গানে কি আনে

ধ্ৰুৱজ্যোতি বৰ্মন

১) বিখ্যাত সংগীত পৰিচালক মদন মোহনদেৱে এবাৰ ৰাজ খোচলা চাহাবৰ এখন চিনেমাত সংগীত পৰিচালনাৰ দ্বায়িত্বত আছিল। এবাৰ তেখেতৰ এটি অতি মৰমৰ গীত ৰাজ খোচলাদেৱক শুনালে। কিন্তু পৰিচালকজনে গীতটো ভাল নলগা বুলি কলে  আৰু গীতটো তেওঁ চিনেমাখনত অন্তৰ্ভুক্ত নকৰো বুলি কলে।  এই কথাত মদন মোহন যথেষ্ট হতাশ হ’ল আৰু লগতে দুখ পালে মনত।তেখেতে তেতিয়া গানটো এবাৰ চিনেমাখনৰ নায়কজনক শুনাই চাওঁ বুলি ভাবিলে। নায়ক আছিল বিখ্যাত অভিনেতা মনোজ কুমাৰ। তেওঁ মনোজ কুমাৰদেৱৰ আগত দুখ প্ৰকাশ কৰি কয় যে এই গীতটি তেখেতে বহুত কষ্ট কৰি বনাইছিল আৰু তেওঁৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি বুলি তেওঁ ভাবে। তেতিয়া মনোজ কুমাৰে গীতটি শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে। গীতটি শুনাৰ পিছত মনোজ কুমাৰ অভিভূত হৈ পৰে আৰু তেওঁ লগে লগে নিজে গৈ চিনেমা খনৰ পৰিচালক ৰাজ খোচলাক গীতটি পুনৰ শুনিবলৈ অনুৰোধ জনায়। দ্বিতীয়বাৰৰ বাবে গীতটি শুনি ৰাজ খোচলা আগৰ দিনাৰ ঘটনাটোৰ বাবে নিজৰ ওপৰতেই যথেষ্ট খং উঠে আৰু মদন মোহনদেৱক ক্ষমা কৰি দিবলৈ কয় আৰু লগতে এইবুলিও কয় যে তেওঁ নিশ্চয়কৈ প্ৰথমবাৰ এই গীতটি শুনাৰ সময়ত বেলেগ চিন্তাত ব্যস্ত আছিল। নহ’লে এই গীতটি তেওঁ চিনেমাত অন্তৰ্ভুক্ত নকৰাৰ কথাই আহিব  নোৱাৰে। এনেদৰেই আমি এটি চিৰসেউজ গান লাভ কৰোঁ, সেইটো হ’ল লতা মংগেছকাৰৰ কণ্ঠৰ অন্যতম শ্ৰেষ্ঠ গীত “লগ যা গলে”। চিনেমাখন আছিল “ৱহ কৌন থি”। যদি মদন মোহনদেৱে আশা এৰি দি, নিজৰ সৃষ্টিৰ ওপৰত বিশ্বাস হেৰুৱাই মনোজ কুমাৰ দেৱক পুনৰবাৰ গানটো নুশুনালে হয়, তেতিয়াহলে হয়টো আমি আজি এই ধুনীয়া গানটো শুনিব নাপালোঁহেতেন।

“চেনাই মই যাওঁ দেই, বিহুতে আহিমগৈ”

২) এই গীতিকাৰজনে এবাৰ শ্বিলঙৰ পৰা যোৰহাটলৈ ফুৰিবলৈ গৈছিল । বিহুৰ বতৰ, গতিকে তাত বহু গীত গাবলগীয়া হৈছিল। তেওঁৰ গান ইমান ভাল পালে যে কোনেও তেওঁক ঘুৰি আহিবই নিদিয়ে। শেষত অহা বিহুত পুনৰ আহিম বুলি কৈ বাচত উঠিল। বাচত বহি থাকোতেই আহিবৰ সময়ত হোৱা সেই পৰিবেশটোক শব্দৰে গাঁঠি এটা গীত লিখি সেইটো সুৰত বান্ধি পেলালে। পিছত গীতটি তেনেকৈয়ে থাকিল। সেই সময়তে তেখেতে লণ্ডনত চাকৰি পাই যাবলগীয়া হোৱাত ভূপেন হাজৰিকাক গীতটি ৰেকৰ্ডিং কৰিবলৈ দি থৈ গ’ল। কিন্তু ইয়াৰ পিছতো কিবা কিবি অসুবিধাৰ বাবে গীতটি নোলাল। তাৰ কেইবছৰমান পাছত এবাৰ লণ্ডনৰ পৰা অসম আহোতে দীপালী বৰঠাকুৰে গীতটি গাবলৈ তেওঁৰ অনুমতি বিচাৰিলে আৰু অনুমতি পাই তেখেতে গীতটো গালে।এই ক্ষেত্ৰতো এটা আমোদজনক কাহিনী আছে।  গানটোত থকা এটা সম্বোধনসূচক শব্দৰ বাবে সেই সময়ত কিছু বিতৰ্কৰো সৃষ্টি হয়। একাংশৰ মতে গানটো আৰম্ভ হোৱা সম্বোধনসূচক শব্দটি সাধাৰণতে ল’ৰাইহে ছোৱালীক সম্বোধন কৰোতে ব্যৱহাৰ কৰে। কিন্তু গীতটিত ছোৱালীয়ে সেই শব্দটি ব্যৱহাৰ কৰিছে। তেতিয়া সেই বিতৰ্কৰ সন্দৰ্ভত দীপালি বৰঠাকুৰে ককায়েকক কোৱাত ককায়েকে এই বুলি যুক্তি দিয়ে যে আজিকালি ছোৱালীয়েও জিনছ পিন্ধে, টি চাৰ্ট পিন্ধে গতিকে এই শব্দটিও ল’ৰা ছোৱালী উভয়ে ব্যৱহাৰ কৰিব পাৰে। পিছত দীপালি বৰঠাকুৰক কোনোবাই এই বিতৰ্কৰ ওপৰত কিবা সুধিলে এনেকৈয়ে উত্তৰ দি মুখ বন্ধ কৰিছিল! গানটো?  “চেনাই মই যাওঁ দেই, বিহুতে আহিমগৈ”। শুনিছে নিশ্চয়!

3 COMMENTS

  1. ভাল লাগিল। আগলৈয়ো ধাৰাবাহিকতা অক্ষুন্ন থাকক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here