যদি মই প্ৰশ্ন কৰোঁ(৩)

ৰক্তিম ৰঞ্জন বৈশ্য

‘যদি মই প্ৰশ্ন কৰোঁ’ৰ উত্তৰসমূহ আমাক [email protected] ত মেইল যোগে পঠাবলৈ অনুৰোধ জনোৱা হ’ল। আটাইতকৈ বেছি শুদ্ধ উত্তৰ দিয়াজনৰ নাম আৰু ফটো অহা সংখ্যাত প্ৰকাশ কৰা হ’ব।

১) দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে কেৱল সংগঠন গঠন কৰিয়ে ক্ষান্ত থকা নাছিল। তেওঁ দাৰ্বাণ, প্ৰেটৰীয়া আৰু জহানেছবাৰ্গ ত তিনিটা একে নামৰ ফুটবল ক্লাবো গঠন কৰিছিল। নামটো কি বাৰু ?

২) কাৰ জীৱনৰ ওপৰত আধাৰিত গ্ৰন্থ ?

৩) এই শব্দটো প্ৰথম ওলাইছিল ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকতত, ১৯০৬ চনত দক্ষিণ আফ্ৰিকাত।
মগনলাল গান্ধীয়ে ( মহাত্মা গান্ধীৰ এখন খুড়াকৰ নাতিয়েক ) X নামৰ এই শব্দটো আনে আৰু পুৰস্কাৰ পায়। স্পষ্টকৈ প্ৰকাশ কৰাৰ বাবে গান্ধীজীয়ে শব্দটো অলপ সালসলনি কৰে।
কোনটো শব্দ, যিটো মহাত্মা গান্ধীৰ লগত খুব ঘনিষ্ঠৱভাৱে জড়িত ?

৪) চিনাক্ত কৰা । ( ভাৰতৰ এক ব্যতিক্ৰম স্মাৰক)

৫) ইয়াক আচলতে জীৱনলাল দেশাইৰ (গান্ধীজীৰ বন্ধু আৰু এজন বেৰিষ্টাৰ) কোচাৰাব বাংলাত স্থাপন কৰা হৈছিল ২৫ মে’, ১৯১৫ চনত। কিন্তু দুবছৰ পাছত, ইয়াক এখন নিৰ্দিষ্ট নদীৰ কাষৰ এটুকুৰা ঠাইলৈ স্থানান্তৰিত কৰা হয়।
কি বাৰু ?

০৬) মহাত্মা গান্ধীয়ে তেখেতৰ আত্মজীৱনীত তেখেতৰ অসম ভ্ৰমণৰ কথা উল্লেখ কৰিছে। তেখেতে তাত লিখি থৈ গৈছে, “অসমীয়া _ __ সপোন ৰচিব পাৰে” । খালী ঠাই পূৰ কৰক । বা কোনটো বিশেষ শ্ৰেণীৰ কথা তেখেতে উল্লেখ কৰিছিল ?

০৭) ব্যক্তি গৰাকী আৰু তেখেতৰ পত্নী, দুয়োগৰাকী বিখ্যাত অসমীয়া । প্ৰশ্ন হল, এই পদ্ম ভূষণ বিজয়ী গৰাকীক মহাত্মা গান্ধীৰ লগত কেনেকৈ সংযোগ কৰিব পাৰি ?

৮) ১৫তম শতিকাত গুজৰাটী ভাষাত নৰসিংহ মেহতা নামৰ কবি এগৰাকীয়ে এই গানটো লিখিছিল। ০২ অক্টোবৰ, ২০১৮ চনত ১২৪ খন দেশৰ সংগীতজ্ঞসকলে এই গীতটি পৰিৱেশন কৰি মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে।
কোনটো গীত ?

০৯) ১৯৬৩ চনৰ এইখন হলিউড চিনেমা ভাৰতত কিয় নিষিদ্ধ কৰা হৈছিল ?

১০) গান্ধীজীয়ে অসমলৈ আহোঁতে এইজন অসমীয়াৰ ঘৰতে আছিল। এখেত আৰু গান্ধীজীয়ে মিলি ১৮ এপ্ৰিল, ১৯৩৪ চনত যোৰহাটত হৰিজনসকলৰ কাৰণে নামঘৰৰ দুৱাৰ মুকলি কৰিছিল। এই কাৰণে তেওঁ আৰু তেওঁৰ পৰিয়াল বহুত বিপদৰ সন্মুখীন হৈছিল।
কোন বাৰু এইগৰাকী ব্যক্তি ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here