গানে কি আনে (৪)

ধ্ৰুৱজ্যোতি বৰ্মন

১) বিশিষ্ট অভিনেতা ফণী শৰ্মাই এবাৰ শিল্পী তছদ্দুক ইউচুফক নায়ক হিচাপে লৈ “পুৱতি নিশাৰ সপোন” নামৰ এখন ছবি নিৰ্মাণ কৰিছিল। সেই ছবিখনত সঙ্গীতৰ দায়িত্ব দিছিল ডঃ ভূপেন হাজৰিকাক। ছবিখনৰ আউটডোৰ শ্বুটিং সম্পন্ন কৰি ৰাফ প্ৰিণ্টসমূহ ফণী শৰ্মাই ভূপেন হাজৰিকাক দেখুৱালে যাতে তেওঁ গীতসমূহ লিখাৰ বাবে অনুপ্ৰেৰণা লাভ কৰে। সেই দৃশ্যসমূহৰ মাজত কিছু অংশত সুন্দৰ কঁহুৱা ফুল ফুলি থকা দৃশ্য আছিল। তছদ্দুক ইউচুফে ভূপেন হাজৰিকাক সেই কঁহুৱা ফুল খিনি দেখুৱাই সুধিছিল ‘এই দৃশ্যটোত সময় গৈ থকাৰ ইমেজ ওলাই পৰা নাইনে?’ । এই কথাটো ভূপেনদাই শুনি ভাল পালে আৰু পুনৰ সেই দৃশ্যটি চালে। আৰু সেই বতাহত দুলি থকা কঁহুৱা বনৰ সৌন্দৰ্য্য আৰু ছবিখনৰ চৰিত্ৰটিৰ মনৰ অৱস্থাৰ লগত সামঞ্জস্য ৰাখি ভূপেনদাই ৰচনা কৰিলে এটি কালজয়ী গীত –“কঁহুৱা বন মোৰ অশান্ত মন”ৰ।

২) বিখ্যাত সঙ্গীত পৰিচালক যুটি লক্ষ্মীকান্ত- প্যাৰেলালৰ লক্ষ্মীকান্তে এদিন তেওঁৰ বন্ধু গীতিকাৰ আনন্দ বক্সিক নিজৰ নিৰ্মীয়মান অৱস্থাত থকা ঘৰটো দেখুৱাবলৈ লৈ গ’ল। কিন্তু নির্মাণকার্য চলি থকা সেই ঘৰটোৰ পৰা তেওঁলোকে ওলাবলৈ বাট হেৰুৱালে আৰু ওলোৱাৰ বাট বিচাৰিবলৈ ধৰিলে। সেই বাট বিচাৰি থকা সময়তে আনন্দ বক্সিৰ মনত এটা গানৰ ধাৰণা আহিল। তেওঁ পিছত ৰাজ কাপুৰৰ আগত সেই গানটিৰ বিষয়ে কলে । ৰাজ কাপুৰে শুনি ভাল পালে আৰু তেওঁৰ পৰৱৰ্তী ছবিখনত সেই গানটো দিয়াৰ বাবে উপযুক্ত দৃশ্যাংশ বিচাৰি পালে।মুক্তিৰ পিছত গানটোৱে যথেষ্ট জনপ্রিয়তা অর্জন কৰিবলৈও সক্ষম হল।
সেই বিখ্যাত গীতটি আছিল “বাহৰ চে না অণ্ডৰ কোয়ী আ চকে”। ঋষি কাপুৰ আৰু দিম্পল কাপাদিয়া অভিনীত বিখ্যাত চিনেমা “ববী”ত গানটো অন্তৰ্ভুক্ত কৰা হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here