খঞ্জৰ-ই-ইস্ক

জুৰি বৰুৱা

কুকাৰৰ হুইছেল আৰু বাউল । নিৰ্দোষীৰ চকু আৰু দালানৰ লকডাউন । অস্বস্তিত ভোগা কুলিৰ মাত । দাৱতবিহীন ঈদ । আৰু এই দীঘল বাটত খঞ্জৰ এখন হৈ বাঢ়ি অহা নিৰৱতা। চাৰা দুনিয়া যেনিবা কিনিয়ে পেলালা কিবা লাভ হ’ব বুলি ঘোষণা কৰিব পাৰিবা?
এই কথা আজি পদ্মাৰ মনলৈ কিয় আহে তাই নিজেও ধৰিব নোৱাৰে । তাইৰ চকু এতিয়াও ম’বাইল টাৱাৰৰ পাছফালে গলি যোৱা সূৰ্যাস্তত । টাৱাৰটোৰ খুঁটাবোৰৰ মাজেৰে দেখা সূৰ্যটোক কাটি ডোখৰ ডোখৰ হোৱা যেন লাগিছে পদ্মাৰ। তথাপি বিৰামহীন চেতনাৰে ক্ৰমশঃ সৰু হৈ গৈ আছে সূৰ্যটোৰ সুমথিৰা পোহৰ ।
গোটেই চাদখনলৈ পদ্মাই এবাৰ চায় । আকাশলৈ মুখ কৰি থকা চাদখন মুকলি যদিও ইয়াৰ ওপৰত জঁট লাগি থকা ৰছীবোৰত আৰ-তাৰ কাপোৰ । বতাহত কাৰোবাৰ কাপোৰ চাদৰ ওপৰতে গৃহহীন মানুহৰ দৰে পৰি আছে । কিছুমানত ক্লিপ লগোৱাৰ পাছতো চুঁচৰি গৈ গৰাকীবিহীন শৰীৰৰ দৰে ৰছীডালৰ একেবাৰে শেষ বিন্দুত থূপ খাইছেগৈ । অলপ আগলৈকে নানা আকাৰৰ কাপোৰবোৰৰ ওপৰত টাৱাৰটোৰ আকাশলংঘী ছাঁ পৰি আছিল । এতিয়া ছাঁটো চুটি হৈ পৰিছে । চুটি ছাঁটোৱে পদ্মাক কিবা এটা ইংগিত দিবলৈ আৰম্ভ কৰিছে । এই গলিবোৰৰ কাহিনীত ওখ টাৱাৰটোৰ চুটি ছাঁটো পদ্মাৰ উচ্চতাৰ সৈতে মিলি পৰিছে । আৰু পদ্মাক যেন ছাঁটোৱে সুধিব খুজিছে -‘কেনে আছা?’
ম’বাইল টাৱাৰটোত বহি থকা কাউৰী এজাক তেতিয়াই ধপধপাই উৰি গুছি যায় । পদ্মা চক খাই উঠে ।
এই গলিত চক খোৱাটো কোনো নতুন কথা নহয় । প্ৰথমবাৰ যেতিয়া তাই এই গলিত ভৰি দিছিলহি তেতিয়াও তাই চকেই খাইছিল । তাইৰ কপালত জুম বন্ধা আঁচবোৰলৈ চাই ৰুবীনা আপাই সুধিছিল

তই পাৰ্ট টাইম নে ফুল টাইম?
পদ্মাই ৰুবীনা আপাৰ প্ৰশ্নৰ উত্তৰ তেতিয়ালৈ একো বুজিয়ে পোৱা নাছিল। তাই কেৱল পুৰণি উৱলি যোৱা ইমাৰতখানাটোৰ পাছফালে ওখ হৈ থকা টাৱাৰটোলৈ চাইছিল।

ফুল টাইম যদি কান্দিবলৈ, চিঞৰিবলৈ ওপৰৰ চাদখন আছে । মৰিবলৈ গোটেই ইমাৰতখানা ।

কথাষাৰ কৈয়ে ৰুবিনা আপাই চাদলৈ উঠি যোৱা পুৰণি চিৰিটোলৈ মুখ কৰিছিল । পদ্মাই তেতিয়াই বুজিছিল এই ইমাৰতখানা চলি থাকে ইচাৰাত । মুখৰ কথাত বা আৱেগত নহয় ।

ইমাৰতখানাৰ ছাদৰ পৰা সেইদিনা প্ৰথম সূৰ্যাস্ত দেখিছিল পদ্মাই । এই ম’বাইল টাৱাৰে কাটি-কুটি আঁচোৰ লগোৱা সেই সূৰ্যাস্তৰ বাবেই পদ্মাই চোৱা নাছিল চাদৰ পৰা মাটিলৈ কিমান দূৰ । তাৰপাছতো কোনোদিনে তাই চাদৰ পৰা হাউলি চোৱা নাই তললৈ। মনৰ ভিতৰতে পদ্মাই হিচাপ কৰি লৈছিল চাদৰ পৰা মাটিত পৰাতকৈ ইমাৰতখানাত মৰাটো ভাল ।
এই ছাদেই পদ্মাক অত দিনে সামৰি ৰাখিছিল । এই চাদৰ পৰাই পদ্মাই গলিৰ ডাচবিন খুচৰি থকা কুকুৰ বোৰৰ কাজিয়া দেখিছিল । এই চাদেই গলিৰ ৰেণ্ডীক মাৰপিত কৰি তৰা-নৰা চিঙি পলোৱা বহুতো কুট্টাক পদ্মাৰ মুখামুখি কৰাইছিল। এই চাদতে ওখ হৈ এদিন পদ্মাই এটা নতুন আলীকো দেখিছিল ।

শেষ ৰাতিও কিছুমান কুকাৰে হুইছেল মাৰিছিল। কৰবাৰ পৰা বাউলৰ সুৰ ভাঁহি আহিছিল ।

ৰেণ্ডীখানাৰ দালালি বাদ দি আলীয়ে ম’বাইল ৰিপায়েৰিঙৰ দোকান খুলিছিল । য’ত ম’বাইল আছিল কম । বেছি আছিল ম’বাইলৰ সৈতে ‘চিপকি’ থকা হৰেক ৰকমৰ চাইনিজ মাল । কোনোবা কাবুলীৰ পৰা ধাৰে লোৱা টকা ঘূৰাই নিদিয়াৰ বাবে এদিন আলীৰ দোকান চূৰমাৰ কৰি থৈ গৈছিল গুন্দাই। আলী ক’ৰবাত পলাল । সকলোৱে তাৰ দোকান ভঙাৰ দৃশ্য লাইভ চালে । ৰাতি চাদত অকলে বহি থকা পদ্মাই দেখিলে আলীয়ে ডাচবিনত জুম বন্ধা কুকুৰবোৰৰ সৈতে কথা পাতিছে । পেকেটত অনা মাংস সি কুকুৰৰ সৈতে ভগাই খাইছে।

চাল্লা, জন্নত লাগে সবকে । চাইনিজ মাল কি মাল নহয় ? এই জহন্নামত চাইনিজ মালেই বেচিব লাগিব । নে কি কৱ?
কুকুৰবোৰক উদ্দেশ্য কৰি আলীয়ে সোধে । সি নিজৰ বটলটোৱো কুকুৰকেইটাৰ ফালে আগবঢ়াই দিয়ে । তাৰ পাছত সি কুকুৰবোৰৰ গাত হাত বুলাই গাবলৈ ধৰে

ৰাজা ব’লা ৰাত হে, ৰাণী ব’লি ৰাত হে, মন্ত্ৰী ব’লা ৰাত হে, চন্ত্ৰী ব’লা ৰাত হে, য়ে সুবহ সুবহ কী বাত হ্যে ।*
আলীৰ খঙবোৰে এই গলিত শেষ ৰাতিৰ এটা ঝটকা দি থৈ যায় । চাদৰ পৰা পদ্মা নামি আহে । আলীৰ প্ৰতি পদ্মাৰ কোনো দৰদ নাই । আলীয়ে এদিন তাইক বচাইছিল ৰেলৰ আগত পৰি মৰাৰ পৰা । বহু সময় একো কথা সুধিও পদ্মাৰ মুখৰ পৰা মাত উলিয়াব নোৱাৰি আলীয়ে লৈ আনিছিল তাইক ইমাৰতখানালৈ । কৈছিল একো নাপালেও দুবেলা দুসাঁজ খাবলৈ পাবি । পদ্মাক আনি দিয়াৰ বিনিময়ত ৰুবিনা আপাই আলীক নতুন হালধীয়া নোট এখন দিছিল । আলীয়ে খন্তেক নোটখন পৰীক্ষা কৰিছিল।

নতুন নোট আহিছে মাৰ্কেটত দুশ টকাৰ ।
ৰুবীনা আপাই আলীৰ ফালে নোচোৱাকৈয়ে কৈছিল।
আলীয়ে নোটখন লোৱা নাছিল । পদ্মা আৰু আলীৰ মাজত এটাই মিলি থকা কাহিনী আছিল । নোটবন্দীৰ বাবেই আলীৰ বেৱাৰিছ ধাণ্ডাটো ডুবিছিল । ম’বাইল ৰিপায়েৰিঙৰ ধাণ্ডা । পদ্মাৰো পাৰ্চৰ নোটবোৰ সেই ৰাতিলৈ অচল হৈ গৈছিল । নবৌয়েক ককায়েকৰ গালি গালাজৰ সহ্যৰ সীমা পাৰ কৰি পদ্মা পলাই আহিছিল গোবিন্দৰ লগত । বাটতে সোণাৰীৰ দোকানত মাকে এৰি যোৱা কেৰুযোৰ সলাই পোৱা টকা চল্লিশ হাজাৰ । দহ হাজাৰ টকা ডাইৰেক্টৰক দিলেই সৰু সুৰা এটা ৰ’ল পাব ছিৰিয়েলত । গোবিন্দই তেনেকৈয়ে কৈছিল । এটা ৰাতি ল’জত কটাই পানীৰ বটল আনিবলৈ গৈ গোবিন্দ গায়ব। গোবিন্দ ডায়ৰেক্টৰৰ ওচৰলৈ যোৱাৰ কথা আছিল দুদিন পাছত । হঠাতে সি কিয় গুছি গ’ল ? নম্বৰো ন’ট ৰিচেবল । হাজাৰ কাকুতি মিনতি কৰাৰ পাছতো ল’জৰ মেনেজাৰে পদ্মাক উলিয়াই দিছিল গতিয়াই গতিয়াই । পানীৰ বটল এটা কিনিবলৈ লৈ পদ্মাই যেতিয়া বেগত হাত ভৰাই তেতিয়াহে তাইৰ হুচ ঘূৰি আহে । বেগৰ ভিতৰৰ টকাও গায়ব । পদ্মাই ৰৈ যোৱা এশ টকাটো দোকানীলৈ আগবঢ়াই দিয়ে । দোকানীয়ে নোটখন ঘূৰাই দিয়ে ।

-এই নোট এতিয়া আৰু নচলে ।
-মানে?
-ইমান বুজাই থাকিবলৈ মোৰ সময় নাই।
ডিঙিৰ পিয়াহ ডিঙিতে লৈ পদ্মা ঘূৰি থাকে এই চহৰৰ নাম নজনা পদ পথেৰে । এই চহৰ তেতিয়াও পদ্মাৰ বাবে হীৰাৰ দৰে । হীৰা তাই কোনোদিনে দেখা পোৱা নাছিল। চুই পোৱা নাছিল। এই চহৰলৈ আহিবলৈ কত যে কৌশল কৰিলে তাই। দুই এবাৰ ককায়েকৰ আগত ধৰা পৰি বৌয়েকৰ চৰ ভুকুও খালে । কিন্তু ঘৰলৈ ঘূৰি যোৱাৰ ৰাস্তা এই চহৰে পোহৰাব নোৱাৰিলে। ৰেল লাইনতে অৱশ হৈ বহি পৰিল তাই । বৌয়েকে হয়তো ভালেই পাইছে তাই গুছি অহাৰ বাবে । ককায়েকো বাচি যাব আজিৰ পৰা ঘৰৰ এটা প্ৰাণীৰ ৰেচনৰ কথা চিন্তা নকৰাকৈ । কিবা ভাবি নিজৰ কমদামী চাইনিজ ফোনটোকে লিৰিকি বিদাৰি থাকিল পদ্মাই । আৰু আহি থকা ৰেলখনৰ ফালে মুখ কৰি চিৰিটোতে বহি পৰিল ।
ৰেলখন আহি গাৰ ওপৰেৰে পাৰ হৈ যাব লওঁতেই কোনোবাই পাছফালৰ পৰা পদ্মাক গবা মাৰি ধৰিলে । তাইৰ ফোনটো গুৰি কৰি ৰেলখন উকিয়াই উকিয়াই দূৰ হৈ গ’ল ।
পদ্মাক ৰেলৰ আগত পৰাৰ পৰা বচাই কাহিনীত হিৰ’ হয় আলী । দ্বিতীয়বাৰ ৰুবীনা আপাই দিয়া নতুন নোট নলৈ দানবীৰো হয় আলী।

বিকিবলৈ অহা নাই । কেইদিনমান ৰাখক তাইক। খোৱাৰ খৰছ মই দিম ।
পদ্মাৰ ফালে চাই আলী গুছি যায় ।
ৰুবিনা আপাই পুৰণি নোটেৰে কোনো কাষ্টমাৰক সোমাব দিয়া নাছিল ইমাৰতখানাত । এটা কাষ্টমাৰৰ মুখলৈ এদিন ৰুবিনা আপাই পাঁচশ টকাৰ পুৰণি নোটখন জোৰকৈয়ে দলিয়াই দিছিল । ।

এইবোৰেৰে ভোট কিনগৈ যা। ৰেণ্ডী লাগে যদি চিকনা নোট আনিবি ।
ৰুবিনা আপাৰ খঙ একেবাৰে ওচৰৰ পৰা দেখা পাইছিল সেইদিনা পদ্মাই । কাষ্টমাৰে এবাৰ পদ্মালৈ অনুকম্পাৰে চাইছিল । অনুকম্পাত কি থাকে? সামান্য অনুৰোধ? কিছু সহানুভূতি? ভালপোৱাৰ এখন চামনি? প্ৰতিশ্ৰুতিবিহীন একোটা জবাব? থাকে কি? পদ্মাই ইয়াৰ উত্তৰ পোৱাৰ আগতেই তাইক বৈঠকখানালৈ টানি লৈ গৈছিল ৰুবিনা আপাই ।

কাষ্টমাৰৰ লগত প্ৰেম কৰে ? চাল্লা গম পোৱা নাই? ইয়াত গাৰ মঙহৰ দাম থাকে। জজবাতৰ নহয় ।
পদ্মাই তাৰ আগলৈকে ৰুবিনা আপাৰ মুখে মুখে কোনো জবাব দিয়া নাছিল । কিন্তু সেইদিনা নিজেই নজনাকৈ তাইৰ মুখ খোল খাই গ’ল ।

আপুনি মানুহ হ’বই নোৱাৰে । ক’চাই হয় । এখন নোটৰ বাবে তাক সোমাব নিদিলে । কিন্তু সিটো ৰেগুলাৰ কাষ্টমাৰ । আৰু সি কোনো দিনে মোৰ গাত হাত দিয়া নাই । ইমান লম্পট সি নহয় ।

এইবোৰ কথা মোদীক কবি । নোট বন্ধ কৰিছে কোনোবাই আৰু লোকচান চাল্লা মোৰ বিজনেছৰ ।
কথাখিনি কৈয়ে ৰুবিনা আপাই ফুলৰ টাবটোৰ ওপৰতে পিকাই দিয়ে । যাওঁতে কেৱল হাড়িয়াক শুনাই থৈ যায়

আজি পদ্মাৰ ভাত বন্ধ। চাল্লা গাত হাত নিদিয়া কাষ্টমাৰক ইমান দিনে খুচ কৰি আছিল ।
গাত হাত নিদিয়া কাষ্টমাৰৰ নাম পদ্মাই সোধা নাছিল । পদ্মাৰো নাম জানো জানিছিল সি ? মাজে মাজে তাক দুনিয়াৰ হৰেক ঝামেলাৰ পৰা পলাই ফুৰা মুচাফিৰ যেন লাগিছিল । মাজে মাজে ড্ৰাগ ডিলাৰ । মাজে মাজে খুফিয়া এজেণ্ট । কিন্তু কোন আছিল সি? সেয়াতো পদ্মাই সোধাই নাছিল । কোঠাত সোমাই সি চকু মুদি পৰি আছিল । যেন বহু দিন শুৱা নাই । যেন বহু দীঘল বাট বাটকুৰি বাই খন্তেক মুহুদি কৰিবলৈ ইয়াত আহি ৰৈছেহি । পদ্মাই সেয়ে নিজেই আৰম্ভ কৰিছিল ।

ইয়াত কাষ্টমাৰে টোপনিয়াবলৈ নাহে ।
সি এবাৰ চকু মেলি চাইছিল পদ্মালৈ । আকৌ চকু জপাই কৈছিল

শুই থাকা । এই দুনিয়াত টোপনিৰে কোনো ধৰ্ম নাই। নাই কোনো জাত, কোনো কয়ামত । টোপনিৰ দৰে অপাপী আন কোনো নাই ।

বাহিৰত তেতিয়া বৰষুণ দিছিল । খোলা খিৰিকীৰে পদ্মাই চাদত মেলি থোৱা কাপোৰবোৰ তিতি থকাও দেখিছিল । তাৰপাছতো সেইবোৰ আনিবলৈ খৰখেদা কৰা নাছিল । জীৱনত প্ৰথম পদ্মাই শান্ত-সমাহিত হৈ থকা এজন পুৰুষৰ মুখ দেখিছিল । যাৰ চকু আছিল জাগি থাকোতে লাল । আৰু টোপনিত খালত উপঙি থকা দুটা পুঠিমাছৰ দৰে । তাকে চাই চাই পদ্মা শুই পৰিছিল সঁচাকৈয়ে বহু দিনৰ মূৰত ।
টোপনিত পদ্মাই সেইদিনা আলীকে দেখিছিল। কেইদিনমান ৰাখক বুলি কৈ যোৱা আলী বহু দিনলৈ উভতি অহা নাছিল । ৰুবিনা আপাৰ মুখত পদ্মাই শুনিছিল আলীৰ জেল হৈছে। কিমান দিনলৈ তাৰ কোনো হিচাপ পদ্মাক কোনোৱে দিব পৰা নাছিল। আলীয়ে তাইক উদ্ধাৰ কৰাৰ কথা জুমলা আছিল নেকি? সি যদি তাইক বেচিবলৈকে ইয়ালৈ আনিছিল তাৰ হিচাব কিয় এৰি গৈছিল ?
টোপনিত সেইবোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাছিল পদ্মাই।

যদি বিশ্বাস নাছিল, কিয় পলাই আহিছিলা তাৰ লগত ?
কাষ্টমাৰৰ এই পোনপটীয়া প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে ইমানবোৰ ৰাতি ছাদতে পাত পাত কৰিছিল পদ্মাই । পদ্মাই নাজানে গোবিন্দই তাইক ব্যৱহাৰ কৰিছিল নে তাই তাক ? টিকটক ভিডিঅ’ বনাইছিল পদ্মাই । হিন্দী চিনেমাৰ গানত, ডায়লগত । ‘হম একবাৰ জিতে হ্যে, একবাৰ মৰতে হ্যে, সাদী ভী একবাৰ হৌতি হ্যে’ । শ্বাহৰুখ খানৰ ডায়লগত লিপচ দি বনোৱা ভিডিঅ’। মিনিটে মিনিটে মেচেজ । তাৰপাছত চেয়াৰ । চেলিব্ৰিটী চেলিব্ৰিটী ভাৱ । তাৰ আচিলাতে গোবিন্দৰ লগত চিনাকি। প্ৰথম চিনাকিতে গোবিন্দই দিয়া ফোন নম্বৰ । পদ্মাৰ এনে লাগিছিল আন কোনেও নাজানিলেও গোবিন্দই জানিছিল টিকটকাৰ পদ্মাৰ মনৰ খবৰ ।

মনৰ খবৰ বুজি পোৱা জনেই জানো বিশ্বাসৰ যোগ্য নহয় ?

কোনে কৈছিল এই কথা তোমাক ?

চিনেমাবোৰত ডাঙৰ ডাঙৰ হিৰ’বোৰে তাকেই কয়চোন !
কাষ্টমাৰে ৰুক্ষ হাঁহিৰে পদ্মাৰ পৰা মুখ ঘূৰাই খিৰিকীৰ ফালে । টিকটক কৰিবলৈ লোৱাৰ পৰা পদ্মাৰ দুনিয়াখন দুভাগ হৈ গৈছিল । এভাগ দুনিয়াত তাই আছিল একেবাৰে অৰ্থহীন । ঘৰৰ মানুহৰ বাবে অপ্ৰয়োজনীয় কোনো এক অৱস্থিতি । অথচ তাৰ বিপৰীতে টিকটকৰ দুনিয়াত তাইও আনৰ দৰে চমৎকাৰ ।
এই চমৎকাৰ কথাই সোঁৱৰাই দিছিল গোবিন্দই পদ্মাক । ‘বহুত ভৱিষ্যত আছে তোমাৰ।’

ভৱিষ্যত? সেইটো আক’ কি ?
গোবিন্দৰ হিৰ’ৰ দৰে মাতত ‘ভৱিষ্যতো’ পদ্মাৰ বাবে ৰাজকীয় হৈ পৰিছিল । গোবিন্দই বুজিছিল পদ্মাই টোপ গিলিছে ।

চহৰলৈ ব’লা । তোমাৰ ভৱিষ্যত তাতহে ।
পদ্মাই নিথৰ হৈ শুনিছিল গোবিন্দৰ কথাবোৰ । আৰু ভঙা আইনাৰ সমুখতে নিজকে নতুন ৰূপত আৱিষ্কাৰ কৰিছিল । সন্ধিয়াৰ চিৰিয়েলবোৰত নিজৰে অভিনয়ৰ কথা ভাবি ভাবি পদ্মা গুছি গৈছিল সেই দূৰত্বলৈ য’ৰ পৰা উভতি আহিবলৈ মানুহক বহুত সময় লাগে ।
কাষ্টমাৰৰ আগত পদ্মাই কোৱা নাছিল আলীয়ে তাইক খামুচি ধৰি ৰেলৰ সমুখৰ পৰা বচাওতেহে তাই উভতি আহিছিল এই সময়লৈ ।
ৰাস্তাৰে পাৰ হৈ গ’লে জেলৰ পৰা ওলোৱা আলীয়ে পদ্মাৰ ফালে চায় । আলীৰ জামিন ল’বলৈ মজুত টকা ৰুবীনা আপাৰ হাতত পদ্মাই দিছিল । নৰকৰ মানুহে হেনো নৰকৰ আপদালো কৰিব লাগে । এই কথা ইমাৰতখানাৰ ধাণ্ডাৰ প্ৰথম চৰ্ত আছিল । পদ্মাইও তাকেই অনুসৰণ কৰিছিল । কিন্তু আলীৰ মুখামুখি হৈ নিজকে ভাগ ভাগ কৰাৰ দুনিয়াত ব্যস্ত হ’বলৈ পদ্মাৰ মন যোৱা নাছিল । তাৰপাছতো পদ্মাই ইমাৰতখানাৰ চৰ্তক অনুসৰণ কৰাৰ দৰে আলীয়েও পদ্মাকে অনুসৰণ কৰিছিল ৰাস্তাত।

কাষ্টমাৰৰ কথাত ভোল নাযাবি পদ্মা । সব দিলেও নিজৰ কাহিনী নিদিবি । সব লৈ যাব তোৰ ।
খঙতে আলীৰ গালৈ পদ্মাই নিজৰ বেগটো মাৰি পঠিয়ায় । আৰু প্ৰচণ্ড ঘৃণাত আলীৰ গালৈ থোৱাই দিয়ে ।

কিয় বচাইছিলি তই মোক সেইদিনা ? মৰি যোৱাই ভাল আছিল মই ।
আলীয়ে পদ্মাৰ বেগটো ৰাস্তাৰ পৰা বুটলি দিয়ে । মুখত পৰা থুইখিনি মোহাৰি সি কয়

বাচি থাকিবি । তেতিয়াহে দুনিয়াৰ দৰ্দ দেখিবি । মৰি গ’লে নিজেই এক দৰ্দ হৈ অশান্তিত চাটি ফুটি কৰি মৰিবি । বাচি বাচি মৰ। মৰি মৰি জী থকাতকৈ।
পদ্মাই আলীৰ ফালে মূৰ তুলি চায় । ই ক’ৰ পৰা আয়ত্ত কৰিলে এই কথাবোৰ ? চাইনিজ মাল বেচা, গলিৰ ম’বাইল ৰিপেয়েৰিঙ কৰা, ৰেণ্ডীৰ দালালি বাদ দিয়া আলীয়ে পদ্মাকো বাট এৰি দিয়ে ।
বহু এৰি দিয়া বাটলৈ কেতিয়াবা মানুহে ঘূৰি চাবলগীয়া হয় । আকৌ এবাৰ পিছল খাই নপৰিবলৈকে । আকৌ এবাৰ নিজৰে মুখামুখি নহ’বলৈকে । নহ’লেনো সেইদিনা আলীক মাফ কৰি দিয়ে নে !
-বচ, ইমানেই তোমাৰ কাহিনী ?
পদ্মাই খিৰিকীৰ পৰা মুখ আঁতৰাই কাষ্টমাৰলৈ চায় । যেন কাষ্টমাৰে বৰ ৰস বিচাৰি নাপায় তাইৰ কাহিনীত ।

বাকী মচলা লগাই ল’ব আপুনি নিজেই ।
এই ইমাৰতখানাই পদ্মাক অতদিনে শিকাইছে কোনো কাহিনীয়ে এজনৰ ওচৰত ৰৈ নাথাকে । কাহিনীও দিন আৰু ৰাতিৰ দৰে পৰিভ্ৰমী । কাহিনীও মানুহৰ আৱেগৰ দৰে বেচিজিল । এই চহৰৰ চাবৱেত শুইও ভূকিবলৈ নাপাহৰা কুকুৰৰ দৰে সৰু-সুৰা কাহিনীও অতি সিয়ান ।
এনে বহু সিয়ান কাহিনী শুনি মাস্ক পিন্ধোতে কেতিয়াও আমাৰ মনলৈ নাহে অকলে অকলে এনেকৈ মৰোতে মানুহ কাতৰ হয়নে ? কাতৰ হোৱা মানুহে ধুনীয়া দেখেনে ৰাতিপুৱাৰ খিৰিকী ? গধূলিৰ আকাশ? সন্ধিয়া শিশুৰ কোলাহল? জীৱন কেনে এক ধাপ্পাবাজি বুলি কৈ হাঁহি হাঁহি বাগৰি পৰেনে ? আকাশলৈ মূৰ তুলি নিজকে সাৱটি কান্দেনে ? মানুহে মানুহকে ভাল পায়, মানুহকে খঙ কৰে । এই কথাটোকে চৰম সত্য বুলি পতিয়ন যায় নে? নে ইয়াৰ মাজতো কিবা এক খৰখৰণি থাকে। একেবাৰে শুকান আৰু আতিথ্যহীন ! একেবাৰে ক্ষীণ আৰু চলাচলবিহীন ! মিছা কথা, মিছা কথা মৌলিক প্ৰয়োজন যে কেৱল তিনিটা ।
এই কথা ক’বলৈ লৈও ৰৈ যায় পদ্মা । তাই খিৰিকীখন জপাই দিয়ে ।
নোটবন্দীয়ে পদ্মাৰ ঠিকনা সলাইছিল । আলীৰ বিজনেছ ডুবাইছিল । এই ইমাৰতখানাতো এক শাস্তি প্ৰদান কৰিছিল । তাৰপাছতো এই চহৰ হীৰাৰ দৰে চিকমিকাই আছিল । পদ্মাই সন্ধিয়াৰ চাদৰ পৰা অকলে অকলে সাক্ষী হৈছিল এই চহৰক শুহি নিয়া এজাক চকু চাট মৰা পোহৰৰ । মানুহে হেৰুৱাই থকাৰ ক্ষোভত পাহৰিয়ে পেলাই পাবলগীয়াও বহু কিবাকিবি আছে । কেতিয়াবা সেইবোৰ পোহৰ হৈ আহে, কেতিয়াবা লকডাউনৰ খঞ্জৰ একোখন হৈ ।
নোটবন্দীৰ পাছৰ চাৰিটা বছৰত সেই খঞ্জৰখনকো ইমাৰতখানাৰ চৰ্তই সামৰি ৰাখিছিল অ’ত ত’ত । আৰ্থেৰাইটিজ হৈ ৰুবীনা আপা ওপৰৰ কোঠাটোৰ পৰা তললৈ আহিছিল । হাড়িয়াই ইমাৰতখানাৰ ঝুমকাক পলুৱাই নি পুলিচৰ হাতত ধৰা পৰিছিল । ঝুমকা উভতি আহিছিল । হাড়িয়াৰ জেল হৈছিল । যি আলীয়ে ৰেলৰ সমুখৰ পৰা পদ্মাক তুলি আনিছিল, সেই আলী মৰিছিল ৰেলৰ চিৰিত বহি কুকুৰক মাংস খোৱাই থাকোতে ।

চাল্লা , তকদিৰেও বেইমানি কৰে ।
ৰুবীনা আপাই আলীক মৰ্গত চিনাক্ত কৰি আহি বৈঠকখানাত সোমোৱা নাছিল । গোটেই ৰাতি চাদৰ পৰা সেই নিশা পদ্মাই ম’বাইল টাৱাৰত ওলমি থকা জোনটো চাই আছিল । শেষ ৰাতিলৈ অলপ অলপ বৰষুণ হৈছিল। বতাহত ৰছীত ওলমি থকা ক্লিপবোৰ নাচি উঠিছিল ।
কোন আছিল আলী পদ্মাৰ বাবে ? পাপী নে ত্ৰাণকৰ্তা ? যাৰ বাবে পদ্মাৰ চকুত নামমাত্ৰ চকুপানীও নাছিল । নামবিহীন কাষ্টমাৰৰ কথালৈ সেই ৰাতি পদ্মাৰ আকৌ মনত পৰিছিল – একমাত্ৰ টোপনিৰে কোনো ধৰ্ম নাই । টোপনিৰ দৰে অপাপী কোনো নাই। কোনো জাত, কোনো কয়ামত।
ইমাৰতখানাত বেছিভাগ কাষ্টমাৰেই কমিবলৈ ধৰিছিল । নতুন ভাইৰাছে খৰকৈ ৰাজত্ব চলোৱা এই চহৰখনো উচাত মাৰি সলনি হৈ ক’ত যে ৰৈ গৈছিল – সেই প্ৰশ্নৰ উত্তৰো পদ্মাক কোনেও দিব পৰা নাছিল । ৰুবীনা আপাই মুখত পানী ভৰাই কোঠাবোৰলৈ বেলেগ বেলেগ কাষ্টমাৰ পঠোৱা পুৰণি দৃশ্য আগৰ দৰে দৈনন্দিন হৈ ৰৈ নগৈছিল । আঠুৰ বিষত ৰুবীনা আপাৰ মুখৰ যন্ত্ৰনাও স্পষ্ট হৈ পৰিছিল । পদ্মাৰ এনে লাগিছিল সেয়া কেৱল আঠুৰ বিষৰ যন্ত্ৰণা নাছিল । সত্যৰো থাকে নিজা একোটা খোচ । এই দুনিয়াত এই কথাকে মানুহে পাহৰিব নোখোজে জানো ?
পদ্মাই দূৰৈৰ পৰাই ৰুবীনা আপাৰ নিৰ্বাসন চায় ।
টিকটক বন্ধ হোৱাৰ খবৰ, মানুহৰ কবৰ খন্দাৰ খবৰ, ৰুবীনা আপাৰ যন্ত্ৰণাৰে ভৰা নিৰ্বাসনৰ খবৰ আটাইবোৰ একেলগ হৈ ম’বাইল টাৱাৰটোৰ সূৰ্যাস্তত খহিবলৈ ধৰে ।
ইমাৰতখানালৈ এনেদৰে এদিন এটা শ্বুটিংৰ প্ৰস্তাৱ আহে । দীঘল চুলিৰে চকুত ক’লা চচমা পিন্ধি এজন পুৰুষ । তেওঁৰ পিছে পিছে আন দুজন মুখত মাস্ক লগোৱা ষ্টাইলিছ যুৱক । তেওঁলোকক ৰুবীনা আপাই কেৱল বৈঠকখানাৰ শ্বুটিংৰ অনুমতি দিয়ে । ওপৰ মহলত প্ৰৱেশ নিষেধ । মাত্ৰ এটা শ্ব’টৰ শ্বুটিং । গতিকে মান্তি হয় ৰুবীনা আপা । ‘ৰেণ্ডীয়ে চলাব নোৱাৰিলে এনেকৈয়ে চলিব লাগিব ।’ ৰুবীনা আপাই এডভান্স লৈ টিমটোক কয় ।
মাৰোৱাৰী পট্টিৰ পাছফালৰ এই গলিত কেনেকৈ এই ইমাৰতখানা আৰম্ভ হৈছিল তাৰ সঠিক উৎস কোনেও নাজানে। কোনোৱে কয় ৰুবীনা আপা কাথিহাৰৰ পৰা ট্ৰাক ড্ৰাইভাৰৰ লগত পলাই আহি এই ব্যৱসায় আৰম্ভ কৰিছিল । কোনোৱে কয় ৰুবীনা আপা আহিছিল ঢাকাৰ পৰা কাৰোবাৰ ৰক্ষিতা হৈয়ে । কিন্তু এই ইমাৰতখানালৈ তেওঁ অহাৰ কোনো সঠিক কাহিনী কোনেও নাজানে । কিয়?
ৰুবীনা আপাই সেই কাহিনী আজিলৈকে কাকো কোৱাই নাই নেকি? নিজৰ প্ৰতি নহয়, নিজৰ কাহিনীৰ প্ৰতিহে সুৰক্ষা থাকে নেকি মানুহৰ? তাতো কি একেই ঠগ, একেই স্বাৰ্থ, একেই ঘৃণা নেকি? নে ক’ৰবাত আছে এক প্ৰেমো ?
এদিন সুধিছিল এই প্ৰশ্ন পদ্মাই ৰুবীনা আপাক ।
ৰৈ ৰৈ ৰুবীনা আপাই কৈছিল

অ’ আছে । মহব্বত আছে । এই ইমাৰতখানাৰ বাবে মহব্বত আছে । এই ইমাৰতখানা বেলেগৰ বাবে ৰেণ্ডীখানা । মোৰ বাবে ইবাদত । যদি মৰিবৰ সময়ত কষ্ট হয়, সেই কাহিনী তোকেই ক’ম ।
সেই ৰুবীনা আপাই চলাব নোৱাৰি এই ইমাৰতখানা আজি অনুমতি দিছে শ্বুটিংৰ বাবে ।
খিৰিকীৰে পদ্মাই উভতি যোৱা টিমটোলৈ চাই থাকে ।

কি বনাব? চিনেমা? নে ছিৰিয়েল?

কিবা চিৰিজ বনাব হেনো?

অহ্ সেইটো কি?

দীঘলীয়া কাহিনী। এটা এটাকৈ কয় হেনো ।

বাঃহ ।

কাহিনী কি?

এজনী গাঁৱৰ ছোৱালী। টিকটক কৰি চহৰলৈ আহে । এক্টিং কৰিবলৈ । কিন্তু কোনোবাই তাইক মৰাৰ পৰা বচাই পোৱাইহি এই ইমাৰতখানা ।

তাৰপাছত?

তাৰপাছত নাজানো ।
পদ্মা চক খাই উঠে । ছিৰিয়েলৰ নায়িকা হ’বলৈ আহি কাহিনীৰ নায়িকা হিচাবে নিজকে পাই পদ্মা চক খাই উঠে । পদ্মাই আলীৰ আগত কোনো দিনেই নিজৰ কাহিনীৰ মুখ মেলা নাছিল। আলীকেই তাই অতদিনে কৰিছিল ঘৃণা। তাইৰ এই কাহিনী এজন পুৰুষেই জানিছিল। যাক তাই নিজৰ টোপনিও দি দিছিল। দিছিল এখন বুকুৰ সকলো পাৰ ভঙা হুমনিয়াহ । কোন আছিল সেই পুৰুষ প্ৰেমিক নে কাষ্টমাৰ?
সেই ৰাতি পদ্মাই টোপনিত দেখে কিছুমান গোল গোল বলৰ গাত এসোপামান জোঙ গজিছে । সেইবোৰ এজনৰ নিশাহেৰে আন এজনৰ উশাহলৈ সোমাই গৈছে । শ্বুটিং চলি থকা ইমাৰতখানাৰ বৈঠকৰ খিৰিকী খুলি জোঙ থকা বলবোৰ ৰুবীনা আপাৰ কোঠালৈ জাক পাতি উৰি গৈছে। আৰু মাস্কবিহীন ৰুবীনা আপাই অলপ অলপ কাঁহিবলৈ ধৰিছে । এই সপোনত পদ্মাই চক নাখায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here