জয় জুবিন দা!

সায়ন্তন শইকীয়া

জুবিন গাৰ্গক ভালপোৱা আৰু জুবিন গাৰ্গক অন্ধভাৱে সমৰ্থন কৰা দুটা বেলেগ বস্তু। এইটো মই সত্য বুলি ভাবো যে অসমত জুবিন গাৰ্গক ভালপোৱা মানুহতকৈ তেখেতক অন্ধভাৱে সমৰ্থন কৰা মানুহৰ সংখ্যা ড০ ভূপেন হাজৰিকাৰ ভাষাত ‘অলপ হ’লেও বেছি আছে’। ‘জুবিন দা ৰক্স’, ‘জয় জুবিন দা’, ‘ফালি দিয়ক জুবিন দা’, ‘জুবিন দাৰ কথা বেয়াকৈ ক’লে জেং হৈ যাব কিন্তু’ কিছু উদাহৰণ। আটাইতকৈ ভাল লাগে যেতিয়া জুবিন গাৰ্গে মঞ্চৰ পৰা চিৰিয়াচ কথা কিছুমান কৈ থাকোঁতে তলৰ পৰা নামৰ মাজত ‘ZG’ লগোৱা এজনে চিঞৰে : “জুবিন দা বিহু লাগে বিহু!”।

জুবিন গাৰ্গে যেতিয়া মঞ্চৰ পৰা বাওঁ হাতখন মুঠি মাৰি দৃঢ়তাৰে কয় ‘আই এম এ ছ’চিয়েলিষ্ট‘ তেতিয়া ফেচবুকে, ৱাটচএপে জুবিনক লৈ দিনে-নিশাই কাজিয়া লাগি থকা কেইজনেও হাত ওপৰলৈ তুলি দিয়ে। পিছদিনা অৱশ্যে গাঁও পঞ্চায়তৰ নিৰ্বাচনত ধুনীয়াকৈ ছ’চিয়েলিষ্ট আদৰ্শৰে গদ্গদ হৈ পদুমত টিপাটো মাৰি থৈ আহে। ছ’চিয়েলিজম্ খোৱা বস্তুৱেই নে পিন্ধা বস্তুৱেই সেইটো পিছত জানিলেও হ’ব।

এটা ইন্টাৰেষ্টিং বস্তু মই যোৱা কেইবাবছৰ ধৰি দেখি আহিছো। সেইটো হৈছে জুবিন গাৰ্গৰ ক্ৰমাৎ বাঢ়ি অহা সামাজিক সচেতনতা আৰু দায়িত্বশীল কাম-কাজ। আমি সৰু থাকোতে জুবিন গাৰ্গক এজন অতি মিঠা কণ্ঠৰ যাদুকৰী গায়ক বুলি চিনি পাইছিলো যাৰ গানত আমিবোৰে বিচাৰি পাইছিলো এক স্বৰ্গীয় স্বস্তি। জুবিন গাৰ্গৰ যে এখন সাগৰসম বিশাল অন্তৰো আছে সেইটো আমি বহুদিন পিছত তেওঁক নিজেই লগ পাই কথা পাতি ভালদৰে অনুভৱ কৰিছো। মানুহজনৰ এই গুণবোৰ কিন্তু আমাৰ ‘ফেন’বোৰে ল’বলৈ টান পাব। মুখেৰে জুবিন গাৰ্গৰ প্ৰশস্তি বখানি ফেন বাহিৰ হৈ যাব কিন্তু তেখেতে কিতাপ পঢ়িবলৈ ক’লে কিন্তু নুশুনে। চে গুৱেভাৰাৰ কথা ক’লে ভেবা লাগি শুনি থাকিব কিন্তু নিজেই চে গুৱেভাৰা আৰ্জেন্টিনাতেই জন্ম নে আদাবাৰীত জন্ম সেইটো জানিবলৈ চেষ্টা নকৰে। কিয়নো কৰিব? জনাত কষ্ট যে বেছি।

এইখিনি মানুহৰ আৰু কিছুমান স্বকীয় কেৰেক্টাৰিষ্টিক্স আছে। যেনে ধৰি লওক আপুনি সুধিলে : “তোমাৰ মতে জুবিন গাৰ্গৰ শ্ৰেষ্ঠ কম্পজিশ্বন কোনটো?” তেওঁলোকে সুধিব : “কম্পজিশ্বন? মানে গান ন’?”। আপুনি প্ৰশ্নটো আকৌ এবাৰ বুজাই দিয়াৰ পিছত তেওঁ ক’ব : “দিন জ্বলে ৰাতি জ্বলে জুবিন দাৰ বেষ্ট লাগে মোৰ!”। আপুনি সুধিব : “কিয় ‘মায়াবিনি’, ‘ৰ’দ আজি কেনি পাওঁ’, ‘ৰৈ ৰৈ বিনালে’, ‘জ্বলিলা পুৰিলা’, ‘নহ’লে পৰিচয় হিয়াৰে’, ‘মন যায়’, ‘শিকলি চিঙি’ এইবোৰ কি তেন্তে। তেতিয়া তেওঁ উত্তৰ দিব : “অ, নাই মানে মই বেছিভাগ এইবোৰ গান শুনাই নাই যে। অকল ‘মায়াবিনি’, ‘মন যায়’ আৰু ‘নহ’লে পৰিচয়’ শুনিছো আৰু হে হে। কিন্তু ‘দিন জ্বলে ৰাতি জ্বলে’ত জুবিন দাই ফালি দিছে। ইউটিউবত ভিউজ দেখিছে নাই। যিমান ভিউজ বেছি সিমানেই ভাল গান হ’ব ন’!”।

আপুনি ইয়াৰ পিছত বেলেগ একো ক’ব নালাগে। নিজৰ কাপোৰ-কানি ফালি ঘৰলৈ ঘূৰি আহিলেই হ’ল।

7 COMMENTS

  1. জুবিনদা সদায়েই তুলনা বিহীন । মনে প্ৰাণে আমি জুবিন দাক ভাল পাওঁ।কিন্তু অন্ধ ভক্তও নহয়।জুবিন দা যিমান দিনলৈকে শিল্পী হৈ থাকিব আমিও তেখেতক ভাল পাই থাকিম।

  2. কিছু লিখিছে কিন্তু আপুনি ধন্য। জুবিন দাক ভাল পাওঁ

  3. একদম খাটি কথা লিখিছা। এই অন্ধ সমৰ্থকসকলে মৰমৰ মানুহজনক কেতিয়াবা বিপথে পৰিচালিত কৰিব বুলি ভয় হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here