শেষ কুলিৰ মাত

বিজয় শংকৰ বৰ্মন

শেষ কুলিৰ মাত

দেউতাৰ দাঁতৰ বিষ
ৰ’ব পৰা নাই
আমি মহানগৰত
গাঁৱৰ ঘৰত থকা দেউতাৰ কাষলৈ
যাব পৰা নাই

এইবছৰলৈ আৰু হয়তো
কুলিয়ে নামাতিব

যোৱাবেলি মই গছা দিয়া
দ’ৰ পথাৰত
এইবাৰো ৰোৱা উঠিছে
সামৰ মাৰা ভূঁইতলিৰ দাঁতিৰ
হোলাৰ মকুৱাবোৰ
ভৰিয়ে ঠেলা পানীত হেন্দোলি আছে

মকুৱাফুলবোৰ বৰ ধুনীয়া
পাহি ছিঙি পাতল ছালৰ গুটি
—বৰ সোৱাদ

অহাবেলি ব’হাগত
শেলুক হৈ সীৰলুত উঠিব

খোৱাৰত পৰা আমাৰ উদঙীয়া মনবোৰ
কোনে মোকলাই নিব?
কিমান দিনলৈকে ৰাখিব খোৱাৰত?

খ্যাতিৰ পোহৰে বাট দেখুৱাব?
নে
জোনাকী পৰুৱাৰ দৰে
জিৰণি ল’ব জুৰ পোহৰত?

পথাৰখন পাৰ হৈ পাহাৰটো
টিং পোৱাৰ পাছতো যেন
হাওলি
চাব লগা নহয় তোমালোকক

এইবছৰলৈ আৰু হয়তো
কুলিয়ে নামাতিব
নামনিৰ নৈখন পাৰ হৈ বাঁহনি
বাঁহৰ ছোপবোৰৰ চেঁচুকত
শুকান বৌখা-ঢকুনাই ঢকা
হাফলুবোৰ দেখি
ৰৈ যাবা নেকি আকউ

শেষৰটো কুলিৰ মাতত

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here