জুইখেল

নীলাক্ষি গোস্বামী

মানুহবোৰে জুইৰ লগত খেলি থাকে
আৰু আমি জুমি জুমি চাওঁ
মাত্ৰ দেখাহে নাপাওঁ কিমান দীঘল
এই জুইৰ জিভা

সৰি পৰা কথা এটাৰ ভবিষ্যতক লৈ উৎকণ্ঠাৰ শেষ নাই
শেষ নাই অ’ত ত’ত পৰি থকা
জীয়া কাহিনীৰো

জুইয়ে জাঙুৰ খাই উঠিলে
তেওঁলোক জঁই পৰি যায়

জুইয়ে জুইৰ জয়গান গায়
তেওঁলোকে জীৱনৰ

ইজনে সিজনক নেদেখাকৈ
আমিওতো খেলি থাকোঁ এনে অলেখ খেল
প্ৰতিপক্ষ হিচাবে মানুহক ৰাখোঁ
কেতিয়াবা নিজক

তেতিয়া কিন্তু কোনেও
এই খেলক জুইখেল বুলি কোৱা নুশুনোঁ

একো কথাই বিশ্বাস নকৰে এই মানুহবোৰে!
মাথোঁ আমি ভোগবাদত বিশ্বাসী বুলি
বিশ্বাস কৰাৰ বাহিৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here