ৰীতি-নীতি

হেলোৱীন (Halloween)

পৃথিৱীৰ বিভিন্ন দেশত ৩১ অক্টোবৰৰ দিনটোত হেলোৱীন উদযাপন কৰা হয়। এই উৎসৱৰ কথা আমি চিনেমা আদিৰ মাধ্যমেৰে শুনিছোঁ যদিও, ইয়াৰ উদ্দেশ্য আৰু পৰম্পৰাৰ বিষয়ে আমি বৰ বেছি জ্ঞাত নহয়। প্ৰকৃততে হেলোৱীনৰ মূল উদ্দেশ্য হৈছে মৃতক আৰু সৎ অশৰীৰী আত্মবোৰক স্মৰণ কৰা। হেলোৱীনৰ ইতিহাস প্ৰায় ২০০০ বছৰ পুৰণি। বৰ্তমানৰ আয়াৰলেণ্ড, ইউনাইটেড কিংদম আৰু উত্তৰ ফ্ৰান্সত তেতিয়া ‘চেল্ট’ নামৰ এটি জাতিয়ে বাস কৰিছিল। তেওঁলোকে পহিলা নৱেম্বৰত নৱবৰ্ষ উদযাপন কৰিছিল। তাৰ বাবে ৩১ অক্টোবৰৰ দিনা, অৰ্থাৎ নৱবৰ্ষৰ আগৰাতি এক উৎসৱ পাতিছিল। সেই উৎসৱেই কালক্ৰমত হেলোৱীন হৈ পৰিল। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত হেলোৱীনে উনবিংশ শতিকাতহে ৰাষ্ট্ৰীয় উৎসৱৰূপে স্বীকৃতি পায়। পৰৱৰ্তী সময়ত বিভিন্ন সামগ্ৰী, চিহ্ন, ৰীতি-পৰম্পৰা হেলোৱীনৰ সৈতে সংলগ্ন হৈ পৰে।

চিহ্নসমূহৰ ভিতৰত আটাইতকৈ প্ৰচলিত হ’ল জেক অ’ লেণ্টাৰ্ণ (Jack o Lantern) । এটি ৰঙালাও বা চালগোমৰ ভিতৰৰ মঙহখিনি আঁতৰাই বাকলিটোত এখন ভয়ানক বা হাস্যকৰ মুখা খোদিত কৰা হয়। ভিতৰত এডাল মমবাটি বা চাকি জ্বলাই দিয়া হয় যাৰ ফলত সেইটো অন্ধকাৰত জিলিকি উঠে। হেলোৱীনৰ দিনাখন এনেধৰণৰ লেণ্টাৰ্ণ ঘৰৰ পদূলিত সজাই থোৱা হয়।

‘ট্ৰিক অৰ ট্ৰিটিং’ (Trick or treating) হেলোৱীনৰ সৈতে জড়িত আন এক জনপ্ৰিয় পৰম্পৰা। ইয়াত সৰু ল’ৰা ছোৱালীবোৰে বিভিন্ন কাপোৰ পিন্ধি ঘৰে ঘৰে চকলেট বা পইচা বিচাৰি যায়। তেওঁলোকে বিচৰা বস্তু নিদিলে সেই ঘৰখনত কিবা দুষ্টামি কৰিব বুলি ভাবুকি দিয়ে। হেলোৱীনত শিশুসকলৰ মনোৰঞ্জন আৰু আনন্দৰ বাবে এই পৰম্পৰা বৰ বিশেষ।

হেলোৱীনৰ সৈতে সংগতি থকা আন এক বহুল প্ৰচলিত পৰম্পৰা হৈছে ‘কষ্টিউম পাৰ্টি’ (Costume Party)। এই পাৰ্টিত অংশগ্ৰহণকাৰীসকলে ভয়লগা আৰু বিচিত্ৰ কাপোৰ পৰিধান কৰে। বিশেষকৈ ভূত প্ৰেত, জঁকা, ভেম্পায়াৰ ইত্যাদি কাল্পনিক চৰিত্ৰবোৰৰ নিচিনাকৈ এই কাপোৰবোৰ তৈয়াৰ কৰা হয়। অৱশ্যে আজিকালি বিভিন্ন থীম লৈও কষ্টিউম পাৰ্টি অনুষ্ঠিত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here