকে। এজন মানুহ মূহুৰ্ততে নাই, নাই মানে নায়েই আৰু….”

পৰহিলৈ বন্যাৰ মাকৰ জন্মদিন। মাকে চাকৰি কৰা স্কুলখনতে মাকৰ জন্মদিনটো পাতিবলৈ ঠিক কৰা হৈছে। মাকৰ স্কুলখনত প্ৰায় এটা বছৰে ভৰি দিয়া নাই তাই। পৰহিলৈ তাই তালৈ যাব লাগিব। কথাটো ভাবোতেই বুকুখন মোচৰ খাই তাইৰ। কেনেকৈ ইমানবোৰ স্মৃতিৰ মুখামুখি হ’ব তাই! শীততকৈ চেঁচা, পৰ্বততকৈ গধুৰ আৰু আকাশতকৈও শূণ্যতাৰে ভৰা এই সময়। তাৰ মাজতে এধানমান মনেসজা পোহৰ…. অপেক্ষা……।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here