হাতত সময় থাকি মূৰত একো নাথাকিলে সমস্যা

যোৱাকালি পুৱা জ’কভিচ আৰু পাব্লোৰ খেলখন চাই আছিলো। খেলখন জমি উঠিছিলহে, তেনেতে খবৰ আহিল যে Open Book Exam দিয়া আৰু উচ্চতৰ মাধ্যমিক দিয়াখিনিৰ মাজত ‘টি-২০’ চলি আছে। এইখন মিছ কৰিব পাৰি নে? দুয়ো দলৰে দুৰ্দান্ত প্ৰদৰ্শন দেখিলো। Open Bookৰ খিনিয়ে ট্ৰলৰ আউটচুইং এটা কৰিলে সিটো পাৰ্টীয়ে Cut (অসমীয়া কাট/ইতিকিং) মাৰি পঠিয়ায়। ‘মিম’ৰ বাউঞ্চাৰ এটা মাৰি পঠিয়ালে ধুনীয়া ডাক কৰি ডাকৰ বচন দুটিমান মাতে। দৰ্শকৰ বাবে অত্যন্ত ৰোমাঞ্চকৰ পৰিবেশ। তাৰে আগদিনা অন্য কিবা কাম এটাত ব্যস্ত হৈ থাকোতে খবৰ পালো যে পোন্ধৰ-ষোল্ল বছৰীয়া ছোৱালী এজনীয়ে মাইকৰ সমুখতে তাইৰ মেট্ৰিকৰ ফলাফল সম্বন্ধীয় কিবা এটা মন্তব্য ভালদৰে বুজাই প্ৰকাশ কৰিব নোৱাৰাত অসমৰ সচেতন, অৰ্ধসচেতন, অৱচেতন সকলো জাপ মাৰি পৰিল একেলগে তাইক বুজাবলৈ লগাত যে তাইৰ হেনো ভুল হৈছে! সামাজিক মাধ্যম উত্তাল হৈ পৰিল ইতিকিং, ঠাট্টা, ককৰ্থনাৰে। ছোৱালীজনীৰ লগতে ৬০০ৰ ভিতৰত ৫৯৯ পোৱা ল’ৰা এটাৰ মাৰ্কশ্বীটখনত জয়ন্ত হাজৰিকাৰ ‘দেখা নাই’ গানটো সংযোগ কৰি ৱাটচএপ, ফেৱবুকত প্ৰচাৰ কৰা হ’ল। আমাৰ দৰে এডাল দুডাল চুলি পকিবলৈ আৰম্ভ কৰা মানুহবোৰ থৰ লাগি চাই ৰ’লো। আমাৰ চৌপাশ যে স্থানপ্ৰাপ্ত, ব্ৰিলিয়েন্ট মানুহেৰে ভৰি আছে ইমানদিনে চোন গমেই পোৱা নাছিলো! কিয়নো ৫৯৯ পোৱা ল’ৰা এটাক বা ৯৯% পোৱা ছোৱালী এজনীক ট্ৰল কৰিবলৈ নিশ্চয় ট্ৰলাৰজনো একেই পৰ্যায়ৰেই হ’ব লাগিব। একেই পৰ্যায়ৰ হ’বলৈ হ’লে তেওঁ নিশ্চয় কোনো স্থানপ্ৰাপ্তই হ’ব লাগিব। পিছতহে ভালদৰে অনুসন্ধান কৰোঁতে বুজিলো যে স্থান দূৰৰে কথা বেছিভাগে পৃথিৱীত নিজৰ যে স্থান এটা আছে সেইটো প্ৰমাণ কৰিবলৈহে এনেধৰণৰ অত্যুৎসাহী কৰ্ম কিছুমান কৰে।

লাভলীনাই মেডেল এটা পাব যে খাটাং। অলিম্পিকৰ স্বৰ্ণ পদকৰ বাবে তাই এতিয়া নিজকে সম্পূৰ্ণৰূপে উজাৰি দিছে। তাইৰ বয়স তেইশ বছৰ। এফালে তেইশ বছৰ বয়সত লাভলীনাই সুদূৰ টকিঅ’ৰ পৰা গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়ালৈ কেনেকৈ স্বৰ্ণ পদক আনিব পাৰি তাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আছে আৰু আনফালে একেই বয়সৰে আমাৰ অসমৰেই সামাজিক মাধ্যমৰ কিম্বদন্তি ৰাইজে কেনেকৈ উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীখিনিকলৈ জ’ক, মিম আদি বনায় নিজকে ‘ফেচবুকীয়া চেলেব্ৰিটি’ কৰিব পাৰো তাৰে কচৰৎ কৰি আছে। জাপানত যদি লাভলীনা, আমাৰ ইয়াতে আছে অজস্ৰ লোকচানলীনা। লাভ কাৰোৱাই নকৰে, লোকচান কৰাত পাকৈত।

দিনৰ দিনটো (তাকো দুদিন ধৰি) সামাজিক মাধ্যমত চৰকাৰে মূল্যায়ণ কৰি দিয়া এটা ফলাফলৰ বাবে পোন্ধৰ-ষোল্ল বছৰীয়া ল’ৰা-ছোৱালীৰ পিছফালে লাগি থাকিবলৈ মানুহ এনেই কোনটো স্তৰৰ নিবনুৱা হ’ব লাগিব? মই নাজানো। সেইকাৰণে ইয়াতেই এৰিছো। মোৰ ছাগলীকেইটা বান্ধত আছে।

সায়ন্তন শইকীয়া

LEAVE A REPLY

Please enter your comment!
Please enter your name here