গানে কি আনে (২)

ধ্ৰুৱজ্যোতি বৰ্মন

১৯৪৯ চনত জন্ম গ্ৰহণ কৰা এইগৰাকী গায়িকাই আকাশবাণী গুৱাহাটীযোগে গোৱা প্ৰথমটি গীত লিখি দিছিল বিশিষ্ট সাহিত্যিক, গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে। এই গানটো সম্পৰ্কে নিৰ্মল প্ৰভা বৰদলৈয়ে তেখেতৰ আত্মজীৱনী “জীৱন জীৱন বৰ অনুপম”ত এনেদৰে উল্লেখ কৰিছিল যে সৰু ছোৱালীজনী ফ্ৰক পিন্ধি বিশিষ্ট সংগীত পৰিচালক জিতেন দেৱ দেৱৰ হাতত ধৰি তেওঁৰ চানমাৰি বাসগৃহলৈ আহিছিল এটি গীত বিচাৰি।কমনীয় মুখৰ সেই ছোৱালীজনীৰ কণ্ঠত শাস্ত্ৰীয় সংগীতৰ কাজ দেখি তেওঁ বৰ মুগ্ধ হৈছিল। আকাশবাণী গুৱাহাটীত গাবলৈ ছোৱালীজনীৰ অনুৰোধত তেখেতে “সুৰৰ আকাশত হলো যে মই দিশহাৰা” গীতটি লিখি দিছিল। এই গানটিয়ে শ্রোতাৰ মাজত বহুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইয়াৰ পিছত তেখেতে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল। ‘শালিকী অ’ অবুজন চৰাইটি’, ‘অবুজ চকুলো নাঢাকিবি’, ‘জোনটি ওলালে তৰাটি ওলাব’ ইত্যাদি গানেৰে তেওঁ অসমৰ ৰাইজৰ বুকুত স্থান লাভ কৰিছিল। বহুকেইটা জনপ্ৰিয় গানত কণ্ঠদান কৰাৰ উপৰিও তেখেতে জনপ্ৰিয় অসমীয়া ছবি “মাটিৰ স্বর্গ”ত অভিনয় কৰিছিল। তেখেতৰ স্বামী তথা জনপ্ৰিয় কণ্ঠশিল্পী খগেন মহন্তদেৱ আৰু তেখেতৰ যুটী সেই সময়ৰ শ্রোতাসকলৰ বাবে আকৰ্ষণৰ প্ৰধান কেন্দ্ৰবিন্দু আছিল।এই ছেগতে তেখেতলৈ আমাৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি।

১) এদিনৰ কথা৷ ‘নীলা বাইদেউ’ অৰ্থাৎ ড. নির্মল প্রভা বৰদলৈয়ে কলেজলৈ যাবলৈ সাজু হৈছে। এনেতে আহি ওলাল দীপালি বৰঠাকুৰ আৰু তেওঁৰ ককায়েক ভৱেন বৰঠাকুৰ। তেওঁলোকৰ প্ৰস্তাৱ আছিল এনেধৰণৰ যে বৰঠাকুৰদেৱে এটা সুৰ লৈ আহিছে আৰু বাইদেৱে সেই সুৰত গান এটি তেতিয়াই লিখি দিব লাগে। কাৰণ পিছদিনা পুৱাই ৰেকৰ্ড কৰিবলৈ কলিকতালৈ যাব লাগিব৷ বাইদেৱে গা ধুবলৈ ওলাই ৰৈ গ’ল, তেখেতৰ দীপালিহঁতক নিৰাশ কৰিব মন নগ’ল। তেখেতে ক’লে “তােমালােকে এটা কাম কৰা, মােৰ হাৰমনিয়ামটো আনি ড্রেছিং টেবুলখনতে তুলি লৈ তাতে সুৰটো বাই থাকা। মই গা ও ধুম আৰু কথাও দি থাকিম।” কথা মতেই কাম। বৰঠাকুৰদেৱে বজাই থকা সুৰতেই বাইদেৱে বাথৰুমৰ পৰাই গীতৰ কথাবােৰ দি থাকিল খৰধৰকৈ। বাইদেউৰ গা ধােৱাও শেষ হ’ল আৰু গানটোও সম্পূর্ণ হ’ল। পাছত দীপালি বৰঠাকুৰৰ কণ্ঠত গানটো শুনি দেখা গ’ল যে কথা আৰু সুৰ হুবহু মিলি গৈছে। পিছদিনা কলিকতাত ধুনীয়াকৈ গীতটিৰ গ্রামােফোনত ৰেকৰ্ড হৈ যায়। যদিও গানটো খৰখেদাকৈ লিখা হৈছিল কিন্তু দীপালি বৰঠাকুৰ বুলি ক’লেই আজি এই গীতটি আমাৰ মনলৈ আহে। গানটো হ’ল “সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই…”

২) ১৯৭০ চনত মুক্তিপ্ৰাপ্ত এই বিখ্যাত হিন্দী চিনেমাখনৰ এই গানটোৰ জন্ম বৃত্তান্ত আছিল অতি মনোগ্ৰাহী। চিনেমাখনৰ পৰিবেশক জে ওম প্ৰকাশদেৱে বিখ্যাত গীতিকাৰ আনন্দ বক্সী আৰু সংগীত পৰিচালকদ্বয় লক্ষ্মীকান্ত-প্যাৰেলালৰ সৈতে চিনেমাখনৰ সংগীতৰ বিষয়ে আলোচনা কৰি আছিল। তেওঁলোকে বহু সময় চিনেমাখনৰ সংগীতৰ বিষয়ে ভাবি থাকিল, আলোচনাও হ’ল, কিন্তু একো এটা ভাল ফল নহাৰ বাবে তেওঁলোক নিজৰেই কামক লৈ সন্তুষ্ট হোৱা নাছিল। তেনেতে আনন্দ বক্সী চাহাবে ক’লে যে আজি একো এটা মগজুত খেলা নাই, গতিকে আজিলৈ মই বিদায় লৈছোঁ। তেতিয়া লক্ষ্মীকান্ত চাহাবে তেওঁক সুধিলে যে আকৌ কেতিয়া লগ পাম? এই কথোপকথনখিনিয়ে হঠাৎ এটি গানৰ ৰূপ লৈ পেলালে। বক্সী চাহাবৰ কলমৰ পৰা ওলাল প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বহুজনৰ “প্রিয় গীতৰ তালিকাত” থকা গান “আচ্ছা তো হম চলতে হ্যে, ফিৰ কব মিলোগে” ( अच्छा तो हम चलते हैं, फिर कब मिलोगे) । কণ্ঠদান কৰে কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকাৰে। চিনেমাখন আছিল ” আন মিলো চজনা” (Aao Milo Sajna)। গানটোত অভিনয় কৰিছিল ৰাজেশ খান্না আৰু আশা পাৰেখে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here