ইকৰা পাতৰ নাওঁ: পানেশৈৰ গল্প

স্ৰোতস্বিনী তামুলী

পানেশৈ পানেশৈ মোৰ আই পানেশৈ:

মোৰ এতিয়াও মনত আছে- আগনিশা শিল-বৰষুণ পৰিছিল।পুৱা ল’ৰাটোৱে বাৰীৰ পিছফালে পাণ কুৰুকি থাকোঁতে কিবা এটা পৰি থকা দেখা পাই কঁপি কঁপি মোৰ কাষ পালেহি।আহি দেখো – কানি-কাপোৰে মেৰিয়াই থোৱা গুলপীয়া কপাহৰ নোৰা এটা। মই আথে-বেথে বুকুৰ মাজত সোমোৱাই ল’লো। আয়ৈ দেহি ! এধানমানি অপেচৰীহে যেন – কোনোবা সৰোবৰত গা ধুবলৈ আহি উভতি যাব নোৱাৰি ৰৈ গ’ল এই মাটিতে।

পাখি লগা কথাবোৰ নৈৰ ঘাটে-ঘাটে, মানুহৰ মুখে-মুখে, বিয়া-সবাহে বতাহৰ লগত ঘূৰি থাকিল। মোক কোনোবাই কিবা সুধিলে মই কণী ফাটি কণীৰ পৰা ওলাই আহিল বুলি কওঁ। কোনোৱে কাৰ ছোৱালী বুলি সুধিলে মই ‘মোৰ জী’ বুলি থৈ দিওঁ।

দিনবোৰ বাগৰি গৈয়ে থাকিল। পানেশৈয়ে গাৰ গামোচা এৰি ৰিহা-মেখেলা পিন্ধিবলৈ ধৰিলে।ৰংচঙীয়া ৰিহা-মেখেলা, গোন্ধতেল , আৰ্চি, কাকৈ ক’ত কি যে যতনাই দিলোঁ এই দুখুনী আয়েকে।কাপোৰ বোৱা , ফুল তোলা, ভূঁই ৰোৱা যত যি কাম আছে এফালৰ পৰা সকলো শিকাই আনিলোঁ।

নিশা মোৰ কাষতে শুই থকা পানেশৈৰ মুখখনলৈ চাওঁ- ৰান্ধনী বেলিৰ গোটেই পোহৰখিনি আহি যেন থুপ খাইছেহি মোৰ আইজনীৰ মুখখনত। এই পোহৰেই ভৰাই ৰাখিছে এইখন নিচলা সংসাৰ। মাজনিশা দূৰৈত কেতেকীয়ে বিননি জুৰে– মোৰ যে মনটো বৰ কেনেবা কেনেবা লাগে। দুদিন পিছতে বুকু শুদা কৰি এঘৰলৈ উলিয়াই দিব লাগিব।

মোৰ ঘাটে চপাই দে নাওঁ:

শালিকী এ ৰৌ তৌ তৌ
শাক হ’ল ভাত হ’ল
শালিকী বাই ক’লৈ গ’ল
এইখিনিতে আছিলে জাবৰ খুচৰি
কোনোবাই লৈ গ’ল ডিঙি মুচৰি….

এইজনী পানেশৈ নাৰিকলৰ খোলাত ভাত সিঁজাই গীত গাই গাই শালিকীক খাবলৈ মাতি আছে।

ভাটৌ চৰাই এজনী পুহিবলৈ বৰ মন তাইৰ। মোক বহুদিনৰ পৰা কুটুৰি আছে। ককায়েকটো হৈ ভনীয়েকৰ কাৰণে সেইটোকে কৰিব নোৱাৰা বুলি ওফোন্দ পাতি এদিন ভাতকে নাখালে।

ভাটোয়ে মাত ল’লে। পানেশৈয়ে নাৰিকলৰ খোলাত ভাত ৰান্ধিবলৈ এৰি পাকঘৰৰ চৰু ধৰিলে।

নিজম দুপৰীয়া এটাত বৰ পুখুৰীৰ পাৰত বহি বৰশী বাই আছিলোঁ। মই বহি থকা ঠাইখিনিৰ কাষতেই এটা কেঁকোৰাৰ গাঁত- গাঁতটো বন্ধ।তাৰমানে বৰষুণ নিদিয়ে আৰু চাগে! এনে সময়তে শাক বুটলিবলৈ বুলি আহি পানেশৈ সেই ঠাই পালেহি। তাইৰ ঢৌ খেলা চুলি, টেঙেচি শাকডৰাৰ মাজে মাজে বন হৰিণী যেন খোজ – পকা জেতুলিপকা হেন সেই আবেলিটোত মোৰ দুচকুয়ে আন একোকেই নেদেখা হৈ হৈ আহি দেখে পানেশৈৰ বাহিৰে…

ঘৰলৈ আহিও দুপৰ নিশালৈকে পানেশৈৰ চিন্তাত মোৰ টোপনি নাহে। তাইক মনৰ কথাটো কেনেকৈ যে কোৱা হ’ব! পিছে ক’লেও জানো তাই মানি ল’ব! তাইতো নাজানে যে তাই আৰু মোৰ মাজত তেজৰ সম্পৰ্ক নাই।

মোৰ বুকুখন কলপাত এখিলাৰ দৰে চিৰিলি-চিৰিলি হৈ পৰিছে। পানেশৈক নাপালে এই জীৱন মোৰ অথলে যাৱ যেন লগা হৈছে মনত।

ডিঙিত চিপেজৰী লৈ মইনো যামে মৰি
তোমাৰে আশাটি লৈ
সেইহেন আশাটি। সিপুৰীত পুৰামগৈ
যমৰে আলহী হৈ….

চাৰিওফালে কুঁৱলী নামিছে। বিৰিয়াত বান্ধি অনা ডাঙৰিবোৰৰ পৰা সৰি পৰা ধানবোৰে বাটে-বাটে আঘোণৰ গোন্ধ সিঁচিছিল। ক’লাজহাৰ থোকবোৰ তেনেই শিয়ালনেজীয়া হৈছিল।শিলশালি, সুৱাগমণি, জলপনীয়া, মাগুৰি, ক’লাজহাৰ আমোলমোল গোন্ধে ভৰি পৰিছিল ভঁৰাল।

পানেশৈয়ে লখিমী আদৰিছিল।মনতে সাহ কৰি পানেশৈকে ঘৰৰ লখিমী কৰাৰ কথাটো আইক জনালোঁ। আই মান্তি হোৱা নাছিল। কিন্তু পানেশৈক নাপালে মই নৈত জাঁপ দি আপোনঘাতী হ’ম বুলি কোৱাত আয়ে অহা ব’হাগত পানেশৈক মোলৈ চপাই আনি দিম বুলি মোক কথা দিলে।

দুহাতে দুমুঠি নলওঁ চাৰিমুঠি:

মোৰ আপোন ককাইদেউৰ বিয়া – পুৱাৰে পৰা মোৰ তৰণি নাই। আমদালি গঁঠাৰ পৰা মাহ-হালধি খুন্দালৈকে -কত কি যে কাম! বিয়াৰ দিনা নৈৰ ঘাটত মাহ-হালধি বটি থাকোঁতে ক’ৰবাৰ পৰা মাগনী বুঢ়ী এজনী আহি এইখন বিয়াৰ কইনা মইহে বুলি কৈ থৈ গ’ল। মোৰ মূৰতে আহি যেন সৰগ ভাঙি পৰিল।

ঘৰলৈ আহি মই ইকৰা পাতৰ নাওঁ আৰু ইকৰাৰ বঠা এপাত লৈ পুখুৰীত খেলাই থাকিবলৈ ধৰিলো। পাৰৰ পৰা আয়ে মাতিলে-

“পানেশৈ পানেশৈ মোৰ আই পানেশৈ
মোৰ ঘাটে চপাই দে নাওঁ
দুহাতে দুমুঠি দি যাম চাৰিমুঠি
ডিঙিতো পিন্ধাম হাৰ।
খাটলিপীৰাতে বহি ভাতে খাবি
বেটিয়ে ধৰিব আল।”

মই দুখেৰে ক’লো–

” দুহাতে দুমুঠি নলওঁ চাৰিমুঠি
তোৰ ঘাটে নচপাওঁ নাওঁ
খাটলিপীৰাতে বহি মাতে নাখাওঁ
বেটীয়েও নধৰক আল।”

এইবাৰ ককাইদেৱে মৰমেৰে মাৰিলে মোক-

” পানেশৈ পানেশৈ মোৰ ভনী পানেশৈ
মোৰ ঘাটে চপাই দে নাওঁ
দুহাতে দুমুঠি দি যাম চাৰিমুঠি
ডিঙিতো পিন্ধাম হাৰ।
খাটলি পীৰাতে বহি মাতে খাবি
বেটীয়ে ধৰিব আল।”

মই খঙেৰে ক’লো-

“ককাইদেউ ককাইদেউ, অ’ মোৰ ককাইদেউ
তোৰ ঘাটে নচপাওঁ নাওঁ
দুহাতে দুমুঠি নলওঁ চাৰিমুঠি
ডিঙিতো নিপিন্ধো হাৰ।
খাটলি পীৰাতে বহি মাতে নাখাওঁ
বেটীয়ে নধৰক আল।
আগেয়ে আছিলা মৰমৰ ককাইদেউ
এতিয়া হ’লাহি স্বামী।”

তেওঁলোক হেজাৰ মনেৰে ঘৰলৈ উভতি যোৱাৰ পিছত ৰাতি ছোৱা গছৰ মুঢ়া এটাতে মই সোমাই থাকোঁ।

এদিন ককাইদেৱে আহি মুঢ়াটো কুঠাৰ এখন আনি চিটাচিট কৰি পেলালে। মই তেতিয়া মুঢ়াটোৰ ভিতৰতে সোমাই আছিলোঁ।

নৈৰ পলশ বোকাত পৰি থকা কাঠ বুলিবলৈ অহা বুঢ়ী এজনীয়ে মোক তাতে অচেতন হৈ পৰি থকা দেখি নিজ ঘৰলৈ লৈ আহিল।

কেও-কিছু নোহোৱা বুঢ়ীৰ লগতেই মই সুখে-সন্তোষে দিনবোৰ নিয়াবলৈ ধৰিলোঁ। বুঢ়ীয়ে অ’ৰ-ত’ৰ পৰা চাউল দুটিমান খুজি-মাগি আনে – শাক বুটলি আনে – মই ৰান্ধোঁ।

এনেতে এদিন সেইফালেদি ককাইদেউ গৈছিল সমনীয়া ল’ৰা দুটামানৰ লগত। মই চোতালতে বহি আছিলোঁ। ককাইদেউ এপলক ৰৈ মোলৈ চাই গুচি গ’ল।সেই চাৱনিত মই মূহুৰ্তৰ বাবে হ’লেও জালত বন্দী চৰাই এটাৰ দৰে ধৰফৰাই উঠিলোঁ।

এপষেকমান পিছত ককাইদেউ আৰু আই আহি বুঢ়ীক বৰকৈ ধৰি ৰূপবান, টকা-সিকি দি মোক আকৌ ঘূৰাই লৈ আহিল ঘৰলৈ।মোৰ শেষ ভৰষাকণো গ’ল।

দুডাল সাপে যেন মোক মেৰিয়াই লৈ গৈ আছে সিঁহতৰ গাঁতলৈ।

উৰিব নোৱাৰাকৈ দুয়োখন পাখি কাটি দিয়া হ’ল। মই মুচকছ্ গ’লো।জ্ঞান ঘূৰাই পাই দেখিলোঁ মই আজন্ম চিনাকী ঘৰটোৰ এখন বিচনাত শুই আছোঁ — মোৰ গোটেই গাতে মাহ-হালধি আৰু তেলৰ গোন্ধ। এতিয়ালৈ আগৰ মানুহজনীক জুইত জাহ দি চিন-মোকাম নোহোৱা কৰি পেলোৱা হৈছে। মই অৱশ হৈ পুনৰ শুই পৰিলোঁ তাতে।

ডিঙিতো পিন্ধাম হাৰ:

এজনী বেলেগ মানুহৰ সৃষ্টি হ’ল। তাৰ পিছৰ কাহিনী সুখৰ……

পৰিয়ালৰ মাজতেই তাই সকলো সুখ বিচাৰিবলৈ ধৰিলে। লাহে-লাহে পানেশৈ নামটো মানুহে পাহৰি থাকিল – অমুকৰ ঘৈণী, অমুকীৰ মাক বুলিহে মাতিবলৈ ল’লে। কেতিয়াবা কোনো এক একান্ত মূহুৰ্তত তাইৰ বুকুখনে হেৰাই যোৱা পানেশৈজনীৰ মায়াত হাহাকাৰ কৰি উঠে। কিন্তু এই উঠা-নমাৰ উমান বাহিৰত কাকোৱেই দিয়া নহয়।
কি নাই তাইৰ! — নিজাকৈ এগোহালি গৰু , এখন শাক-পাচলিৰে ভৰা বাৰী, এখন তাঁত-শাল, হাঁহ-পাৰ, ধানেৰে ভৰা এটা ভঁৰাল। আৰু কিবা লাগে জানোঁ নিজাকৈ এজনী তিৰীক! থাকেই জানো কিবা নিজাকৈ তিৰীৰ জনমত!!!

গিৰিহতঁৰ সকলো কথাকে মানি লোৱা পানেশৈয়ে পৰিয়ালৰ সৈতে বহুত দিন সুখেৰে পাৰ কৰিলে।

চালত পৰিল ফেঁচা
সাধুকথাবোৰ সঁচা
তামোলে মেলিলে ডাবি
দুখবোৰ গ’ল থাকি।।

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here