কনকলতা নে মূলাগাভৰু :আৰ চি চি ৭ আমাৰ স্বভিমান

জেৰুলিনা হাফিজ

“জালুকবাৰীলৈ আহিলে মোক লগ নকৰাকৈ
নাযাবা
আৰ চি চি অথবা এটিৰ দুৱাৰে দুৱাৰে ঘূৰ্মূটিয়াই নুফূৰিবা
ইয়াত প্ৰেমিকচৰাই জন আছে নে??”

প্ৰণৱ কুমাৰ বৰ্মন দাৰ জালুকবাৰীক লৈ লিখা কবিতাৰ গোন্ধত এদিন মোৰ বুকুতো ফুলিছিল কৃষ্ণচূড়া আৰু সপোন দেখিছিলো জালুকবাৰীক চুই চোৱাৰ। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলেই জানে , বুজে যে জালুকবাৰী বুলিলে মনলৈ আহে কৃষ্ণচূড়া, গুৱাহাটী ইউনিভাৰ্চিটি, চিপচিপীয়া বৰষূণত “মেঘালীৰ” পকৰা চাহত চুমুক আৰু সপোনবোৰক লালন -পালন কৰা হোষ্টেলবোৰ। সৰুতে জালুকবাৰীৰে পাৰ হ’লে দেউতাই সেৱা কৰিব দিয়ে আৰু কয় “এয়া সুনিপুণ ভবিষ্যত গঢ়া বিদ্যাধাম ,এদিন তোৰ বাবে গচকিব মন আছে ইয়াৰ পদূলিৰ দ্বাৰ।” তেতিয়া বুজা নাছিলো দেউতাৰ কথাবোৰ আৰু বৰকৈ ভবা নাছিলো সেই বিদ্যাধামৰ কথা। কিন্তু কৈশোৰত প্ৰণৱ দাৰ কবিতাত জালুকবাৰীৰ বৰ্ণনা, হোষ্টেলৰ কথাবোৰ শুনি মোৰ ১৩/১৪ বচৰীয়া মনটোৱে দুৰন্ত গতিত কল্পনা কৰিছিলো ইউনিভাৰ্চিটিৰ বাট গচকি ক্লাচ কৰা, হোষ্টেলৰ ৰুমৰ আড্ডা, ভাৰ্চিটি উইকৰ উন্মাদনা। লাহে লাহে ইউনিভাৰ্চিটিৰ খবৰবোৰ ল’ব উৎসুক হৈ থাকিলো। মোৰ মামা যিহেতু বিশ্ববিদ্যালয়ত কৰ্মৰত সেয়ে তেখেত ঘৰলৈ আহিলে মোলৈ ইউনিভাৰ্চিটিৰ মেগাজিনবোৰ লৈ আহিছিল আৰু মই তাকে বাৰে বাৰে পঢ়িছিলো যেতিয়ালৈ মামাই নতুন এখন হাতত তুলি নিদিছিল। তেতিয়াই ভাৰ্চিটি উইকৰ ফলাফল বোৰত হোষ্টেলৰ নামবোৰ জিলিকি আছিল আৰু পঢ়ি চাইছিলো মূলাগাভৰু , ইন্দিৰা মিৰি, পদ্মাৱতী, চন্দ্ৰপ্ৰভা শইকীয়ানী আৰচিচি অথবা এটি হোষ্টেলৰ নামবোৰ। কিন্তু বহু দিনলৈ আৰচিচি অথবা এটি ৰ অৰ্থকে বুজা নাছিলো ।

মই ২০১৪ চনত যেতিয়া ছিপাঝাৰ কলেজত নামভৰ্তি কৰিছিলো তেতিয়া ঘৰৰ সকলোৱে কৈছিল যুৱ মহোৎসৱত কিন্তু যাব চেষ্টা কৰিব লাগিব। যিহেতু সৰুৰে পৰা লিখা-মেলা, নাটক, তৰ্ক,আবৃত্তিত বৰকৈ ৰাপ আছিল আৰু সৰুৰে পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফূৰিছিলো প্ৰতিযোগিতাবোৰত অংশ গ্ৰহণ কৰি সেয়ে মোৰ পৰিয়ালৰ প্ৰতিজনে ইউথ ফেষ্টিভলত মই যোগদান কৰাৰ এক সপোন দেখি আছিল। কিন্তু ইউনিভাৰ্চিটিৰ বাকৰিত মোৰ প্ৰতিভা একেবাৰে তুচ্ছ বুলি ভাবিয়ে ২০১৪ বৰ্ষত বিভিন্ন অজুহাত দেখুওৱাই প্ৰতিযোগিতাত অংশ নোলোৱাকৈ থাকিলো কিন্তু কলেজৰ ছাৰ-বাইদেউ সকলে ঘৰত কথাবোৰ জনোৱাৰ পিছৰ পৰা মা-দেউতাই ২০১৫ বৰ্ষৰ ইউথ ফেষ্টিভেললৈ বাট চাই ৰ’ল। গতিকে মোৰ কোনো অজুহাতে সেইবাৰ ফলপ্ৰসূ নহ’ল আৰু প্ৰথমবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যাব পাৰিলো। ভগৱান আৰু সকলোৰে আৰ্শীবাদত তৰ্ক, নাটক, কবিতা লিখা,আবৃত্তিত ‘একেৰাহে দুবাৰ দুবাৰকৈ স্বৰ্ণ পদক লাভ কৰিছিলো যিটো মোৰ সপোনৰো অগোচৰ আছিল। আৰু সেই যুৱ মহোৎসৱত অংশ গ্ৰহণ কৰিব যাওঁতেই বিভিন্ন হোষ্টেলৰ দাদা-বাইদেউ সকলক লগ পাইছিলো আৰু সকলোৱে কৈছিল তুমি কিন্তু ইউনিভাৰ্চিটিত এডমিশ্বন ল’লে আমাৰ হোষ্টেলত থাকিব লাগিব,তুমি কিন্তু অমুকখনত হে থাকিবা। ভাল পাবা। সেইখিনিৰে পৰা নতুন এটা সপোনে পোখা মেলিছিল আৰু সেই সপোনকে পূৰাব ২০১৭ চনৰ ৮ আগষ্ট তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিলো । লগে লগে মোৰ সপোনটোৰ দিশে এটা খোজ গতি কৰিলো।

হোষ্টেল এল’টমেন্টৰ দিনা RCC7 বুলি লিখা থকাত মই বাৰে বাৰে মনত পেলাইছো মামাই দিয়া স্নাতকোত্তৰ মহলাৰ আলোচনীবোৰৰ শেষৰ পৃষ্ঠা কেইটালৈ। য’ত থাকে ভাৰ্চিটি উইকৰ সফলতাবোৰ। ওহু… নাই পৰা মনত। ভাবিলো একেবাৰে নতুন হোষ্টেল পালো। চিনাকী বাহঁতৰ হোষ্টেলবোৰত নেপালো যেতিয়া মোৰ হোষ্টেলীয়া জীৱন বৰ এটা যে ঠিক নহ’ব লগে লগে গম পালো।

সেইদিনা যাৱতীয় কাম-কাজবোৰ কৰি মেলি হোষ্টেল চাব যাওঁতে যাওঁতে প্ৰায় গধুলি লাগিছিল। কিন্তু আৰু অলপ বেছি দেৰি হ’ল হোষ্টেল খন বিচাৰোতে। কিয়নো বহুতে RCC7 বুলি কোৱাত একেবাৰে চিনি নেপালে। তথাপিও দুই-এজনে ক’লে যে পুৰণি হোষ্টেল মেৰামতি কৰি আছে বাবে ছাউথ কেম্পাছত নতুন হোষ্টেল এখনত ছোৱালী খিনি ভৰাইছে। গতিকে সেইখনে RCC7 হ’ব লাগে। মাৰ স’তে বিচাৰি বিচাৰি ছাউথ কেম্পাছৰ ইখন গেটৰ পৰা সিমূৰৰ গেটখনলৈ বিচাৰিলো। অলপ দুখো লাগিছিল ইমান দিনে দেখি অহা হোষ্টেলৰ সপোন এটা অচিনাকী নামত হে গুজি দিলে কতৃপক্ষই। অৱশেষত হোষ্টেল গেটৰ চোৱা-চিতা কৰা “মামা “এজনেই দেখুওৱাই দিলে হোষ্টেলখন। গধুলি হৈছিল বাবেই সকলোৱে “ত্ৰিভূৱন মংগল” পাৰ্থনা কৰি আছিলে। অলপ সংকোচো হৈছিল তিনিমহলীয়া হোষ্টেল খনৰ তলত অকলে মাৰ স’তে ৰৈ থাকিব লগা হোৱাত। অলপ খং, দুখ লাগি আছিল কাৰণ নাম নুশুনা হোষ্টেল এখনত থাকিব লাগিব বাবে। হোষ্টেলখনৰ তেতিয়ালৈ নাম ফলকো আৰি থোৱা নাছিলে। ওচৰৰ ইন্দিৰা মিৰি আৰ চি চি ২ হোষ্টেলৰ পৰাও” তুমি চিত্ত,বৃত্তি” পাৰ্থনা শুনি মনতো অলপ মুকলি হ’ল। মনে মনে ভাবিলো আৰ চি চি ২ ত পোৱা হ’লেই ভাল আছিল। তেনেতে এচুকত এখন হোষ্টেল ফলক আওজাই থোৱা দেখিলো আৰু ওচৰ চাপি পঢ়িলো যে “মূলাগাভৰু অসম আৰ্হিৰ ১০নং ছাত্ৰী নিৱাস”। লগে লগে মোৰ মনটো নাচি উঠিলে যে তাৰ মানে AT-১০ খন ইয়ালৈ স্থানান্তৰিত কৰা হ’ল আগৰখন মেৰামতি কৰাৰ বাবে। মোৰ আনন্দৰ সীমা নোহোৱা হ’ল । কাৰণ এইখনে AT-১০ যিয়ে ভাচিৰ্টিৰ সপ্তাহত খেলৰ পৰা নাটকলৈ, গানৰ পৰা লোকবাদ্যলৈ দপদপাই থাকে। বহু বাৰ শ্ৰেষ্ঠ হোষ্টেলও হৈছে। গতিকে ইমান এখন শক্তিশালী হোষ্টেলৰ আবাসী হ’ব পাম সেই কথাটোৱে সাংঘাটিক আমোদ দিছিল। এনেতে পাৰ্থনা শেষ কৰি হুৰমুৰাই এজাক ছোৱালী তললৈ আহি মা আৰু মোক দেখি সুধিলে হোষ্টেলৰ বাবে আহিছো নেকি। ডিপাৰ্টমেন্ট, ঘৰ আদিবোৰ সুধি তলৰ পৰাই বা এজনীয়ে “ঝিংকু তোৰ ৰুমমেট ” বুলি কৈ ১৫ নম্বৰ ৰুমলৈ যাব দিলে। প্ৰথম ফ্লৰৰ একে মুৰৰ ৰুমটো দেখুওৱাই সকলোৱে দুৱাৰৰ ফাঁকৰে আমাক জুমি চাব ধৰিলে। আৰু সেইদিনা ৰুমটো চাই ঘৰলৈ ওভতিলো যদিও হোষ্টেলৰ প্ৰথম দিন হিচাপে সদায় স্মৰণীয় হৈ থাকিব।

এতিয়া যদি এই হোষ্টেল খনে মোক কি দিলে কি নিলে বুলি সোধা হয় তেন্তে একেষাৰতে ক’বলৈ টান হ’ব । কিয়নো তিতা, মিঠা, জ্বলা, কেহা সকলোৰে সংমিশ্ৰিত এটি জীৱনৰ অধ্যায় ” হোষ্টেল”। কৈশোৰৰ পৰা ভাবি থকাৰ দৰে হোষ্টেলৰ জীৱন ইমান টানো নহয় , ইমান উজুও নহয়। জীৱনৰ অবিচ্ছেদ্য অনুশাসনক হোষ্টেলে নতুন উশাঁহ দিয়ে। হোষ্টেল য’ত কান্দিবলৈ হেজাৰজনৰ কান্ধ পায়, কন্দুৱাবলৈও হেজাৰজন আগলৈ আহে, হোষ্টেল পৰিয়ালৰ পৰা দূৰৈত থকা হেজাৰজন পৰিয়ালহীনৰ এটা বৃহৎ পৰিয়াল। হোষ্টেল য’ত বেইলৰ টং টং শব্দই নিৰ্ধাৰণ কৰে জীৱনৰ দিনলিপি। ভাত খোৱাৰ পৰা সকলো একে ধৰ্ম হৈ পাৰ্থনা কৰালৈ, নিশাৰ জেনেৰেল মিটিঙত গালি খোৱাৰ পৰা ভাৰ্চিটি উইকৰ নিশা ৪ বজাত দৌৰিব সাজু হোৱালৈ অথবা বেমাৰত ভোগা আবাসীজনৰ ওচৰত ৰাতিটো পৰ দি ৰাতিপুৱাই ক্লাছলৈ যোৱা ,তেজৰ সম্পৰ্ক নথকা সহোদৰবোৰৰ পৰা হাতধোৱা বেচিনত খোৱা কাঁহী-বাতি দমাই ৰাখিলে গালি পৰাজনলৈ ……হোষ্টেলে কেইজনমান মানুহ সৃষ্টি কৰে যাৰ হৃদয়খন হোষ্টেলে বিশাল কৰে,কথাবোৰ স্পষ্ট কৰে যাৰ বাবে খং উঠিলেই গালি দিয়াজনেও পিছ মুৰ্হূত্বতে হাঁহিব পাৰে সকলোৰে লগত। এক কথাত ক’ব গ’লে হোষ্টেল এখন ঘৰ য’ত ডাঙৰে সৰুক গালিটো দি পিছত আকৌ মৰমটো কৰিবলৈও একছেকেণ্ড নলগায়।

গুৱাহাটী ইউনিভাৰ্চিটিত “চেনিপুল ” বুলিলে এক বেলেগ আবেগ আছে। চেনিপুল বুজাব গ’লে ৰাস্তাৰ কিনাৰৰ পকাৰ পুল কেইটা যিকেইটা হয়তো বেলেগৰ বাবে সাধাৰণ পকীৰ পুল হ’ব পাৰে কিন্তু ইউনিভাৰ্চিটিৰ মানুহজাকৰ বাবে সেয়া ভাগ- বটৰোৱা কৰিব নোৱাৰা অলিখিত আবেগৰ নাম। কিন্তু কথাটো হ’ল সেই পুলবোৰত জুনিয়ৰ বহিব নোৱাৰে। সেয়া চিনিয়ৰৰ বাবেহে বহা ঠাই। যদি কেনেবাকৈ কোনো হোষ্টেলাৰ জুনিয়ৰে তাত বহিলে , ৰাতিলৈ জেনেৰেল মিটিঙত কাণ পকি যাব চিনিয়ৰৰ গালিত। সেয়ে জুনিয়ৰ কালত সেই পুলৰ প্ৰটি এক ঈৰ্ষা জাগে সকলো জুনিয়ৰৰ। তাৰ পৰা বিৰত মইও নহয়। এদিন তাত বহি আমেজ লোৱাৰ পৰা কোনো কাৰণতে নিজৰ মনটোক ৰখাব নোৱাৰিলো। যাৰ বাবে এবাৰ চাৰিওফালে চাই বহি দিলো । কিন্তু দুই ছেকেণ্ডৰ পিছতে দেখিলো আমাৰ প্ৰিফেক্ট কৰৱী বা মোৰ আগেৰে পাৰ হৈছে। হ’ল নহয় মোৰ আৰু জীউ উৰি যাওঁ উৰি যাওঁ। ৰাতিলৈ জেনেৰেল মিটিঙত থিয় কৰাই সুধিলে কি কৰি আছিলো তাত । মইও বৰ বুদ্ধি সতুৱাই ভৰিখন মোচকা খাইছিল বাবে বহিছিলো বুলি কৈ কিবাকেহে সাৰিছিলো সেইদিনা।

এইবোৰ কথাৰ বাবে জুনিয়ৰ কালত ভাবিছিলো চিনিয়ৰ হ’লেই ভাল । জুনিয়ৰৰ ইমান কষ্ট। পিছত চিনিয়ৰ হওঁতে বুজিছো আচলতে অনুশাসন বোৰ যে থাকে আমাক নিৰাপত্তা দিবলৈ হে চিনিয়ৰে ৰাখে। নহ’লে ঘৰৰ পৰা ওলাই অহা নতুন নতুন ল’ৰা-ছোৱালীবোৰ অবাটে যোৱা ভয় থাকে। পিছত মই স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিলো। সেই সময়ত হোষ্টেলৰ প্ৰতিজন আৱাসীয়ে দিন-ৰাতি এক কৰা কষ্ট কাহানিও পাহৰিব নোৱাৰিম।জয়ী হোৱাৰ দিনাও সকলো আবাসীৰ চকুতে আছিল তিৰবিৰাই থকা সাৰ্থকতাৰ চকুপানী।

এতিয়া শিৰোনামত থকা কনকলতা, মূলাগাভৰুৰ কনফিউজনটোকে দূৰ কৰো। আচলতে ওপৰত কৈছোৱে যে আমাৰ মূলাগাভৰু At-10 খনৰ মেৰামতি কৰা হৈছিল বাবেই আমাক আৰ চি চি -৭ লৈ অনা হৈছিল যদিও আমি At-10 বুলিয়ে চিনাকী দি আছিলো। কিন্তু পিছত যেতিয়া গম পালো আমি আৰু আগৰ হোষ্টেললৈ যাব নোৱাৰো তেতিয়াৰ পৰা আমি মূলাগাভৰু আৰ চি চি -৭ নামটোকে মুখত আনিব চেষ্টা কৰিলো। কিন্তু কতৃপক্ষই আমাৰ মূলাগভৰুটোক পুনৰ আমাক দিব নোৱাৰো বুলি কোৱা বাবেই আমাক সকলোৰে সন্মিলিত বৈথকত কনকলতা বৰুৱা নামটো দিছিলে। গতিকে ক’ৱ গ’লে আমাৰ হোষ্টেল এখন কিন্তু নাম অনেক। তথাপিও আমাৰ আবেগ এতিয়াও আগৰ দৰেই থাকিব যদিওবা নামৰ খেলি-মেলি।
শেষত নাম -ধাম সকলো বাদ দি আমাক আনতকৈ বেলেগকৈ ভাবিব শিকোৱা , মুৰ তুলি সকলো বাধাক প্ৰতিহত কৰিব শিকোৱা, মানুহক ন কৈ ভাল পাব শিকোৱা আমাৰ আবেগৰ স্থলী হোষ্টেলখনলৈ বহুত বেছি শ্ৰদ্ধা আৰু সেৱা জনালো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here