হামি

অংকুৰ ৰঞ্জন ফুকন

হামি

এখন কলাসুষম চিনেমা।
চিনেমা চাওঁতে চাওঁতে সহদৰ্শকৰ হামিৰ সৈতে অন্তৰংগতা গঢ়ি উঠিছে আৰু প্ৰজেক্টৰৰ সমুখৰ আটাইতকৈ চিত্ৰৰসিক ধূলি-কীটৰ সৈতে অলপ সংঘাত। বিৰক্তিয়েই ভাল চিনেমাৰ প্ৰাপ্তি নেকি? সহদৰ্শকৰ হামিৰ সৈতে ইমানেই একাত্ম হৈ পৰিছোঁ যে আটাইতকৈ সোপোকা হামিটো দেখি মোৰো হামিয়াও যেন লাগিছে। হামিৰ সৈতে হঠাৎ টোপনিৰ বিচ্ছেদ ঘটিছে। শোকোতা তিয়াই খুঁদ চাউলৰ মগজু যে তিতা কৰিছোঁ , সেই মগজুৱে এই তাৎক্ষণিক বিচ্ছেদৰ ৰসাস্বাদন কৰিবলৈ অক্ষম।

শৰীৰৰ ভাল মেৰামতি হেনো টোপনিতহে সম্ভৱ। চিৰ-টোপনিত? টোপনি কি এটা গেৰেজ? টোপনি দেখনিয়াৰ হয় ভাগৰত। কিমান দেখনিয়াৰ সেয়া টোপনিয়ে নিজেই নেদেখে। তুমি দেখানে তোমাৰ টোপনিৰ মুখখন? মায়া সভ্যতাৰ এটুকুৰা হাড়ৰ আঁচোৰ, পাতাল পৃথিৱীৰ ঘোঁৰাৰ দৌৰ, বাটৰুৱাৰ পেচাৱত প্ৰাণ পোৱা চেগুণ। সপোনেই নিজৰ শ্ৰেষ্ঠ চিনেমাখন।হামি তাৰ পূৰ্ব-তনন।

এলিয়েনৰ লগত আধাহেজাৰ কথা পাতি বাৰ্মুদাৰ টোপনি ধৰিছে। ওজন বাঢ়িছে, সেয়ে আলস্য আৰু তাৰ পাছত টোপনি। পৃথিৱীৰ আটাইতকৈ শকত ক্ৰিকেটাৰজনৰ কেছটো অলপ মনত আছে। টোপনিৰ ক’ৰবাত কোনেও গম নোপোৱাকৈ জাহাজকেইখনৰ হয়তো মেৰামতি চলি আছে অৱশ্যে কেতুৰীৰ বেপাৰীয়ে জানিবও পাৰে সেই হেৰোৱা জাহাজৰ খবৰ।

জীৱনকালত প্ৰত্যেকেই চাগৈ এবাৰ হ’লেও সপোনত দেখে নিজৰ শৱদেহ। শৱদেহে সপোন দেখেনে? নে সপোন তেতিয়ালৈকেহে দেখে যেতিয়ালৈকে সাৰ পোৱাৰ সম্ভাৱনা থাকে।

চিত্ৰৰসিক ধূলি-কীট আৰু হামিয়াই ভাল পোৱা সহদৰ্শকৰ গৰিষ্ঠসংখ্যকৰ মতে সপোন নিজে চোৱা শ্ৰেষ্ঠ চিনেমাখন হ’ব নোৱাৰে।ময়ো আকোৰগোঁজ।

যিমান দীঘল হ’লেও আটাইতকৈ ভাল চিনেমাখন চাবলৈ মোৰ টোপনি আহক।

7 COMMENTS

  1. ভাল পালোঁ ফুকন! ‘শেঙুন’ ৰ পিছত ভালপোৱা দ্বিতীয়টো কবিতা হয়তো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here