জীৱন ধ্বংসৰ মূল সূতি মানসিক চাপ আৰু হতাশা

আজিজুৰ ৰহমান

মানসিক চাপ শব্দটোৰ লগত কম বেছি পৰিমাণে আমি সকলোৱে পৰিচিত। সুশান্ত সিং ৰাজপুতৰ মৃত্যুত সমগ্ৰ দেশ হতভম্ব হৈ পৰিছিল। আৰু লগে লগে মানুহৰ মাজত মানসিক চাপ , হতাশা, উদাসীনতা, বিষণ্ণ মনোভাৱ, মানসিক সুস্বাস্থ্য ইত্যাদি বিষয়সমূহে কিছু পৰিমাণে গুৰুত্ব লাভ কৰিবলৈ ধৰিলে। বিশেষকৈ ছ’চিয়েল মিডিয়াত ই এক “ট্ৰেণ্ডিং” বিষয় হৈ পৰিল।
প্ৰশ্ন হয়, আমাৰ শৰীৰ‌ আৰু মনত এই চাপে কিদৰে প্ৰভাৱ পেলায় ? একবিংশ শতিকা তীব্ৰ গতিত পৰিৱৰ্তনশীল শতিকা। মানুহৰ জীৱন, প্ৰকৃতি , পৰিস্থিতিত আদি সকলো দিশতে অতি কোবাল গতিত পৰিৱৰ্তনৰ ধুমুহা আহিব ধৰিছে। গতিকে এই পৰিৱৰ্তন গামি শতিকাৰ লগত যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ নিজকে সক্ষম আৰু সৰ্মথ কৰি ৰখা অতি প্ৰয়োজনীয়।
মানসিক চাপ আমাৰ সমাজত দিনক দিনে বৃদ্ধি পাইছে আৰু ই এটা অতি চিন্তনীয় বিষয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পৃথিৱীত প্ৰতি চাৰি জনৰ ভিতৰত এজনৰ মানসিক চাপ আৰু হতাশাৰ ফলত মৃত্যু হয়।
ভাৰতৰ প্ৰেক্ষাপটত ই প্ৰতি বিছজনৰ ভিতৰত এজন। ১৫-৪৯ বছৰ বয়সৰ বহু মানুহৰ ইয়াৰ ফলত মৃত্যু হয়।
সাধাৰণতে মানসিক চাপৰ প্ৰধানকৈ তিনিটা কাৰক থাকে —
(১) জৈৱিক কাৰক (Biological) — আমাৰ মস্তিষ্কত কিছুমান ৰাসায়নিক দ্ৰব্যৰ ( Serotonin, Dopamine etc) ভাৰাসাম্য হেৰাই যোৱা ফলতো মানসিক চাপ বৃদ্ধি পায়।
(২) মনস্তাত্ত্বিক কাৰক ( psychological) — এই কাৰকৰ মূলতঃ হৈছে “negative thoughts”. মানুহৰ জীৱনত যেতিয়া কেতিয়াবা বিপৰীত পৰিস্থিতিৰ আহি পৰে তেতিয়া এই “Negative thoughts”ৰ সৃষ্টি হয় আৰু মানসিক চাপ আৰু হতাশাৰ আৰম্ভ হয়।
(৩) সামাজিক কাৰক ( Social) — ওপৰত ‌ উল্লেখিত কাৰক কেইটাৰ উপৰি বেছিভাগ সময়ত বহু মানুহৰ সামাজিক কাৰকৰ ফলত হতাশা আৰু মানসিক চাপ ভোগা দেখা যায়। আজিকালি সমাজ ব্যৱস্থায়ে মানুহক অকলশৰীয়া কৈ থাকিবলৈ শিকাইছে যাৰ ফলত হতাশা বৃদ্ধি পাইছে। সামাজিক কাৰকৰ ভিতৰত আন এটা অতি গুৰুত্বপূৰ্ণ হ’ল এচাম মানুহৰ নিচ মানসিকতা । এজনে সিজনৰ বদনাম গোৱা। আনৰ সফলতা দেখিব নোৱাৰি মিছা কথা কৈ মানুহক বদনাম কোৱা আৰু কিছুমান মানুহেটো এনে কিছুমান মন্তব্য আগবঢ়ায় যি শুনি মানুহৰ চকু কপালত উঠিব, ইয়াৰ ফলত ভুক্তভোগী জনৰ মানসিক চাপ আৰু হতাশাৰ আৰম্ভ হয়।
মানসিক চাপত ভোগা ব্যক্তিসকলৰ বিভিন্ন লক্ষণ দেখিবলৈ পোৱা যায়, উদাহৰণ স্বৰূপে —
১) মানসিক চাপত ভোগা ব্যক্তিসকলৰ সকলো সময়তে মন দুঃখিত হৈ থাকে। সাধাৰণতে সকলো মানুহৰ জীৱনত দুখ কষ্ট থাকেই কিন্তু এই দুখ কষ্টৰ মাজতে যদি কিবা এটা ভাল খবৰ আহে এই দুখ ভাৱবোৰ নাইকীয়া হৈ যায় যদিও মানসিক চাপত বা হতাশাত ভোগা ব্যক্তিসকলৰ দুখভাৱ বোৰ থাকি যায় এক কথাত কবলৈ গলে “persistence of sadness”
২) সকলো বস্তুতে মানসিক চাপত থকা ব্যক্তি সকলৰ ৰুচি কমি যোৱা পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে পঢ়া-শুনা কৰা ব্যক্তি সকলৰ পঢ়া-শুনাত মন কমি যোৱা, চাকৰি কৰা ব্যক্তি সকলৰ চাকৰিৰ প্ৰতি ধাউতি কমি যোৱা। অৰ্থাৎ জীৱনৰ প্ৰতি নিৰাশা।
৩) নিজকে দোষাৰোপ কৰা।
৪) শাৰীৰিক অসুস্থতা।
৫) খোৱা আৰু শোৱাত ধাউতি কমি যোৱা। বহুসংখ্যক মানুহৰ এই লক্ষণ দেখা দিয়ে।
৬) নিজৰ জীৱনক বা নিজকে ক্ষতি কৰা কিছুমান লক্ষণ দেখা যায়। এইটো আতাইটকৈ গুৰুত্বপূৰ্ণ লক্ষণ আৰু ইয়াৰ একদম চৰম পথটো হ’ল আত্মহনন ( Suicide thought) চিন্তা।
মানসিক চাপ আৰু হতাশা যিমানেই নহওক‌ কিয় মৃত্যু কেতিয়াও সমাধান হ’ব নোৱাৰে আৰু কিবা এটা কথা বা ঘটনাক আমি কেনে দৃষ্টিভংগীৰে গ্ৰহণ কৰিম সেইটোও গুৰুত্বপূৰ্ণ৷ উইলিয়াম জেমছ নামৰ দাৰ্শনিক তথা মনস্তত্ববিদজনে কৈছিল যে— “মোৰ প্ৰজন্মৰ মানুহৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো হ’ল এই যে মানুহে নিজৰ মনোভাৱ তথা জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি কৰি তেওঁলোকৰ গোটেই জীৱনটোকেই সলনি কৰি দিব পাৰে৷” কেলী মেকগনিগেল নামৰ বৰ্তমান সময়ৰ এগৰাকী বিখ্যাত মনস্তত্ববিদে কৈছিল— ৩০ হাজাৰ লোকক লৈ কেইবা বছৰ ধৰি চলোৱা গৱেষণাৰ পৰা পোৱা গৈছিল যে যিসকল মানুহ খুব মানসিক চাপত পৰিছে তেওঁলোকৰ মাজৰ যিসকলে মানসিক চাপ স্বাস্থ্যৰ বাবে খুব অনিষ্টকাৰক বুলি বিশ্বাস কৰে তেওঁলোকৰ অকালতে মৃত্যুৰ হাৰ ৪৩ শতাংশ বেছি৷ আৰু যিসকলে খুব মানসিক চাপত পৰিও তাৰ পৰা স্বাস্থ্যৰ অপকাৰ হ’ব বুলি বিশ্বাস নকৰে তেওঁলোকৰ মৃ্ত্যুৰ হাৰ আনকি মানসিক চাপত নপৰা মানুহতকৈয়ো কম৷ অৰ্থাৎ, মানসিক চাপৰ ফলত যিমান মানুহৰ মৃত্যু হয়, মানসিক চাপে বেয়া প্ৰভাৱ পেলাব বুলি ভাবি থকা মানুহ তাতকৈ বেছি মৃত্যু হয়৷ মানসিক চাপৰ প্ৰতি আপোনাৰ মনোভাৱ সলনি কৰি আপোনাৰ শৰীৰটোত সেই চাপে পেলোৱা প্ৰভাৱকো আপুনি সলনি কৰি পেলাব পাৰে।
দুখনমান অসমীয়া অভিধানত হতাশা (frustration) আৰু বিষণ্ণতা (depression) ক সমাৰ্থক শব্দৰ দৰে ৰখা দেখিছোঁ৷ কিন্তু এই দুয়োটাৰ মাজত বিস্তৰ পাৰ্থক্য আছে৷ যিকোনো এটা কঠিন কাৰ্য কৰিবলৈ লোৱা সময়ত সাধাৰণতেই আমাৰ মনলৈ “কিয়নো এই অপ্ৰয়োজনীয় কণ্টকময় পথ ল’ব লগা হৈছে” ধৰণৰ ভাৱ একোটা আহিবলৈ ধৰে৷ নিজৰ দক্ষতা থকা ক্ষেত্ৰখনতে কিবা এটা তৈয়াৰ কৰা বা বিকাশ কৰা সময়ত, সেইটো সম্পূৰ্ণ কৰি তুলিবলৈ লওঁতে— “তেনে কাম সম্পূৰ্ণ কৰাৰ সামৰ্থ্য মোৰ নাই”, “কল্পনা কৰাৰ দৰে ভাল কৰি তুলিবলৈ মোৰ যোগ্যতা নাই”, “কৰি নো কি হ’ব” “পিছত কৰিম, এতিয়া যোগ্য হোৱা নাই” ইত্যাদি ধৰণৰ ভাৱ আহে৷ কামটো নকৰাকৈ এৰি দিলে এই হতাশাবোৰ নোহোৱা হৈ আৰাম অনুভৱ হয় আৰু ফলত সৰহভাগ লোকৰে একো কৰা নহয়গৈ৷ এনে ক্ষেত্ৰত লেখক এলিজাবেথ গিলবাৰ্টে কৈছে— “হতাশা কাৰ্যক্ৰমোন্নতিত এটা বাধা নহয়, হতাশায়েই হ’ল কাৰ্যক্ৰমোন্নতি, হতাশা কামটোৰ প্ৰক্ৰিয়াহে৷” জেমছ ক্লিয়েৰ নামৰ বিখ্যাত ব্ল’গাৰজনে (যাৰ ব্ল’গৰ ইমেইল চাবস্ক্ৰাইবাৰৰ সংখ্যাই চাৰি লাখৰ অধিক) কৈছে— “যিটোক প্ৰতিকুলতাৰ যাতনা আৰু হতাশা যেন লাগে সেইটো আচলতে প্ৰায়েই দক্ষতা-বিকাশ আৰু পৰিপুষ্টিহে৷” কিন্তু হতাশাতে আৱদ্ধ থকাৰ কথা ইয়াত কোৱা হোৱা নাই৷ সেইটো অকণো শুভ লক্ষণ নহয়৷ তাৰ বাবে কেতিয়াবা চিকিৎসাও দৰকাৰ হৈ পৰে৷ কোৱা হৈছে যে, কঠিন কামটো এৰি হতাশাৰ পৰা মুক্ত হোৱাতকৈ তাক অতিক্ৰমৰ ইচ্ছাই নিজে কল্পনা কৰা সামৰ্থ্যৰ সীমাতকৈয়ো বহু বেছি উচ্চতালৈ কেতিয়াবা লৈ গুচি যায়৷ আৰু কিছুমান জটিলতা, অন্তৰায় থাকিলে কৰ্মদক্ষতাৰ অধিক উৎকৰ্ষ সাধনহে হয়৷ এলফ্ৰেড এডলাৰ নামৰ মনস্তত্ত্ববিদজনৰ মতে— “হীনমন্যতা অবিহনে মানুহ হোৱা অসম্ভৱ৷ হীনমন্যতাই হীনমন্যতা জয় কৰিবলৈ মানুহক অহৰহ তাগিদা দি থাকে৷ জীৱনৰ জয়লাভৰ সহস্ৰ পথ থাকে৷ প্ৰত্যেকটো পথেই ইটোৰ পৰা সিটো বেলেগ৷ ঠিক সেইদৰে উৎকৰ্ষৰ লক্ষ্যত উপনীত হ’বলৈকো বহুতো বেলেগ বেলেগ পথ থাকিব পাৰে৷ প্ৰত্যেক মানুহে নিজৰ চিন্তা অনুযায়ী নিজৰ পথ বাছি লয়৷ মানুহৰ হীনমন্যতা যিমানেই বেছি হয়, ঠিক সিমানেই বেছি দৃঢ় হয় তাক জয় কৰাৰ সংকল্প৷ লগতে বেছি হয় মনৰ ভিতৰত চলি থকা আৱেগিক আন্দোলন৷”
দৰিদ্ৰতাও হতাশাৰ বা বিষন্নতাৰ কাৰণ বুলি ধাৰণা কৰা হয় যদিও, দৰিদ্ৰতা কেতিয়াও হতাশা,বিষন্নতা তথা সাফল্যৰ হেঙাৰ হ’ব নোৱাৰে। আকৌ কিছুমান নৱ-প্ৰজন্মই প্ৰেমজনিত সম্পৰ্কত বেছিকৈ হতাশা তথা বিষন্নতাত ভুগি আত্মাহত্যা দৰে চৰম পথ বাচি লোৱা দেখা যায়।বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৮ বৰ্ষৰ সমীক্ষামতে, আত্মাহত্যাত ভাৰতৰ স্থান ২১ নম্বৰত।
গতিকে মানসিক চাপ আৰু হতাশা ভুগা ব্যক্তি সকলে পৰিয়ালৰ লগত গঠনমূলক আলোচনা কৰা আৰু তাৎক্ষণিক ভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ। বহু সময়ত মানুহে ইয়াৰ কথা কবলৈ লাজ বা কিছু অসুবিধাৰ সম্মুখীন হয়; সেইটো হ’ব নালাগে। কাৰণ আত্মগোপনতা কেন্সাৰ ৰোগতকৈ বেছি ভয়নাক। গতিকে মানসিক চাপ,বিষন্নতাত ভুগিলে নেতিবাচক দিশসমূহ নাভাবি ইতিবাচক দিশসমূহ ভাবি, চিকিৎসকক অৱগত কৰাটো অত্যন্ত প্ৰয়োজন।

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here