যদি মই প্ৰশ্ন কৰোঁ(৬)

ৰক্তিম ৰঞ্জন বৈশ্য

ভালপোৱাৰ এমুঠি ভাল লগা প্ৰশ্ন

‘যদি মই প্ৰশ্ন কৰোঁ’ৰ উত্তৰসমূহ আমাক [email protected] ত মেইল যোগে পঠাবলৈ অনুৰোধ জনোৱা হ’ল। আটাইতকৈ বেছি শুদ্ধ উত্তৰ দিয়াজনৰ নাম আৰু ফটো অহা সংখ্যাত প্ৰকাশ কৰা হ’ব।

১)

ছবিত দেখা ব্যক্তিকেইগৰাকী নেন ৱুড গ্ৰাহাম আৰু ব্ৰায়ন মেকেবি। তেওঁলোকক এটা বিশেষ বস্তুত দেখা যায়, আৰু সকলোৱে এই যুটিটো বিবাহিত বুলি ভাবে, কিন্তু নির্মাতাজনে এজন খেতিয়ক আৰু তেওঁৰ জীৱৰীৰূপে হে তেওঁলোকক দেখুৱাব বিচাৰিছে।
কিন্তু বাস্তৱতে তেওঁলোক ভাতৃ-ভগ্নী হে।
আমি এই যুটিটো ক’ত দেখিবলৈ পাওঁ ?

২)

উক্ত ছবিখন ‘ক’ ৰ দ্বাৰা ১৯৩১ চনত অংকিত। ‘ক’ আৰু ‘খ’ ৰ বিবাহৰ দুবছৰ পিছত এই চিত্ৰখন অংকন কৰা হৈছিল আৰু দৰাচলতে এইখন এখন বৈবাহিক চিত্ৰ বুলি ধৰা হয়।
‘ক’ আৰু ‘খ’ দুয়োকে চিনাক্ত কৰিব লাগে ।

৩)

কৰণৱীৰ ব’হ্ৰা আৰু প্ৰিয়া বেনাৰ্জীৰ অভিনয়েৰে ‘ইজাজত’, ২০১৭ চনৰ এখন চুটি ছবিৰ স্থিৰচিত্ৰ এয়া।
কোনটো বিখ্যাত প্ৰেম কাহিনীৰ আধাৰত এই ছবিখন নিৰ্মাণ হৈছে বাৰু ?

৪) দুয়ো প্ৰথমবাৰ লগ পাইছিল এজন চিনাকি বন্ধুই উদ্যোগ লৈ স্থাপন কৰি দিয়া এটা blind date ত। প্ৰথম চিনাকিপৰ্ব ছাঁন-ফ্ৰান্সিছকোৰ এটুকুৰা অজ্ঞাত স্থানত। ছোৱালীগৰাকীক বিশেষ ভাৱে কোৱা হৈছিল যে তেওঁ যাতে ল’ৰাজনৰ বিষয়য়ে google ত নাচায়, কিন্তু তেওঁ তথাপি চাইছিল।
এটা শেহতীয়া সাক্ষাৎকাৰত তেওঁ এই কথা কৈছিল। ২০১৪ চনত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল যদিও এই বছৰ হে তেওঁলোকে বাতৰিৰ শিৰোনাম দখল কৰিছে।
কোন বাৰু এই যুটি ?

৫) “Mehfil se uth jaane walo,

Tum logo par kya ilzam

Tum aabad gharo ke vasi

Main awaara aur badnaam.”

উক্ত গানটো ১৯৬৪ চনৰ ‘দুজ কা চান্দ’ নামৰ এখন বলিউড চিনেমাৰ। ‘ক’ ক অন্য এজন পুৰুষৰ লগত দেখি গীতিকাৰজনে এই গীতটি লিখিছিল। ১৯৬০ চনত যদিও তেওঁলোকৰ সম্বন্ধৰ অন্ত পৰে, তথাপি ‘ক’ আৰু গীতিকাৰজনৰ প্ৰেম কাহিনী সকলো সময়ৰ বহুলভাৱে চৰ্চিত এক কাহিনী।

‘ক’ আৰু গীতিকাৰজনক চিনাক্ত কৰক।

৬)

‘Love Commandos’ হৈছে ২০১০ চনত গঠিত এটা স্বেচ্ছাসেৱী সংগঠন। হৰ্ষ মলহোট্ৰা নামৰ ভ্ৰমণ প্ৰতিনিধি এগৰাকীয়ে এই সংগঠনটো আৰম্ভ কৰিছিল। সঞ্জয় সচদেৱ আছিল ইয়াৰ সহ-প্ৰতিষ্ঠাপক আৰু তেওঁ বৰ্তমান এই সংগঠনটোৰ অধ্যক্ষ। মূলত দিল্লী প্ৰধান যদিও বৰ্তমান এই সংগঠনটোৰ দেশৰ বিভিন্ন প্ৰান্তত শাখা আছে। কি বাৰু এই সংগঠনটোৰ প্ৰধান কাৰ্যকলাপ ?

৭)

এই দৰগাহটো ৰাজস্থানৰ শ্ৰী গঙ্গানগৰ জিলাৰ বিনযাওৰত অৱস্থিত। স্থানীয় প্ৰবাদ মতে, এক বিখ্যাত প্ৰেমিকযুগলৰ ইয়াত মৃত্যু হৈছিল। লৰ্ড বাইৰনে তেওঁলোকক ‘পূবৰ ৰোমিও আৰু জুলিয়েট’ বুলি অভিহিত কৰিছিল।
দৰগাহটো চিনাক্ত কৰক ।

৮)

পৃথিৱীৰ বিভিন্ন প্ৰান্তত এয়া পোৱা যায় কিন্তু আটাইতকৈ বিখ্যাত হৈছে পেৰিছৰ ‘Pont des Arts Bridge।
কি বুলি কোৱা হয় বাৰু এনেকুৱা বস্তুবিধক ?

৯) _ আৰু _ প্ৰভাৱ তেতিয়া হয় যেতিয়া এটা সম্বন্ধত পিতৃ-মাতৃৰ বাধাৰ ফলত প্ৰেমিক প্ৰেমিকাৰ মাজত প্ৰেমৰ অনুভৱ বৃদ্ধি হয়।

এই প্ৰভাৱক কি বুলি কোৱা হয় ?

১০)

তেখেতৰ মৃত্যু তিথিটো আমি বছৰি কি হিচাপে মনত ৰাখোঁ ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here