যোৰহাটৰ পৰা ৰ’ড আইলেণ্ডলৈ

দেবাঞ্জন বৰঠাকুৰ

সময়ে মানুহক ক’লৈ লৈ যায় সেয়া আগতিয়াকৈ পূৰ্বানুমান কৰিব নোৱাৰি। ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়তেই পঢ়িম বুলি তেনে কোনো পৰিকল্পনা নাছিল। যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিকতাৰ ডিগ্ৰী লৈ আই আই টি গুৱাহাটীত জে আৰ এফ আৰু তাৰ পাছত এদিন ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ত পঢ়িবলৈ আমন্ত্ৰণ পালোঁ। ৰ’ড আইলেণ্ড এখন সৰু ৰাজ্য। আটলান্টিক মহাসাগৰৰ পাৰত আবেলিৰ নিবিৰ মুহূৰ্তবোৰত বহু বাৰ খোজ কাঢ়িছোঁ। ৰ’ড আইলেণ্ডত আন্ত:বিষয়ক স্নায়ুবিজ্ঞান পাঠ্যক্ৰমত নাম লগালো। স্কলাৰ্ছিপ আছিল বাবে টিউচন ফীজ দিয়াত অসুবিধা হোৱা নাছিল। বিদেশত থাকি অনুভৱ কৰিছোঁ যে ইয়াত জীৱন ধাৰণৰ মান কিছু উন্নত। বিশ্ববিদ্যালয়বোৰত গৱেষণাৰ মানো উন্নত। বিশেষকৈ আমি অসমত পঢ়াৰ সময়ত বিষয়টো বুজাতকৈ মনত ৰখাত গুৰুত্ব দিছিলোঁ। কিন্তু ইয়াত বিষয়টো বুজাত গুৰুত্ব দিয়া হয়। ৰ’ড আইলেণ্ডৰ পৰা ওচৰতে বষ্টন আৰু তাৰ পৰাওঁ নিউ ইয়ৰ্ক বেছি দূৰ নহয়। নিউ ইয়ৰ্কৰ মানহাট্টান চহৰৰ টাইমছ স্কোৱাৰলৈ যোৱা প্ৰথম দিনটো মনত আছে, সৰুতে চোৱা স্পাইডাৰ্মেন চিনেমাখনৰ ওখ ওখ অট্টালিকাবোৰলৈ মনত পৰিছিল। আমেৰিকাত থাকোতে গাড়ী এখন ন’ললে যথেষ্ট অসুবিধা হয়। সেয়ে এখন ছেকেণ্ড হেন্দ গাড়ী কিনি লৈছিলোঁ।
গাড়ী খনত নিজেই তেল ভৰাব লাগে। মনত পৰে সেইবোৰ কথা। বৰ্তমান কানাডাত আছোঁ সেয়ে ইমান অসুবিধা নহয়, গাড়ীৰ প্ৰয়োজন নাই। ব্যক্তিগত কথাবোৰ আকৌ পাচে পৰে লিখিম। উচ্চশিক্ষা সম্পৰ্কে কিছু কথা উল্লেখ কৰোঁ। আমেৰিকা উচ্চ শিক্ষাৰ বাবে বেছিভাগ লোকৰে প্ৰথম পছন্দ। পৃথিৱীৰ ভিন ভিন দেশৰ পৰা ছাত্ৰ ছাত্ৰী এই দেশলৈ পঢ়িবলৈ আহে। আমেৰিকাত গৱেষণামূলক কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয়বোৰক তিনি শ্ৰেণীত ভগোৱা হয়। সেই কেইটা হৈছে, “R1,R2,আৰু R3” বিশ্ববিদ্যালয়। মই গৱেষণা কৰি থকা ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয় খন “R2” শ্ৰেণীত পৰে। কলম্বিয়া বিশ্ববিদ্যালয়,হাৰ্ভাৰ্ড,ব্ৰাউন,এম আই টি ইত্যাদি নামজ্বলা বিশ্ববিদ্যালয় “R1” শ্ৰেণীত পৰে।আমেৰিকাত বিশ্ববিদ্যালয় সমুহ, ব্যক্তিগত খণ্ডৰ আৰু স্বত্বন্তৰীয়া ৰাজহুৱা বা চৰকাৰী খণ্ডৰো হব পাৰে।

আমেৰিকাৰ বিশ্ববিদ্যালয়বোৰত পঢ়িবলৈ স্নাতক,স্নাতকোত্তৰ আৰু পি এইচ ডি, প’ষ্ট ডক্টৰেট এই কেইটা ডিগ্ৰীৰ সুবিধা আছে। হায়াৰ চেকেণ্ডেৰীৰ পাচত “SAT (Scholastic Assessment Test)” পৰীক্ষা দিব লাগে। স্নাতকোত্তৰ আৰু পি এইচ ডি ৰ নামভৰ্তিৰ বাবে “Toefl(Test of English as a Foreign Language)” আৰু “GRE (Graduate Record Exam)” ৰ পৰীক্ষা দিব লাগে। আমেৰিকাৰ বেছিভাগ বিশ্ববিদ্যালয়তে স্নাতক হ’লেই পি এইচ ডিৰ বাবে আবেদন কৰাৰ ব্যৱস্থা আছে। অৱশ্যে তাৰ বাবে পূৰ্বতে গৱেষণা কৰাৰ অভিজ্ঞতা থাকিব লাগিব। আমেৰিকাৰ শিক্ষা ব্যৱস্থা খৰছি। কিন্তু পি এইচ ডিৰ গৱেষণাৰ সুযোগ পালে, শিক্ষা বিনামূলীয়া হোৱাৰ লগতে জলপানি বা দৰমহাও লাভ কৰিব পাৰে। “GRE” আৰু “TOEFL” পৰীক্ষা কেইটাৰ বিষয়ে অধিক জানিবৰ বাবে ইন্টাৰনেটৰ সহায় ল’ব পাৰে। আমেৰিকাত “MBA” কৰিবলৈ বিচাৰিলে “Graduate Management Admission Test” ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। আমেৰিকাৰ উন্নত শিক্ষা ব্যৱস্থাই ইয়াক সমগ্ৰ বিশ্বৰে শিক্ষা আৰু গৱেষণাৰ কেন্দ্ৰস্থল কৰি তুলিছে। সঠিক উদ্দেশ্য আৰু কাৰ্যপন্থা হাতত ল’লে আমেৰিকাত উচ্চ শিক্ষাৰ বাবে বাট মুকলি হৈ পৰে। ছাত্ৰ ছাত্ৰীয়ে দক্ষতা বিকাশ আৰু গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিলে বিদেশত উচ্চ শিক্ষাৰ বাবে বাট মুকলি হোৱাত সহজ হৈ পৰে। এই তথ্যখিনিয়ে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক নিশ্চয় সহায় কৰিব। ৰ’ড আইলেণ্ডৰ বহু অভিজ্ঞতা আছে। নিশ্চয় আকৌ লিখিম।

ৰ’ড আইলেণ্ডৰ সীমা কানেটিকাট আৰু মাচাছুচেটছৰ লগত লাগি আছে। ইয়াৰ ৰাজধানী হৈছে প্ৰভিডেন্স। ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা ১৭৭৬ চনত এই ৰাজ্যখনে স্বাধীনতা পাইছিল। ৰ’ড আইলেণ্ডক অচেন ষ্টেট বুলিও কোৱা হয়। চাবলগীয়া ঠাইবোৰৰ ভিতৰত আছে ৱাৰৱিক, ক্ৰেনষ্টন, প্ৰভিডেন্স ইত্যাদি।

নিউপৰ্ট আন এখন পৰ্যটনস্থলী। এইবোৰ ঠাইলৈ কেইবাবাৰো যোৱা হৈছিল। অতি মনোমোহা, অতি
শান্তিদায়ক এক পৰিবেশ।

8 COMMENTS

  1. কথাখিনি জানি ভাল লাগিল । বিশেষকৈ কোনো এটা বিষয় মুখস্থ কৰাতকৈ বুজাত বেছি গুৰুত্ব দিয়া হয় বুলি জনি বেছ ভাল লাগিল । নিজস্ব চিন্তাধাৰা থাকিলে কোনেও আন মানুহ ৰ কথাত হকে বিহকে উঠ বহ কৰি নাথাকে বা থাকিব নোৱাৰে l তোমাৰ ক্ষেত্ৰত মই সেই কথা লক্ষ্য কৰিছোঁ ।

  2. কথাখিনি জানি ভাল লাগিল। বয়সৰ বাধ্যবাধকতা আছে নে?

    • স্নাতকৰ পাছত বয়সৰ সীমা নাই। ভাৰতৰ বিশ্ববিদ্যালয় বোৰতো নাই। JNU, HCU আদি শীৰ্ষস্থানীয় বিশ্ববিদ্যালয়ত ৩০, ৩৫ বছৰ বয়সত PhD কৰে বহুতে। আমেৰিকাৰ বিশ্ববিদ্যালয়ত PhD student ৰ গড় বয়ষ ৩৩ বছৰ। Google কৰি চাব পাৰে। ভাৰতৰ দৰে দেশত বেছিভাগেই চাকৰি লাগে কাৰণে সোণকালে PhD কৰে MA/MSc কৰাৰ পাছতে, আৰু সেইকাৰণেই গৱেষণাৰ মান তেনেই দুখলগা। আমেৰিকাৰ শীৰ্ষৰ বিশ্ববিদ্যালয় বোৰে সাধাৰণতে অলপ অভিজ্ঞতা থকা, কিছু বছৰ নিজেই পঢ়া-শুনা কৰা Candidate হে বিচাৰে PhD ৰ কাৰণে। আপোনাৰ application ৰ লগত দিব লগা Written sample চায়েই গম পাব আপোনাৰ চিন্তা কৰিব পৰা ক্ষমতা কিমান আৰু কিমান ভাল লিখে। এই লেখাটোৰ লেখকজন R2 বিশ্ববিদ্যালয়তহে গৱেষণা কৰে, আৰু সেইখনেই কিমান উচ্চ মানদণ্ডৰ বিশ্ববিদ্যালয়। এতিয়া ভাবি চাওকচোন R1 বিশ্ববিদ্যালয় এখনত (যেনে Harvard, Yale, Columbia, UC Berkeley, University of Chicago, University of Pennsylvania) ছিট পোৱাটো কিমান কঠিন হ’ব। ছিট পালে পইচাৰ কথা ভাবিবই নালাগে। কিন্তু ছিট পাবলৈ বহুত কঠিন।

  3. ভাল লাগিল পঢ়ি। তথ‍্যসমৃদ্ধ লেখাটিয়ে উপকৃত কৰিব উচ্চ শিক্ষা অভিলাসী আন দহ জনক।

  4. ছাত্ৰ-ছাত্ৰীৰ বহুত কামত আহিব প্ৰৱন্ধটো । দেবাঞ্জন বৰঠাকুrr নামটো কেবাঠাইতো পাইছিলোঁ, কিন্তু কি কৰে গম পোৱা নাছিলো। ভাল লাগিল তেওঁৰ উচ্ছাকাংক্ষা আৰু সফলতা দেখি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here