হোষ্টেলৰ দিনলিপি

জবা শইকীয়া

পদ্মশ্ৰী নলিনীৱালা দেৱী ছাত্ৰী নিৱাস

হোষ্টেলৰ তিনিবছৰ, একে আষাৰে ক’বলৈ হ’লে অন্য এক জীৱন। হোষ্টেলীয়া জীৱনৰ অভিজ্ঞতাৰ সোৱাদ নোলোৱাটো ভুল হ’ব বুলি ভাবিয়েই আই-দেতাই হোষ্টেলত থাকিব লাগিব বুলি ঘোষণা কৰিলে। এডমিচনৰ সময়ত গম পালো আগন্তুক তিনিবছৰৰ কাৰণে বাসস্থান NBD , পদ্মশ্ৰী নলিনীৱালা দেৱী ছাত্ৰী নিৱাস। গেটখনেৰে সোমায়েই প্ৰকাণ্ড কেম্পাচটো দেখি ভীষণ নাৰ্ভাচ। Superintendent ma’am ৰ ঘৰটোৰ সন্মুখত স্মৃতিফলক এখন, ঘৰটো ১৯০৯ চনৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৯ চনৰ অসম ভ্ৰমণৰ কালত এই ঘৰটোতে ৰাতি কটাইছিল ( তেতিয়া এইটো আৰ্ল ল’ কলেজৰ প্ৰিঞ্চিপাল জ্ঞানদাভিৰাম বৰুৱাৰ কোৰ্ৱাটাৰ আছিল)। হোষ্টেলখনৰ স্থাপন ১৯৫০ চনত। প্ৰথম নাম আছিল CG 1 মানে Cotton Girls Hostel 1।প্ৰায় ১৪৫-১৫০ গৰাকী আৱাসীৰ হোষ্টেলখনত কেনেকৈ থাকিম ভাৱিয়েই কঁপনি উঠিছিল। তাতে হোষ্টেল বুলিলেই ৰেগিঙৰ ভয়। হোষ্টেল এডমিচন লৈ পাঁচজনীয়া ১০৭ নম্বৰ কোঠাত সোমালোগৈ। ৰুমমেটৰ আশ্বাস আৰু  এসপ্তাহজোৰা চিনাকী পৰ্বৰ প্ৰথম দিনটোতে  অধীক্ষক অৰ্থাৎ superintendent ma’am ৰ উপস্থিতিয়ে সকাহ দিলে।

          হোষ্টেল যোৱাৰ এসপ্তাহ নহওঁতেই প্ৰথম মহলাৰ চিৰিত পৰি বাওঁভৰিটোত মোচোকা খাই মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতাল (MMC) যাব লগা অৱস্থা। সেই যে MMC লৈ যোৱাৰ আৰম্ভণি হ’ল তাৰ পাছৰ তিনি বছৰত কিমান বাৰ MMCলৈ গ’লো লেখ-জোখ নাই। হোষ্টেলৰ কোনোবাৰ বেমাৰ হ’লে বেমাৰীৰ লগত যোৱা মানুহৰ সংখ্যা হিচাপ নকৰাই ভাল , পাৰিলে গোটেই হোষ্টেলখনেই উঠি যাব।

          আগষ্টৰ ১৪ তাৰিখে হোষ্টেলৰ নৱাগত আদৰণি সভা। চাবলৈ গ’লে দেশৰ লগতে আমিও ১৫ আগষ্টত স্বাধীন হৈছো। বগা চাদৰ-মেখেলা পিন্ধি সাজি-কাচি(!) ওলাইছো আৰু। সমস্ত আনুষ্ঠানিকতা শেষ হোৱাৰ পাছত আৰম্ভ হ’ল পৰম্পৰাৰ।  মাজনিশা অস্থায়ী stage টোৰ সন্মুখত লগাই থোৱা হেলজেন লাইটটোকে সূৰ্যদেৱতা বুলি ভাবি এক বিশেষ শপতনামা পাঠ কৰিব লগা হয় । পাছত বিদায় সভাৰ দিনা তিনিবছৰত সেই শপতবাক্য ৰাখিব নোৱাৰাৰ দুখত আকৌ সেই হেলজেন সূৰ্যদেৱতাৰ সন্মুখতে কোনোবা কোনোবা ক্ষমাপ্ৰাৰ্থীও হয়।

          নিৰ্বাচন আৰু বিশ্ববিদ্যালয় সপ্তাহ হোষ্টেলাৰৰ কাৰণে পাণিপথৰ চাৰি আৰু পাঁচ নম্বৰৰ নোহোৱা যুদ্ধ দুখন। বছৰৰ বাকীসময়ত চলি থকা গতানুগতিক পঢ়া-খোৱা-শোৱাৰ ৰুটিনত  সেইকেইদিনত বৃহত্তম তফাৎ আহি পৰে। এনেই পাঁচ বজাতে হোষ্টেল সোমাব লগা হোৱা জুনিয়ৰখিনিৰো নিৰ্বাচনী প্ৰচাৰত ৰাতি ৮-৯ টালৈ বাহিৰত থকাৰ সুবিধা মিলে। এবাৰ আমিও ৰাস্তাতে প্ৰাৰ্থীৰ পিছফালে ৰৈ তেওঁলোকৰে ভাষণ আওৰাই আছো, ( ইমানদিন প্ৰচাৰত গৈ গৈ কোনে কি নিৰ্বাচনী ইস্তাহাৰ দিছে মনত ৰৈ যায় আৰু ) তেনেকুৱাতে শুনিলো লগৰ এজনী কথাৰ কোবত গৈ পৌৰসভাৰ নলাত সোমালেগৈ। দৈৱৰ দুৰ্বিপাকত পিছদিনা তেখেতে নিজৰ ম’বাইলটোও নলাতে দান কৰি আহিছিল।

         প্ৰতিবছৰে Varsity week অৰ্থাৎ বিশ্ববিদ্যালয় সপ্তাহ আৰু সৰস্বতী পূজা প্ৰায় একেলগেই পৰে। সেই সময়ৰ কষ্ট আৰু ব্যস্ততা দুগুণ। সৰস্বতী পূজা মানেই আখৈৰ মালা। ২০-১৫ দিন আগৰ পৰাই প্ৰতিজনী অনুজে আখৈৰ মালা গুঠিব লগা হয় মণ্ডপ আৰু গেট সজাবলৈ। সেইখিনি সময়ত ড্ৰামৰ মাতত টোপনি ভাগে, চুৱেটাৰ-টুপিৰে নিজকে ঢাকি মাৰ্চ পাষ্টৰ  (March past) অনুশীলন ৰাতিপুৱা পাঁচ বজাৰ পৰা, আহি কলেজত গৈ ক্লাছ কৰা, গধূলি আকৌ কেম্পাচৰ ভিতৰতে মাৰ্চ পাষ্ট, ৰাতিলৈ জেং বিহু, লোকনৃত্য, কোৰাচ, নাটকৰ আখৰা। তাৰ মাজতে পূজাৰ প্ৰস্তুতি আছেই।

          ‘All boarders of NBD come down’ গগনফলা চিঞৰেৰে হোষ্টেলৰ চোতালৰ পৰা অহা এই শব্দকেইটাই জুনিয়ৰ হৈ থকাৰ সময়ত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। বিশেষকৈ নিৰ্বাচন আৰু বিশ্ববিদ্যালয় সপ্তাহৰ সময়ত সপোনতে come down শুনি আধা টোপনিত ৰুমৰ পৰা ওলাই যোৱাৰ হাজাৰ উদাহৰণ আছে।

          সৰস্বতী পূজাৰ গেটৰ পৰা ধৰি লৈ মণ্ডপ সজোৱালৈকে ঠাকুৰসকলৰ সহায়ত গোটেই কামবোৰ ছোৱালীখিনিয়েই কৰে। দীঘলীপুখুৰীয়েদি আহি SRB ৰ সন্মুখত থকা দোকানৰ পৰা প্ৰতিমা আনিবলৈ যাওঁতেই সেইখিনিত প্ৰতিবাৰেই বাল্টিয়ে বাল্টিয়ে ঠাণ্ডা পানী গাত পৰেহি। এই আকস্মিক বৃষ্টিপাতৰ সমস্ত কৃতিত্ব আমাৰ ছাত্ৰাবাস কেইখনে পায়। পূজাৰ সকলো কাম শেষ কৰি সেইহেন জানুৱাৰী মাহৰ মৰঠাণ্ডাত দীঘলীপুখুৰীৰ চেঁচা বতাহ খাই খাই গেটকেইখনৰ ৰখীয়া হ’ব লগাও হয়। নহ’লে কোন মূহুৰ্তত কোনে আহি গোটেই গেটখনেই উঠাই লৈ যায়, একো ঠিকনা নাই। এবাৰ তেনে গেটচোৰৰ গাত ঠাণ্ডা পানী ঢালি পূজাৰ শুভাৰম্ভ কৰাও মনত আছে।

          ঠাকুৰ পানী… পানী শেষ হোৱাৰ লগে লগে হোষ্টেলৰ যিকোনো অংশৰ পৰা এইটো চিঞৰ  কাণত আহি পৰিব পাৰে ; চিঞৰটো‌ আকৌ এক শৃংখলাত (chain system) চলে। এই ধৰক আপুনি বাথৰুমৰ ভিতৰৰ পৰা চিঞৰি আছে, বাহিৰত থকা বা ৰুমৰ ভিতৰত থকা কোনোবা এজনীয়ে শুনিলে তাইও লগতে চিঞৰিব, তাইৰ চিঞৰ শুনি বাৰাণ্ডাৰ পৰাও চিঞৰিব এজনীয়ে; মুঠতে পানী নহালৈকে এইটো চিঞৰ চলিয়েই থাকিব।

          ভুতৰ কাহিনী আৰু হোষ্টেল এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। সেইদিনা আছিল ভোট গণনাৰ দিন। আমি প্ৰথম বৰ্ষৰ ছোৱালীখিনি সন্ধিয়া নহওঁতেই হোষ্টেল‌ সোমালোহি। চিনিয়ৰ বেছিভাগ কলেজতে থকাত আমিবোৰে প্ৰথম মহলাৰ পৰা তললৈ যোৱা চিৰিটোতে বহি কথা পাতি আছো, গৈ গৈ ওলালেগৈ ভুতৰ কথা। আমি বহি থকা চিৰিটোৰ কাষতে যিটো ৰুম, সেই ৰুমটো বোলে বহুত বছৰ ধৰি বন্ধ কৰি ৰাখিছিল। তিনিবছৰমান আগতেহে পূজা-পাতল কৰি খুলিছে। এইবোৰ কোৱাজনীয়ে আকৌ তাইৰ চিনিয়ৰ ৰুমমেটৰ পৰা শুনিছে হেনো। তাৰ পাছত ইজনীয়ে বাথৰুমত পায়েলৰ মাত শুনা, সিজনীয়ে দ্বিতীয় মহলাত ৰাতি সদায় বিচনা টনাৰ শব্দ শুনা – শেষ নোহোৱাই হ’ল। বৰষুণ হৈ থকাৰ কাৰণে হঠাতে কাৰেণ্টটো গুচি গ’ল। গোটেইকেইজনী গাতে গা লগাই লৰচৰ নকৰাকৈ ভয়তে বহি আছো; এজনীয়ে সুৰ লগাই নাৰায়ণ কৱচ গোৱাই আৰম্ভ কৰি দিলে। তেনেকুৱাতে নিৰ্বাচন জিকাৰ খবৰ দিবলৈ দৌৰি দৌৰি দুজনী ছিনিয়ৰ বা আহিল। চিৰিত হোৱা‌ ধপধপ শব্দ শুনি ওপৰত আমাৰ কান্দোন আৰু ওপৰত কন্দাৰ শব্দ‌ শুনি বা দুজনীয়ে হোষ্টেল নোসোমাই বাহিৰলৈ দিয়া‌ দৌৰ!! মুঠতে সিদিনা আমাৰ হোষ্টেলত ভুত থকাটো‌ নিশ্চিত হৈ পৰিছিল।‌ গোটেইবোৰ‌ হোষ্টেল আহি পোৱাৰ পাচতহে আচল‌ কাহিনী ওলাইছে!!‌

          দিন যোৱাৰ লগে লগে ০০১ লৈ আহিলো, দুজনীয়া কোঠা। তেতিয়াৰে পৰা যিকোনো কথা পতাৰ ঠাই মোৰ কোঠাটোৱেই হৈ গ’ল। কিবা কথা আলোচনা কৰিবলৈ গোট খোৱা মানুহবোৰে সংসাৰৰ অলাগতিয়াল কথাবোৰ পাতি দৰকাৰী কথাটো আকৌ ফোনত পাতিব লগা হৈছিল!

          প্ৰথম বছৰ হোষ্টেলত দীপাৱলীৰ আয়োজন দেখিয়েই আচৰিত! গোটেই চোতাল জুৰি গণেশৰ প্ৰতিকৃতি এটা আঁকি আল্পনাৰ ৰূপ দিছে। পিছৰ দুবছৰ ৰাধা-কৃষ্ণ আৰু শিৱ-পাৰ্বতী-গণেশ। উৎসৱৰ সময়ত ঘৰলৈ মনত পেলাই দুখ কৰাৰ অৱকাশেই পোৱা নগ’ল। ৰাতিপুৱাৰ পৰা গোটেই ছোৱালীবোৰে নিজৰ ঘৰ সজোৱা দি সজাই ব্যস্ত হৈ থাকে। কাতি বিহুত দিনতে তুলসী ভেঁতি বনাই গধূলি নাম-প্ৰাৰ্থনা গাই একেলগে বিহু অলপো গাইছো।এইবোৰ সৰু সৰু ঘটনাই‌ হোষ্টেলৰ বান্ধোন আৰু আপোনত্ব কি সেয়া বুজায়। উজনিৰ পৰা নামনিলৈ বিভিন্ন পৰিৱেশৰ পৰা অহা বেলেগ বেলেগ চিন্তাধাৰাৰ শতাধিক ছোৱালীক ছাত্ৰীনিবাসটোৱে এটা পৰিয়াল কৰি গঢ় দিয়ে। খাৱন-শোৱন নোহোৱা দিনবোৰত ইজনী সিজনীৰ বাবে‌ সাহস, শক্তি, পৰিয়াল সকলো‌ হৈ পৰে। হোষ্টেলখন দ্বিতীয় ঘৰ হৈ পৰে। ভগাই লোৱাৰ কাৰণেই চাগে দুখবোৰ পাতলে, হাঁহিবোৰ বিয়পি পৰে।

          প্ৰতিবছৰে এটা বেট্স (batch) ওলাই যাওঁতে হোষ্টেলখনৰ অৱস্থা কইনা উলিয়াই দিয়াৰ পাছৰ পৰিৱেশ যেন হয়। এইবাৰ নিজেই অনুভৱ কৰিছো এইখন ঘৰ এৰি যোৱাও ইমান সহজ কথা নহয়। জুনিয়ৰ হৈ হোষ্টেল সোমোৱাৰ পৰা হোষ্টেলৰ দায়িত্ব এৰি ঘৰমুৱা হোৱালৈকে; ইমানবোৰ স্মৃতি, ইমানবোৰ মৰম-আদৰ ক’ত সামৰো মই!!     

17 COMMENTS

  1. জবা ভাল লাগিল পঢ়ি৷ জীৱনৰ এক মধুময় স্মৃতিৰ পৃষ্ঠা হোষ্টেলৰ জীৱন৷ হাঁহি-কান্দোনেৰে, মৰম-স্নেহৰ এক বুজাব নোৱাৰা অনুভৱি পৃথিৱী সেই খন৷ য’ত সকলো হৈ পৰে এক বৃহৎ পৰিয়ালৰ দৰে৷
    বহুত বেছি ভাল লাগিল তোৰ অনুভৱ পঢ়ি৷৷

  2. পঢ়িলো…কিবা যেন অবুজ বিষ এটাই বুকুত খুন্দিয়ালে,নিজে এৰি অহা হোষ্টেলৰ দিনবোৰলে আকৌ এবাৰ তোমাৰ লেখাটোৰ জৰিয়তে উভতি গলো।ভাল লাগিল 💚❤💚

  3. হোষ্টেল,যত জীপাল হৈ সহস্ৰযৌৱনৰ আবেলি।জবা বা,চমুকৈ কব গলে সৰল,সুন্দৰ আৰু সমৃদ্ধ।ভাল লাগিল,অনাগত দিনত আৰু পঢ়িবলৈ পাওঁ যেন

  4. হোষ্টেলৰ দিনবোৰ পুনৰ সজীৱ হৈ উঠিল তোমাৰ লিখনী পঢ়ি ।

  5. তোমাৰ যেন‌ প্ৰতিতো উসাহত কটনে চিয়ৰী উঠিছে ” মই তোমাৰ বুকুত বাস এতিয়াও কৰি আছো বান্ধৱী, মই ও তোমাক পাহৰিব প‌ৰা নাই! ”

    NBD আজি সম্পূৰ্ণ তোমাক নিজৰ এক অংগ বনাই!!

    আমি আজি সুখী তোমাৰ এই লেখনি পাই!

    বহুত ধুনীয়াকৈ বৰ্ননা কৰিছা!!

  6. ভাল লাগিলে। কটনৰ হোষ্টেলৰ পুৰণি স্মৃতি সজীৱ হ’ল । NBD ত থকা নাছিলো যদিও। হোষ্টেলত থকাৰ আবেগঅনুভূতি বোৰ একেই।

  7. সুন্দৰ লিখনি। শব্দৰ গাথঁনিবোৰে অনুভৱবোৰ আৰু জীপাল কৰি তুলিছে।

  8. What a sanskari review of cotton NBD. Thul mul ke abah eta pwa goise je huni aha kothabur misa nhoi. And yeah, life t hostel life Tu bhut e dorkar, jibon Tu adhorua hoi roi nhole. Agoloiku anekwa pohibo pam buli asha thakile.

LEAVE A REPLY

Please enter your comment!
Please enter your name here