গৱেষণাৰ বাট: গান্ধী টু হিটলাৰ

কৌশিক তালুকদাৰ

ভাৰতৰ মহাত্মা গান্ধী বিশ্বৰ শান্তিপ্ৰিয় আৰু মানৱ জাতিৰ বাবে এক বন্দিত সত্তা । গান্ধীয়ে সত্য আৰু অহিংসাৰে মানৱ জাতিৰ কল্যাণৰ বাবে কিদৰে কাম কৰিব পাৰি তাৰ নিদৰ্শন দাঙি ধৰিছিল । বিশ্বৰ বিভিন্ন গণতান্ত্ৰিক আৰু শান্তিপ্ৰিয় নেতাক সংগ্ৰাম কৰি যাবলৈ গান্ধীয়ে অফুৰন্ত শক্তি জগাই আহিছে । আনহাতে জাৰ্মানীৰ এডল্ফ হিটলাৰ বিশ্ববাসীৰ বাবে এক ঘৃণিত নাম । হিটলাৰে জাৰ্মানীত ফেচিবাদী শাসন প্ৰতিষ্ঠা কৰি লাখ লাখ নিৰীহ ইহুদীক নিধন কৰিছিল, জাৰ্মানীত গণতন্ত্ৰ আৰু মানৱতাক ভূ-লুণ্ঠিত কৰিছিল । সি যি কি নহওক, কুৰি শতিকাত এই দুয়োগৰাকী ভিন্ন ব্যক্তিত্বসম্পন্ন ব্যক্তিয়ে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰি গৈছে । এগৰাকীয়ে সোণালী আখৰেৰে আৰু আনগৰাকীয়ে ক’লা আখৰেৰে । আমি গান্ধীৰ ভাৰতৰ পৰা আহি জাৰ্মানীত যোৱা এবছৰ ধৰি গৱেষণা কৰি আছো । তাত্ত্বিক ৰসায়ন বিজ্ঞান বিষয়ত । আই আই টি বোম্বেত মই PhD গৱেষণা সমাপ্ত কৰি উচ্চ গৱেষণাৰ বাবে জাৰ্মানীলৈ আহিছোঁ ।

আজিৰ জাৰ্মানী অৱশ্যে হিটলাৰৰ জাৰ্মানী হৈ থকা নাই । হিটলাৰৰ শাসনে জাৰ্মানীক যি ভয়ংকৰ পৰিস্থিতিলৈ লৈ গৈছিল সেই কথা সুঁৱৰি হিটলাৰৰ পতনৰ পাছত জাৰ্মানসকল প্ৰতিশ্ৰুতিবদ্ধ হৈছিল যে তেওঁলোক কেতিয়াও হিটলাৰৰ পথেৰে আগনাবাঢ়ে । ইয়াৰ নতুন প্ৰজন্মৰ বাবে হিটলাৰ এক ঘৃণনীয় ব্যক্তি । হিটলাৰৰ কথা সুধিলেই প্ৰায়ভাগ জাৰ্মানে ঘৃণাত নাক কোচাই দিয়ে । (অৱশ্যে দুই-চাৰিজন হিংসাপ্ৰিয় সোঁপন্থীয়ে হিটলাৰক আজিও পূজা কৰে ।) আমাৰ দেশ ভাৰতো বোধহয় আজি আৰু গান্ধীৰ দেশ হৈ থকা নাই ! গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছে আজি ভাৰতত হিন্দুত্ববাদীৰ দ্বাৰা বন্দিত হ’বলৈ ধৰিছে । সোঁপন্থী শাসকীয় বাহিনীয়ে এওঁলোকক প্ৰশ্ৰয় দিছে । হিটলাৰক বিসৰ্জন দি জাৰ্মানীয়ে দেশত গণতন্ত্ৰ আৰু মানৱতা প্ৰতিষ্ঠা কৰিলে, হিটলাৰে নিঃশেষ কৰি যোৱা জাৰ্মান অৰ্থনীতিৰ পুনৰুদ্ধাৰ কৰি আজি সমগ্ৰ বিশ্বৰ ভিতৰতে এক উল্লেখযোগ্য শক্তি হিচাপে জাৰ্মানী চিহ্নিত হৈছে । আনহাতে, ভাৰতে গান্ধী-নেহৰুক বিসৰ্জন দিবলৈ গৈ উন্নয়নশীল দেশৰপৰা অনুন্নত দেশ হোৱাৰ উপক্ৰম হৈছে । প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে ই উদ্বিগ্নতাৰ কাৰণ হোৱা উচিত আছিল, কিন্তু নহ’ল । ভাৰতৰ বেছিভাগ লোক এতিয়া ধৰ্মীয় সাম্প্ৰদায়িকতাত মত্ত হৈ আছে । এইবোৰ গুৰু-গম্ভীৰ কথা ইমানতে সামৰি মই কাম কৰি থকা বিশ্ববিদ্যালয়খনৰ কথা কোৱাটো যুগুত হ’ব ।

মই যিখন বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছো তাৰ নাম ফিলিপিছ বিশ্ববিদ্যালয় । এই বিশ্ববিদ্যালয়খন আছে জাৰ্মানীৰ হেছে ৰাজ্যৰ মাৰবুৰ্গ নামৰ এখন সৰু চহৰত । মাৰবুৰ্গ আচলতে এখন সৰু ইউনিভাৰ্চিটি টাউন । পাহাৰ আৰু বনাঞ্চলেৰে ভৰা এই চহৰ । মাৰবুৰ্গৰ কাষেৰে লেন (Lahn) নামৰ সৰু নৈ এখন বৈ গৈছে । নৈখন বোধহয় আমাৰ গুৱাহাটীৰ ভৰলুনৈৰ সমান ডাঙৰ হ’ব । অৱশ্যে ই ভৰলুতকৈ হাজাৰগুণ বেছি পৰিষ্কাৰ । লেন নদীত নৌকা-বিহাৰ কৰা হয় । নৈখনৰ দুয়োপাৰে সৰুকৈ দুটা পকী ৰাস্তা আছে, চহৰখনৰ মানুহবোৰে প্ৰাতঃভ্ৰমন বা সন্ধ্যাভ্ৰমণ কৰাৰ বাবে । ডেকা-বুঢ়া সকলোৱে চাইকেল চলাই ঘূৰি ফুৰে নৈৰ কাষৰ এই পথেৰে । জাৰ্মানীত বোধহয় প্ৰতিখন নদীৰ দুইপাৰে চাইকেল চলাই যাব পৰা এনেকুৱা সৰু পকী ৰাস্তা আছে । আনকি পাহাৰ বা জংঘলৰ মাজতো এনেকুৱা সুৰসুৰীয়া পকী ৰাস্তা আছে । পাহাৰীয়া ৰাস্তাত চাইকেল চলাই ‘ট্ৰেকিং’ কৰা দেখিলে আমি তবধ মানি যাওঁ । এতিয়া পুনৰ বিশ্ববিদ্যালয়খনৰ প্ৰসংগলৈ ঘূৰি আহিছোঁ । ১৫২৭ খ্ৰীষ্টাব্দতে বিশ্ববিদ্যালয়খন স্থাপিত হৈছিল । তেতিয়া অৱশ্যে ই এখন প্ৰ’টেষ্টান্ত (Protestant) শিক্ষানুষ্ঠানহে আছিল য’ত ঘাইকৈ খ্ৰীষ্টান ধৰ্মীয় শিক্ষা দিয়া হৈছিল । পিছলৈ ইয়াত আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষাব্যৱস্থা আৰম্ভ হয় । ই বিশ্বৰ ‘oldest Protestant university still in existence’ । বৰ্তমান ইয়াত ১৬টা বিভাগ আৰু প্ৰায় ২৫,০০০ ছাত্ৰ-ছাত্ৰী আছে । চিকিৎসা বিজ্ঞান, ৰসায়ন আৰু পদাৰ্থ বিজ্ঞানত ন’বেল বিজয়ী কেইবাগৰাকী বিজ্ঞানী এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী নতুবা শিক্ষক আছিল । কোৱা বাহুল্য যে হিটলাৰৰ নাজী শাসনত (১৯৩৩-১৯৪৫) জাৰ্মানীৰ উচ্চ শিক্ষানুষ্ঠান, স্বাধীন চিন্তাৰ নাগৰিক, লেখক, বুদ্ধিজীৱী, সাংবাদিক ইত্যাদিৰ ওপৰত ধাৰাসাৰ আক্ৰমণ নমাই অনা হৈছিল । হিটলাৰৰ অমানৱীয় আৰু অগণতান্ত্রিক কাৰ্য-কলাপৰ বিৰোধিতা-সমালোচনা কৰা শিক্ষক-ছাত্ৰক বিভিন্ন ধৰণে নিৰ্যাতন কৰা হৈছিল । ফিলিপিছ বিশ্ববিদ্যালয়তো নাজী বাহিনীয়ে আক্ৰমণ কৰিছিল, বিশ্ববিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া ব্যাহত হৈছিল । ইহুদী লোকৰ পি এইচ ডি thesisক অবৈধ বুলি ঘোষণা কৰা হৈছিল । ১৯৩৩ চনত ২০ গৰাকী অধ্যাপকক ফিলিপছ বিশ্ববিদ্যালয়ৰ পৰা নাজীবাহিনীয়ে বহিষ্কাৰ কৰিছিল । এই বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষকে নাজী অত্যাচাৰৰ বাবে আনকি প্ৰাণ দিবলগীয়াও হৈছিল । জাৰ্মানীবাসীয়ে নাজী শাসনৰ সেই ক’লা অধ্যায় আজিও মনত পেলাব নোখোজে । প্ৰসংগক্ৰমে উল্লেখ্য যে কেইমাহমান আগত ভাৰতত CAA-NRCৰ বিৰুদ্ধে আন্দোলন চলি থাকোঁতে আই আই টি মাদ্ৰাজত অধ্যয়নৰত এগৰাকী জাৰ্মান ছাত্ৰই আই আই টি চৌহদত অনুষ্ঠিত কা-বিৰোধী সমদল এটাত ভাগ লৈছিল, হাতত লোৱা প্লে’কাৰ্ডখনত ডাঙৰ ডাঙৰ আখৰেৰে লিখি জাৰ্মান ছাত্ৰজনে ভাৰতীয়সকলক ক’ব খুজিছিল-“১৯৩৩-১৯৪৫ কালছোৱাত আমি যি ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আহিছো আপোনালোক সেই একে দিশলৈ গতি নকৰিব, ফেচিবাদৰ তীব্ৰ বিৰোধিতা কৰক ।” প্ৰতিবাদী সমদলত যোগ দিয়া বাবে সেই ছাত্ৰজনক আমাৰ চৰকাৰে ভাৰত এৰিবলৈ বাধ্য কৰাইছিল ।

জাৰ্মানীৰ শিক্ষা ব্যৱস্থা অত্যাধুনিক আৰু বিজ্ঞানসন্মত । আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াত শিক্ষাগ্ৰহণ প্ৰক্ৰিয়া ভাৰতৰ দৰে ব্যয়বহুল নহয় । বেছিভাগ চৰকাৰী বিশ্ববিদ্যালয়তে মাচুল শূণ্য বা তেনেই কম । চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ অৱস্থা অতি উন্নত, চৰকাৰে শিক্ষাৰ বাবে বহুত ধন খৰছ কৰে । মই এবছৰীয়া অভিজ্ঞতাৰে পতিয়ন গৈছোঁ যে জাৰ্মানীৰ স্নাতকোত্তৰ ছাত্ৰ এজনৰ কোনো বিষয় সম্পৰ্কে (বিশেষকৈ বিজ্ঞানৰ বিষয়বোৰৰ) তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান ভাৰতীয় স্নাতকোত্তৰ ছাত্ৰ এজনতকৈ বহু উচ্চ পৰ্যায়ৰ ! বিষয়ভেদে ব্যতিক্ৰম নিশ্চয় থাকিব । ইয়াৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰধানতঃ জিজ্ঞাসা আৰু সত্যানুসন্ধানৰ বাবে গৱেষণা কৰে, কৰিব লাগে বাবে বা নামৰ আগত ‘ডঃ’টো লিখাৰ হেঁপাহতহে PhD নকৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here