পদ্মনাথ গোহাঞি বৰুৱা ছাত্র নিবাস

দেৱাশীষ হাজৰিকা

১৯৭১ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একমাত্ৰ একক কোঠালী যুক্ত আৰু এছিয়া মহাদেশৰ তেতিয়াৰ দ্বিতীয় বৃহত্তম একক কোঠালী যুক্ত ছাত্ৰাবাসটোৰ নামকৰণ পৰবৰ্তী পৰ্যায়ত পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাস হিচাপে কৰা হ’ল। এই ছাত্ৰাবাসটি অকল শিল ইটাৰে গঠিত নহয় বৰঞ্চ ইয়াত নিহিত হৈ থাকে স্বাধীনতা , এজাক তৰুণৰ জীয়া সপোন, ভাতৃত্ববোধ, একতা আৰু বহুতো ইতিবাচক দিশ ।২০১৭ চনৰ ৮ আগষ্ট তাৰিখে এই ঐতিহ্যমণ্ডিত ছাত্ৰাবাসটিত প্ৰবেশ কৰোঁ। তাৰ পাছৰ পৰাই আৰম্ভ হৈছিল বৰ্তমান যুগ আৰু পৰিস্থিতিৰ লগত সমযোজন কৰিব পৰাকৈ অগ্ৰজসকলে দিয়া আদিপাঠ। ২১৩ জন আবাসীৰ হৃদয়ৰ মিলনস্থলী হ’ল- পি. এন. জি. বি. চি. এন। ছাত্ৰাবাসটিৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো হ’ল যে ভিন্ন ব্যক্তিত্বৰ অধিকাৰী সকলে একেধৰণেৰে , একেলগে , একে মানসিকতাৰে কৰ্মত নিয়োজিত হয়। ধৰ্মীয় , ভাষিক , সাংস্কৃতিক , বৰ্ণভিত্তিক বিচিত্ৰতাক ইয়াত পুলিয়ে- পোখায়ে উভালি পেলোৱা হয়। প্ৰত্যেকজন আবাসীয়েই একো একোজন নিহিংসুক সিংহ স্বৰূপ।

আবাসীসকলক নিহিংসুক সিংহ স্বৰূপে চিনাকী আগবঢ়োৱাৰ আঁৰৰ কথাটো হ’ল যে কোনো ব্যক্তিৰ আৰ্থিক সমস্যা, বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰ- ছাত্ৰীৰ সমস্যা, সমাজত ঘটি থকা অন্যায় প্ৰভৃতি ক্ষেত্ৰবোৰত এই আবাসৰ আবাসীসকলে নেতৃত্ব বহন কৰে আৰু সমাধানসূত্ৰত উপনীত নোহোৱা লৈকে ৰণক্ষেত্ৰৰ পৰা পশ্চ্যাৎগামীতা অবলম্বন নকৰে। ছাত্ৰাবাসটিয়ে ব্যক্তিত্ব বিকাশৰ বহু সুবিধা প্ৰদান কৰে। প্ৰতি বছৰে আবাসটিৰ ভিতৰৰে ১১ টা মজিয়াৰ মাজত আন্ত: মজিয়া ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

বিদায়ী সভাত বহুকেইজন অগ্ৰজ আৰু সহপাঠীয়ে পি. এন. জি.বি.ছি. এন য়ে প্ৰদান কৰা মঞ্চত বক্তৃতা দিব পৰা সাহসকণৰ কথা উনুকিয়াই থৈ যোৱা পৰিলক্ষিত হৈছিল। প্ৰতিযোগিতাসমূহত স্থান লাভ কৰা মজিয়াই নিজ নিজ মজিয়াৰ নাম লৈ গোটেই ছাত্ৰাবাসটিত ‘বুম এছ’ বুলি চিঞৰি আনন্দ উল্লাস কৰে। এছ, এন এছ আৰু আফা – এইকেইটা ছাত্ৰাবাসৰ আবাসীসকলে এজনে আনজনক প্ৰদান কৰা বিশেষণ বা উপাধি।

ছাত্ৰাবাসটোৰ আবাসীসকলে প্ৰত্যেক বছৰে ৰক্তদান কৰি বিভিন্নজনক সহায় কৰে। ই এক পৰম্পৰাৰ দৰে আৰু আগলৈও এই পৰম্পৰা চলি থাকিব।

ছাত্ৰাবাসটিত কটোৱা দিনকেইটা বহু তিতা মিঠা অভিজ্ঞতা অৰ্জন কৰিছিলোঁ আৰু সেইবিলাকৰ ভিতৰত অন্যতম আছিল স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। সেইবাৰৰ নিৰ্বাচন আমাৰ বাবে আছিল প্ৰত্যাহ্বান সূচক, পূৰ্বৰ তিনিটাকৈ নিৰ্বাচনত পৰাজয়বৰণ কৰা ছাত্ৰাবাসটিয়ে পূৰ্ণ উদ্যমেৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ যো-জাঁ চলাইছিল। প্ৰত্যেকজন অবাসীয়ে মুঠ 200 টকাকৈ বৰঙনি আগব়াইছিল। তদুপৰি ছাত্ৰাবাসটিৰ প্ৰাক্তন আবাসীসকলে‍ সাধ্যনুসৰি বিত্তীয় সাহায্য আগবঢ়াইছিল। নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীসকলতকৈ ছাত্ৰাবাসটিৰ আন আন আবাসীসকলৰহে উৎসাহ উদ্দীপনা অধিক আছিল। নিৰ্বাচনৰ পূৰ্বে তিনিটা নিশা উজাগৰে কটোৱাৰ অভিজ্ঞতা আমাৰ আছে। নিৰ্বাচনৰ আগ নিশা টোপনি ক্ষতি কৰি পুৱতি নিশা প্ৰায় ৩:৩০ মান বজাত বেনাৰ, পষ্টাৰ ইত্যাদি বিশ্ব বিদ্যালয়ৰ চৌপাশে লগোৱা হয়। সম্পূৰ্ণ যুদ্ধংদেহীৰূপত 213 জন আবাসীয়ে ঐক্যভাৱে নিৰ্বাচনৰ প্ৰচাৰত ভাগ লোৱা দেখা গৈছিল। নিৰ্বাচনৰ দিনা সকলোৰে ৰঙা চকু দেখি বিশেষভাৱে আৱেগিক হৈ পৰিছিলোঁ আৰু ই আমাৰ মনোবল দুগুণে বৃদ্ধি কৰিছিল। নিৰ্বাচনৰ ফলাফল ছাত্ৰাবাসটিৰ সপক্ষে আহি পৰাত যি এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হৈছিল তাক ভাষাৰে বুজাব নোৱাৰি। কোনোৱে কান্দিছিল, কোনোৱে নাচিছিল, কোনোৱে দৌৰিছিল—— মুঠতে সকলোৱে নিজৰভাগে আৱেগৰ বহিঃ প্ৰকাশ ঘটাইছিল। জয়ী সকলো প্ৰাৰ্থীকে ঢোলে-দগৰে ছাত্ৰাবাসটিলৈ আদৰি অনা হয় আৰু পি.এন .জি .বি .ছি .এন জিন্দাবাদ ধ্বনিৰে বিশ্ববিদ্যালয়ৰ আকাশ বতাহ মুখৰিত হৈ পৰে। কষ্টৰ ফল যে মিঠা তাৰ প্ৰমাণ আমি সেইদিনা বাৰুকৈয়ে উপলব্ধি কৰিছিলোঁ। অন্যান্য অভিজ্ঞতাৰ লগতে নিৰ্বাচন কেন্দ্ৰিক এই অভিজ্ঞতাই আজিও হৃদয়ৰ নিভৃত কোণত খুন্দা মাৰে আৰু মানসপটত ভাহি আহে।

পি.এন.জি. বি.ছি. এন ত আবাসী হিচাপে থাকোঁতেই আমাৰ প্ৰত্যেককেই ম্ৰিয়মান কৰি তোলা এটা অত্যন্ত শোকাৱহ ঘটনা সংঘটিত হৈছিল। ছাত্ৰাবাসটিত এৰি অহা দিনবিলাক সুৱঁৰিলে এই ঘটনাটোৱে মানসপটত বৰকৈ আঘাত হানে। সিদিনা গধূলি প্ৰায় ৬:৩০ বাজিছে। মই তেতিয়া লাইব্ৰেৰীত। হঠাৎ এটা মেছেজ পালোঁ যে বগীবিলত লগৰ বন্ধু এজন দুৰ্ঘটনাত পতিত হৈছে। লগে লগে লাইব্ৰেৰী ত্যাগ কৰি পি.এন.জি. বি অভিমুখে ৰাওনা হওঁ। মাজতে কেইবাটাও ফোন আহিছিল। যেনে তেনে মটৰ চাইকেল এখনৰ ব্যৱস্থা কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ দিশে ৰাওনা হওঁ। আধা বাটত গম পালোঁ যে বন্ধুজন ‘আদিত্য’ হস্পিতালত আছে । মনত বেজাৰ আৰু শংকা ভাৱ লৈ কিছু সময়ৰ পিছত হস্পিতাল চৌহদত উপস্থিত হওঁ। বন্ধু মনজিৎ চমুৱাই কান্দি আছে। তেওঁক সান্তনা দি দুৰ্ঘটনাত পতিত হোৱা বন্ধু জনৰ খবৰ লওঁতে মুখৰ পৰা যি শাৰী বাক্য ওলাই আহিল ;সেই শাৰী বাক্যই হৃদয়ত প্ৰচণ্ড আঘাত দি মোক ম্ৰিয়মান কৰি তুলিলে। বন্ধুজন আৰু নাই, তেওঁ অনন্তধামলৈ গতি কৰিলে । সেই বন্ধুজন আছিল অতি অমায়িক চৰিত্ৰৰ প্ৰজ্ঞান জ্যোতি পৰাশৰ । শোকাকূল পৰিৱেশটি আমি বিদায় লোৱা সময়লৈকে অটুট থাকিল। আমি আমাৰ মাজৰ পৰা এজন উজ্জ্বল জ্যোতিষ্কক হেৰুৱাবলগীয়া হৈছিল।

পি.এন.জি. বি.ছি. এন যে প্ৰত্যেকজন আবাসীকে বাস্তৱিক জীৱনৰ লগত মোকাবিলা কৰিব পৰাকৈ সাহস প্ৰদান কৰে। আনুষ্ঠানিক শিক্ষাৰ উপৰিও অনানুষ্ঠানিক শিক্ষাৰে শিক্ষিত কৰি পূৰ্ণাংগ ৰূপ প্ৰদান কৰাত আবাসটিৰ আছে যথেষ্ট অৱদান।

12 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here