গোপীনাথ বৰদলৈ 2 নং তিনিমহলীয়া ছাত্রাৱাস

ৰাকেশ হালৈ

 

বিশ্ববিদ্যালয় বুলি ক’লে বহুতো আবেগ , বহুখিনি স্মৃতি জড়িত হৈ থাকে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মনত। এই আবেগ সমূহৰ অন্যতম অংশ এটা হৈছে হোষ্টেল । হোষ্টেলে শিকায় , হোষ্টেলে দিয়ে শিক্ষা জীৱনৰ অন্য এক অভিজ্ঞতা। প্ৰতিখন শিক্ষানুষ্ঠানৰে হোষ্টেল সমূহৰ আছে এক নিজা চিনাকি অথবা ঐতিহ্য । ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় বুলি কলেই প্ৰতিজন শিক্ষাৰ্থীৰ বুকুত এক আবেগ আছে , এই আবেগ সমূহৰ অন্যতম এটা আবেগ হৈছে হোষ্টেলীয়া আবেগ ।

২০১৮ চনৰ ৩১ জুলাই মাজ নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ merit list ত নিজৰ নামটো দেখি বিশ্ববিদ্যালয়ত পঢ়াৰ হেঁপাহক হাততে পাইছিলোঁ। ২০১৮ চনৰ ৫ আগষ্ট আছিল হোষ্টেলীয়া জীৱনৰ প্ৰথমটো দিন । মনত এটা ইচ্ছা আছিল গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িব সুবিধা পালে বিশ্ববিদ্যালয়ৰ আটাইতকৈ ডাঙৰ ঐতিহ্যমণ্ডিত গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্রাৱাস অৰ্থাৎ চমুকৈ RCC -2 boy’s hall থাকিম । যাৰ আছে গৰিমামণ্ডিত উজ্জ্বল ইতিহাস । শৈক্ষিক ,সাংস্কৃতিক ৰাজনৈতিক সকলো দিশতেই আনতকৈ এখোজ আগত থাকি সন্মুখৰ পৰা নেতৃত্ব লোৱা উদাহৰণ পাওঁ । সেয়েহে এইবোৰ বিশেষ কাৰণত নিজকে হোষ্টেলৰ আৱাসী হোৱাৰ দুৰ্বাৰ হেঁপাহ মনত পুহি ৰাখিছিলোঁ । ১৯৫৫ ইং চনত স্থাপন হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্রাৱাসৰ বৰ্তমান আৰু ইতিহাস বিশ্ববিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীয়ে জানে ।

গোপীনাথ বৰদলৈ 2 নং তিনিমহলীয়া ছাত্রাৱাস

স্বাধীনতাৰ লগে লগে উত্তৰ -পূব ভাৰতত আন্দোলন হৈছিল জ্ঞানৰ, আন্দোলন হৈছিল শিক্ষাৰ । ইয়াৰে ফলস্বৰূপে ১৯৪৮ চনত লুইতৰ পাৰত জ্ঞানৰ দীপালিৰে জগত জিনিবলৈ স্থাপন হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় । অজ্ঞান চাকনৈয়া এফলীয়া কৰি জ্ঞানৰ দীপালিৰে জিলিকি উঠিছিল গুৱাহাটী বিশ্ববিদ্যালয়। লগে লগে উত্তৰ-পূব ভাৰতত সূচনা হৈছিল এক নতুন অধ্যায়ৰ , গঢ় লব ধৰিছিল সোণোৱালী ইতিহাসৰ । সত্তৰটা বসন্তত শিক্ষা আৰু জ্ঞানৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে বাট আগুৱাইছে বিশ্ববিদ্যালয়খনে।

হোষ্টেলীয়া দিনৰ কথা -জীৱনত প্ৰথমবাৰ হোষ্টেলত থকা কথা । প্ৰথম বাৰ “PAHU” হোৱাৰ কথা ! “PAHU” শব্দৰ বিশেষ অৰ্থটো হোষ্টেলাৰে জানে । PAHU হৈ নবাগত আদৰণি সভা, প্ৰথমটো নিৰ্বাচন , varsity week ৰ প্ৰস্তুতি , অনিচ্ছাস্বত্তেও সাতমাইল হৈ AEC ৰ মাজেৰে আকৌ জালুকবাৰীলৈ মাৰাথান দৌৰ । ইয়াৰ পিছতেই বঁটা বিতৰণী সভা । জালুকবাৰী নিবাসীয়ে জানে varsity week ৰ বঁটা বিতৰণী সভাৰ উত্তাল উন্মাদনা । মঞ্চৰ পৰা নামিবলৈ আহৰি নাই আমাৰ । ইয়াৰ পিছতেই সৰস্বতী পূজাত অঘোষিত প্ৰতিযোগিতাৰ চমক । সপ্তাহজোৰা উজাগৰী আয়োজন । শেষত আন্তঃ আবাস নিৱাস ভলীবল প্ৰতিযোগীতা । ইয়াৰ পিছতেই PAHU বোৰ ৰজা হয় । চেনিপুলত বহাৰ অনুমতি । “মাইনা” বুলি খবৰ সুধাৰ অনুমতি লাভ । এক অন্য সাফল্য ,অন্য প্ৰাপ্তি । বছৰজোৰা অপেক্ষাৰ অন্তত ।

যেতিয়া PAHU বোৰ ৰজা হয় , তেতিয়াই আন একাংশই PAHU হৈ হোষ্টেললৈ আহে । এই সময়ত ৰজা বোৰৰ বহুত দায়িত্ব ! কেনেকৈ হোষ্টেল আগবঢ়াই নিব ! কেনেকৈ নিৰ্বাচন খেলিব ! আগৰ দৰেই varsity weekত পুৰস্কাৰ পাব লাগিব । আৰু এইবোৰ PAHU সকলক বুজাবলৈ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয় ৰাতি ….। বুজা সকলে বুজিব । এনেবোৰ প্ৰাপ্তি-অশান্তি আৰু শেষত সাফল্যৰ মাজতেই গঢ়ি উঠে এৰাব নোৱাৰা বন্ধুত্ব , ভাতৃত্ব । ছিঙিব নোৱাৰা এডাল এনাজৰী । হাজাৰটা পাহৰিব নোৱাৰা স্মৃতি ,আৰু বহু নতুন অভিজ্ঞতা ।

কলেজীয়া দিনৰ পৰাই এক বিশেষ দুৰ্বলতা আছিল গোপীনাথ বৰদলৈ ছাত্রাৱাস অৰ্থাৎ RCC-2 boys ৰ আবাসী হোৱা । অসমৰ সামাজিক ,ৰাজনৈতিক -সাংস্কৃতিক দিশত ভিন্ন ক্ষেত্ৰতেই আমাৰ প্ৰাক্তন আবাসীয়ে নিজৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে । অনৈক্যৰ মাজত ঐক্য এই কথাষাৰ মোক বেছিকৈ উপলব্ধি কৰালে RCC-2 boys হোষ্টেলে । বিশ্ববদ্যালয়ত চাগে একমাত্ৰ এখনেই এনেকুৱা হোষ্টেল আছে যত ভিন্ন আদৰ্শৰ ছাত্ৰ সংগঠনে একেলগে থাকি একেখন মঞ্চ RCC2 হিচাপে নিৰ্বাচন খেলি নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াই আৰু কোনো ধৰণৰ সংঘাতে এই সমন্বয় ব্যাঘাত কৰিব নোৱাৰে । এয়াই আমাৰ আদৰ্শ । এনে বহু উদাহৰণ আছে যাৰ বাবে নিজেই সুখী অনুভৱ কৰোঁ । জালুকবাৰীলৈ আহিলে শুনিব আমাৰ কথা – বিশ্ববিদ্যালয়ৰ প্রিয় শব্দ “মাইনা”ৰ পৰা নিৰ্বাচনী শ্লো-গান। নবাগত আদৰণি সভাৰ পৰা সামূহিক PAHU নৃত্যৰ পৰা GU মেইন ফিল্ডত উত্তেজনাপূৰ্ণ খেলখনত চিঞৰি চিঞৰি নিজৰ হোষ্টেলক সমৰ্থন কৰালৈ । সকলো হোষ্টেলীয়া ডায়েৰীত স্পষ্টভাৱে লিপিবদ্ধ আছে আৰু সদায় থাকিব ।এনেদৰে হাজাৰ অভিজ্ঞতা ,হাজাৰ প্ৰত্যাহ্বান তাৰ মাজতেই নিজক প্ৰতিষ্ঠা কৰাৰ যুঁজখনে আৰু অধিক ৰোমাঞ্চকৰ কৰি তোলে হোষ্টেলীয়া জীৱন ।

“আপোন জালুকবাৰীয়ে জানে আমাৰ কথা” আগত আছে , সদায়ে আগত থাকক মোৰ নিজৰ পৰিচয় , নিজৰ স্বাভিমান গোপীনাথ বৰদলৈ ছাত্রাৱাস ।
RCC-2 UP UP….

8 COMMENTS

  1. বহুত ধুনীয়া লিখিছে ৰাকেশ দা। পঢ়ি খুবেই ভাল লাগিল। আপোনাক সদায় সন্মান কৰিছিলোঁ আৰু আপোনাকলৈ প্ৰায় গৌৰৱ অনুভৱ কৰিছিলোঁ আৰু আজিও কৰোঁ। আপোনাৰ এই অনুভৱ, এই সফলতা আৰু বিশ্ববিদ্যালয়ত আপোনাৰ জনপ্ৰিয়তা দেখি খুবেই আনন্দিত।

  2. সুন্দৰ! গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্রাবাস আমাৰ বাবে কেৱল মাথো আৱাস নহয়,ই আমাৰ আবেগ | গুৱাহাটী বিশ্ববিদ্যালয়ৰ “উৱাই হাউচ” |

  3. প্ৰতিটো শব্দৰ সৈতে একোটা দৃশ্য দৃশ্যপটতত তোমাৰ ছবিখনৰ সৈতে আহি গ’ল বন্ধু।

  4. Tumr likhoni porhi thoka obostat amr dinor (PAHU) sobi bur sokur agot vahi uthisil. RCC2 amar abeg.

    Monot ase ne prothom nikha jalukbarir saah kap.
    Aguwai jua. Rakesh tumi aguwai jua

LEAVE A REPLY

Please enter your comment!
Please enter your name here