কেইটামান প্ৰেমৰ স্তৱক

স্বপনীল বৰা

স্নেপশ্বট ১

উন্মনা ,মোৰ তন্দ্ৰাহীন ৰাতিৰ জীয়া কবিতা
কিছুমান উৎসুক নিশাৰ নিষিদ্ধ সুৰৰ মাদকতা,
তাইৰ দৌপাট্টাৰ আঁচলত ধৰি মোৰ বুকুলৈ শাঁওণ নামে
শাঁওণ মই ভাল পাওঁ,
শাঁওণে মোৰ প্ৰেমিকাৰ দেহত সানি থৈ যায় কৌমাৰ্যতাৰ কিছু সেউজীয়া সুৰ।

স্নেপশ্বট ২

মোৰ মূৰত অংকৰ পোক
দেহত প্ৰেমিকাৰ খলা বমা দেহৰ ফিজিক্সৰ দৌৰাত্ম,
হৃদয়ত আজি বাজি উঠে ভালপোৱাৰ DNA টেষ্ট
ৰিজাল্ট ইজ চিম্পল
” Swapnil loves Unmona”।

স্নেপশ্বট ৩

শ্বিলংৰ পাহাৰী পাইন আৰু তোমাৰ হাঁহিৰ উন্মাদ চঞ্চলতা প্ৰায় একেই,
কেতিয়াবা মন যায় শ্বিলং পিকত বহি
আইফেল টাৱাৰত মূৰ থৈ ভূমুকি মৰা জোনৰ পোহৰত কবিতা লিখিব
” আজি তুমি নামৰ গোন্ধ এটাই মোক বৰকৈ আমনি কৰিছে জানা”।

স্নেপশ্বট ৪

এদিন হয়তো তুমিয়ো লিখিবা
” অ’ শুনাচোন ,তুমি যে অহা যোৱা কৰা সেই পথটিৰ দুয়োাৰে অসংখ্য শিমলু ফুলিছে ,
নাজানো তুমি দেখিছানে নাই,নে দেখিও নেদেখাৰ ভাও জুৰিছা ?
তাৰে পৰা অলপ ৰঙা আনি মোৰ শিৰত গুজি দিব পৰাকৈ সাহসী হৈ উঠিবা?”

স্নেপশ্বট ৫

তোমাৰ সান্নিধ্যৰ পৰাই চঞ্চল হৈ পৰিছে সময়বোৰ
ক্ৰমাৎ উজাই আহিছে বাৰিষাৰ প্ৰেমৰ এজাক নতুন সুৰ ,
ঐই যে তুমি আছা বা তুমি মোক চাই দিয়া হয়তো সেই বাবেই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here