জুইফুল

কুঁকি কল্পিতা বৰা

জুইকুৰাই আপোনাক যিমান
পুৰি আনিছিল
এতিয়া মোৰ বুকুত
তাৰ পোৰণি দুগুণ হৈছে,
জুইকুৰা বগাই ফুৰিছে
আপোনাৰ পৰা মোলৈ
মোৰ পৰা আপোনালৈ
দুখন বুকুত এতিয়া
চুই চাব নোৱাৰা দুপাহ
জুইফুল ফুলিছে।

জুইফুলে আপোনাক নিচিনে
নিচিনে তেওঁক
আৰু নিচিনে মোক,
আপোনাকেই যদি সোধোঁ
জুইকুৰা সিদিনা কিমান
ৰঙাকৈ জ্বলিছিল
আপোনাৰ উত্তৰত আকৌ
একুৰা জ্বলিব মোৰ বুকুত।

আপোনাতকৈ মোৰ পাহ জুইফুল
ৰঙা বুলি ক’ম নে ক’লা বুলি
নে আপোনাকেই সুধিম
কি বৰণ জুইফুলৰ?
আনৰ লগত আপোনাক তুলনা কৰিলে
বেয়াপোৱাৰ দৰেই
ৰঙা,ক’লা নাইবা হালধীয়া বুলি
জুইফুলক তুলনা কৰিলেও
আপুনি বেয়া পাব,
নকৰোঁ দিয়ক,
কিন্তু জানিব
জুইফুল ৰঙা নহয়,ক’লা নহয়,
নহয় হালধীয়া,
জুইফুল প্ৰেম বৰণীয়া
প্ৰেম যিদৰে আপোনাৰ নিচিনা।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here