জখলা বগাই গৈ পোৱা ফাগুন

পঞ্চানন হাজৰিকা

এনেকুৱাই ফাগুন মাহ ।

তেতিয়াও আছিল ফাগুন এনেকুৱাই । দুৰন্ত আৰু অপ্ৰতিৰোধ্য । উদাস-ৰিক্ত অথচ বৰ্ণাঢ্য ।

লৃগাঙৰ সময়ৰ পৰা শিমলুবোৰ আকাশ ৰাঙলী কৰি ফুলে । বতাহ বাউলী হয় । কলেজ ছুটী হোৱাৰ পাছত মহাৰ্ণৱ বাজাজ স্কুটাৰত উঠে । পকীবাট এৰি গুচি যায় চহৰৰ কাষেদি বৈ থকা নৈ খনৰ পিনে । চিকাৰীঘাট ! গাত গা লাগি ইখনৰ পিছত সিখন মিচিং গাওঁ। মহাৰ্ণৱ হৈ উঠে ফাগুনৰ দৰে ৰঙীয়াল , বতাহৰ দৰে কোবাল । ৰিতুল ৰেগনৰ চাংঘৰত বহি দুয়ো বন্ধুৱে বুকুৰ অৰ্গল খুলি কথা পাতে । ভনীয়েক কাঞ্চনে আথে বেথে যতনাই দিয়ে আপঙৰ বাটি , পোৰা গাহৰি , কলপাতত নিমখ জলকীয়া । কেতিয়াবা মহাৰ্ণৱ বৰদলনিলৈ যায় । সংগঠন কৰা দিনতেই চিনাকি হোৱা ৰত্ন মাষ্টৰৰ চাংঘৰত বহেগৈ । ৰত্ন মাষ্টৰে চকু মুদি কবিতা গায় । কঁপা কপা মাতত বাজি উঠে ‘কুলখুড়াৰ চোতাল’ । আৰ চি‌ পি‌ আই‌ আন্দোলনৰ দিনৰ কাহিনী ৰত্ন মাষ্টৰে ৰেহা লগাই কয় । মহাৰ্ণৱে সাধু শুনা শিশুৰ দৰে নিটাল মাৰি শুনে । বুকুত বিষ্ণুপ্ৰসাদক লৈ ফুৰা ভলভলীয়া মানুহটোক প্ৰাণ ভৰি চায় । দেউৰী গাঁৱত মহাৰ্ণৱৰ কলেজীয়া বন্ধু উদীপৰ ঘৰ । তাতো একেই আদৰ – সাদৰ ।
ফাগুন মানেই মহাৰ্ণৱৰ বাবে আজিও সেই ধুলিয়ৰি বাটবোৰেদি গৈ থকা তেওঁৰ বাজাজ স্কুটাৰৰ নিৰন্তৰ গতি । ফাগুন মানেই আজিও চাংঘৰৰ বেৰ ফালি নদীৰ বুকুলৈ খলখলাই বৈ যোৱা কাঞ্চনৰ হাঁহি । ফাগুন মানেই আজিও ছাইমদৰ সোৱাদত মুদ খাই অহা গধুৰ চকু । ক্লাছ কৰি ভাগৰি যোৱা মূৰ বন্ধু ৰিতুলৰ কান্ধত পেলাই শুনি থকা এটা বুকু ভেদা ঐনিতমৰ উৰুঙা সুৰ। ফাগুন মানেই ফুলিবলৈ ৰৈ থকা আকাশমুখী শিমলু। তাতেই পৰাহি চুটি শালিকাৰ জাকটোৰ কিছিৰ মিছিৰ কথা- বতৰা। কাকডোঙাৰ পাৰত পলাশ- আজাৰৰ সুশোভিত শাৰী।

এই পৃথিৱীৰ পৰা তেওঁ দূৰলৈ গুচি অহা কিমানদিন হ’ল? এই পৃথিৱীয়ে হাত বাউলি দি তেওঁৰ আত্মাক সম্বোধন নকৰা কিমানদিন হ’ল?

আজিকালি নিজৰ বুকুৰ ঢপঢপনিটো তেওঁ বেছিকৈ শুনে। ক্লাছৰ পৰা ওলাই আহি ফ্লাক্সৰ পৰা বাকি গৰম পানী একাপ তেওঁ ঘোৎ ঘোৎ কৈ পি লয়। ৰুমালেৰে চশমাৰ আইনা মচি পিছৰ ক্লাছটোৰ বাবে প্ৰয়োজনীয় কিতাপখিনি যো-জা কৰে। অৱসৰলৈ আৰু দুবছৰ আছে। ইয়াৰ পিছত জীৱনটো কি হৈ যাব, কেনেকুৱা হৈ যাব- তেওঁ ভাবি চোৱা নাই। জীৱনৰ ত্ৰিশটা বছৰ এইখন কলেজতে তেওঁ ল’ৰা- ছোৱালীক পঢ়ুৱাইছে। চাৰি বছৰৰ মূৰে মূৰে তেওঁ চশমাৰ আইনা সলাইছে- সেই সলনি হোৱা আইনাৰেই তেওঁ দেখিছে, কি দূৰ্বাৰ গতিত এই পৃথিৱী সলনি হৈছে।

কলিতা কূলৰ ল’ৰা এটি গৈ মিচিং চাংঘৰত পৰি ৰোৱা কথাটো কোনেও সহজে মানি লোৱা নাছিল। খঙাল দেউতাকেটো কেইবাবাৰো তাজ্যপুত্ৰই কৰিবলৈ ওলাইছিল। কান্দুৰী মাকজনীয়েহে ফেঁকুৰি ফেঁকুৰি বাৰণ কৰিছিল জাত্যভিমানী বাপেকক। তেনে এখন ঘৰৰ বাৰণ্ডাত কাঞ্চনক ওৰণি বাৰণি দি থিয় কৰোৱাটো মহাৰ্ণৱৰ বাবে সম্ভৱ কথা নাছিল ।

জীৱনৰ সকলো বান্ধোন অতিক্ৰমি গুচি যাব খোজা মহাৰ্ণৱ মাত্ৰ সেই নিচা আৰু উদ্দামতাত মজি ৰ’ব বিচাৰিছিল। ভাল পাইছিল সূহুৰিবোৰ, গানবোৰ, গোন্ধবোৰ। বনৰীয়া গছপাত গচকি গৈ থকা বাটবোৰ । সকলো নিসংকোচ হাঁহিৰ তেওঁৰ প্ৰেমত পৰিছিল। আদিম – অনাবুৰ পৃথিৱীখনত মূৰ গুজি ৰবলৈ তেওঁৰ ব্যাকুলতা বাঢ়িছিল। সম্ভ্ৰম- সংস্কৃত পৰিশীলিত জীৱনবোৰলৈ তেওঁৰ বিকৰ্ষণ হৈছিল- কিন্তু সেই জীৱনক নেওচা দি তেওঁ তেওঁৰ কল্পস্বৰ্গীয় পৃথিৱীলৈ চিৰদিনৰ বাবে গুচি আহিবও পৰা নাছিল ! মানুহৰ বুকুৰ চেনেহেৰে জীৱনটো চলি যাব বুলি ভাবি লোৱা মানুহ হৈ পৰিছিল মহৰ্ণৱ । ল’ৰা – ছোৱালী পঢ়ুৱাইয়ে জীৱনটো পাত কৰি দিব পৰা যাব বুলি ভাবি লোৱা মানুহ হৈ পৰিছিল মহাৰ্ণৱ । এসময়ত জড়িত হৈ থকা বাওঁ-সংগঠনটোৰ লগতো তেওঁৰ লাহে লাহে সৌহাদ্য কমিছিল । বহু কথাত মতান্তৰ আৰম্ভ হৈছিল নেতৃত্বৰ লগত । মৰাৰ দিনলৈকে ৰত্ন মাষ্টৰে বুকুত বিষ্ণুপ্ৰসাদকে সাৱটি থকা দেখিছিল মহাৰ্ণৱে । কিন্তু তেঁওৰ দিনলৈ কোনো বিশ্বাস অথবা দৃঢ়তা খোপনি পুতি ৰৈ যাব পৰা নাছিল । থিয়ৰীক কেন্দ্ৰ কৰি কাহানিও ঘূৰাই নাছিল মহাৰ্ণৱে গঢ়ি লোৱা পৃথিৱী। তত্ত্বৰ অন্ধ অনুসৰণৰ নাম জীৱন ৰাখি ৰাজনৈতিকভাৱে শুদ্ধ হৈ থাকিব খোজা মানুহো নাছিল তেওঁ । তেঁওৰ আটাইতকৈ প্ৰিয় চৰাইটো আছিল বালিমাহী । বালিচৰত দেও দি খেলি ফুৰা বালিমাহী । ঘাটত বহি বহুদিন তেওঁ বালিমাহীকেইটাই জপিয়াজপি কৰি কৰা ধেমালিবোৰ চাইছিল । চুৰট এটা ভগাই খাইছিল নতুনকৈ চিনাকি হোৱা সুৰেন নাৱৰীয়াৰ লগত । সুৰেন নাৱৰীয়াই তেওঁক নাওঁত তুলি আন এটা বালিচৰলৈ লৈ গৈছিল । তাৰ পৰা আন এটা লৈ ….. । বালিচৰবোৰে খৰালিৰ নদী খনক নতুন নতুন ভাঁজ দিছিল । গতিক দিছিল ছন্দ । সুৰেন নাৱৰীয়াই নাৱৰ টিঙৰ তলত বস্তাৰে ঢাকি লুকুৱাই থৈছিল সস্তীয়া মদৰ বটল । তেওঁ বৈ থকা পানীবোৰ আঙুলিৰে লিৰিকি বিদাৰি আছিল — বিয়লিৰ বেলিয়ে সিঁচি দিয়া ৰঙা ফাকুৱাবোৰ কঁপি কঁপি লয় গৈছিল লুইতৰ পানীত ।

এই বিশাল বিচিত্ৰ প্ৰকৃতিৰ মোহ-মায়াৰ বাহিৰে আন একোৱে আকাংক্ষা নাছিল মহাৰ্ণৱৰ ।
সঁচাকৈয়ে নাছিলনে ?

তেওঁ ভাল পাইছিল নিজকে ৰোমান্টিক মানুহ বুলি দাবী কৰি । সোঁতৰ বিপৰীতে গৈ থকা মানুহ বুলি নিজকে দাবী কৰিছিল । অসম আন্দোলনৰ ভৰপক সময়ত তেওঁ আছিল কলেজৰ ছাত্ৰ । সেই দিনবোৰতো তেওঁ আছিল আন্দোলনৰ বিৰোধী শিবিৰত । সেইবোৰ জীৱনৰ পাহৰিব নোৱাৰা পাঠ আছিল । সময়ে দি যোৱা পাঠ — ৰক্তাক্ত , ধাৰাল , শিঁহৰিত জোকাৰণিৰ স্মৃতিপাঠ‌ ।
‌‌

বহুদিন হৈ গৈছে কথাবোৰৰ । কলেজত প্ৰথমে পঢ়ুৱাবলৈ আহি উতনুৱা হৈ ঘূৰি ফুৰা বাজাজ স্কুটাৰখনত উঠি নৈৰ ফালে হাবু–ডুবু খাই ওলাই যোৱাও বহুদিন হৈ গৈছে । সহকৰ্মী দীপ্তি বাইদেউ, জয়কান্ত ছাৰে অনা পাত্ৰীৰ প্ৰস্তাৱ হাঁহিমুখে অগ্ৰাহ্য কৰা দিনবোৰো শেষ হৈ গৈছে । কেতিয়াবাই‌ শেষ হৈ গৈছে ।

এতিয়া তেওঁ কলেজখনৰ বৰ্ষীয়ান অধ্যাপক সকলৰ এজন । গহীন মুখত সকলো অভিব্যক্তি সামৰি ৰাখিবলগীয়া বয়স । গধূৰ চশমাৰে চকুৰ ভাষা থাকি ৰাখিবলগীয়া বয়স । নতুনকৈ তেঁওৰ বিভাগতে যোগদান কৰা চৌবিশ বছৰীয়া ডেকা অধ্যাপকটিয়ে ছাত্ৰ-ছাত্ৰীৰ কান্ধত ধৰা-ধৰিকৈ ফটো উঠাৰ সময়ত তেওঁ বুজি উঠে- এই সময় সঁচাকৈয়ে তেওঁৰ নহয় । যদিও এই সময়ে তেওঁক অস্বীকাৰ নাই কৰা , কিন্ত এই সময়কনো ইমান সহজে তেওঁ কেনেকৈ স্বীকাৰ কৰে ?

প্ৰায় পোন্ধৰ বছৰ আগতে এইটো বিভাগতে পঢ়িবলৈ অহা মাধুৰিমা নামৰ ছাত্ৰীজনীয়ে তেওঁলৈ লিখা দীঘল চিঠিখনৰ কেতবোৰ শাৰী আৰু শব্দই এতিয়াও নিজানত মানুহজনক ভাবুক কৰে । কঠোৰ মুখাবয়বেৰে সদায় কৰ্তৃত্ব বজাই ৰাখিব খোজা দীপ্তি বাইদেউ তেতিয়া বিভাগীয় মুৰব্বীৰ চকীত বহে। ছোৱালীজনীক মুৰব্বীৰ সন্মুখত থিয় কৰাই একেবাৰে আগুৰি ধৰিছিল বিভাগৰ ছজন শিক্ষকে। কিছু স্তম্ভিত , কিছু সংকুচিত আৰু অলপ বিব্ৰত হৈ তেৱোঁ থিয় হৈ ৰৈছিল সেই বিচাৰ বৃত্তত। তেওঁক কোনেও প্ৰশ্ন তোলা নাছিল- অৱশ্যেই পাঁচজন সহকৰ্মীৰ চকুবোৰত প্ৰশ্নৰ সংকেত ওলমি নথকাকৈও থকা নাছিল। আৰু কি আছিল ? শ্লেষ ? প্ৰতিহিংসা ? বিকৃত তৃপ্তি ? নে কাৰোবাক নিজৰ স্থানতে বগৰাই দিয়া আনন্দৰ জিঘাংসা ! সমান-সমান মানুহ দৌৰি থকা যুঁজ এখনত হঠাৎ এজন মানুহক কৰবাত দুৰ্বল বুলি পতিয়ন নিয়াব পৰাৰ এক বিভৎস বন্যতা ? তেওঁ একো কোৱা নাছিল । এই চিঠি কিয় লিখিছিলা মাধুৰিমা – চোকা ছাত্ৰী গৰাকীক সেয়াও তেওঁৰ সোধা হোৱা নাছিল। মাধুৰিমাই তেতিয়া নতুনকৈ গল্প লিখিবলৈ লৈছে। মাধুৰিমাৰ বিহুৰ উতলা ছন্দত সেইবাৰ ফ্ৰেচাৰ্ছৰ‌ আবেলি গোটেই অডিট’ৰিয়ামে নাচিছে। সেই মাধুৰিমাই চিঠিত লিখিছিল – ‘আপুনি বুকুত কিতাপ বান্ধি , নীলা হাৱাইন চাৰ্টৰ জেপত সোণালী কলম গুজি অহা যোৱা কৰোঁতে মই পতিয়ন যাঁও যে – আপুনিয়ে সেইজন মানুহ ; যিজন মানুহক মই মোৰ মাজত লালন কৰিব খোজো । যিজন মানুহৰ বাবে মই আজৰাই থব খোজো বুকুৰ বাৰাণ্ডা , খুলি থব খোজো মনৰ খিৰিকী । ভাবিব পাৰোঁনে আপোনাক এবাৰৰ বাবে প্ৰাণৰ পুৰুষ বুলি ? আপুনি কি পঢ়ুৱায় – সেয়া মোৰ আজিকালি মনত নৰয় , কিন্তু আপোনাৰ প্ৰতিটো শব্দই মই সাঁচি থব খোজো । সাঁচি থব খোজো আপোনাৰ হাঁহিৰ কোণ , উচ্চাৰণৰ লয় , খোজৰ ভংগী । এজন মানুহ কেনেকৈ হৈ উঠে বুকুৰ কম্পনাংক – সেয়া আপোনাক দেখাৰ পৰা বুজিছো , মহাৰ্ণৱ ছাৰ !’

কম বয়সীয়া আৱেগেৰে লিখা গল্পৰ দৰে ভাষা আছিল সেয়া। সহকৰ্মীয়ে উদ্ধাৰ কৰি অনা সেই‌ চিঠিক লৈ দীপ্তি বাইদেউ গৰগৰাই উঠিছিল। আঁতৰাই দিছিল তেওঁৰ পৰা চূড়ান্ত বৰ্ষৰ মেজৰৰ ক্লাছ। মাধুৰিমাই অলপো নাকান্দিলে। সকলো ককৰ্থনা সহি সামৰি দাম্ভিকতাৰে বিভাগৰ পৰা ওলাই যাওঁতে বেঁকাকৈও চাই থৈ নগ’ল মহাৰ্ণৱক । কথাষাৰ কোনোবাই অধ্যক্ষকো কৈছিলগৈ । বয়সীয়াল অধ্যক্ষই কও নকওঁ কৈ তেওঁক এদিন ওচৰলৈ মাতি আনি কলে– ‘বিয়াখন এতিয়াও পাতক, ডেকা । অবিবাহিত হৈ থকাৰ বহুত সমস্যা’। নিজকে ৰোমান্টিক বুলি দাবী কৰি ভালপোৱা মানুহটো এক আচৰিত অস্বস্তি আৰু লজ্জাত ত্ৰিয়মান হ’ল । সেই সময় বোৰতো তেওঁৰ কাঞ্চনলৈ মনত পৰিছিল । কাঞ্চন – বন্ধু ৰিতুল ৰেগনৰ ভনীয়েক ইতিমধ্যেই নতুন এটা চাংঘৰত তিনিটা লৰা ছোৱালীৰ মাক হৈছিলগৈ ।

তাৰ পিছতো মানুহ আচৰিত ভাৱে একেটা বিন্দুত অলৰ – অচৰ হৈ ৰৈ যায় । বয়স আৰু সময়ে মানুহক এনে এক পৰ্যায়লৈও লৈ আনে – যি স্তৰত বহু প্ৰশ্ন,পৰামৰ্শ,দাবী আনকি ইতিকিঙো হৈ পৰে অপ্ৰাসংগিক । কিন্তু মহাৰ্ণৱে ভাবে – এই স্তৰৰ বাবে নিৰ্দিষ্ট বয়সলৈ ৰৈ থকাটো সদায় জৰুৰী হয়নে ? সমাজ আৰু পৰিয়ালক হেলাৰঙে নেওচা দিবলৈ এটা সময়ত তেওঁৰ সাহস নাছিল । কাঞ্চন সেয়ে হৈ থাকিল নিজাকৈ দাবী কৰিব নোৱাৰা দূৰণিৰ সূৰ এটা। মাধুৰিমাৰ সময়ত তেঁও কথাবোৰ নতুনকৈ ভাবি চাব পাৰিলেহেতেনঁ নেকি ? কিতাপ পঢ়ি , সুৰাপান কৰি , ল’ৰা-ছোৱালীক পঢ়ুৱাই , ৰন্ধা – বঢ়া কৰি, সকলো বাসনা, সকলো দাবী, কামনাৰ সকলো তীব্ৰতাক অতিক্ৰম কৰিব পাৰেনে ? আৰু কি বাকী থাকি যায় ? অকলশৰীয়া বিছনা এখনৰ ৰাতিৰ নিৰ্জীৱতাক মোহাৰি পেলাব খোজা মদগজ মানুহ এটাৰ যুঁজখন তেওঁৰো জানো নাছিল ?

তথাপিও কাৰোবাৰ লগত একেলগে থাকিব পৰা নিশ্চয়তা এটাক তেওঁ নিজৰ ইচ্ছাতেই গ্ৰহণ নকৰিলে । বান্ধোনহীন জীৱন এটাৰ প্ৰতি থকা ৰোমান্টিক হাবিয়াসে তেওঁক অযুগ্ম জীৱনটোৰেই মোহত পেলালে । কাঞ্চনৰ বিয়াৰ পাছতো ৰিতুলৰ ঘৰলৈ মহাৰ্ণৱ গৈ থাকিল। ৰিতুল ঘৰত নথকা দিনবোৰতো। ৰিতুলৰ ঘৈনিয়েকে ভালপোৱা বস্তু দুই এপদ বজাৰৰ পৰা কিনি নি তেৱোঁ সন্তুষ্টি পালে। ৰিতুল নথকা ৰাতি এটাত চাংঘৰৰ বাঁহৰ জলঙাৰে জোনৰ পোহৰ তেওঁৰ গাত উবুৰি খাই পৰিলহি। ৰিতুলৰ ঘৈনীয়েকৰ আঙুলিৰ বুলনিত তেওঁৰ টোপনিয়ে সোণালী ৰূপালী নৈ এখনত নাও মেলি দিলে। প্ৰচণ্ড ঢৌৰ মাজেৰে আহি থকা নাও এখনৰ চৈ বতাহে উৰুৱাই নিলে ! বঠা নমৰাকৈও নাও বাব পাৰি— সেই ৰাতিবোৰৰ আপঙতকৈও সুতীব্ৰ নিচাই আত্মহাৰা মহাৰ্ণৱক আলফুলেৰে বুজালে । দ্বন্ব নহাকৈ থকা নাছিল, কিন্তু কথাবোৰ ভুল বুলি তেওঁ পতিয়ন যোৱাও নাছিল। তেওঁ ৰিতুলৰ ঘৈনিয়েকক চুইছিল চাইছিল , উজাৰি লৈছিল সকলো তৃপ্তি আৰু প্ৰাপ্তি , ডিঙিলৈকে পিছিল শৰীৰ নামৰ পিয়লা ভৰাই উঠি অহা প্ৰাচীন সুধা , কিন্তু লগত কাহানিও লৈ ফুৰা নাছিল সেই সান্নিধ্যৰ ছায়াছবি । চাংঘৰৰ জখলা বগাই নামি আহোঁতে তেওঁৰ পিছে পিছে সেই কাহিনীক খোজ লবলৈ দিয়া নাছিল। তেওঁৰ বিচাৰত সেইখিনিতেই তেওঁ আছিল অভিযোগমুক্ত । সেইখিনিতেই তেওঁ সদায় আত্মগ্লানি আৰু পাপবোধৰ পৰা আঁতৰত ৰৈ গৈছিল । পাহৰণিৰ নামত শৰীৰক হয়তো বৰ সহজতে এৰি থৈ যাব পাৰি – যেতিয়ালৈকে সেই শৰীৰক কেৱল শৰীৰ নাম দিয়ে স্পৰ্শ কৰা হয় । বন্ধুপত্নীৰ আত্মাক তেওঁ কাহনিও চুব খোজা নাছিল। বিচাৰি চোৱা নাছিল শৰীৰ পাৰ হৈ গুচি যোৱা জগতৰ অৰ্থ। সেই আত্মাৰ , স্পৰ্শাতীত হৃদয়ৰ একমাত্ৰ দাবীদাৰ, নিৰংকুশ কৰ্তৃত্ব তেতিয়াও তেওঁৰ প্ৰানাধিক বন্ধুৰেই আছিল ।

জীৱন আৰু সম্পৰ্কক , আনকি মন আৰু শৰীৰৰ প্ৰয়োজনৰ পৰিধিকো কেতিয়াও এটা বিচাৰধাৰাতে হয়তো বান্ধিবও নোৱাৰি । তেওঁ নামি অহা জখলাৰে উঠি যোৱা ৰিতুলক নিজৰ পাটীত শুৱাই লওঁতে ৰিতুলৰ পত্নীৰ বিবেক দংশন হৈছে বুলিও তেওঁ কাহানিও শুনিবলৈ পোৱা নাছিল।ইয়াৰ পিছত আচলতে কিবা স্বীকাৰোক্তি অথবা কৈফিয়ৎ কাৰোবাৰ কাষত থাকিব লাগে বুলি মহাৰ্ণৱে সঁচাকৈয়ে নাভাবে। চিঠি লিখাৰ পিছৰ দিনবোৰত মাধুৰিমাক তেওঁ কিছু মনোযোগেৰে চাইছিল – অৱশ্যেই গোপন চকুৰে। ভৰপক যৌৱনৰ সকলো উদ্দামতাৰে শিমলু এপাহৰ দৰে ফুলি থকা মাধুৰিমাৰ প্ৰতি তেওঁ কাহানিও কামনাকাতৰ হৈ উঠা নাছিলনে?এবাৰৰ বাবেও ভবা নাছিলনে কথাবোৰ নতুনকৈ আৰম্ভ কৰিব পাৰি বুলি? মাধুৰিমাক এদিন ওচৰলৈ মাতি আনি দুষাৰ কথা ভগাই লব পাৰি বুলি?

শৰীৰৰ দাবী মানি কাৰোবাক অনুমতি সাপেক্ষে কাপোৰ খুলি চোৱাটো আৰু একান্তই নিজস্ব কল্পনাত কাৰোবাক বিবস্ত্ৰ কৰাটো- কিমান দূৰলৈকে আচলতে বেলেগ কথা ? কিন্তু শৰীৰৰ স্মৃতিয়েও মানুহক কষ্ট দিয়ে। শৰীৰ এটাক একান্তই নিজাকৈ নোপোৱাৰ হা- হতাশেও মানুহক কৰি তোলে ভাৰক্ৰান্ত ! অসহায় ! এই কথাও বুজে মহাৰ্ণৱে – এই সময়ৰ স্বাধীনতা তেওঁৰ সময়ত নাছিল বাবেই তেওঁ বহুবাৰ জখলাৰ কেইবাঢাপ বগাইও আচলতে উভতি আহিছিল।গন্তব্যত খোজ নিদিয়াকৈ উভতি অহাটো কি আছিল আচলতে ? ইচ্ছাৰ পৰাজয় নে মনৰ সকীয়নি ?

তেওঁৰ নতুন সহকৰ্মী হৈ অহা ডেকা অধ্যাপকটিয়ে নিজৰ প্ৰেমিক বন্ধুৰ লগত সহবাস কৰা কথাটি নিসংকোচ ৰাজহুৱাকৈ কওঁতে মহাৰ্ণৱে চশমাৰ আইনা ৰুমালেৰে আকৌ এবাৰ মচি লৈছিল। এৰা ,‌ এই সময় কিমান বেছি স্বাধীন আৰু প্ৰগলভ হৈ আহিছে। ফাগুনৰ দৰে ? ডেকা ল’ৰাটিয়ে ইনষ্টাগ্ৰামত নিজৰ পুৰুষ বন্ধুৰ লগত থকা অন্তৰংগ ফটো , চুম্বনৰ ছবি , আনকি একেটা গিলাচত দুয়ো দুফালৰ পৰা মুখ লগাই কৰা সুৰাপানৰ ফটোও শ্বেয়াৰ কৰিছিল। এতিয়া বিভাগত দীপ্তি বাইদেউ নাই । নাই সেই পুৰণি কৰ্তৃত্ব আৰু মনৰ ইচ্ছাক লেকাম লগাই দিব পৰা বিচাৰ বৃত্ত। আন সহকৰ্মীয়ে ল’ৰাটোৰ অনুপস্থিতিত তাৰ জীৱন যাপন ক লৈ গল্প গুজব নকৰাকৈ থকা নাছিল । নিশ্চিতভাৱে তাতো আছিল মাধুৰিমাই চিঠি লিখা দিনত তেওঁৰ প্ৰতি থকা তেওঁৰ সহকৰ্মীৰ জিঘাংঘা আৰু প্ৰতিহিংসাৰ পুনৰাবৃত্তিয়ে । কিন্তু এই সময়ে আচলতে বাগৰি পৰিব নোৱাৰাকৈ মুকলিমূৰীয়া ল’ৰাটোক খামোচ মাৰি ধৰি আছিল ।

মহাৰ্ণৱ ডেকা আকৌ এবাৰ উভতি যাব খুজিছিল – তেতিয়াৰ ফাগুনলৈ । বুকুৰ ঢপঢপনিটোক তেওঁ বতাহ এজাকত দুলি দুলি পাহৰি যাব বিচাৰিছিল । বগাই বগাই গুচি যাব খুজিছিল চাংঘৰৰ জখলা । জখলা – জখলাৰো যে আছিল কত ৰূপকীয় অৰ্থ ! দৌৰিবৰ বাবে জখলা , জিকিবৰ বাবে জখল , সোনকালে পাবৰ বাবে, চুবৰ বাবে জখলা। শীৰ্ষলৈ হাত মেলি দিবৰ বাবে জখলা। আৰু সম্পৰ্ক বোৰো জানো এঢাপ এঢাপকৈ বগাই যোৱা জখলাই নহয় ? আৰু সময় ? সময়েও কি জখলা বগায় ? মধুমেহ ৰোগ হোৱাৰ পৰা তেওঁ মদ্যপানৰ অভ্যাস একেবাৰেই এৰি দিছিল। তাৰ পিছতো তেওঁ ভাবিছিল – ছাইমদৰ নিচা পি এদিন তেওঁ নৈৰ বালিত উবুৰি খাই পৰা জোনাক চাব । বাজাজ স্কুটাৰখনো কেতিয়াবাই পুৰণি গেৰেজত বিক্ৰী কৰি দিয়া হৈছে – এতিয়া কেতিয়াবা অকলে আৰু কেতিয়াবা সহকৰ্মীৰ সন্মুখত সেই পুৰাতন সংগীৰ তেওঁ মাথোঁ স্মৃতিহে বখানে । ড্ৰাইভাৰে চলোৱা গাড়ীত আজিকালি তেওঁ কলেজলৈ অহা-যোৱা কৰে । তেওঁৰ ফালৰ পৰা সাধাৰণতে কলেজৰ বাহিৰৰ সভা – সমিতি , বন্ধু – বৰ্গৰ ঘৰুৱা অনুষ্ঠান পৰ্বত খুউব বেছি অংশগ্ৰহণ নাথাকে । কিন্তু শ্ৰেণীকোঠাৰ খিৰিকীৰে দুৰৰ ফাগুনৰ আকাশ চাই মহাৰ্ণৱ ডেকাই ভাবি থাকে – তেওঁৰ ৰঙা হৈ ফুলি থকা শিমলু গছৰ অন্তহীন শাৰী দুটাৰ মাজেৰে ক’ৰবালৈ গৈ থাকিবৰ মন গৈছে । ক’ৰবালৈ…..।

সেয়া ক’ৰবাত কেতিয়াবাই হেৰুৱাই থৈ অহা নিজক বিচাৰি নে নিজে নিজৰ বুলি স্বীকাৰ নকৰা সময় কিছুমান বিচাৰি ?

ক্লাছৰ পৰা উভতি আহি মহাৰ্ণৱ ডেকাই এইবাৰ লেপটপত খটখটাই কিবা লিখি থকা নতুন সহকৰ্মীৰ কাষলৈ আহি সুধে —
এদিন চিকাৰীঘাটলৈ যাবা ?

সেই ল’ৰাটিয়ে সেইদিনা তেওঁৰ সন্মুখতে ছাত্ৰ – ছাত্ৰীক কৈ আছিল —’জনগোষ্ঠীয় মদ , পোছাক , চাংঘৰত সময় যাপন , আনকি বাগৰুম্বা – গুমৰাগ — এইবোৰ আমাৰ বাবে কেৱল এদিনীয়া উদযাপন নহৈ কি ? কেৱল কেইখনমান ফটোগ্ৰাফ ? আৰু কিবা গুৰুত্ব ৰাখোঁ নে আমি ?’

মহাৰ্ণৱে বহুবাৰ নিজক সুধিছিল — চাংঘৰ বুলিলেই জখলা বগাই গুচি যোৱা তেওঁৰ কাহিনী কাহিনী লগা স্মৃতি – সেয়া কেৱল আত্মযাপনহে আছিল নেকি ? কেৱল ৰোমান্টিক কল্পকথা – বাস্তৱৰ পৰা নিলগাই থোৱা ? নে সেয়া আছিল ৰুক্ষতাৰ পৰা, শুকান মৰুভূৰ পৰা জীপাল আদিভূমিলৈ গুচি যাব খোজা সকলো আতুৰ মানুহৰ অপূৰ্ণ ইচ্ছা? তেওঁ যি কৰিছিল — সেয়া সঁচাই আছিল অকৃত্ৰিম। স্বনিয়ন্ত্ৰিত। তাত ক’তো নাছিল নিজক ‘ শ্ৰেষ্ঠ ’ ত তুলি আনক আৱিষ্কাৰ কৰি চোৱাৰ সামান্য প্ৰবনতাও। ৰিতুলৰ ঘৈনীয়েকক চুই চাওঁতেও সেয়ে তেওঁ দ্বিধা নোহোৱাকৈ নিজক বুজনি দিব পাৰিছিল যে — এই স্পৰ্শ সঁচাকৈয়ে আছিল অপাপ আৰু পবিত্ৰ।

বয়োজেষ্ঠ্য সহকৰ্মীৰ আকষ্মিক প্ৰস্তাৱত ল’ৰাটোৱে কিছু আশ্বৰ্য্যত মূৰ দাঙি চায় । লেপটপৰ আঙুলি থামে । পিছ মূহুৰ্ততে ফাগুনৰ বতাহৰ দৰে ঢৌ খেলা হাঁহি এটা তাৰ মুখত বাগৰে । এনে হাঁহিৰে মানুহে মানুহক নিৰাপত্তা দিয়ে, প্ৰশ্ৰয় দিয়ে,পাৰ কৰি আহে- অনাদৰ-হিংসা-সংশয়-প্ৰতিদ্বন্দিতাৰ ধাৰ থকা বাট ।

তাৰপিছত দুয়োজন মানুহে একেলগে খিৰিকীয়েদি ফাগুনৰ আকাশলৈ চায় ।

‘ মোৰ বাজাজ স্কুটাৰ নাই । কে টি এম ত উঠি যাব নে ছাৰ ? ’

ডেকা সহকৰ্মীৰ কান্ধত থপৰিয়াই মহাৰ্ণৱ ডেকাই বহুত দিনৰ মূৰত হো-হোৱাই হাঁহে । ৰিতুল ৰেগনৰ চাংঘৰত হঁহাৰ দৰে ।

4 COMMENTS

  1. তোমাৰ গল্প পঢ়ি সম্পৰ্কবোৰক, সম্পৰ্ককেন্দ্ৰিক কিছুমান ধাৰণাক মই নতুনকৈ চাবলৈ শিকিছো ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here