গানে কি আনে (৫)

ধ্ৰুৱজ্যোতি বৰ্মন

১। “ৰ’দ আজি কেনি পাওঁ”

জুবিন গাৰ্গে আগতে প্ৰায়েই অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলত ল’ৰাবোৰৰ লগত ৰাতি কটাইছিল। সেই সময়তে তেওঁ লক্ষ্য কৰিছিল যে প্রায়ভাগ হোষ্টেলৰ ল’ৰাই ৰাতি দেৰিকৈ শুই পুৱা দুপৰীয়ালৈ শুই থাকে। যাৰ ফলত তেওঁলোকে পুৱাৰ প্ৰথম ৰ’দ চাবলৈ নাপায়। জুবিন গাৰ্গে কৈছিল ” সদায় পুৱাৰ ৰ’দখিনি আমি চাব লাগে”। এই কথাখিনিৰ ওপৰত ভিত্তি কৰি তেওঁ লিখি উলিয়াইছিল এটি বিখ্যাত গান। গানটি হ’ল – “ৰ’দ আজি কেনি পাওঁ”। গানটো পিছত তেওঁ নিজৰেই পৰিচালিত ছবি “তুমি মোৰ মাথোঁ মোৰ” ত সন্নিবিষ্ট কৰিছিল।

২। ” চ্চাইয়া চ্চাইয়া”

মনিৰত্নম পৰিচালিত আৰু এ আৰ ৰহমানৰ সঙ্গীতেৰে সমৃদ্ধ ‘দিল চে’ বোলছবিখনৰ প্ৰায় আটাইকেইটা গানেই যথেষ্ট জনপ্রিয় হৈছিল। ইয়াৰে ‘চ্চাইয়া চ্চাইয়া’ শীৰ্ষক গীতটোৰ জনপ্ৰিয়তা ইমানেই বেছি আছিল যে এই গানটো ডেনজেল ৱাশিংটন আৰু ক্লাইভ ওৱেন অভিনীত হলিউডৰ ছবি ‘ইনচাইড মেন’ (২০০৬) ৰ আৰম্ভণি গীত হিচাপেও ব্যৱহাৰ কৰা হৈছিল। তাৰোপৰি আমেৰিকান টিভি অনুষ্ঠান ‘CSI’ য়েও এটা খণ্ডত এই গানটো ব্যৱহাৰ কৰিছিল। গানটি বুল্লে শাহৰ চুফী লোক সংগীত ‘থাইয়া থাইয়া’ ৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। এই বিশেষ গানটো পোনপ্ৰথমতে এ আৰ ৰহমানৰ “বন্দে মাতৰম” শীৰ্ষক এলবামটোত সন্নিবিষ্ট কৰা কথা আছিল। কিন্তু যেতিয়া পৰিচালক মনিৰত্নমদেৱে এই গানটো শুনিলে, তেতিয়া তেখেতৰ গানটো যথেষ্ট পছন্দ হ’ল আৰু চিনেমাখনত সন্নিবিষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই চিনেমা খনৰ ভিডিঅ’ শ্বুটিং কৰা হৈছিল তামিলনাডুৰ নীলগিৰি পাহাৰৰ এখন ৰেলৰ ওপৰত। উল্লেখযোগ্য যে এই বোলছবিখনত অসমৰ সংগীত জগতৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ‘পাখি পাখি’ শীৰ্ষক হামিংত কণ্ঠদান কৰিছিল। ‘দিল চে’ ছবিখনৰ কিছু অংশৰ শ্বুটিং অসমতো কৰা হৈছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here