গীত,চলচ্চিত্ৰ আৰু মাজুলী তথা অসমৰ পৰ্যটন

স্পেনিচ টুৰিজিম প্ৰম’চন এজেঞ্চিৰ সহ- প্ৰজোজনাত ২০১১ বৰ্ষত বলিউদত মুক্তি পাইছিল স্পেইনৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰ “জিন্দেগী না মিলেগী দোবাৰা”।বাণিজ্য সফল এই ছবিখনে মুক্তিৰ পাছতে জনপ্ৰিয় হৈ উঠিছিল আৰু সকলোৰে প্ৰিয় বোলছবি হিচাপে আজিও এই ছবিখনে গুৰুত্ত্ব লাভ কৰি আছে।এই ছবিখনৰ এটা প্ৰধান দিশ হৈছে,ছবিখন মুক্তিৰ পাছতে স্পেইনলৈ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ পৰ্যটক হিচাপে সোঁত বৈছিল।এক দীৰ্ঘম্যাদী লক্ষ্য আগত ৰাখি স্পেইনৰ পৰ্যটন উদ্যোগটোক চলচ্চিত্ৰখনত ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ সুফল স্পেইনে হাতে হাতে পাইছে।মনোৰঞ্জনক্ষেত্ৰৰ সু-পৰিকল্পিত ব্যৱহাৰে পৰ্যটন উদ্যোগৰ উন্নয়নত সহায়ক হয়।ভাৰতৰো ৰাজস্থান,হিমাচল প্ৰদেশ,হায়দৰাবাদ ইত্যাদি ঠাইৰ চলচ্চিত্ৰত দৃষ্টিনন্দন উপস্থাপন দেখিয়ে পৰ্যটক যাব খোজে।একেদৰে “য়ে জৱানী হ্যে দিৱানী” নামৰ চলচ্চিত্ৰখনত মানালীৰ আটকধূনীয়া উপস্থাপনে আজিও প্ৰতিজন দৰ্শককে এবাৰ মানালীলৈ যাবলৈ উদগনি যোগায়।
অসমৰ ক্ষেত্ৰত মনোৰঞ্জন জগতে পৰ্যটনক্ষেত্ৰত বৰ বিশেষ ভূমিকা পালন কৰিব পৰা নাই।অসমৰ দুটামান প্ৰাকৃতিক সম্পদ আৰু বিহুৰ বাদে অসমৰ পৰ্যটন ক্ষেত্ৰ সমূহৰ কথা মানুহে গমেই নাপায়।মানুহৰ মাজলৈ অসম পৰ্যটনৰ প্ৰকৃত তথ্য লৈ যাবলৈ পৰ্যটন বিভাগে কোনো ফলপ্ৰসু ব্যৱস্থাও হাতত লোৱা দেখা পোৱা নাযায়।কোটি টকাৰ বিনিময়ত বলিউদ তাৰকা প্ৰিয়ংকা চোপ্ৰাক কাজিৰঙালৈ আনি ৰিহা-মেখেলা পিন্ধাই হাতীৰ পিঠিত তুলি পৰ্যটকক আকৰ্ষন কৰিবলৈ লগাইয়ো অসম পৰ্যটন বিভাগে বিশেষ লাভ অৰ্জন কৰিব নোৱাৰিলে।আমো হেৰাল,ফৰ্মূটিও হেৰাল।বোধহয় ব্ৰেণ্ড এম্বেচাদৰৰ ম্যাদ উকলিল আৰু বলিউদ তাৰকাইয়ো অসমৰ নামেই নোলোৱা হ’ল।পৰিবহন-যোগাযোগৰ একেই তথৈবছ ব্যৱস্থা।আনহে নালাগে অসমৰ পৰ্যটন ক্ষেত্ৰ সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰটো কোনো অত্যাধুনিক ব্যৱস্থা নাই।ইণ্টাৰনেটতো অসম পৰ্যটনৰ কোনো তথ্য-সমৃদ্ধ বিৱৰণ নাই।তথাপি বাট-কুৰি বাই দুখে-সুখে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটক অসমলৈ আহে।অৰ্থাৎ অসমৰ সম্পদ বিশ্ববাসীক আকৰ্ষন কৰিব পৰাকৈ এতিয়াও প্ৰাচুৰ্য্যশালী।অলপতে নদীদ্বীপ মাজুলীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সমীক্ষাত সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।মহিলা পৰ্যটকৰ বাবে দেশৰ ভিতৰতে অন্যতম সুৰক্ষিত পৰ্যটন থলী মাজুলী।বৰ্তমান সময়ৰ বিশ্বৰ প্ৰেক্ষাপটত এখন ঠাইৰ গুৰুত্ব বুজিবলৈ “সুৰক্ষিত মহিলা পৰ্যটক” এক ডাঙৰ সূচক।এই সূচকে ঠাইখনৰ সামাজিক মনঃস্তত্ব,নাৰীৰ প্ৰস্থিতি,গুণগত শিক্ষা,আদি দিশৰ ইতিবাচকতাখিনি আঙুলিয়াই দিয়ে।সেয়েহে অতি নিম্নমানৰ আন্তঃগাঁঠনিৰ সুবিধাতো বাৰে বাৰে মানুহে মাজুলীলৈ আহিবলৈ মন কৰে।সময় বাগৰাৰ লগে লগে উন্নয়ন তথা বিকাশৰ ধাৰনাও সলনি হৈছে,য’ত সামাজিকভাৱে নাৰী সুৰক্ষিত সেই ঠাইক উন্নত বুলিয়ে ক’ব লাগিব।


বিশ্ব মানচিত্ৰত মাজুলীৰ এক সুকীয়া স্থান নিশ্চিতভাৱেই আছে।অতন্ত্য পিছপৰা সময়তো অৰ্থাৎ যি সময়ত মাজুলীৰ বিদ্যূৎ সেৱা,যোগাযোগ-পৰিবহন,ৰাস্তা-ঘাটৰ অৱস্থা তথৈবচ আছিল তেতিয়াও মাজুলীলৈ বিদেশী পৰ্যটকৰ আগমন ঘটিছিল।সম্প্ৰতি কম-বেচি পৰিমানে সকলোৱে ছছিয়েল মেডিয়া আৰু ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ লৈছে।মাজুলীয়েও ইয়াৰ যোগেদিয়ে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে,লগতে পৰ্যটনৰ ক্ষেত্ৰটো গুৰুত্ব পাইছে।কিন্তু পৰিতাপৰ কথা এয়ে যে পৰ্যটক সকলৰ বাবে নূন্যতম সুবিধাখিনিও চৰকাৰ প্ৰশাসনে যোগান ধৰিব পৰা নাই।আওঁ-পুৰনি ফেৰী-সেৱা,ৰাস্তা-ঘাটৰ অৱস্থাই পৰ্যটক সকলক আহুকালত পেলায়। অসম পৰ্যটন বিভাগে অসমক বিভিন্ন উপায়েৰে প্ৰচাৰ চলাবলৈ চেষ্টা কৰিলেও বৰ বিশেষ সফলতা অৰ্জন কৰিব পৰা নাই।মাজুলীৰ বেলিকাও একেই কথা।সৌ সিদিনালৈকে খোদ অসমৰে কিছু কিছু মানুহে “মাজুলীয়াল ঘৰিয়াল” বুলিয়ে ইতিকিং কৰি মাজুলীৰ প্ৰতি থকা সীমিত ধাৰনাক প্ৰতিফলিত কৰি আছিল।ইয়াৰ মূলতে হৈছে মাজুলীৰ প্ৰকৃত ছবিখনৰ প্ৰচাৰৰ অভাৱ।সত্ৰীয়া কৃষ্টিৰ বৰঘৰ,নদীদ্বীপ আৰু বান-পীড়িত এটা অঞ্চল হিচাপেই অসমৰ মানুহে মাজুলীক গণ্য কৰি আছিল
জুবিন গাৰ্গৰ “মাজুলীত এজনী ছোৱালীয়ে দূখ পালে” শীৰ্ষক গীতটোৱে মাজুলীক অন্য এক ৰূপ দিছিল।এই গীতৰ পম খেদিয়ে অসমৰ মানুহে মাজুলীলৈ আহি এনিশা কটাই যোৱাৰ হাবিয়াস কৰে।মাজুলীৰ দুখ পোৱা ছোৱালীজনীয়ে দৰিয়া ঘাটত কলিজা থেকেছি গোৱা অইনিতমৰ কৰুণ সুৰে সকলোকে আকৰ্ষন কৰে।
তাৰপিছত আৰু নাই…।শৰত আহিলে অথবা ৰাস-মহোৎসৱৰ সময়ত অসমৰ সংবাদ মাধ্যমে
মাজুলীক লৈ দুই এটা সংবাদ পৰিৱেশন কৰে, বানত ডুবি থকা মাজুলী বুলি হুলস্থুল লগায় বা হালধীয়া সৰিয়হত মাজুলীৰ সৌন্দৰ্যক দেখুৱাবলৈ চেষ্টা কৰে।যি সংবাদ পৰ্যটকক আকৰ্ষন কৰিব পৰাকৈ মুঠেওঁ পৰ্যাপ্ত নহয়।

সদ্যহতে মাজুলীক লৈ সৃষ্টি হোৱা দুটি শিল্পই মাজুলীৰ মান আৰু আকৰ্ষন দুগুণে বৃদ্ধি কৰিলে।অসমৰ মানুহে সদায় মনত ৰাখিব পৰাকৈ নীলোৎপল বৰাৰ”ৰিণিকি ৰিণিকি” শীৰ্ষক মাজুলীবিষয়ক গীতটো আৰু অনুপম কৌশিক বৰাৰ মাজুলীক লৈ নিৰ্মিত বোলছবি “বৰনদী ভটিয়াই”য়ে মাজুলীৰ প্ৰচাৰৰ ক্ষেত্ৰত এক ন-দিগন্তৰ সূচনা কৰিলে।
এই বোলছবি আৰু গীতটো মুক্তিৰ আগলৈকে মাজুলী সত্ৰ-নগৰী হিচাপেই সীমাবদ্ধ আছিল।কেৱল সত্ৰীয়া-কৃষ্টি উপভোগ কৰিম বুলিয়ে যেন মাজুলীলৈ পৰ্যটক আহিছিল।সত্ৰীয়া কৃষ্টিৰ বৰঘৰ বুলি মাজুলীক তেতিয়াহে সাধাৰনীকৰণ কৰিব পৰা যাব যেতিয়া গৰিষ্ঠ সংখ্যক মানুহ সত্ৰীয়া কৃষ্টিৰ লগত জড়িত হ’ব।বাস্তবিকতে এইয়া দেখা নাযায়।মাজুলীৰ ৫২ শতাংশ মানুহ জনজাতীয়মুলৰ আৰু তেওঁলোকৰ খুব কমেইহে সত্ৰৰ লগত জড়িত।
গতিকে সত্ৰীয়া কৃষ্টিৰ বৰঘৰ বিশেষণটোতকৈ জনজাতীয় সংস্কৃতিতহে পৰ্যটনৰ সম্ভাৱনা বেছি আৰু এই জনজাতীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত পৰ্যটন বিভাগে গুৰুত্ব আৰোপ কৰা উচিত।
বৰনদী ভটিয়াই চলচ্চিত্ৰখনতহে প্ৰকৃত মাজুলীৰ জনগাঁঠনিৰ স্বৰূপটো দেখা যায়।তথাকথিত আৱেষ্টনীৰ পৰা ওলাই আহি চলচ্চিত্ৰখনত তুলি ধৰা মাজুলীৰ মানুহৰ সৰলতা,সুখ,দুখ আদিয়ে পৰ্যটকক আকৰ্ষন কৰে।বৰনদী ভটিয়াই উপভোগ কৰা প্ৰতিজন দৰ্শকেই মাজুলীলৈ এবাৰ আহিম বুলি ভাবে,চলচ্চিত্ৰখনৰ সাৰ্থকতা এইখিনিতেই।জনপ্ৰিয় আৰু চৰ্চিত অসমীয়া চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম “বৰনদী ভটিয়াই”,একেদৰে এই চৰ্চা আৰু জনপ্ৰিয়তাই মাজুলীৰ পৰ্যটনতো সমানেই সুফল দিছে।
আনহাতে ইউটিউবত মাজুলীৰ প্ৰকৃত অৱস্থাটো বিশ্বৰ প্ৰতি প্ৰান্তৰ মানুহে বুজিব পৰাকৈ মাজুলী বিষয়ক একমাত্ৰ সমল হৈছে নীলোৎপল বৰাৰ গীত,”ৰিনিকি ৰিনিকি ৰাঙলী বেলিতে জিলিকে মাজুলীতে অই”।অসমৰ চুকে-কোনে মাজুলীৰ প্ৰতি মানুহৰ ধাৰনা সলাই,সকলোকে মাজুলীলৈ আহিবলৈ উৎসাহ যোগোৱা শিল্পী নীলোৎপল বৰাৰ এই সৃষ্টি মাজুলীৰ পৰ্যটনৰ বাবে মাইলৰ খুটি।গীতটোত সাৱলীলভাবে উপস্থাপন কৰা নান্দনিক প্ৰাকৃতিক পৰিৱেশ,মাজুলীৰ জন-জীৱন,কৃষ্টি-সংস্কৃতিৰ প্ৰকৃত আৰু বাস্তৱ প্ৰতিফলন মাজুলীৰ বাবে জীৱন্ত দলিল।গীতটোৰ দৃশ্যাংশৰ জড়িয়তে সকলোৱেই মাজুলীৰ প্ৰকৃত ছবিখন অনুধাৱন কৰিব পাৰে। উচ্চ-মানৰ গীতৰ কথা আৰু ইয়াৰ ইংৰাজী অনুবাদৰ চাব্‌টাইটেল সকলো পৰ্যটকৰ বাবে সহায়ক হৈছে।
উন্নয়নৰ ঢাক্‌-ঢোল বজালেও মাজুলীৰ আন্তঃগাঁঠনি অতি পুতৌজনক। তথাপি মাজুলীত পৰ্যটকসকলে নিৰ্বিঘ্নে ঘুৰি ফুৰে।ইয়াৰ মুলতে হৈছে ইয়াৰ সহজ-সৰল আৰু সভ্য সমাজ জীৱন।মানুহৰ প্ৰতি সদা-সহানুভুতিশীল মাজুলীৰ মানুহে মানুহৰ প্ৰতি সন্মানৰ দৃষ্টিৰে চায়।এই কথা বৰনদী ভটিয়াই ছবিখনে তুলি ধৰিছে।মাজুলী বুলিলেই কেৱল ভক্তিৰস নহয় এজাক সহজ মানুহৰ অজস্ৰ সংগ্ৰামৰ ৰস ভাঁহি আহে।মাজুলীৰ গ্ৰাম্য-জীৱন আনতকৈ পৃথক আৰু বৈচিত্ৰময়।সকলো পৰ্যটকে কেৱল সত্ৰ অথবা মূখা-শিল্প উপভোগ কৰি ভাল নাপাবওঁ পাৰে।পৰ্যটন বিভাগে এইক্ষেত্ৰত গুৰুত্ব দিয়া উচিত।পৰ্যটকৰ মানসিকতাক চালি-জাৰি চায় ইয়াৰ বিকাশত গুৰুত্ব দিলে নিশ্চয় সফল হ’ব।
নীলোৎপল বৰাৰ গীতটোক এই বৈচিত্ৰ আছে।যিয়ে সকলো শ্ৰেণীৰ মানুহকে মাজুলীলৈ টানি আনে।চাংঘৰৰ তলৰ তাঁতশালখন আৰু এবাতি আপঙক গৰিষ্ঠসংখ্যক পৰ্যটকে ভক্তিৰসতকৈ বেছি গুৰুত্ব দিয়ে।পৰ্যটকৰ মন-মগজুক বিশ্লেষন নকৰাকৈ কেৱল সত্ৰ কেন্দ্ৰিক আৰু তথাকথিত মুল সুঁতিৰ কথাবোৰক বেছি গুৰুত্ব দিয়াৰ বাবেই মাজুলীয়ে যিমান গুৰুত্ব পাব লাগিছিল পোৱা নাই।পৰ্যটনে সকলো দিশ সামৰিব পাৰিলে উচিত লাভৰ মূখ দেখিব।কেৱল একঘেয়ামীকৈ সত্ৰীয়া-কৃষ্টিতে নিৰ্ভৰ কৰি থাকিলে মাজুলীৰ পৰ্যটন বেছিদিন নিটিকিব।বৰনদী ভটিয়াই ছবিখন আৰু নীলোৎপল বৰাৰ গীতটোৱে এই পৰিধিৰ পৰা ওলাই আহি মাজুলীক এক বিশ্বজনীন মাত্ৰা প্ৰদান কৰিছে।কিয়নো প্ৰিয়ংকা চোপ্ৰাৰ দৰে তাৰকাই সকলো শ্ৰেনীৰ মানুহক কোনো বিশেষ ঠাইলৈ পৰ্যটক হিচাপে আনিব নোৱাৰে।কিন্তু,নীলোৎপল বৰাৰ মাজুলী বিষয়ক গীতটোৰ প্ৰভাৱ সৰ্বাত্মক।সকলো শ্ৰেণীৰ মানুহৰ মনত এই গীতে মাজুলীৰ প্ৰতি এটা ইতিবাচক ধাৰনা সাঁচ বহুৱাব পাৰিছে।চৰকাৰ আৰু সংশ্লিষ্ট বিভাগে এই কথাসমূহত গুৰুত্ব দিয়া উচিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here