যদি মই প্ৰশ্ন কৰোঁ (২)

ৰক্তিম ৰঞ্জন বৈশ্য

“প্ৰাঙ্গণ”ৰ প্ৰথম সংখ্যাৰ কুইজৰ বিজেতা দুগৰাকী তলত দিয়া হ’ল। তেওঁলোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিছোঁ।

ইমানদাৰ শইকীয়া
দেবনিত দত্ত

‘যদি মই প্ৰশ্ন কৰোঁ’ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম মাহত তেখেতৰ বিষয় কিছু নজনা কথা। লগতে ক্ৰীড়া বিষয়ক দহটা প্ৰশ্ন। ‘যদি মই প্ৰশ্ন কৰোঁ’ৰ উত্তৰসমূহ আমাক prangonmagazine@gmail.com ত মেইল যোগে পঠাবলৈ অনুৰোধ জনোৱা হ’ল। আটাইতকৈ বেছি শুদ্ধ উত্তৰ দিয়াজনৰ নাম আৰু ফটো অহা সংখ্যাত প্ৰকাশ কৰা হ’ব।

১। চন ১৯২৬। শদিয়াত শান্তিপ্ৰিয়াৰ গৰ্ভত ল’ৰাজনৰ জন্ম হৈছিল, তেতিয়া নীলকান্ত হাজৰিকাই শদিয়াৰ পৰা এখন টেলিগ্ৰাম প্ৰেৰণ কৰিছিল ভৰলুমুখৰ ঘৰলৈ; য’ত লিখা আছিল, “Blessed with a male Child”। দিনটো আছিল ৮ ছেপ্টেম্বৰ। ল’ৰাজন আন কোনো নহয়, ল’ৰাজন হ’ল বিশ্ব বাৰেণ্য শিল্পী সকলোৰে প্রিয় সুধাকন্ঠ ড° ভূপেন হাজৰিকা । 

২। অনুষ্ঠানতো আছিল কটন কলেজিয়েটৰ ছাত্ৰসকলকৰ বাৰ্ষিক সন্মিলন । লক্ষ্মীনাথ বেজবৰুৱাক সেই সন্মিলনৰ সভাপতি পতা হৈছিল। সেইদিনা আছিল ১৯৩০ চনৰ ৩০ অক্টোবৰ।  ভূপেন হাজৰিকাই তাতে এটা গীত পৰিৱেশন কৰিছিল। 

গীতটো শুনাৰ পাছত বেজবৰুৱাদেৱে চৌকিদাৰৰ হতুৱাই পানী এগিলাচ অনাইছিল । সেই সময়ত তেওঁৰ মুখত তামোল আছিল। “মই পাপী মানুহ, ই বৰ পৱিত্ৰ ল’ৰা” বুলি মুখখন ধুই, শিশু ভূপেনক চুমা এটা খাইছিল আৰু কৈছিল, “খুব ডাঙৰ শিল্পী হ’বা তুমি। “

৩। ভূপেন দাই  তিনিবাৰ ৰাজনীতিৰ পথাৰত নামিছিল। ১৯৬৭ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ নাওবৈচা সমষ্টিৰপৰা জয়লাভ কৰিছিল। ১৯৭২ আৰু ২০০৪ চনত তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলেও পৰাজয় বৰণ কৰিছিল।

৪। ১৯৬২ চনৰ ডিচেম্বৰ মাহৰ ২৪ তাৰিখে ভূপেন হাজৰিকা আৰু তেওঁৰ লগৰীয়াসকলে এখন ডকুমেণ্টৰী ফিল্ম কৰাৰ বাবে কামেং সীমান্তৰ যু্দ্ধক্ষেত্ৰলৈ যাত্ৰা কৰিলে ৷ তেওঁলোকে গৈ ‘টেঙাভেলিত’ শ্মশানৰ নীৰৱতা দেখা পালে ৷ ছেদেলি-ভেদেলিহৈ কেউপিনে পৰি আছিল অসংখ্য ভাৰতীয় জোৱানৰ ক্ষত-বিক্ষত মৃতদেহবোৰ ৷ দেশৰ বাবে প্ৰাণ দিয়া আমাৰ জোৱানসকলৰ মৃতদেহবোৰ দেখি তেওঁৰ কলিজাৰ পৰা নিগৰি ওলাইছিল এটি গীত-

“কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়
তেনে মৃতক নহ’লো মই কিয় ?”

৫। ভূপেন হাজৰিকা হস্তাক্ষৰৰ তলৰ বিন্দু দুটা তাৎপৰ্যপূৰ্ণ। সেই বিন্দু দুটা মানে জীৱনটো! 

৬। ২০১৯ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু বিশিষ্ট সমাজ কৰ্মী নানাজী দেশমুখৰ লগত, অসমীয়া জাতিগঠন আৰু সমাজ সংগঠনত গীত আৰু সুৰেৰে প্ৰধান ভূমিকা পালন কৰাৰ বাবে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বটা প্ৰদান কৰা হয় । স্মৰ্তব্য যে, ড° ভূপেন হাজৰিকা অসমৰ প্ৰথম মুখ্য মন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পাছত ভাৰত ৰত্ন বঁটা লাভ কৰা দ্বিতীয় গৰাকী অসমীয়া।

৭। অসম আন্দোলনৰ সময়ত তেওঁ সদৌ অসম জন সাংস্কৃতিক পৰিষদৰ সভাপতিৰ দায়িত্ব লৈছিল । তেওঁৰ নেতৃত্বত শান্তি আৰু সমন্বয়ৰ সাঁকোখন আৰু অধিক মজবুত হৈছিল। 

৮। ভূপেন হাজৰিকাৰ এইগৰাকী বিখ্যাত ব্যক্তিক লগ কৰা অপাৰ হেঁপাহ আছিল । সেই মৰ্মে তেওঁ ফ্ৰান্সত উপস্থিত হৈছিল আৰু সেই ব্যক্তিজনৰ ঘৰত টোকৰ দিছিল। তেতিয়া ঘৰৰ চকীদাৰজনে তেওঁক জনালে যে, ৰাতিপুৱা ৪ বজাত তেখেতে নিজৰ বন্ধু সকলৰ লগত প্ৰাতঃভ্ৰমণলৈ যায়, আৰু সেইটোৱে হৈছে তেখেতক লগ কৰা একমাত্ৰ তথা উত্তম সময় । কথা মতেই কাম।  সৌভাগ্যক্ৰমে পিছদিনাখন ভূপেন হাজৰিকাই তেখেতক লগ পালে, আৰু কৈছিলে যে “আপোনাক লগ পোৱাটো মোৰ বাবে এক সপোন আছিল আৰু আজিৰ দিনটো মোৰ জীৱনৰ এটা স্মৰণীয় দিন হৈ ৰ’ব” । ব্যক্তিজনে ধেমালিৰ সুৰত ভূপেন হাজৰিকাক সুধিলে যে তেখেতৰ কোনখন চিত্ৰ তেওঁৰ সকলোতকৈ প্রিয়?? ভূপেন হাজৰিকাই উত্তৰ দিছিল, ‘Blue Period’ৰ সকলো চিত্ৰ। 

সেই ব্যক্তিগৰাকী আছিল পৃথিৱীৰ অন্যতম মহান চিত্ৰকৰ পাবলো পিকাছো(Pablo Picasso)।

প্ৰশ্ন

১.

১) ব্যক্তিগৰাকী কোন? আৰু আমাৰ ৰাজ্যত তেখেতৰ জন্মদিনটো কি দিৱস হিচাপে পালন কৰা হয় ?

২) য়ুবি লাকপি হল মণিপুৰৰ এবিধ পৰম্পৰাগত খেল । খেলবিধৰ আধুনিক ৰাগবি খেলৰ লগত যথেষ্ঠ সাদৃশ্য আছে । কিন্তু য়ুবি লাকপি খেলিবলৈ কোনো ৰাবাৰ বলৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় মাথোঁ এবিধ ফলৰ । কোনবিধ ফলৰ সহায়ত এই খেল খেলা হয় ? পুৰাণশাস্ত্ৰৰ কোনটো বিশেষ ঘটনাৰ প্ৰতিফলন এই খেল বিধত দেখা যায়?

৩) কোনজন খেলুৱৈ এই কোম্পানীটোৰ মালিক ?

৪) দি ৰ’জেছ টুৰ্ণামেন্ট(The Roses Tournament) নামৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাখনৰ আৰম্ভণি হৈছিল ১৯৬৫ চনৰ পৰা । প্ৰতিযোগিতাখন অনুষ্ঠিত হয় লেনকেষ্টাৰ বিশ্ববিদ্যালয়(Lancaster University)  আৰু য়ৰ্ক বিশ্ববিদ্যালয়ৰ(York University)ৰ মাজত । কি বিশেষ কাৰণত প্ৰতিযোগিতাখনক “The Roses Tournament” বুলি কোৱা হয় ?

৫) খেলবিধক কোৱা হয় চেছ অন আইছ(Chess On Ice) বুলি । চিনাক্ত কৰক । 

৬) সঞ্জীবিনি, গামিনী, অমৰ আৰু পাঞ্জাৱী কোনবিধ খেলৰ চাৰিটা প্ৰকাৰ?

৭) এই পৰম্পৰাটোৰৰ আৰম্ভণি হৈছিল অক্টোবৰ ২৮,১৯৮৪ চনত । নিউ য়ৰ্ক জাইণ্টছ( New York Giants)ৰ জিম বাৰ্ত(Jim Burt) নামৰ খেলুৱৈজনে পোন প্ৰথম বাৰৰ বাবে বিল পাৰ্চেল(Bill Parcells) নামৰ ব্যক্তিজনৰ ওপৰত এই কামটো কৰিছিল । আৰু তেনেকৈ আৰম্ভ হৈছিল এই বিশেষ পৰম্পৰাটোৰৰ । কি এই পৰম্পৰা?

৮) ২০১৪ চনত ফুটবল ৱৰ্ল্ড কাপৰ আগ মুহূৰ্তত এই ফৰ্মূলাতো মুকলি কৰা হৈছিল । ফৰ্মূলাতো আছিল ইংলেণ্ড দলৰ বিজয়ৰ আধাৰ । যদি ফৰ্মূলাটোৰ মতে আখৰে আখৰে কামবোৰ হ’লহেতেন, হয়তো ২০১৪ চনত ফুটবল ৱৰ্ল্ড কাপত জাৰ্মানী নহয়,চেম্পিয়ন হ’ল হেতেন ইংলেণ্ড । কোনজন প্ৰসিদ্ধ ব্যক্তিয়ে এই ফৰ্মূলাতো তৈয়াৰ কৰি উলিয়াইছিল?

৯) এই টেকনিকতো প্ৰথম বাৰৰ বাবে ব্যৱহাৰ হৈছিল ১৯৬৮ মেক্সিকো অলিম্পিকত । তাৰ আগত কাহানিও হাই জাম্পত ব্যৱহাৰ নোহোৱা টেকনিকটো উদ্ভাৱন কৰিছিল এগৰাকী আমেৰিকান খেলুৱৈয়ে। খেলুৱৈ গৰাকীয়ে এই টেকনিকৰ সহায়ত অতি সহজে স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছিল । ইয়াৰ পিছতে সম্পূৰ্ণৰূপে সলনি হৈ পৰিল খেলবিধ । বৰ্তমান সময়ত এই টেকনিকটো হাই জাম্পৰ এক অপৰিহাৰ্য অংগ ।টেকনিটো কি বিশেষ নামেৰে জনাজাত ?

১০)
ভোগেশ্বৰ বৰুৱা
মনালিছা বৰুৱা
জয়ন্ত তালুকদাৰ
শিৱ থাপা
হিমা দাস
X

X চিনাক্ত কৰক । এইখন কিহৰ তালিকা ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here