জীৱনৰ টুকুৰাবোৰ

কৌশিক নন্দন বৰুৱা

১) মূল্য

“খেতিয়কৰ হে ছোৱালী তাই, কাপোৰ পিন্ধাৰ কোব দেখিছে নে নাই?”
মনোৰমাই দেউতাকে সাঁচতীয়া টকাৰে কিনি দিয়া ফ্ৰকটোতে চিকুটি তলমূৰ কৰি খোজ লৈছিল। এৰা, খেতিয়কৰ ছোৱালীয়ে দামী কাপোৰ পিন্ধিব পাৰে জানো !

২) ফাঁকি

“খুব ভালে আছোঁ মই মা। একদম টেনচন নল’বা।” বুলি ফোনটো কটাৰ পাছতে আইমণিৰ কাণত পৰিছিলহি শাহুৱেকৰ মাতটো, “এই নটেশ্বৰী আকৌ মোবাইলত লাগিল গৈ। কোনটো পৈয়েকৰ বা ফোন?” চাদৰৰ আঁচলেৰে চকুপানী মচি বাহিৰৰ কাপোৰ কেইটা থুকুচিলেগৈ আইমণিয়ে।

৩) অমংগল

শিক্ষকৰ দিৱসত ছাত্ৰী গৰাকীয়ে “বাইদেউ, আহক চাকিগছ আপুনি জ্বলাওক” বুলি কওঁতে মমতাৰ মনত পৰিছিল ভনীয়েকৰ বিয়াত গাঁৱৰ মানুহ গৰাকীয়ে কোৱা কথাষাৰ, “সমাজৰ আগত কামকাজত আপুনি নাহিব দেই। বাঁজী তিৰোতাই এইবোৰত লাগিলে অমংগল হয়।”

৪) ভাইৰাছ

অথনিৰে পৰা কান্দি থকা পাঁচ বছৰীয়া ল’ৰাটোক ৰমেনে বুজালে, “বাহিৰত ওলাই গ’লে ক’ৰোনা হ’ব বাবা।” অকণমাণি পেটটোলৈ আঙুলিয়াই ল’ৰাটোৱে কৈছিল, “দেতা, ইয়াতো ক’ৰোনা সোমাল নেকি? ইমান ভোক লাগিছে।”

৫) তাড়না

পাঁচশ টকাৰ নোট কেইখন চাদৰৰ আঁচলত ভৰাই মহাজনৰ শোৱা কোঠাৰ পৰা ওলাই আহোঁতে মৰমীৰ মনত পৰিছিল। সৰুতে মাকে যে কৈছিল, “মোৰ আইজনী লখিমী দেই, আগলে বহুত টকা পোৱা চাকৰি কৰিব।” মহাজনৰ দাঁতৰ আঁচোৰত মৰমীৰ মুখ আৰু ডিঙিৰ অ’ত ত’ত তেজে চেঁকুৰা বান্ধিছিল।

3 COMMENTS

  1. পঢ়ি ভাল লাগিল 💞💞 সাধাৰণভাৱে লিখা কথাকেইটাই এক অৰ্থবহ বাৰ্তা প্ৰেৰণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here