জয়মতী ছাত্ৰী নিবাস

ইন্দ্ৰানী গগৈ

বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ বিদায় সভাত মোক প্ৰশ্ন কৰিছিল, “হোষ্টেলখনে দুটাবছৰে আপোনাক কি দিলে?” সেই মুহূৰ্তৰ, সেই দিনটোৰ সবাতোকৈ ভাল লগা প্ৰশ্ন মোৰ বাবে সেইটোৱেই আছিল। আচলতে প্ৰশ্নটোৱেই এনেকুৱা যে জীৱনৰ যিকোনো মুহূৰ্তত তাৰ উত্তৰ দিবলৈ পালে মোৰ মনটো ভাল লাগি থাকিব। আগন্তুক দিনতো যদি কেতিয়াবা প্ৰশ্নটোৰ উত্তৰ দিবলৈ লওঁ, নাহৰৰ কোমল বতাহসদৃশ স্মৃতিৰ বতাহজাকে মোক পেণ্ডুলামৰ দৰে দোলাই থাকিব…ডিবৰু, ডিবৰু, জয়মতী ছাত্ৰী নিবাস…।

তাৰিখ- ন আঠ সোতৰ।
জ্যোতি বাট চ’ৰাৰ পৰা নাকৰ পোনে পোনে অহা পকী ৰাস্তাটো শেষ হ’বলৈ প্ৰায় দুশ মিটাৰমান থাকোঁতেই ৰাস্তাৰ সোঁফালে সগৌৰৱেৰে বিশ্ববিদ্যালয়ৰ আটাইতকৈ পুৰণি ছাত্ৰী নিবাসটো অটল হৈ থিয় দি আছে, বুকুত এজাক উত্তাল যৌৱনে এৰি যোৱা সুবাস লৈ…। প্ৰকাণ্ড গেটখনেৰে সোমাই আহি গুলঞ্চ, নাহৰ, দেবদাৰুকেইজোপাত চকু ৰৈছিল। মিলাবলৈ খুউব যত্ন কৰিছিলোঁ ‘নাহৰৰ নিৰিবিলি ছাঁ’ত লিখাৰ দৰেই হ’ব নে হোষ্টেলটো!! ইতিমধ্যে নতুন ছোৱালীৰ আগমনে হোষ্টেলৰ পৰিৱেশটো উমাল কৰি থৈছিল। কোনোবাই মাকৰ লগত কথা পাতিছিল, কোনোবাই নতুন কোঠাটোত সোমাই খিৰিকিখন খুলি দিছিল, দুদিন আগতেই অহা কোনোবাই আকৌ অভ্যস্ত খোজেৰে হাতত বাল্টি লৈ বাথৰুমলৈ গৈছিল। এইবোৰ চাই চাই মোৰ নিজৰ ৰুমটোলৈ যাওঁতে মনটো এহাতে চোঁচৰাই নিয়া ট্ৰলীটোতকৈও গধুৰ যেন অনুভূত হৈছিল।
গধুলি হুৰমূৰাই এজাক ছোৱালী প্ৰাৰ্থনা সভালৈ নামি আহিছিল। চিনিয়ৰবোৰৰ চকু তিৰবিৰাই আছিল। আমি নতুনবোৰে ভয়তে টেপা মাৰি যেনে তেনে থিয় হৈ আছিলোঁ। এজনী এজনীকৈ আমি নিজৰ সম্পূৰ্ণ পৰিচয় দিছিলোঁ। তেওঁলোকেও নিজৰ নিজৰ বিভাগৰ নাম কৈ চিনাকি দিছিল। তেওঁলোকৰ ব্যৱহাৰত ক্ষণিকতে মনটো ফৰকাল হৈ পৰিছিল।
মনতে আওৰাইছিলোঁ…ডিব্ৰুগড় বিশ্ববিদ্যালয়, জয়মতী ছাত্ৰী নিবাস।
সেই ৰাতিয়েই আন্ধাৰত এজনীয়া কোঠাৰ সুযোগ লৈ চেপি চেপি কান্দি মনৰ গধুৰ বোজাটো পাতলাবলৈ খুব চেষ্টা কৰিছিলোঁ।

তাৰিখ- দহ আঠ সোতৰ।
ৰাতিপুৱা মাৰ চিনাকি গোন্ধটো বিচাৰি নোপোৱাত বুকু বিষাই গৈছিল, দৌৰি গৈ মাক চাই আহিবলৈ ইচ্ছা হৈছিল। কোনোমতে মনটো থিৰ কৰি ডিপাৰ্টমেণ্টলৈ গ’লোঁ। তাতো চিনিয়ৰে সুধিছিল কোনে কোনটো হোষ্টেল পাইছে। হোষ্টেলৰ নাম কৈ প্ৰথমবাৰৰ বাবে পৰিচয় দিছিলোঁ,”জে. চি. এন অৰ্থাৎ জয়মতী ছাত্ৰী নিবাস”। হোষ্টেলৰ নাম লওঁতে সবেই মোলৈ চাইছিল। বিশ্ববিদ্যালয়ৰ এজনীয়া কোঠাৰ একমাত্ৰ ছোৱালী হোষ্টেল হোৱাৰ হেতুকে সকলোৰে হোষ্টেলটোৰ প্ৰতি এক আকৰ্ষণ আছে। সেইমুহূৰ্তত হোষ্টেলৰ নাম কওঁতে মোৰ মনটো পাতল হৈ পৰিছিল। এক নং হোষ্টেল হিচাপে চিনিয়ৰে হোষ্টেলৰ মৰ্য্যাদা সম্পৰ্কে কোৱা কথাবোৰ সেইসময়ত মনলৈ আহিছিল। তাৰ পিছৰে পৰা অনবৰতে বুকুত কঢ়িয়াই লৈ ফুৰিছোঁ জে. চি.এন।

ইয়াৰ পিছৰ সময়খিনি গন্তি কৰিবলৈ থাকি যোৱাৰ নিচিনাকৈ তৎক্ষণাতে পাৰ হৈ গ’ল। হুৰমুৰকৈ নামি আহি প্ৰাৰ্থনা কৰা, হোষ্টেলৰ মাজৰ মুকলি ঠাইখিনিত ভলীবল খেলা, হোষ্টেলৰ গলিত বহি পিছনিশালৈকে দিয়া আদ্দা, একেলগে ভাতৰ টেবুলত বহি পতা হৰেক ৰকমৰ কথা, পিছফালৰ বিশাল বননিত বহি ৰ’দ লোৱা, বেলকনিত বহি ৰবাব টেঙাৰ সোৱাদ লোৱা, সন্ধিয়াৰ চাহমেল, কৃষ্ণ জন্মাষ্টমী, দেৱালী,ফাকুৱা, নৱাগত আদৰণী সভা, বিদায়ী সভা, হোষ্টেলৰ বাৰ্ষিক তৰ্ক প্ৰতিযোগিতা, ৰাতি ৰাতি ভাৰ্চিটি উইকৰ ৱাল মেগাজিনৰ কাম ইত্যাদিতে দুটাবছৰৰ বেছিভাগ সময় গুচি গৈছিল। দিনটোৰ ভাগৰৰ অন্তত হোষ্টেলখনৰ নিৰৱ পৰিৱেশটোৱে আমাক পুণঃ উজ্জীৱিত কৰি তুলিছিল। ৰাতি প্ৰায় বাৰ বজালৈকে হোষ্টেলৰ ভিতৰখন গুমগমাই থাকিছিল ঠিক নাহৰৰ দেশত আবাসী হ’বলৈ পাই ৰোমাঞ্চিত হৈ পৰা গাভৰুজাকৰ প্ৰাণৰ দৰে…।

ন আগষ্ট, ২০১৭ ৰ পৰা ২৯ জুলাই, ২০১৯ লৈকে বহুত কিবা কিবি সলনি হৈ পৰিছিল হোষ্টেলখনত। প্ৰথম নিশা অকলশৰে থাকি কান্দি পেলোৱা ছোৱালী মনবোৰে পিছলৈ হোষ্টেলখনক নিজৰ ঘৰ কৰি লৈছিল। প্ৰতিজনী ছোৱালীয়ে কোঠাবোৰো এনেদৰে নিজাকৈ সজাই লৈছিলোঁ যে এবাৰলৈয়ো মনলৈ অহা নাছিল চাৰিবেৰৰ সেই নিৰ্দিষ্ট ঠাইকণৰ মোহ আমি এৰি পেলাব লাগিব। সঁচাকৈয়ে সলনি হৈছিল সকলো। কেলেণ্ডাৰৰ তাৰিখবোৰৰ লগে লগে আমিও হোষ্টেলটোত পুৰণি হৈ আহিছিলোঁ। নতুন জুনিয়ৰ ছোৱালীজনীখিনিৰ উখহা চকুলৈ চাই সিহঁতৰ আবেগ আৰু শংকাবোৰ উপলদ্ধি কৰিব পৰাকৈ পুৰণি হৈছিলোঁ আমি। কেতিয়াবা ৰান্ধনি খুৰা-খুৰীসকলক টানকৈ ক’ব পৰাকৈ বা তাৰপিছদিনাই তেওঁলোকেও আমাক “মাংস নোখোৱাখিনিৰ লিষ্টত আজি নাম নিলিখিবা, চিলি চিকেন আছে” বুলি ক’ব পৰাকৈ পুৰণি হৈছিলোঁ আমি। হোষ্টেলত সোমোৱাৰ কেইদিনমান পিছতে অ’ডিটৰ মানুহৰ আগত মেচৰ আপত্তি দি মেট্ৰনৰ গালি শুনাৰ পৰা মেট্ৰনে নিজে তেওঁৰ কোঠালৈ মাতি নি খাবলৈ দিয়াকৈ পুৰণি হৈছিলোঁ। তাতোতকৈ স্মৰণীয় যে আগৰ সময়চোৱাত চিনিয়ৰৰ লগত বৰ মিলা-মিচা নথকা ছোৱালীজনীয়ে হোষ্টেল প্ৰিফেক্টৰ দায়িত্ব ল’ব পৰাকৈ বিশ্বস্ত হোৱাৰ সুযোগ পাইছিলোঁ।

প্ৰিফেক্টশ্বিপ পোৱাৰ বাবেই পিছৰ সময়খিনি আনতকৈ অলপ জটিল আৰু সুকীয়া হৈ পৰিছিল মোৰ বাবে। দায়িত্ব পালন কৰাৰ খাতিৰত কেইবাবাৰো একেবাৰে ওচৰৰ বান্ধৱীকেইজনৰ লগত মতৰ অমিল হৈছিল। বিশ্ববিদ্যালয়ৰ দ্বিতীয়টো বৰ্ষত প্ৰায় সৰহ সংখ্যকেই ‘জে চি এন’ৰ নামেৰে মোক চিনি পাইছিল। এক কথাত হোষ্টেলখনে মোক পৰিচয় দিয়াইছিল। হোষ্টেলৰ ছোৱালীবোৰৰ অসুস্থতাত সিহঁতক লৈ হস্পিতাললৈ দৌৰোঁতে প্ৰতিবাৰতেই বুকুত সোমোৱাই সিহঁতৰ কেঁকনিবোৰক হেঁচা মাৰি ধৰিবলৈ মন গৈছিল…সিহঁত সুস্থ হোৱাৰ পিছৰ হাঁহিবোৰ আমাৰ প্ৰিফেক্টকেইজনীৰ বাবে আটাইতকৈ স্বৰ্গীয় অনুভূতি আছিল। এশ পঞ্চাচজনীকৈ ছোৱালীৰ আব্দাৰ, আপত্তি, মৰম, সহায় এই সকলোবোৰে আমাক অধিক দায়িত্বশীল কৰি তুলিছিল। অৱশ্যে এই দায়িত্বই আমাক বান্ধি পেলোৱা নাছিল। যেনিয়েই যাওঁ, য’লৈকে যাওঁ বিশ্ববিদ্যালয়ৰ এক নং হোষ্টেলৰ গৰিমাক আমি লগত লৈ ফুৰা হৈছিলোঁ, লগতে নিজৰ নিজৰ বিভাগৰ স্বকীয়তাকো…।

সেই দিনটোত বুকুখনে ৰৈ ৰৈ ধপধপাইছিল। হাতত কাগজৰ এটা টুকুৰা। হাতখনো কঁপিছিল। প্ৰাৰ্থনাসভাত মোৰ লগে লগে নতুন প্ৰিফেক্ট ছোৱালীজনীয়ে বৰ সম্ভ্ৰমেৰে স্হিৰ হৈ আওঁৰাই গৈছিল,”মই অমুকে ঈশ্বৰ, অগ্ৰজ আৰু নিজক সাক্ষী কৰি আজিৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত জয়মতী ছাত্ৰী নিবাসৰ তত্বাৱধায়িকা হোৱাৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছোঁ। এই সময়চোৱাত মই আবাসৰ গৰিমা,মৰ্য্যাদা আৰু স্বকীয়তাক আগত ৰাখি কৰ্তব্য কৰি যোৱাৰ লগতে আবাসৰ আন আবাসীকো ঐতিহ্যত আঘাত সানিব পৰা কৰ্মৰ পৰা আঁতৰাই ৰাখিম।” সেইদিনা মোৰ মাতটো কঁপিছিল, দেহৰ মাজেৰে এসোঁতা বিজুলী পাৰ হৈ যোৱাৰ দৰে লাগিছিল। কাষতে থিয় হৈ আন তিনিগৰাকী প্ৰিফেক্টৰ চকুলৈ চাইছিলোঁ। চাৰিজনীৰ চকুত আঠখনকৈ নদী ভেটা ভাঙি বৈ যোৱাৰ উপক্ৰম হৈছিল। তাৰোপৰি মই আত্মদগ্ধ হৈছিলোঁ কিজানি এবছৰৰ আগত মই লোৱা এনে শপত পালন কৰাত ব্যৰ্থ হ’লোঁ!!

তাৰিখ- এঘাৰ পাঁচ ঊনৈশ।
বিদায়ী সভাৰ আকাংক্ষিত প্ৰশ্নটোৰ উত্তৰত ক’বলৈ বহুত কথাই আছিল। প্ৰথম দিনটোৰ পৰা সেই মুহূৰ্তলৈকে ঘটা বিশেষ বিশেষ ঘটনাবোৰে মনত ভিতৰত লানি নিছিগাকৈ দৌৰি ফুৰিছিল। মই মাত্ৰ কৈছিলোঁ,”হোষ্টেলখনে মোক অভিজ্ঞতা দিলে,বন্ধু দিলে, জীৱন দিলে,মোক জীয়াই তুলিলে। দুটা বছৰে একেলগে কাম কৰাৰ মাদকতা কি শিকালে, মুক্ত বিহংগ হৈ উৰিবলৈ আকাশখন দিলে, মোক দায়িত্বশীল কৰিলে, নিজক চম্ভালিব পৰাকৈ সাহসী কৰিলে…।” মই ৰৈ গৈছিলোঁ। আকৌ মোৰ বুকুখনে জোৰেৰে ধপধপাবলৈ ধৰিছিল। মই ভিতৰত বৰফ হৈ পৰিছিলোঁ যদিও জোৰেৰে হাঁহি থকাৰ চেষ্টা কৰিছিলোঁ। জে চি এনৰ প্ৰথম দিনটোৰ পৰা সময়বোৰ পুণঃ আৰম্ভ কৰিবলৈ সেইমুহূৰ্তত খুব ইচ্ছা গৈছিল…।

হোষ্টেল এৰি অহাৰ এটা বছৰ পাৰ হোৱাৰ পিছতো স্মৃতিবোৰ একেই হৈ আছে। যেতিয়াই বিশ্ববিদ্যালয়ৰ বছৰ দুটা ৰোমন্থন কৰোঁ জ্যোতি বাটচ’ৰাৰ পৰা অলিয়ে গলিয়ে সোমাই ডিপাৰ্টমেণ্ট, ৰংঘৰ চাৰিআলি, জঃচাগৰ সমুখেৰে গৈ মনটোৱে তিনিমহলীয়া জয়মতী ছাত্ৰী নিবাসৰ ২৩২নং কোঠালিটোতে জিৰণি লয়গৈ। এবাৰ মোৰ এৰি অহা কোঠাটোলৈ গৈছিলোঁ। মোৰ পিছৰ আবাসী ভন্টিজনীয়ে কৈছিল,”বা, কোঠাটো আপুনি এৰি যোৱাৰ দৰেই আছে। এতিয়াও এইটো আপোনাৰ কোঠা বুলিয়েই কওঁ।” তাইলৈ বৰ মৰম লাগিছিল। তাইক কৈছিলোঁ,”মোৰ নহয় আমাৰ কোঠা…”।

যেতিয়াই বিশ্ববিদ্যালয়ৰ কথা ভাবোঁ মোৰ জীৱনৰ আটাইতকৈ বৰ্ণময় সময়খিনিয়ে সোঁৱৰণী হৈ মনটোক জুৰাই থাকে। হাজাৰ গাভৰুৰ গোপন কথা সামৰি ৰাখি জয়মতী ছাত্ৰী নিবাসো যৌৱনা হৈ থাকক।

স্বগতোক্তিঃ আমৃত্যু প্ৰেম। নাহৰ…ডিবৰু…জে.চি.এন.।

4 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here