JEC: বুকুতে আছে, থাকিব সদায়।

ইন্দ্ৰাণী শৰ্মা

“তুমি ভাইৰেল হৈছা”
“JEC চছিয়েল মেডিয়াত ট্রেন্ড হৈছে”
” আস্থাৰ্ণৱ আমাৰ বৰ মৰমৰ “
“JEC এখন পেনপেনিয়া প্ৰেমৰ উপন্যাস”
“অৰ্ণৱ এটা বলাৎকাৰী”
….. ইত্যাদি ইত্যাদি।
আজি প্ৰায় এছৰৰ আগৰ সকলোবোৰ কথা এটা এটাকৈ মনত পৰিছে আজি।প্ৰতিদিনে হাজাৰ হাজাৰ মেছেজ,ফেচবুক আপডেট, লাইক,কমেন্ট,সমালোচনা,কটাক্ষ, ব্যক্তিগত আক্রমণ আৰু যে কত কি হৈছিল!সকলোবোৰ মাথোঁ নীৰৱে সামৰি JEC ৰ এটা এটা খণ্ড লিখি গৈছিলো মই। কি লিখিছিলো নাজানো। কিন্তু প্ৰতিটো শব্দ মোৰ বুকুৰ মাজৰ পৰাই ওলাইছিল।চৰিত্ৰবোৰৰ লগত অহৰহ কথা পাতিছিলো মই। সেইকেইটা দিন মই কায়িক ভাৱে নাথাকিলেও মনেৰে কিন্তু JEC ৰ কেম্পাছতে ঘূৰি ফুৰিছিলো। বহুত কিবা কিবি শিকিলো সেইখিনি সময়তে। কোনো কোনো সময়ত ভাগি নপৰাকৈও থকা নাছিলো। কিন্তু মই এজন এনে ব্যক্তিৰ লগত থাকো যি ভাল বেয়া যিকোনো পৰিস্থিতিতে স্থিৰ হৈ থাকে। মইও তেওঁৰ সাহসতে আগবাঢ়ি গৈ আছিলো। “অৰ্দ্ধ আকাশ” নামৰ ফেচবুকৰ এটা গ্ৰুপৰ পৰা গৈ ব্লগ, কিতাপ আৰু এতিয়া ৱেব ছিৰিজ হ’বলৈ গৈ আছে JEC. আজীৱন সাহস হৈ ৰৈ যাব মোৰ লগত এই অনন্য অনুভৱ। আৰু আটাইতকৈ ভাল লগা কথাটো হ’ল যে JEC ৰ সফলতাই মোক সলনি কৰিব নোৱাৰিলে। মই একেই থাকিলো। মোৰ দৈনন্দিন জীৱন, আশে পাশে থকা মানুহবোৰ একেই আছে এতিয়াও। কাৰণ JEC মোৰ উচ্চাকাঙ্ক্ষা নহয়, মোৰ আৱেগ।

“JEC নেমু দিয়া দালি আৰু আলু পিটিকাৰ সৈতে খোৱা ভাতসাজৰ দৰে। বিশেষ একো নাই, কিন্তু কিবা এটা বৰ ভাল লাগে”– এজন সুপাঠকৰ এই মন্তব্য টি মোৰ আটাইতকৈ ভাল লাগিছিল বাবে আপোনালোকলৈ আগবঢ়ালো।

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here