জাহাজ

প্ৰস্তুতি ভট্টাচাৰ্য

মোৰ বাওঁ হাতখনত এটা বৰ ফোঁহা হোৱা মনত পৰে
প্ৰথমটো বৰ জঠৰ আছিল

লাহে লাহে ইখন হাত
কান্ধেদি চুঁচৰি আহি কামিহাড়ৰ খোৰোং
বগাই যদি নি থাকোঁ আঙুলি এটা
(চকু মুদি ভয়ৰ ভাও জুৰি )
তাতো নদীমাফিক চিন আছে, উমান পায় এতিয়াও
সব বৈ আহে এনেয়ো!
ফোঁহা হওঁক, আন অযথা কিবা

হিৰোছিমাৰ বেঙুনী ঘাঁ যেন হ’ল
বস্তুবোৰ চিমিট্ৰিকে’ল নহ’লে ভাল নালাগে
শ্বেড্ বোৰ নিমিলিলে ভাল নাপাওঁ
মিলা নাছিল তেতিয়াওঁ

কিমান দিন ঘাঁ তে গেলি থাকিম?
দস্তুৰমত বিলাসী মানুহ মই

এমাহ মানতে নতুন বাকচ গোটালোঁ,
ইয়াত আটাইবোৰ পায় একেলগে
নতুন হাড় মঙহ, নতুন ছাল
চিমিট্ৰিকে’ল, পাৰ্ফেক্ট শ্বেডেড্ !
দিনে এপদকৈ সোলোকাই পেলোৱাৰ সিদ্ধান্ত ল’লো
এদিন বাওঁ হাতখন সহজে এৰি গ’ল
পিছদিনা সামান্য বেঁকা হৈ পৰা কান্ধ দুটা
এৰুৱাবলৈ গৈহে কতৰ স’তে নতুন চিনাকি হ’ল
উঁৱলি যোৱা কণমানি হাড় এডালে অভিমান কৰিছিল,
মই হেনো সৰুতে থেতেলিয়াই থৈছোঁ তাক,
আৰু উভতি নাচালোঁ!

জবাবদিহি হ’বলৈ মোৰ সময় নাছিল
ভাৰাক্ৰান্ত হোৱাৰ ভয়ত নে
নতুন মঙহ পিন্ধাৰ লোভত,
মই মাত্ৰ খৰখেদা কৰিছিলোঁ
কাৰো কাহিনী নুশুনো!

খোলাটোৰ ভিতৰতো ঘাঁ আছিল,
যিমানদূৰ মনত পৰে, আটাইবোৰ নতুন,
ৰাগ-বিৰাগ প্ৰেম- অপ্ৰেমৰ আটাইবোৰ ছিন্ন ভিন্ন নলী
মইটো আটাইবোৰ সোলোকাইছোঁ
এয়া, সবটো নতুন নতুন গোন্ধ

প্ৰচণ্ড খেলিমেলি হৈ গ’ল
মই হিচাপ মিলাব পৰা নাই
আটাইবোৰ নতুন
আটাইবোৰ নতুন

প্ৰচণ্ড খেলিমেলি হৈ গ’ল
মই কোনে কথা কৈছোঁ?
মই মোক ক’ত থৈ আহিলোঁ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here