গানে কি আনে (৩)

১) এই চলচ্চিত্ৰ খনৰ এটা গীত বাণীবন্ধন কৰিবলৈ কুমাৰ চানু দাড়িয়ে গোঁফৰে ভোবোকাৰ হৈ আহিল। কুমাৰ চানুৰ তেনে ৰূপ দেখি ছবিখনৰ পৰিচালক বিধু বিনোদ চোপ্ৰা চিন্তাত পৰিল। কাৰণ তেওঁ ভাবিছিল যে গানটোত গায়ক জনৰ কণ্ঠ শুনি অলপ ডেকা যুৱকৰ ভাব আহিব লাগিব। গতিকে তেওঁৰ মতে তেনেকৈ দাঢ়িয়ে-গোঁফেৰে কুমাৰ চানুৰ সেইটো ফুটাই তোলাত সমস্যা হ’ব। সেইকাৰণে তেওঁ কুমাৰ চানুক দাঢ়িখিনি খুৰাই অহাৰ পৰামৰ্শ দিলে।পিছদিনা কুমাৰ চানুয়ে সুন্দৰ কৈ দাঢ়ি খুৰাই গ’ল আৰু গানটোৰ ৰেকৰ্ডিং কৰিলে। তেনেকৈ এটা চিৰসেউজ গানৰ জন্ম হল। গানটো আছিল “১৯৪২- এ লাভ ষ্টৰী” ছবিখনৰ ‘এক লৰকি কো দেখা তো এইছা লগা’ (एक लड़की को देखा तो ऐसा लगा) ।কথা জাভেদ আখটাৰদেৱৰ।উল্লেখযোগ্য যে চিনেমাখনৰ সংগীত আছিল প্ৰখ্যাত পৰিচালক আৰ. ডি. বৰ্মনদেৱৰ। তেখেতৰ জীৱনৰ শেষৰটো শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰ বঁটাও এই চিনেমাখনৰ সংগীতৰ বাবে লাভ কৰিছিল। লগতে এই চিনেমাখন আছিল Dolby Stereo প্ৰযুক্তি ব্যৱহাৰ কৰা প্ৰথমখন ভাৰতীয় চিনেমা। চিনেমাখনৰ যথেষ্ট জনপ্ৰিয়তা লাভ কৰা আন এটি গীত হ’ল ” কুছ না কহো” শীৰ্ষক গীতটি।

২)বিশ্বৰ সৰ্বকালৰ জনপ্রিয় বেণ্ড ‘বীটলছ’ ৰ সদস্য জন লেননে যেতিয়া তেওঁৰ পত্নী চিনথিয়া পাৱেলৰ সৈতে ঘোষনা কৰিছিল তেতিয়া এই খবৰে তেওঁলোকৰ শিশু পুত্ৰ জুলিয়ান লেননক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। সেই সময়ত বিটলছ ৰ আন এজন সদস্য পল মেককাৰ্টনীয়ে জন লেননৰ পুত্ৰ জুলিয়ানৰ দুখ পাতলাবৰ বাবে তেখেতৰ গাড়ীত বহি এটি কালজয়ী গীত ৰচনা কৰিলে। গানটো আছিল “Hey Jude!”। পোনপ্ৰথমতে এই গানটোৰ নাম দিয়া হৈছিল “Hey Jules”। কিন্তু পিছলৈ তাক সলনি কৰি “Hey Jude” কৰা হয়। এটা সাক্ষাৎকাৰত মেককাৰ্টনীয়ে এনেদৰে কৈছিল -“I was on the way to see him after John and Cynthia got divorced, and because I was good friends with Julian, it came into my mind: ‘Hey, Jules, don’t make it bad,”. যদিও মেককাৰ্টনীয়ে এই গানটো জুলিয়ান লেননৰ ওপৰত লিখা বুলি উল্লেখ কৰি গৈছে, কিন্তু জন লেননে আকৌ এক সাক্ষাৎকাৰত কৈছিল যে “Hey Jude” গীতটি সদায় মোৰ কাৰণে লিখা গান!”। গীতটো পিছলৈ যথেষ্ট জনপ্ৰিয় হয় আৰু এতিয়ালৈও জনপ্ৰিয়তা হেৰুওৱা নাই।

ধ্ৰুৱজ্যোতি বৰ্মন

LEAVE A REPLY

Please enter your comment!
Please enter your name here