যদি মই প্ৰশ্ন কৰোঁ?

ৰক্তিম ৰঞ্জন বৈশ্য

“প্ৰাঙ্গণ”ৰ নিয়মীয়া শিতান “যদি মই প্ৰশ্ন কৰোঁ”ত এটা বিশেষ বিষয়ৰ ওপৰত কিছু আমোদজনক আৰু সংগতিপূৰ্ণ কথা পঢ়িবলৈ পাব। লগতে আন এক সৰস বিষয়বস্তুৰ ওপৰত এমুঠি প্ৰশ্নৰে জিজ্ঞাসু মনৰ খোৰাক যোগাবলৈ চেষ্টা কৰা হ’ব। আপুনি প্ৰশ্ন সমূহৰ উত্তৰ [email protected] ই-মেইললৈ প্ৰেৰণ কৰিব পাৰিব। আটাইতকৈ বেছি শুদ্ধ উত্তৰ দিয়াজনৰ নাম আৰু ফটো “প্ৰাঙ্গণ”ৰ পৰৱৰ্তী সংখ্যাত প্ৰকাশিত হ’ব।

“প্ৰাঙ্গণ”ৰ প্ৰথম সংখ্যাত বিশ্বত অতীতৰ পৰা বৰ্তমানলৈ প্ৰকাশিত বিভিন্ন আলোচনী সম্পৰ্কে কিছু আলোচনা কৰা হৈছে। লগতে যিহেতু আগষ্ট মাহত আমাৰ দেশ স্বাধীন হৈছিল, সেয়েহে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কেইটামান প্ৰশ্ন দিয়া হৈছে।

আলোচনী

■ মেগাজিন শব্দটো ফৰাচী ভাষাৰ “মেগাছিন” শব্দৰ পৰা আহিছে। “মেগাছিন” শব্দটোৰ অৰ্থ হৈছে, ভাণ্ডাৰ বা বিপনী । মেগাজিন শব্দটোৱে সমাহৰণ বুজাই । এডৱাৰ্ড কেভ নামৰ ব্যক্তিজনে “The Gentleman’s Magazine”ত প্ৰথম বাৰৰ বাবে শব্দটো ব্যৱহাৰ কৰিছিল।

■ শশী ফুকন নামৰ ব্যক্তিজনে কৈছিল যে 1969 চনত দুটা বিস্ময়কৰ ঘটনা হৈছিল । এটা হল Neil Armstrongৰ চন্দ্ৰত পদাৰ্পন, আৰু আনটো আছিল অসমীয়া আলোচনী বিস্ময়ৰ আত্মপ্ৰকাশ। শশী ফুকন আন কোনো নহয়, তেখেত হল বিস্ময়ৰ প্ৰতিষ্ঠাপক সম্পাদক ।

■1663 চনৰ পৰা 1668 লৈ প্ৰকাশ হোৱা Erbauliche Monaths Unterredungen (ইংৰাজীত: Edifying Monthly Discussions”) নামৰ জাৰ্মান দৰ্শন বিষয়ক পত্ৰিকাখনক পৃথিৱীৰ প্ৰথম আলোচনী হিচাপে গণ্য কৰা হয় ।

■ 1846 চনত শিৱসাগৰৰ পৰা প্ৰকাশিত অৰুণোদয় আলোচনী হৈছে অসমৰ প্ৰথম আলোচনী। আলোচনীখনৰ সম্পাদক আছিল নাথান ব্ৰাউন । আলোচনীখন বিভিন্ন সময়ত তিনিটা নামেৰে প্ৰকাশ পাইছিল । প্ৰথমে অৰুনোদই, দ্বিতীয়তে অৰুণোদয় আৰু তাৰ পাছত অৰুণোদয় সম্বাদ পত্ৰ নামেৰে প্ৰকাশ পাইছিল।

■ বৃতন হেদেন আৰু হেনৰী লুইছ নামৰ ব্যক্তি দুগৰাকীৰ তত্বাৱধানত মাৰ্চ 3,1923ত প্ৰকাশ হৈছিল এখন বিখ্যাত আলোচনী । পোনপ্ৰথমে তেওঁলোকে আলোচনীখনৰ নাম ৰাখিব খুজিছিল “Facts”। কিন্তু তেওঁলোকে আলোচনীখন এনেকুৱা ধৰণৰ হোৱাতো বিচাৰিছিল যে, দৈনন্দিন জীৱনত ব্যস্ত ব্যক্তি এজনেও যেন অলপ সময় উলিয়াই আলোচনীখন পঢ়িব পাৰে। তাৰপিছত আলোচনী খনৰ নামতো সলনি কৰা হল। এয়াই হৈছে পৃথিৱীৰ সকলোতকৈ প্ৰসিদ্ধ আলোচনী Timeৰ আঁৰৰ কাহিনী। তেওঁলোকে ব্যৱহাৰ কৰা শ্লোগানতো আছিল- “Take Time – It’s Brief”।

■Time আলোচনীয়ে 1927ৰ পৰা প্ৰদান কৰি আহিছে ‘Times Person of The Year” সন্মান। প্ৰথম বর্ষত এই সন্মান লাভ কৰিছিল চাৰলছ লিণ্ডবাৰ্গ(Charles Lindbergh) নামৰ ব্যক্তিজনে।
আমোদজনক কথাতো হৈছে যে, 1982 বর্ষত এই সন্মানতো দিয়া হৈছিল সকলো কম্পিউটাৰৰ নামত।

■ প্ৰণৱ কুমাৰ শৰ্মাৰ সম্পাদনাত প্ৰকাশ হোৱা “পশুপালন” হল অসমৰ প্ৰথম বিজ্ঞান ভিত্তিক আলোচনী।

■ অসমৰ প্ৰথম Micro আলোচনীখনৰ নাম হল বিন্দু । আৰু “গতি” হল অসমৰ প্ৰথম আৰ্ট জাৰনল। দুয়োখন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ভাৰত ৰত্ন ভূপেন হাজৰিকদেৱ ।

কুইজ

১। সংযোগ স্থাপন কৰক

২। ব্ৰিটিছৰ নিয়ম আছিল যে ভাৰতৰ কলেজসমূহত ইংলেণ্ডৰ পৰা ৰপ্তানি কৰা কপাহেৰে তৈয়াৰী ব্লেজাৰ পিন্ধটো বাধ্যতামূলক। এই নিয়মৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ ফলত তেখেতক কলেজৰ পৰা নিলম্বন কৰা হৈছিল। তাৰ ফলত নিজৰ অধ্যয়ণ সম্পূৰ্ণ কৰিবলৈ তেখেতে ঢাপলি মেলিছিল ইংলেণ্ডলৈ। তাত তেখেতে লগ পাইছিল বীৰ সভৰকাৰক, আৰু মনত গঢ়ি উঠিছিল বিপ্লৱী সত্তা।
১৯০৯ চনত তেখেতে কাৰজন ৱিলি নামৰ বৃটিছ বিষয়াজনক হত্যা কৰে। কোন তেখেত?

৩। 1928 চনত গঢ় লৈ উঠিছিল Hindustan Socialist Republican Association (HSRA) নামৰ এক বিপ্লৱী সংগঠনৰ। চন্দ্ৰশেখৰ আজাদ, ভগৎ সিং, সুখদেৱ, ৰাম প্ৰসাদ বিষ্মিল আছিল সংগঠনতোৰ আঁৰৰ ব্যক্তিসকল । কোনটো বিখ্যাত স্থানত এই সংগঠনটোৰ প্ৰতিষ্ঠাপনৰ সভা খন অনুষ্ঠিত হৈছিল ? অৱশ্যে এতিয়া এই স্থানতোক ক্ৰীড়াৰ লগত মুলত ভাবে জড়িত কৰা হয় ।

৪। S Arabia নামৰ জাহাজ খন নিৰ্মান কৰা হৈছিল ১৮৯৭ চনত, Caird&Coৰ দ্বাৰা । প্ৰথম বিশ্ব যুদ্ধৰ সময়ত এই জাহাজখন ব্যৱহাৰ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যবশত, যুদ্ধত বিপৰীত সেনাবাহিনীৰ গুলিবর্ষণত জাহাজখন ক্ষতিগ্ৰস্ত হয়, আৰু ২০ মিনিটৰ ভিতৰত পানীত ডুব যায়। প্ৰশ্ন হ’ল, ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই জাহাজখনৰ ভূমিকা কি বাৰু?

৫। তেখেতৰ আচল নাম আছিল এদিঠ এলেন গ্ৰে’ (Edith Ellen Gray) । তেখেতৰ পিতৃ আছিল ফ্ৰেদ্ৰিক ৱিলিয়াম (Fredrick William), আৰু মাতৃৰ নাম আছিল এদিঠ হেনৰীয়েটা গ্ৰে’ (Edith Henrietta Gray) । জন্ম হৈছিল কেম্ব্ৰিজত।
তেখেত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৃতীয় গৰাকী সভানেত্ৰী । আমাৰ মাজত তেখেতৰ চিনাকি নামটো কি ?

৬। চিনাক্ত কৰক।

৭। ব্যক্তিজনৰ জন্ম হৈছিল ১৮৭৬ চনৰ ২ আগষ্ট তাৰিখে, অন্ধ্ৰ প্ৰদেশৰ এখন সৰু গাওঁত । ভিভিন্ন ভাষাৰ প্ৰতি তেখেতৰ এক দুৰ্বলতা আছিল । তেখেতে এবাৰ জাপানী ভাষাত নিজৰ সম্পূৰ্ণ বক্তব্য প্ৰদান কৰিছিল । সেয়েহে তেখেতক তেখেতৰ নামৰ আগত জাপান শব্দটো সংলগ্ন কৰি বহুতে সম্বোধন কৰিছিল। 4 জুলাই,1963 চনত তেখেতে মৃত্যুবৰণ কৰে। কোন ? আমাৰ প্ৰতি তেখেতৰ অৱদানটো কি ?

৮। এই গৰাকী বীৰাংগণা আছিল ৰাণী লক্ষ্মীবাঈৰ মহিলা সৈন্যৰ অন্যতম সদস্যা। পিছত এখেতে লক্ষ্মীবাঈৰ উপদেষ্টা হিচাপেও নিজৰ দায়িত্ব পালন কৰিছিল। ব্ৰিটিছৰ আক্ৰমণৰ সময়ত এখেতে লক্ষ্মীবাঈৰ ভেশ ধৰি যুদ্ধত আগভাগ লৈছিল, আৰু লক্ষ্মীবাঈক কিলাৰ পৰা ওলাই যোৱাত সহায় কৰিছিল। আমি সকলোৱে ৰাণী লক্ষ্মীবাঈৰ কাহিনী জানো, কিন্তু কোন আছিল এইগৰাকী বীৰাংগণা,যাৰ কাৰণে প্ৰথম অৱস্থাত প্ৰাণ ৰক্ষা পৰিছিল স্বয়ং ৰাণী লক্ষ্মীবাঈৰ?

৯। এই স্বাধীনতা সংগ্ৰামীজন পেচাত এগৰাকী শিক্ষক আছিল । সেয়েহে তেখেতক সকলোৱে ‘মাষ্টৰ দা’ বুলি সম্বোধন কৰিছিল। ২০১০ চনত মুক্তি লাভ কৰা ‘খেলে হাম জি জান চে’ নামৰ চিনেমাখন এই স্বাধীনতা সংগ্ৰামী জনৰ জীৱনৰ ওপৰত আধাৰিত । অভিনেতা অভিষেক বচ্চনে ৰূপায়ন কৰিছিল এই ব্যক্তি গৰাকীৰ চৰিত্ৰ । কোন আছিল এই স্বাধীনতা সংগ্ৰামীজন? আৰু 1930 চনৰ কোনটো ঘটনাৰ বাবে তেখেতক ফাঁচী দিয়া হৈছিল ?

১০। ব্যক্তিগৰাকী কোন?

উত্তৰ

১) লীলাধৰ বৰুৱা, দণ্ডী যাত্ৰাত ভাগ লৈছিল
২) মদন লাল ধিংৰা
৩) ফিৰোজ শ্বাহ কোটলা
৪) এইখন জাহাজতে মহাত্মা গান্ধী ভাৰতলৈ উভতি আহিছিল
৫) নিলি সেনগুপ্তা
৬) পথৰুঘাট যুদ্ধ স্মাৰক
৭) পিংগলী ভেংকয়া
৮) ঝলকৰবাই
৯) সূৰ্য সেন, ১৯৩০ চিত্তাগং কাণ্ড
১০) বাটুকেশ্বৰ দত্ত

4 COMMENTS

  1. আজিৰ পৰা মই সদায়েই “প্ৰাঙ্গন” পঢ়ুৱৈ হৈ ৰ’ম। অসমীয়া ভাষাৰ এই বিপদাপন্ন সময়ত আপোনালোকৰ এই প্ৰচেষ্টাক শলাগ লৈছো। Long Live Prangon❤️✊

LEAVE A REPLY

Please enter your comment!
Please enter your name here