খিৰিকীৰে দেখা আকাশখন – ৩

স্ৰোতস্বিনী তামুলী

বন্যাৰ একো কৰিবলৈ মন যোৱা নাই। মনটো কিবা ভালো লগা নাই , বেয়াও লগা নাই। এখিনি শূণ্যতাৰ মাজত যেন তাই ওপঙি ফুৰিছে। তাই বাৰে-বাৰে ফোনৰ স্ক্ৰীণখন চাইছে। মনটো একেবাৰে অস্থিৰ। একো কৰিবলৈ মন যোৱা নাই। তাই বিচনাখনত অলস ভাৱে পৰি থাকি দেৱালত ওলমি থকা ফ্ৰিডা কহলোৰ চেল্ফ-পৰট্ৰেইটখনলৈ একেথৰে চাই আছে। ফ্ৰিডা কহলোৰ বিষয়ে তাইক পোনপ্ৰথমে মাকেই কৈছিল। বহু কষ্টেৰে এই ছবিখন তাই সংগ্ৰহ কৰি বন্ধোৱাই থৈছে। ৰুমৰ সৰু মানি প্লান্ট জোপা বতাহত অলপ-অলপকৈ লৰি আছে।

হঠাৎ তাইৰ ফোনটো বাজি উঠিল — কস্তুৰীৰ ফোন। ফোনটো ধৰাৰ পিছতেই কান্দোনত ভাগি পৰা কস্তুৰীৰ মাতটো শুনা গ’ল। বন্যা আচৰিত! হঠাৎ কি হ’ল। আজি ৰাতিপুৱাই তাইক লগ পাইছে। সকলো দেখোন ঠিকেই আছিল। কান্দোনত ভাগি পৰাৰ বাবে তাইৰ কথাবোৰো তেনেই অস্পষ্ট হৈ উঠিছিল। বন্যাই তাইক অলপ ধৈৰ্য ধৰিবলৈ কৈ লৰালৰিকৈ তাইৰ ওচৰলৈ যাবলৈ ওলাল।

কস্তুৰীৰ ৰুমলৈ গৈ তাই গম পালে কস্তুৰী আৰু ছানিৰ ব্ৰেক আপ হৈছে। কস্তুৰী এজনী অত্যন্ত মেধাৱী ছাত্ৰী। এখন সৰু পিছপৰা গাঁৱৰ পৰা চহৰলৈ পঢ়িবলৈ আহিছে। ৰিজাল্ট-পাতিও যথেষ্ট ভাল। বন্যাই আৰম্ভণিৰে পৰা কস্তুৰী আৰু ছানিৰ সম্পৰ্কটোক সহজভাৱে ল’ব পৰা নাছিল। কিন্তু কস্তুৰীক মুখ খুলি কথাবোৰ কেতিয়াও ক’ব পৰা নাছিল। কিন্তু শেষত যিটো কথাৰ ভয় আছিল সেইটোৱেই হ’ল।

গধুৰ মন এটাৰে কস্তুৰীৰ ৰুমৰ পৰা বন্যা ঘৰলৈ আহিল। ছানিৰ ওপৰত উঠি থকা খং জাৰিবলৈ তাই অৰ্ণৱলৈ ফোন লগালে।

” তোমালোক মতা মানুহবোৰ নথকা হ’লে এই পৃথিৱীখন কিমান যে ধুনীয়া হ’ল হেতেন! তোমালোক চব একেই জানা।চৱ। কি পোৱা আনক ঠগি, কষ্ট দি? নিউজ পেপাৰখন মেলিব নোৱাৰি, ফেচবুক খুলিব নোৱাৰি– প্ৰত্যেক দিনাই এটা হ’লেও ৰেপ কেচ থাকিবই থাকিব।আকৌ যৌতুকৰ বাবে বোৱাৰীক জ্বলাই দিয়া, গিৰিয়েকৰ অত্যাচাৰ সেইবোৰ আছেই। ৰাস্তাৰে শান্তিৰে খোজ কাঢ়ি যাব নোৱাৰি,ৰাতি অলপো পলম কৰিব নোৱাৰি,, বাছ ৰে’ল, আনকি নিজৰ ঘৰ, নিজৰ পৰিয়ালৰ মাজতেই আমি সুৰক্ষিত নহয়। এই গোটেই সমস্যাবোৰৰ মূলতে তোমালোক মতা মানুহবোৰ। “

” এক মিনিট ! ছানি আৰু কস্তুৰীৰ ব্ৰেক আপ হ’ল — তোমাৰ বেয়া লাগিছে। বুজিছো। কিন্তু সেইবুলিয়েই তোমাৰ দৰে এজনী জনা-শুনা ছোৱালীৰ মুখত এনেধৰণৰ immature কথা শুনিবলৈ পাই বেয়া লাগিছে।কেৱল পুৰুষসকলহে বেয়া আৰু সকলো নাৰীয়েই ভাল বুলি তুমি ক’ব পাৰিবা জানো! কিছুমান শাহুৱেকে জানো বোৱাৰীক যৌতুকৰ বাবে অত্যাচাৰ নকৰে।যিজনে অপৰাধ কৰে একমাত্ৰ তেওঁ অপৰাধী। পৃথিৱীত এনে বহুসংখ্যক পুৰুষ আছে যিসকলে নাৰী অধিকাৰ, সুৰক্ষাৰ দাবী জনাই আহিছে।”

বন্যা তভক মাৰি ৰ’ল। একো ক’ব নোৱাৰিলে তাই। খঙৰ ভমকত হ’লেও তাই সাধাৰণীকৰণ কৰি এনে ধৰণৰ কথা কোৱাটো উচিত নাছিল। নিজৰ ওচৰতে লাজ লাগিল তাই।

পৰিৱেশটো সহজ কৰিবলৈ অৰ্ণৱে লাহে লাহে কৈ গ’ল —

” তুমি জানানে ছোৱালীৰ দৰে আমি ল’ৰাবোৰেও ছেক্সোৱেল হাৰেছমেন্টৰ সন্মুখীন হওঁ। সৰুতে মই নিজেই কেইবাবাৰো এনেধৰণৰ ঘটনাৰ চিকাৰ হৈছোঁ। কেতিয়াবা নাৰীৰ হাতত আৰু কেতিয়াবা পুৰুষৰ হাতত। প্ৰেমৰ ক্ষেত্ৰত আজি কস্তুৰীৰ যিটো অৱস্থা হৈছে নীলাক্ষিয়ে কোনো কাৰণ নোহোৱাকৈ মোক এৰি যোৱাৰ সময়ত মোৰো একেই অৱস্থাই হৈছিল। সেই অৱস্থাৰ পৰা ওলাই আহিবলৈ মোক বহু সময় লাগি গৈছিল। ছোৱালীৰ প্ৰতি মোৰ মনতো নেতিবাচক ধাৰণা গঢ় লৈ উঠিছিল। কিন্তু সময়ৰ লগে লগে সেইবোৰ নোহোৱা হ’ল। মই বুজি পালোঁ এইখন পৃথিৱীতে তোমাৰ দৰে ছোৱালীও আছা। “

” ছানিৰ বোৱাৰীগৰাকীৰ লগত থকা এই অবৈধ সম্পৰ্কটোৰ কথা তুমি জানিছিলা?”
“উমম্!!”
” তেনেহ’লে মোক ইমান দিনে কোৱা নাছিলা কিয়?”
“আনৰ কথা আলোচনা কৰি মই বেয়া পাওঁ বুলি জানাই। তাতে এইবোৰ মোৰ কথাই মোক আজিকালি আচৰিত কৰিব নোৱাৰে। বহু মানুহৰ বহু কথাই তোমাক কোৱা নাই। ক’বলগীয়া বুলিও ভৱা নাই। “
এনেধৰণৰ কথাবোৰৰ প্ৰতি হয়তো সকলোৰে এক অজান কৌতুহল থাকে। কিন্তু জানিবলৈ ইচ্ছা থাকিলেও বন্যাই তাক একো সুধিব নোৱাৰিলে। বন্যা স্বভাৱতে অলপ গহীন, অলপ লাজকুৰীয়া। কথাখিনিৰ গতি সলাই বন্যাই তাক ক’লে –
” কাইলৈ নদীৰ পাৰলৈ ওলাবা সূৰ্যাস্ত চাবলৈ যাম। পাৰিলে কস্তুৰীকো লৈ যাম। তুমিও আহিবা।”
” কাইলৈ ৱাল মেগাজিনৰ কাম আছে। তথাপি সোনকালে আজৰি হৈ পাৰিলে যাবলৈ চেষ্টা কৰিম। কিন্তু মই যিমানদূৰ জানো আজিলৈকে তুমি সূৰ্যাস্ত চাবলৈ অকলেই যোৱা। এইবাৰ আমাক নিয়াৰ কথা ভাবিছা যে! “

” লাহে-লাহে অকলশৰীয়া জীৱনটোক আমনি লগা হৈছে জানা। সৰুতেই জীৱনটোক জুৰ কৰি এনে এটা ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ। কাৰণ মই মানুহক ভয় কৰিছিলোঁ। কিন্তু এতিয়া লাহে-লাহে যেতিয়া মোৰ পৃথিৱীখনৰ আকাৰ বাঢ়ি আহিল, সেই অজান ভয়টো মোৰ মনৰ পৰা নাইকিয়া হৈ যাবলৈ ধৰিছে।”

এনে সময়তে অৰ্ণৱ বন্যাৰ প্ৰতি দুৰ্বল হৈ পৰে। ইমান পঢ়া-শুনা কৰা, পেপাৰে-পত্ৰই ইমান ডাঙৰ ডাঙৰ কথা লিখা ছোৱালীজনীক একেবাৰে ফুল এপাহৰ দৰে আলসুৱা যেন লাগে তাৰ। কিন্তু সি তাৰ মনৰ ভাৱ প্ৰকাশ কৰিলেই বন্যা সচেতন হৈ যাব নিজক লৈ। তাই ভাৱিব তাইক সি দুৰ্বল বুলি ভাৱিছে। তাইৰ মনৰ পৰা লাহে-লাহে ভয়বোৰ আঁতৰি যাবলৈ ধৰিছে। এদিন সকলোবোৰ ভয় আঁতৰি যাব বুলি সি আশা কৰে। সি এই কথাও জানে যে তাইৰ ইচ্ছা থাকিলেও তাইৰ মনৰ সেই ভয়টোৱেই তাক ক’ব খোজা কথাবোৰ হেঁচা মাৰি থৈ দিয়ে। এই ভয়ৰ জালখনৰ পৰা ওলাই আহি তাই এদিন আকাশত চৰাইৰ দৰে উৰিব আৰু সি তলৰ পৰা তাইক হেঁপাহ পলুৱাই চাই থাকিব।


সমুখেৰে শান্ত, সমাহিত নৈখন বৈ গৈছে। গোটেই আকাশখন হেঙুলীয়া বৰণ হৈছে। দূৰৈত সৰু সৰু কেইখনমান নাও।

বন্যা, অৰ্ণৱ আৰু কস্তুৰী নৈৰ পাৰৰ বালিত বহি আছে। নৈৰ কুলু কুলু শব্দৰ বাহিৰে আন একোৱেই শব্দ নাছিল। শব্দই এটা সময়ৰ বাবেহে ক’ব পাৰে। নীৰৱতাই যি কয় সেইয়া অনন্ত কালৰ বাবে ৰৈ যায়।

” এনেকুৱা পৰিৱেশত তোমাৰ কি মনলৈ আহে?” বালিত খোজ কাঢ়ি কাঢ়ি বন্যাই অৰ্ণৱক সুধিলে।

” আমি যে কিমান সৰু এই প্ৰকৃতিৰ ওচৰত, কিমান তুচ্ছ সেইকথাই অনুভৱ কৰোঁ। তুমি?”

নৈখনৰ ফালে আগবাঢ়ি গৈ পানীত নামি তালৈ চাই হাঁহি মাৰি ক’লে –
” এই যে পানীখিনি — যি মোৰ ভৰি তিয়াইছে সেই পানীখিনিয়ে আকৌ মোৰ ভৰি কেতিয়াও নিতিয়ায়।”

কস্তুৰীয়ে তাইৰ ওচৰলৈ আহি সাৱটি ধৰি তাইক ক’লে – ” এই যে আমি এনেকৈ কথা পাতিছো, হাঁহিছোঁ এই ধুনীয়া সময়খিনিও আৰু কেতিয়াও ঘূৰাই নাপাওঁ। “

অৰ্ণৱে লৰালৰিকৈ ম’বাইলটো লৈ লৰালৰিকৈ দুয়োজনীৰে কেইবাখনো ফটো তুলিলে। ফটোকেইখন তুলি থাকোঁতে অৰ্ণৱৰ ‘দ্য ফটোগ্ৰাফ’ কবিতাটোৰ কথা মনলৈ আহিল। ২৫-৩০ বছৰৰ পিছত এই ফটোকেইখন চাই কস্তুৰী আৰু বন্যা কবিতাটোৰ দৰেই ৰোমাঞ্চিত হ’ব নে চাগে!

কস্তুৰীৰ মনটো অলপ মুকলি যেন দেখি বন্যাৰ ভাল লাগিল। লাহে লাহে সময়ে বুকুৰ খালী ঠাইবোৰ পূৰাই দিব বুলি বিশ্বাস বন্যাৰ। জীৱনৰ চৰম সত্যবোৰে জীৱনৰ গতি সলনি কৰি পেলাই কেতিয়াবা। একেখন কলেজতে পঢ়া ছানিৰ কেনেকৈ মুখামুখি হ’ব তাই বন্যাই ভাৱি পোৱা নাই।

” তই অলপ দিনৰ বাবে ঘৰলৈকে যা নহ’লে! মনটোকে ভাল লাগিব পৰিৱেশটো সলনি হ’লে।”
” নালাগে। ক্লাছ খতি কৰিব নোৱাৰি। মোৰেই লোকচান হ’ব। মই সত্যটোক ইতিমধ্যেই মানি লৈছোঁ। মই পাৰিম। চিন্তা কৰিব নালাগে দে তই।”
” এইজনীহে আমাৰ ভাল ছোৱালী।” — হাঁহি মাৰি বন্যাই ক’লে।
” তোমালোকৰ ফটো কেইখন ৱাটছ ৱাপত দি থৈছোঁ দেই। বহুত সময় হ’ল। এতিয়া যাওঁ ব’লা।” — অৰ্ণৱে আঙুলি এটাৰে বাইকৰ চাবিটো ঘূৰাই ঘূৰাই ক’লে।
” ব’লা “

নৈখনৰ বালিবোৰত সিহঁত তিনিওৰে খোজৰ চিনবোৰ থাকি গৈছিল। বতাহবোৰত ৰৈ আহিছিল যৌৱনৰ সুৰভি। বেলি অস্ত গৈ জোন ওলাই আহিছিল। জোনৰ সেমেকা পোহৰতো নৈ পাৰৰ প্ৰাচীন নীৰৱতাখিনিত উজ্বলি আছিল তিনিওৰে হাঁহি।

কস্তুৰীৰ চাল-চলন অলপ দিনৰ পৰা সলনি হৈছে যেন বন্যাই অনুভৱ কৰিছে। অৰ্ণৱৰ লগতো তাই কথাটো আলোচনা কৰিছে। আগতে তাই অতি সাধাৰণ কুৰ্টি বা চুৰিদাৰ পিন্ধিছিল। জিনচ- চাৰ্ট পিন্ধাই আজিলৈকে দেখা নাছিল বন্যাই। কাপোৰ-কানিক লৈ তাইৰ মনত কিছু হীনমান্যতা ধৰা পৰিছিল বন্যাৰ চকুত। কিন্তু ছানিৰ সৈতে ব্ৰেক আপৰ দুসপ্তাহ মানৰ পিছতেই কলেজৰ ফাংচন এটালৈ ফেদেদ জিনচ আৰু ক্ৰ’প টপ পিন্ধি অহা কস্তুৰীক দেখি বন্যাই নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। দুদিনমানৰ পিছতে বন্যা কস্তুৰীৰ জন্মদিনৰ কেক লৈ তাইৰ ৰুমলৈ গৈছিল। কস্তুৰী ৰুমত নাছিল। তাইৰ ৰুমমেট তৃষাই বন্যাক কওঁ-নকওঁকৈ কস্তুৰী কোনোবা মানুহ এজনৰ সৈতে গাড়ীত জন্মদিন উদযাপনৰ বাবে গৈছে বুলি জনালে। বন্যা অতিশয় আচৰিত হৈ তৃষাক সুধিলে-
” কস্তুৰীৰ বয় ফ্ৰেণ্ড?”
” নাজানো। হয় চাগে।”
” তোমাক একো কোৱা নাই! “
“নাই। মই আজিলৈকে মানুহজনক দেখিবলৈকে পোৱা নাই। মাত্ৰ গাড়ীখন আহে। তাই ৰৈ থাকে আৰু গুচি যায়। প্ৰায়ে যায় ফুৰিবলৈ। মোক একোৱেই নকয় আজিকালি। সেয়ে মোৰো বেয়া লাগে সুধিবলৈ।”

কস্তুৰীৰ ৰুমৰ পৰা আহি থাকোঁতে গোটেই বাটটো তাই একেখিনি কথাকে পাগুলি থাকিল মনৰ মাজত। কস্তুৰীৰ হৈছে কি আচলতে! কস্তুৰীৰ মুখখন মনলৈ আহি থাকিল বাৰে-বাৰে — সলনি হৈছে — কস্তুৰীৰ মুখৰ আগৰ সেই সৰলতাখিনিৰ ঠাইত এতিয়া ঠাই লৈছে বিশ্বাসহীনতা আৰু প্ৰেমহীনতাৰ ক্ষোভে। তাই এতিয়া যিবোৰ কৰিছে সেইবোৰে এটাই কথা প্ৰমাণ কৰে যে তাই নিজকে বেয়া পাবলৈ আৰম্ভ কৰিছে, তাইৰ নিজকে অপচন্দ হৈছে। তাইৰ সৈতে কথাবোৰ মুকলিকৈ পাতিব লাগিব এদিন — প্ৰয়োজন হ’লে বুজাব লাগিব তাইক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here