হোষ্টেলৰ দিনলিপি

অম্লানজ্যোতি দেউৰী
অম্লানজ্যোতি দেউৰী

মহেন্দ্ৰনাথ ডেকাফুকন ছাত্ৰাবাস

হোষ্টেল মানে আতংক, আৱেগ বা স্মৃতি৷ আতংক ক্ষণস্থায়ী, আৱেগ আৰু স্মৃতি দীঘলীয়া কাহিনী৷ কটনত পঢ়াৰ সপোন যদি জীৱনৰ এক আকাংক্ষা হয়, হোষ্টেলত থকাৰ সিদ্ধান্তটো কিছু উদ্বেগজনক নোহোৱা নহয়৷ নেতিবাচক খবৰৰ বিশাল দেৱাল এখন খহাই হোষ্টেলত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটো একপ্ৰকাৰ দুসাধ্য সাধন কৰা বুলিয়ে ক’ব লাগিব৷ হোষ্টেলৰ প্ৰথম বৰ্ষটো আতংকই আৱৰি থাকে, কেতিয়া ছিনিয়ৰ হ’ম বুলি ভাবি থকাটো এটা দৈনন্দিন হতাশালৈ পৰিৱৰ্তিত হয়৷ কিন্তু ছিনিয়ৰ হোৱাৰ পিছতে প্ৰথম বৰ্ষটোক খুব ‘মিছ’ কৰা যায়৷ প্ৰথম বৰ্ষত থকা বাধ্যবাধকতাই বহু কিবাকিবি শিকায়, সেই বাধ্যবাধকতা, নীতি-নিয়ম পাৰ কৰি ছিনিয়ৰ হোৱা মানে সময় এক ব’ঠাবিহীন নাওঁ৷ কি থাকে প্ৰথম বৰ্ষত? উচুপনি, হতাশা, ক্ৰন্দন, হাবিয়াস, সন্ত্ৰাস, ভয়…আৰু বহু কিবাকিবি৷ পুৱা শুই উঠাৰে পৰা দৰ্জাত ছিনিয়ৰৰ টক্-টক্- এটা পানীৰ বটল, ৰিচাৰ্জ এখন(আমাৰ দিনত), প্ৰেক্টিকেলৰ চিত্ৰ অংকন, চিঠি বিলোৱা কাম, ছিনিয়ৰৰ কাপোৰ ধোবালৈ লৈ যোৱা, অনা নিয়া কৰা, ট্ৰেইনৰ টিকট, বাছৰ খবৰ, ৰাতিৰ আড্ডাত পানীৰ খৰছ…তাৰমাজতে ছেমিষ্টাৰ নামৰ ভূত এটাৰ অবিচ্ছিন্ন আতংক৷ জুনিয়ৰ হৈ থাকিবলৈ একেবাৰেই মন নাযায়, অথচ ছিনিয়ৰ হোৱাৰ পিছত জুনিয়ৰৰ জীৱন সঘনাই ‘মিছ’ কৰা যায়৷ কটনত নাম লগাওঁতে এম এন ডি পি বুলি লিখি দিছিল ফৰ্মত৷ যথাসময়ত হোষ্টেল সোমালো৷ ৰূমত এজন ছিনিয়ৰ৷ দাদা, দাদা বুলি মাতি থকাৰ পিছত, ছিনিয়ৰজনৰ আদেশ- ‘দাদা, দাদা কৈ নাথাক, ৰূমমেট বুলি ক’বি!’ সেই যি ৰূমমেট..কাহিনীৰ অন্ত নাই৷ হোষ্টল যদি এক ধাৰাসাৰ বৰষুণ, ‘ৰূমমেট’ এখন ছাল৷ জুৰুলি জুপুৰি হৈ বাৰে বাৰে ৰূমমেটৰ কাষ পাওঁ৷ ৰূমমেটে বহু কথা বুজায়, শিকায় জীৱন৷ ৰূমমেট নথকা হোষ্টেলাৰ বৰ দুখীয়া হ’ব লাগিব, সেইটো সকলোৱে অনুভৱ কৰিব৷ ৰাতিপুৱাই উঠি গা পা ধুই আজৰি হ’ব লাগিব, উঠাত পলম হ’লে ৰূমতে ব্ৰাছ কৰিব লাগিব, কাৰণ নিৰ্দিষ্ট সময়ত ছিনিয়ৰক বাথৰূম এৰি দিবই লাগিব৷ ক্লাছ, প্ৰেক্টিকেল, খানা, ছিনিয়ৰৰ কাম, ৰাতিৰ মিটিং, কৰিডৰৰ ফেষ্টিভেল- জীৱন চলি যায়৷ কিমানদিন যে গাৰুত মুখ গুজি কান্দিছো, কিমানবাৰ শপত খাইছো হোষ্টেল এৰাৰ! তথাপিটো হোষ্টেল৷ এক অদৃশ্য শক্তিৰে মহীয়ান- আমি হোষ্টেলাৰ, এক অজানা বান্ধোনেৰে অভিজাত- আমি হোষ্টেলাৰ৷ কটনৰ মহেন্দ্ৰনাথ ডেকাফুকন ছাত্ৰাৱাসত পাৰ কৰিছো তিনিটা বছৰ, তাৰেই এক সংক্ষিপ্ত অৱলোকন–

প্ৰথম বৰ্ষ- হোষ্টেল মানে আতংক!

বন্ধ দুৱাৰ এখনেদি সোমাই আহে ৰঙা ৰ’দ, খিৰিকী বন্ধ তেতিয়াও৷ বাহিৰত স্বাধীন পক্ষীৰ মাত ৷ পালেঙৰ ষ্টেণ্ডত ওলমি থাকে ফৰ্মেল পোছাকযোৰ ৷ শেষ নিশাৰ উৎসৱত একেযোৰ পোছাকেই থিয় হৈ আছিল ক’ৰিডৰত ৷ সঘনাই গাৰুৰ গিলিপ সলনি হয়৷ ৰাতি আন্ধাৰে আগুৰি থাকে৷
গাৰুত মুখ গুজি প্ৰেমৰ মালিতা কৰেহে, আকৌ টক টক দুৱাৰত- এটা পানীৰ বটল অথবা ৰিচাৰ্জ এখন৷
মাতবোৰ বন্ধ হ’ব ধৰে কাৰণ ৰাতি ১২টাত আকৌ…
একেদৰে ৰাতি পুৱাই থাকে৷ ৰ’দ আহি লাগি ধৰে দুৱাৰৰ গ্লাচত৷ ‘শেষ নিশা মোৰ অসুখ হ’ল’-
অজুহাতে বচাই দিয়ে কেতিয়াবা৷
উমানন্দ স্বাধীনতাৰ নাম হ’ব পাৰে, অপ্সৰা অথবা কামাখ্যা৷ স্বাধীনতা বিচাৰি ফুৰোতেই সেই সময় আহে
ফেয়াৰৱেল তৃতীয় বৰ্ষৰ.. স্বাধীনতাৰ গুণগুণনি এটাহে যেন৷ কাহানিও পৰীক্ষা দি ভাল নোপোৱা মনটোৱে বিচাৰি ফুৰে ছেকেণ্ড চেমিষ্টাৰ৷
কেতিয়া আহিব? যেতিয়া শেষ হ’ব ছেকেণ্ড চেমিষ্টাৰ, তাৰপিছতেই…

দ্বিতীয় বৰ্ষ- হোষ্টেল মানে হুমুনিয়াহ!

স্বাধীন সময়ৰ দাম নাই৷ স্বাধীনতাৰ আগত সংগ্ৰাম থাকে পিছত আৰাম…
এতিয়া আৰামৰ বিশাল দুনীয়া এখনত এলেহুৱা প্ৰাণী একোটাহে হৈ পৰিছো৷ ৰাতিপুৱাই এলাৰ্ম বাজে, ৰ’দ আহি জোৰকৈয়ে কোঠাত সোমায় ৷ ক্ৰমে জৰাজীৰ্ণ হ’ব ধৰা ফৰ্মেল পোচাক জোৰেৰে পৰ্দা এখন সাজি দিওঁ ৰ’দক নাহিবি সোমায়৷ প্ৰায়ে
নিশা বহু পলম হয়
খুব তিতো মাতাল বৰষুণত৷ ৰাতিপুৱায় মানে
১১:১০, তিনিটা ক্লাছ যায়েই৷ বাকীৰ দোকানত আৰু আধাঘণ্টা
শেষৰ ক্লাছটোত পিছৰ বেঞ্চত বহি, প্ৰেজেণ্ট ছাৰ! দিনবোৰ কি হ’ল
স্বাধীনতাৰ নামত এলাহৰ পুৰণি পোছাক৷ চলি থাকে
একেই কলেজ উইক্, ইলেকচন আৰু প্ৰতিবাদ৷
-‘তোমাক ক্লাছত নেদেখো, টিভিত দেখোহে’
-ছ’ৰী ছাৰ!অনুশীলন চলাইছো গণতান্ত্ৰিক অধিকাৰ আৰু সমতাৰ৷

প্ৰথম বৰ্ষত যাক বাইদেউ বুলিছিলো, এতিয়া মাইনা৷
গধূলি আড্ডা, ৰাতি মুভি,
শেষ নিশা কিতাপৰ সৈতে ল’ৰা ধেমালি৷
স্বাধীনতাৰ দাম আছে, মূল্য আছে৷
আমিহে নুবুজিলো কাহানিও৷ ক্লাছ ৰাতিপুৱা ৯ টাত, এতিয়া ৪টাহে বাজিছে, শুই দিয়াই ভাল…

তৃতীয় বৰ্ষ- হোষ্টেল মানেই স্মৃতি!
সমগ্ৰ মায়া মোহ থাৰ্ড ইয়েৰৰ, দায়িত্ব ছেকেণ্ড ইয়েৰৰ৷ দুই বছৰৰ স্মৃতি সামৰি তেওঁলোকে অনুশীলন চলায়
গুচি যোৱাৰ৷ যন্ত্ৰণা, কষ্ট
কিমান বেদনাদায়ক হ’ব পাৰে ৩ বছৰৰ স্মৃতি!
সমগ্ৰ দায়িত্ব ছেকেণ্ড ইয়েৰক বুজাই দি
মাজে মাজে উৰি যায় তেওঁলোক উটি যায় তেওঁলোক৷ শেষ ৰাতি বেডিং বন্ধা দিনলৈকে
সাৰে থাকে হোষ্টেল হোষ্টেল মৰম এটা
বেদনা সামৰি কেতিয়া, কিয় নাজানো- ফৰ্মেল পোছাকেৰে হোষ্টেল সোমোৱা ল’ৰাজন
হাফপেণ্ট এটা পিন্ধি ওলাই যায় ৷ ওলাই যায় যদিও নাযায়৷ দেৱালত গজালেৰে কাটি কাটি লিখি যায়, চুইচ বোৰ্ডত বা বিছনাৰ ষ্টেণ্ডত…
লিখি যায় নিজৰ নামটো৷
কোনোদিনে ভাল নলগা নামটো হঠাৎ ভাল লাগি যায়৷ বিদায় সময়, বিদায়….
হোষ্টেল বিদায়!

উমহু নোৱাৰি…

সকলো সামৰি ব্যস্ত জীৱন এটা পাৰ কৰোতে
বহুজনে কোৱা শুনো
আৰু দেখো বহুজনক
হোষ্টেল বিদায় দি যি আঁতৰি যায়, পাণবজাৰেৰে ইফাল সিফাল কৰোতে কিবা এটাই বৰকৈ খুন্দিয়ায়৷
ব্যস্ত জীৱনৰ মায়া আৰু বাধ্যবাধকতা সামৰি
কেতিয়াবা সোমাই আহে তেওঁলোক…
ৰূম নম্বৰ অমুক, মোৰ ৰূম- উৰি যায়, উটি যায় দূৰলৈ৷
অজস্ৰ স্মৃতি পিয়াসি জঁকা একোটা ঘূৰি থাকে পাণবজাৰত৷ মানুহে কয়, মাতাল
কটনে কয়, পাণবজাৰখন ৰখে এওঁলোকে৷

প্ৰাণৰ হোষ্টেলটোত যেতিয়া যিকোনো গুণগুণণি হয়
সকলো সামৰি তেওঁলোক আহে ওলায়
হোষ্টেল জিন্দাবাদ, হোষ্টেল জিন্দাবাদ
কোনোবাই ক’ব হোষ্টেলে একো নিদিয়ে, উটুৱাই নিয়ে, উৰুৱাই নিয়ে মাথো চিৰাচিৰ কৰি
হাজাৰ হাত আকাশত উঠি বীৰদৰ্পে প্ৰতিবাদ কৰা হ’ব তেতিয়াই-
হোষ্টেলেই মানুহ চিনিব শিকালে
আৰু জীয়াই থাকিব এই অমানুহৰ দেশত…

6 COMMENTS

  1. Val lagil pohi dada… ফৰ্মেল পোছাকেৰে হোষ্টেল সোমোৱা ল’ৰাজন
    হাফপেণ্ট এটা পিন্ধি ওলাই যায় … কি সুন্দৰ লাইন 😍😍😍

  2. পঢ়ি খুবেই ভাল লাগিছে।অম্লান দাৰ লিখনি, হ’বৰে কথা।আতংকৰ মুহুৰ্তবোৰ আমাৰ পৰা কৰণাই আতৰাই পেলালে।আবেগবোৰ জীয়াই আছে।লিখনিটো পঢ়ি এবাৰ চিঞৰিবৰ মন গৈছে– এম এন-ডি পি!

LEAVE A REPLY

Please enter your comment!
Please enter your name here